logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বৰপেটা জিলাৰ কলগাছিয়াৰ কৰাৰকুৰত থকা বেকী নদীৰ দলংখন বিকল হৈ পৰাৰ ফলত স্থানীয় ৰাইজে বিগত পাঁচ মাহ ধৰি 'জমৰ যাতনা' ভুগিবলগীয়া হৈছে। পাঁচ মাহ পূৰ্বে দলংখনৰ পূব অংশৰ এটা খুটা তলপিনে ঢাবি যোৱাত জিলা প্ৰশাসনে ইয়াৰ ওপৰেদি যান-বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল, যাৰ ফলত হাজাৰ হাজাৰ লোক দৈনিক যাতায়তৰ বাবে নৰক যন্ত্ৰণাৰ সন্মুখীন হৈছে। জনীয়া সমষ্টিৰ তদানীন্তন বিধায়ক ডঃ ৰফিকুল ইছলামে বিধান সভাৰ মজিয়াত এই বিষয়টো বলিষ্ঠ পদক্ষেপৰে উত্থাপন কৰাৰ পিছত, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিভাগীয়ভাৱে দলংখন ওখ কৰি পুনৰ যাতায়তৰ বাবে সুচল কৰিবলৈ ধন আৱণ্টন দিয়া হয়। বৰ্তমান মেৰামতিৰ কাম আৰম্ভ হৈছে যদিও ইয়াৰ লেহেমীয়া গতিৰ বাবে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, চাকৰিজীৱী, ব্যৱসায়ী আৰু ৰোগীসকলকে ধৰি সকলো শ্ৰেণীৰ লোকে চৰম অসুবিধাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত, ৰাইজে শীঘ্ৰে পূৰ্ণ গতিত দলং মেৰামতিৰ কাম সম্পন্ন কৰি চাৰিচকীয়া বাহন চলাচলৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। লগতে, তেওঁলোকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সু-দৃষ্টি কামনা কৰিছে আৰু দলং মেৰামতিৰ বাবে ধন মোকলাই দিয়া বিজেপি চৰকাৰক ধন্যবাদ জনাইছে।

13 hrs ago
user_RECENT TIME
RECENT TIME
Media Consultant কলগাছিয়া, বৰপেটা, অসম•
13 hrs ago

বৰপেটা জিলাৰ কলগাছিয়াৰ কৰাৰকুৰত থকা বেকী নদীৰ দলংখন বিকল হৈ পৰাৰ ফলত স্থানীয় ৰাইজে বিগত পাঁচ মাহ ধৰি 'জমৰ যাতনা' ভুগিবলগীয়া হৈছে। পাঁচ মাহ পূৰ্বে দলংখনৰ পূব অংশৰ এটা খুটা তলপিনে ঢাবি যোৱাত জিলা প্ৰশাসনে ইয়াৰ ওপৰেদি যান-বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল, যাৰ ফলত হাজাৰ হাজাৰ লোক দৈনিক যাতায়তৰ বাবে নৰক যন্ত্ৰণাৰ সন্মুখীন হৈছে। জনীয়া সমষ্টিৰ তদানীন্তন বিধায়ক ডঃ ৰফিকুল ইছলামে বিধান সভাৰ মজিয়াত এই বিষয়টো বলিষ্ঠ পদক্ষেপৰে উত্থাপন কৰাৰ পিছত, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিভাগীয়ভাৱে দলংখন ওখ কৰি পুনৰ যাতায়তৰ বাবে সুচল কৰিবলৈ ধন আৱণ্টন দিয়া হয়। বৰ্তমান মেৰামতিৰ কাম আৰম্ভ হৈছে যদিও ইয়াৰ লেহেমীয়া গতিৰ বাবে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, চাকৰিজীৱী, ব্যৱসায়ী আৰু ৰোগীসকলকে ধৰি সকলো শ্ৰেণীৰ লোকে চৰম অসুবিধাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত, ৰাইজে শীঘ্ৰে পূৰ্ণ গতিত দলং মেৰামতিৰ কাম সম্পন্ন কৰি চাৰিচকীয়া বাহন চলাচলৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। লগতে, তেওঁলোকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সু-দৃষ্টি কামনা কৰিছে আৰু দলং মেৰামতিৰ বাবে ধন মোকলাই দিয়া বিজেপি চৰকাৰক ধন্যবাদ জনাইছে।

