Shuru
Apke Nagar Ki App…
মৰঙিত মৌজাৰ এটা অঞ্চলত মানুহ-হাতীৰ সংঘাতৰ মাজতো এক নান্দনিক দৃশ্য কেমেৰাত বন্দী হৈছে। এই দৃশ্যত এটা পৰিয়ালৰ বাসগৃহৰ চৌহদত এজাক বন্যহস্তী, যাৰ ভিতৰত কেইটামান সৰু পোৱালি আছিল, প্ৰৱেশ কৰা দেখা গৈছে। পোৱালিকেইটাই চৌহদত থকা এটা বালিৰ দ'মত আনন্দ মনে খেল খেলিছিল। এটা দিশে হাতী-মানুহৰ ভয়ংকৰ সংঘাত অব্যাহত থকাৰ সময়তে, আনহাতে কেমেৰাত বন্দী হোৱা এই আপ্লুত কৰা দৃশ্যই সকলোকে মোহিত কৰিছে।
D B
মৰঙিত মৌজাৰ এটা অঞ্চলত মানুহ-হাতীৰ সংঘাতৰ মাজতো এক নান্দনিক দৃশ্য কেমেৰাত বন্দী হৈছে। এই দৃশ্যত এটা পৰিয়ালৰ বাসগৃহৰ চৌহদত এজাক বন্যহস্তী, যাৰ ভিতৰত কেইটামান সৰু পোৱালি আছিল, প্ৰৱেশ কৰা দেখা গৈছে। পোৱালিকেইটাই চৌহদত থকা এটা বালিৰ দ'মত আনন্দ মনে খেল খেলিছিল। এটা দিশে হাতী-মানুহৰ ভয়ংকৰ সংঘাত অব্যাহত থকাৰ সময়তে, আনহাতে কেমেৰাত বন্দী হোৱা এই আপ্লুত কৰা দৃশ্যই সকলোকে মোহিত কৰিছে।
More news from অসম and nearby areas
- মৰঙিত মৌজাৰ এটা অঞ্চলত মানুহ-হাতীৰ সংঘাতৰ মাজতো এক নান্দনিক দৃশ্য কেমেৰাত বন্দী হৈছে। এই দৃশ্যত এটা পৰিয়ালৰ বাসগৃহৰ চৌহদত এজাক বন্যহস্তী, যাৰ ভিতৰত কেইটামান সৰু পোৱালি আছিল, প্ৰৱেশ কৰা দেখা গৈছে। পোৱালিকেইটাই চৌহদত থকা এটা বালিৰ দ'মত আনন্দ মনে খেল খেলিছিল। এটা দিশে হাতী-মানুহৰ ভয়ংকৰ সংঘাত অব্যাহত থকাৰ সময়তে, আনহাতে কেমেৰাত বন্দী হোৱা এই আপ্লুত কৰা দৃশ্যই সকলোকে মোহিত কৰিছে।1
- গোলাঘাট জিলাৰ নুমলীগড়ত এক আচৰিত দৃশ্য দেখা গৈছে, য'ত বন্যহস্তীয়ে এটা ঘৰৰ চুতালত মুকলিকৈ খেল-ধেমালি কৰিছে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।1
- গোলাঘাট জিলাৰ ৰঙাজানত অনা-অসমীয়া বিহাৰীৰ বিৰুদ্ধে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই প্ৰতিবাদী কাৰ্যসূচী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰঙাজান আঞ্চলিক সমিতি আৰু অসমীয়া যুৱ মঞ্চৰ গোলাঘাট জিলা সমিতিয়ে যুটীয়াভাৱে আয়োজন কৰিছিল।1
- Post by Assam Update1
- শিৱসাগৰত আজি আটাছুৰ সভাপতি বসন্ত গগৈয়ে অনা-অসমীয়া লোকসকলে অসমীয়াক ‘গো বেক’ ধ্বনি দিয়াৰ বিষয়টোক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।1
- শিৱসাগৰ জিলাৰ নতুন অভিভাৱক মন্ত্ৰী বিমল বৰাই আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ ঐতিহাসিক চুকাফা সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে। জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকৰ পাছতে আয়োজিত এই সংবাদমেলত মন্ত্ৰীগৰাকীয়ে ঐতিহাসিক জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ দৃষ্টিভংগী আৰু কৰণীয় বিষয়সমূহ বিশদভাৱে দাঙি ধৰে। মন্ত্ৰী বৰাই বিশেষকৈ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ, পৰ্যটন উদ্যোগৰ বিকাশ, পথ যোগাযোগ ব্যৱস্থাৰ উন্নতি আৰু বিভিন্ন জনকল্যাণমূলক আঁচনিৰ দ্ৰুত ৰূপায়ণৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ কথা জনায়। তেওঁ লগতে উল্লেখ কৰে যে স্থানীয় জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধান কৰিবলৈ জিলা প্ৰশাসনে সক্ৰিয়তাৰে কাম কৰিব, আৰু প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে যাতে আঁচনিৰ সুফল লাভ কৰে, সেইয়া নিশ্চিত কৰা হ'ব। সংবাদমেলত মন্ত্ৰী বৰাই দৃঢ়তাৰে কয় যে বিৰোধী দলৰ বিধায়ক থকাৰ পিছতো শিৱসাগৰৰ উন্নয়নত কোনো প্ৰভাৱ নপৰিব। চৰকাৰে দল-মত নিৰ্বিশেষে সমগ্ৰ জিলাবাসীৰ স্বাৰ্থত কাম কৰি যাব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। এই অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকীও জ্যেষ্ঠ প্ৰশাসনিক বিষয়াৰ লগতে স্থানীয় ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মীসকল উপস্থিত আছিল।3
- অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই আজি শিৱসাগৰ জিলা ভ্ৰমণ কৰে। তেওঁক নতুনকৈ শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰূপে দায়িত্ব প্ৰদান কৰা হৈছে। সাংস্কৃতিক, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী হিচাপে তেওঁ এই দায়িত্ব লাভ কৰিছে। শিৱসাগৰত উপস্থিত হৈ মন্ত্ৰী বৰাই ঐতিহাসিক শিৱ দ'লত বাবাৰ চৰণত সেৱা আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে তেওঁক পুনৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে শিৱসাগৰৰ অভিভাৱক মন্ত্ৰীৰূপে জিলাবাসীৰ উন্নতিৰ বাবে চেষ্টা কৰিব বুলি মত প্ৰকাশ কৰে।1
- গুৱাহাটী মহানগৰীৰ আয্যনগৰত “অসমীয়া গ’ বেক” ধ্বনি দিয়াৰ পিছত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত গোলাঘাটৰ ৰঙাজানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰঙাজান আঞ্চলিক সমিতি আৰু অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিৰ যৌথ সহযোগত অনা অসমীয়া বিহাৰীৰ বিৰুদ্ধে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয়।1