Shuru
Apke Nagar Ki App…
তিনিচুকীয়াৰ বাঘজানত সংঘটিত অভিশপ্ত তেল বিস্ফোৰণ কাণ্ডৰ আজি ৬টা বৰ্ষ সম্পূৰ্ণ হৈছে। এই ঘটনাৰ প্ৰতিবাদত ষষ্ঠ বাৰ্ষিক 'ক'লা দিন' পালন কৰা হৈছে। বিস্ফোৰণৰ পাঁচ বছৰ উকলি যোৱাৰ পিছতো বাঘজানৰ লোকসকলৰ সমস্যাই এতিয়াও লগ এৰা নাই। তেওঁলোকে আজি পৰ্যন্ত ক্ষয়-ক্ষতিৰ উচিত মূল্য লাভ কৰা নাই, আৰু তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া প্ৰতিশ্ৰুতিও পূৰণ নহ'ল। ন্যায্য প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰা তিনিগৰাকী ভুক্তভোগীক গুলী, লাঠী চাৰ্জ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ উপৰিও, ২৫ গৰাকী ক্ষতিগ্ৰস্ত লোকৰ ওপৰত ভুৱা গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁলোকে তাৰিখৰ পিছত তাৰিখ ন্যায়ালয়লৈ যাত্ৰা কৰিবলগীয়া হৈছে।
জেৰিণা আৰ হাজৰিকা
তিনিচুকীয়াৰ বাঘজানত সংঘটিত অভিশপ্ত তেল বিস্ফোৰণ কাণ্ডৰ আজি ৬টা বৰ্ষ সম্পূৰ্ণ হৈছে। এই ঘটনাৰ প্ৰতিবাদত ষষ্ঠ বাৰ্ষিক 'ক'লা দিন' পালন কৰা হৈছে। বিস্ফোৰণৰ পাঁচ বছৰ উকলি যোৱাৰ পিছতো বাঘজানৰ লোকসকলৰ সমস্যাই এতিয়াও লগ এৰা নাই। তেওঁলোকে আজি পৰ্যন্ত ক্ষয়-ক্ষতিৰ উচিত মূল্য লাভ কৰা নাই, আৰু তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া প্ৰতিশ্ৰুতিও পূৰণ নহ'ল। ন্যায্য প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰা তিনিগৰাকী ভুক্তভোগীক গুলী, লাঠী চাৰ্জ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ উপৰিও, ২৫ গৰাকী ক্ষতিগ্ৰস্ত লোকৰ ওপৰত ভুৱা গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁলোকে তাৰিখৰ পিছত তাৰিখ ন্যায়ালয়লৈ যাত্ৰা কৰিবলগীয়া হৈছে।
More news from Tinsukia and nearby areas
- তিনিচুকীয়াৰ বাঘজানত সংঘটিত অভিশপ্ত তেল বিস্ফোৰণ কাণ্ডৰ আজি ৬টা বৰ্ষ সম্পূৰ্ণ হৈছে। এই ঘটনাৰ প্ৰতিবাদত ষষ্ঠ বাৰ্ষিক 'ক'লা দিন' পালন কৰা হৈছে। বিস্ফোৰণৰ পাঁচ বছৰ উকলি যোৱাৰ পিছতো বাঘজানৰ লোকসকলৰ সমস্যাই এতিয়াও লগ এৰা নাই। তেওঁলোকে আজি পৰ্যন্ত ক্ষয়-ক্ষতিৰ উচিত মূল্য লাভ কৰা নাই, আৰু তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া প্ৰতিশ্ৰুতিও পূৰণ নহ'ল। ন্যায্য প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰা তিনিগৰাকী ভুক্তভোগীক গুলী, লাঠী চাৰ্জ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ উপৰিও, ২৫ গৰাকী ক্ষতিগ্ৰস্ত লোকৰ ওপৰত ভুৱা গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁলোকে তাৰিখৰ পিছত তাৰিখ ন্যায়ালয়লৈ যাত্ৰা কৰিবলগীয়া হৈছে।1
- তিনিচুকীয়া চহৰৰ সদাব্যস্ত আৰু অতি গুৰুত্বপূৰ্ণ পৰ্বতীয়া পথটোৰ জৰাজীৰ্ণ অৱস্থাক লৈ আজি স্থানীয় লোকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়, যাৰ ফলত তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। দীৰ্ঘদিন ধৰি পথটোৰ জৰাজীৰ্ণ অৱস্থা আৰু আধৰুৱা নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত এই প্ৰতিবাদ গঢ়ি তোলা হয়। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে এই দুৰ্বল পথৰ বাবে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু দৈনিক যাতায়াত কৰা সকলো সাধাৰণ জনতাই চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। তেওঁলোকে লগতে সকীয়নি দিয়ে যে অতি শীঘ্ৰে পথটোৰ মেৰামতিৰ কাম আৰম্ভ নকৰিলে আগন্তুক দিনত ইয়াতকৈয়ো তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব।1
- দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পৰ্বতীয়া গড়কাপ্তানি পথ মেৰামতি কৰাৰ দাবীত বুধবাৰে তিনিচুকীয়াত এক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু পৰ্বতীয়াবাসী ৰাইজৰ সহযোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে পথটোৰ দুৰৱস্থাৰ বাবে সাধাৰণ ৰাইজে যাতায়তৰ ক্ষেত্ৰত নানান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। বিশেষকৈ বৰষুণৰ দিনত পথটোৰ অৱস্থা অধিক শোচনীয় হৈ পৰে, যাৰ ফলত ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু দৈনিক যাতায়ত কৰা লোকসকল যথেষ্ট সমস্যাত পৰে। প্ৰতিবাদস্থলীত সংগঠনটোৰ কৰ্মী আৰু স্থানীয় বাসিন্দাসকলে চৰকাৰ তথা গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবী জনায়। তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে যে ইমান দিনে সমস্যা অব্যাহত থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ৰাইজ ক্ষোভিত হৈ পৰিছে। প্ৰতিবাদকাৰীসকলে লগতে হুংকাৰ দিয়ে যে যদি অতি সোনকালে পথটো মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আগন্তুক দিনত অধিক তীব্ৰ গণআন্দোলন গঢ়ি তোলা হ’ব।1
- মৰাণ আৰক্ষীয়ে মৰাণত অভিযান চলাই ১ কেজি ২৯ গ্ৰাম গাঞ্জাসহ দুজন লোকক আটক কৰিছে। আটকাধীন লোকদুজনক ক্ৰমে অভি এক্কা আৰু ৰাজীৱ কল কুমাৰ বুলি চিনাক্ত কৰা হৈছে।1
- চাহ মজদুৰ সংঘৰ মৰাণ শাখাৰ আহ্বানত মহখুঁটি আৰু খুমটাই চাহ বাগিচাৰ শ্ৰমিকসকলে এক ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই ধৰ্মঘট দীৰ্ঘদিন ধৰি দাবী কৰি অহা শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত কৰা হৈছে। অসম চাহ মজদুৰ সংঘৰ আহ্বান ক্ৰমে খুমটাই বাগিচাতো এই ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়।1
- মৰাণৰ তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত সৰ্বেশ্বৰ সোনোৱালৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। ১৯৬১ চনত স্থাপিত এই বিদ্যালয়খনত বিনা বিতনেৰে শিক্ষকতা জীৱন আৰম্ভ কৰা প্ৰয়াত প্ৰধান শিক্ষকজনৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যৰে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছিল। বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ অনুৰোধত তেওঁৰ পৰিয়ালৰ লোকে বিদ্যালয় চৌহদত এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰে। আজি সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰা হয়। এই উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন মুকলি সভাও অনুষ্ঠিত হৈছিল।1
- ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধৰ প্ৰতিবাদত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰ প্ৰতিকৃতি দাহ । ধেমাজিতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি ৷ ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধৰ প্ৰতিবাদত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰ প্ৰতিকৃতি দাহ । ধেমাজিতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি ৷ ইন্ধনৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল ধেমাজি সদৰ ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মাৰ লগতে আছু কৰ্মীসকলে ।1
- ৰাজ্যত নিবনুৱা সমস্যা দোপতদোপে বৃদ্ধি পাইছে। অসম চৰকাৰে বহুবাৰ খিলঞ্জীয়া যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা স্বত্বেও, চাহ বাগিচা আৰু ইয়াৰ অধ্যুষিত অঞ্চলৰ যুৱক-যুৱতীসকলৰ শিক্ষাৰ মানদণ্ড উন্নত হোৱাৰ পিছতো, চৰকাৰী চাকৰিত আদিবাসী যুৱক-যুৱতীৰ সংখ্যা নগণ্য হৈয়ে আছে। ফলস্বৰূপে, তেওঁলোকৰ বাবে চাকৰিৰ একমাত্ৰ ভৰসা হৈছে চাহ বাগিচাৰ চাকৰি। কিন্তু অসমৰ বিভিন্ন চাহ বাগিচাত থলুৱা যুৱক-যুৱতীক আওকাণ কৰি আন লোকক নিযুক্তি দিয়াৰ বিষয়টো আছা (আদিবাসী ছাত্ৰ সন্থা) আৰু আট্ছাৰ (অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা) দৃষ্টিগোচৰ হৈছে, যাৰ বাবে চাহ বাগিচাসমূহত প্ৰতিবাদৰ ঢল বৰিছে। এই প্ৰেক্ষাপটতে, তিনিচুকীয়া জিলাৰ ধলা চাহ বাগিচাত আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ছৈখোৱা আঞ্চলিক সমিতিৰ এক সজাতি দল উপস্থিত হয়। ছাত্ৰ নেতাসকলে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, ধলা চাহ বাগিচাখনত ইতিমধ্যে বহু সংখ্যক ষ্টাফ কৰ্মচাৰীৰ পদ খালী হৈ আছে। আছাই এই খালী পদসমূহত বাগিচাখনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক অগ্ৰাধিকাৰ দিয়াৰ দাবী উত্থাপন কৰে। ইয়াৰ বাবে আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বই বাগিচাৰ পৰিচালকৰ হাতত এখন স্মাৰকপত্ৰ দাখিল কৰে।1