More news from অসম and nearby areas
  • ৰঙিয়াৰ ৰূদ্ৰমনি ধাবাত যোৱা নিশা সংঘটিত হোৱা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি আজি ৰঙিয়া থানাত পৌৰপতি অমৰেন্দ্ৰ লহকৰে এখন এজাহাৰ দাখিল কৰিছে। এই ঘটনাৰ সৈতে জড়িত ৭ গৰাকী লোকৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰা হৈছে। আনহাতে, এই ঘটনাৰ পাছতে পৌৰপতি লহকৰে ৰঙিয়াৰ ৰাইজক শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে।
    1
    ৰঙিয়াৰ ৰূদ্ৰমনি ধাবাত যোৱা নিশা সংঘটিত হোৱা আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি আজি ৰঙিয়া থানাত পৌৰপতি অমৰেন্দ্ৰ লহকৰে এখন এজাহাৰ দাখিল কৰিছে। এই ঘটনাৰ সৈতে জড়িত ৭ গৰাকী লোকৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰা হৈছে। আনহাতে, এই ঘটনাৰ পাছতে পৌৰপতি লহকৰে ৰঙিয়াৰ ৰাইজক শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    7 hrs ago
  • মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এক অনুষ্ঠানত ইউৰোপীয় সংঘৰ সহযোগত 'ব্লু ভেলি ক্লাষ্টাৰ' শুভাৰম্ভ কৰে, যিয়ে অসম-ইউৰোপ অংশীদাৰিত্বত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। এই পদক্ষেপৰ জৰিয়তে সুগন্ধি, সুবাস, আয়ুষ চিকিৎসা আৰু খাদ্য সংসাধনৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী হ'ব, লগতে উদ্ভাৱন, উদ্যমিতা, বিনিয়োগ আৰু বহনক্ষম বিকাশৰ বাবে নতুন সুযোগৰ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে অসমক ভাৰত-ইউৰোপৰ অৰ্থনৈতিক সহযোগিতাৰ প্ৰধান দুৱাৰমুখ হিচাপে প্ৰতিষ্ঠা কৰা। 'ব্লু ভেলি ক্লাষ্টাৰ' পদক্ষেপৰ অংশ হিচাপে অসম ঔদ্যোগিক উন্নয়ন নিগম (AIDC) আৰু 'ফেডাৰেচন অব্ ইউৰোপিয়ান বিজনেছ ইন ইণ্ডিয়া' (FEBI) ৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। মুখ্যমন্ত্ৰী ড° শৰ্মা আৰু ভাৰতস্থিত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনৰ উপস্থিতিত এআইডিচিৰ পৰিচালন সঞ্চালক হিভাৰে নিসর্গ গৌতম আৰু 'ফেবি'ৰ সচিব প্ৰধান ছোনিয়া প্ৰাশৰে এই চুক্তিত স্বাক্ষৰ কৰে। এই অনুষ্ঠানত ভাৰতস্থিত বেলজিয়ামৰ ৰাষ্ট্ৰদূত ডিডিয়াৰ ভাণ্ডেবহাছেল্ট, ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব (পশ্চিম) এন্থ ছিবিল জৰ্জ, অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, অন্যান্য জ্যেষ্ঠ বিষয়াসকল আৰু বিভিন্ন ইউৰোপীয় দেশ, প্ৰতিষ্ঠান আৰু ব্যৱসায়িক সংগঠনৰ প্ৰতিনিধিসকলো উপস্থিত থাকে। এই উপলক্ষে ভাষণ দি মুখ্যমন্ত্ৰী ড° শৰ্মাই আশা প্ৰকাশ কৰে যে 'ব্লু ভেলি ক্লাষ্টাৰ'-এ ভাৰত আৰু ইউৰোপক সংযোগ কৰা এক শক্তিশালী পৰিৱেশতন্ত্ৰ আৰু মূল্য শৃংখল গঢ়ি তোলাত সহায় কৰিব, যাৰ ফলত উদ্ভাৱন বৃদ্ধি পাব, বজাৰৰ প্ৰসাৰ ঘটিব আৰু বিকাশৰ বাবে এক অংশীদাৰিত্বমূলক সুযোগ সৃষ্টি হ'ব। তেওঁ লগতে কয় যে এই পদক্ষেপ 'এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন'ৰ অন্যতম ফল আৰু ই অসমৰ প্ৰাকৃতিক সম্পদক গোলকীয় মূল্য শৃংখলৰ সৈতে সংযোগ কৰাত সহায় কৰিব। ইয়াৰ দ্বাৰা দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতৰ প্ৰধান প্ৰৱেশদ্বাৰ হিচাপে ৰাজ্যখনৰ বিকাশত নতুন পথ মুকলি হ'ব আৰু অসম ভাৰত-ইউৰোপ সহযোগিতাৰ কেন্দ্ৰবিন্দুলৈ অহাৰ সম্ভাৱনা আছে। ড° শৰ্মাই বৰ্ধিত ভাৰত-ইউৰোপীয় অংশীদাৰিত্বৰ ওপৰত আলোকপাত কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ আগশাৰীৰ বিকাশৰ ইঞ্জিন আৰু এক বিশ্বাসযোগ্য গোলকীয় অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে 'ব্লু ভেলি ক্লাষ্টাৰ' হৈছে ভাৰত-ইউৰোপীয় সংঘৰ বৰ্ধিত অংশীদাৰিত্বৰ এক বাস্তৱিক পৰিণতি আৰু কৌশলগত সহযোগিতাই কিদৰে ব্যৱসায়ী, উদ্যোগী, গৱেষক আৰু সমাজৰ বাবে সুযোগ সৃষ্টি কৰিব পাৰে তাৰ এক প্ৰমাণ। এই পদক্ষেপে ইউৰোপীয় আৰু ভাৰতীয় প্ৰতিষ্ঠান, উদ্যোগ আৰু ষ্টাৰ্ট-আপসমূহৰ মাজত গৱেষণা, উদ্ভাৱন, বিনিয়োগ আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধি কৰি জৈৱ-বৈচিত্ৰ্য, প্ৰাকৃতিক সম্পদ, পৰম্পৰাগত স্বাস্থ্য ৰক্ষা কৌশল আদি দিশত থকা অসমৰ শক্তিক কাৰ্যক্ষেত্ৰত ব্যৱহাৰ কৰাত সহায় কৰিব। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলক অসমত নীতিগত নিশ্চয়তা আৰু সহজে ব্যৱসায় কৰাৰ পৰিৱেশ থকাৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে একক উইণ্ডো ক্লিয়াৰেন্স ব্যৱস্থাৰ জৰিয়তে ২৫ লাখতকৈও অধিক অনুমোদন প্ৰদান কৰা হৈছে, এক লাখ একৰতকৈও অধিক ঔদ্যোগিক ভূমি বিকশিত কৰা হৈছে, ৬৫টা ঔদ্যোগিক ক্ষেত্ৰ স্থাপন কৰা হৈছে আৰু বিশেষ আন্তঃগাঁথনিৰ সৈতে খণ্ড-নিৰ্দিষ্ট ঔদ্যোগিক উদ্যান নিৰ্মাণ কৰা হৈছে। ড° শৰ্মাই ছেমিকণ্ডাক্টৰ, ইলেক্ট্ৰনিক্স, উৎপাদন, কৃত্ৰিম বুদ্ধিমত্তা, জৈৱ-প্ৰযুক্তি আদি খণ্ডসমূহত ইউৰোপীয় সহযোগিতা লাভৰ বাবে অসম আশাবাদী বুলিও জনায়, যাৰ জৰিয়তে যুৱক-যুৱতীসকলৰ বাবে উচ্চমানৰ সুযোগ সৃষ্টি হ'ব আৰু ঘৰুৱা চাহিদা পূৰণ হ'ব। তেওঁ অসমৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলা আৰু 'ব্লু ভেলি ক্লাষ্টাৰ' পদক্ষেপক ৰূপায়ণ কৰাত দেখুওৱা গভীৰ আগ্ৰহৰ বাবে ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু ইউৰোপীয় সংঘৰ দলটোক ধন্যবাদ জনায়, আৰু ভাৰত-ইউৰোপীয় সংঘৰ সম্পৰ্ক অধিক শক্তিশালী হোৱাৰ আশা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° শৰ্মাই ভাৰতস্থিত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন, ভাৰতস্থিত বেলজিয়ামৰ ৰাষ্ট্ৰদূত ডিডিয়াৰ ভাণ্ডেবহাছেল্ট আৰু বিভিন্ন ইউৰোপীয় দেশৰ প্ৰতিনিধিসকলৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা সন্দৰ্ভত এক ফলপ্ৰসূ আলোচনাত মিলিত হয়।
    1
    মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এক অনুষ্ঠানত ইউৰোপীয় সংঘৰ সহযোগত 'ব্লু ভেলি ক্লাষ্টাৰ' শুভাৰম্ভ কৰে, যিয়ে অসম-ইউৰোপ অংশীদাৰিত্বত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। এই পদক্ষেপৰ জৰিয়তে সুগন্ধি, সুবাস, আয়ুষ চিকিৎসা আৰু খাদ্য সংসাধনৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী হ'ব, লগতে উদ্ভাৱন, উদ্যমিতা, বিনিয়োগ আৰু বহনক্ষম বিকাশৰ বাবে নতুন সুযোগৰ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে অসমক ভাৰত-ইউৰোপৰ অৰ্থনৈতিক সহযোগিতাৰ প্ৰধান দুৱাৰমুখ হিচাপে প্ৰতিষ্ঠা কৰা।

'ব্লু ভেলি ক্লাষ্টাৰ' পদক্ষেপৰ অংশ হিচাপে অসম ঔদ্যোগিক উন্নয়ন নিগম (AIDC) আৰু 'ফেডাৰেচন অব্ ইউৰোপিয়ান বিজনেছ ইন ইণ্ডিয়া' (FEBI) ৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। মুখ্যমন্ত্ৰী ড° শৰ্মা আৰু ভাৰতস্থিত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনৰ উপস্থিতিত এআইডিচিৰ পৰিচালন সঞ্চালক হিভাৰে নিসর্গ গৌতম আৰু 'ফেবি'ৰ সচিব প্ৰধান ছোনিয়া প্ৰাশৰে এই চুক্তিত স্বাক্ষৰ কৰে। এই অনুষ্ঠানত ভাৰতস্থিত বেলজিয়ামৰ ৰাষ্ট্ৰদূত ডিডিয়াৰ ভাণ্ডেবহাছেল্ট, ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব (পশ্চিম) এন্থ ছিবিল জৰ্জ, অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, অন্যান্য জ্যেষ্ঠ বিষয়াসকল আৰু বিভিন্ন ইউৰোপীয় দেশ, প্ৰতিষ্ঠান আৰু ব্যৱসায়িক সংগঠনৰ প্ৰতিনিধিসকলো উপস্থিত থাকে।

এই উপলক্ষে ভাষণ দি মুখ্যমন্ত্ৰী ড° শৰ্মাই আশা প্ৰকাশ কৰে যে 'ব্লু ভেলি ক্লাষ্টাৰ'-এ ভাৰত আৰু ইউৰোপক সংযোগ কৰা এক শক্তিশালী পৰিৱেশতন্ত্ৰ আৰু মূল্য শৃংখল গঢ়ি তোলাত সহায় কৰিব, যাৰ ফলত উদ্ভাৱন বৃদ্ধি পাব, বজাৰৰ প্ৰসাৰ ঘটিব আৰু বিকাশৰ বাবে এক অংশীদাৰিত্বমূলক সুযোগ সৃষ্টি হ'ব। তেওঁ লগতে কয় যে এই পদক্ষেপ 'এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন'ৰ অন্যতম ফল আৰু ই অসমৰ প্ৰাকৃতিক সম্পদক গোলকীয় মূল্য শৃংখলৰ সৈতে সংযোগ কৰাত সহায় কৰিব। ইয়াৰ দ্বাৰা দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতৰ প্ৰধান প্ৰৱেশদ্বাৰ হিচাপে ৰাজ্যখনৰ বিকাশত নতুন পথ মুকলি হ'ব আৰু অসম ভাৰত-ইউৰোপ সহযোগিতাৰ কেন্দ্ৰবিন্দুলৈ অহাৰ সম্ভাৱনা আছে।

ড° শৰ্মাই বৰ্ধিত ভাৰত-ইউৰোপীয় অংশীদাৰিত্বৰ ওপৰত আলোকপাত কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ আগশাৰীৰ বিকাশৰ ইঞ্জিন আৰু এক বিশ্বাসযোগ্য গোলকীয় অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে 'ব্লু ভেলি ক্লাষ্টাৰ' হৈছে ভাৰত-ইউৰোপীয় সংঘৰ বৰ্ধিত অংশীদাৰিত্বৰ এক বাস্তৱিক পৰিণতি আৰু কৌশলগত সহযোগিতাই কিদৰে ব্যৱসায়ী, উদ্যোগী, গৱেষক আৰু সমাজৰ বাবে সুযোগ সৃষ্টি কৰিব পাৰে তাৰ এক প্ৰমাণ। এই পদক্ষেপে ইউৰোপীয় আৰু ভাৰতীয় প্ৰতিষ্ঠান, উদ্যোগ আৰু ষ্টাৰ্ট-আপসমূহৰ মাজত গৱেষণা, উদ্ভাৱন, বিনিয়োগ আৰু ঔদ্যোগিক সহযোগিতা বৃদ্ধি কৰি জৈৱ-বৈচিত্ৰ্য, প্ৰাকৃতিক সম্পদ, পৰম্পৰাগত স্বাস্থ্য ৰক্ষা কৌশল আদি দিশত থকা অসমৰ শক্তিক কাৰ্যক্ষেত্ৰত ব্যৱহাৰ কৰাত সহায় কৰিব।

মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলক অসমত নীতিগত নিশ্চয়তা আৰু সহজে ব্যৱসায় কৰাৰ পৰিৱেশ থকাৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে একক উইণ্ডো ক্লিয়াৰেন্স ব্যৱস্থাৰ জৰিয়তে ২৫ লাখতকৈও অধিক অনুমোদন প্ৰদান কৰা হৈছে, এক লাখ একৰতকৈও অধিক ঔদ্যোগিক ভূমি বিকশিত কৰা হৈছে, ৬৫টা ঔদ্যোগিক ক্ষেত্ৰ স্থাপন কৰা হৈছে আৰু বিশেষ আন্তঃগাঁথনিৰ সৈতে খণ্ড-নিৰ্দিষ্ট ঔদ্যোগিক উদ্যান নিৰ্মাণ কৰা হৈছে। ড° শৰ্মাই ছেমিকণ্ডাক্টৰ, ইলেক্ট্ৰনিক্স, উৎপাদন, কৃত্ৰিম বুদ্ধিমত্তা, জৈৱ-প্ৰযুক্তি আদি খণ্ডসমূহত ইউৰোপীয় সহযোগিতা লাভৰ বাবে অসম আশাবাদী বুলিও জনায়, যাৰ জৰিয়তে যুৱক-যুৱতীসকলৰ বাবে উচ্চমানৰ সুযোগ সৃষ্টি হ'ব আৰু ঘৰুৱা চাহিদা পূৰণ হ'ব। তেওঁ অসমৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলা আৰু 'ব্লু ভেলি ক্লাষ্টাৰ' পদক্ষেপক ৰূপায়ণ কৰাত দেখুওৱা গভীৰ আগ্ৰহৰ বাবে ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু ইউৰোপীয় সংঘৰ দলটোক ধন্যবাদ জনায়, আৰু ভাৰত-ইউৰোপীয় সংঘৰ সম্পৰ্ক অধিক শক্তিশালী হোৱাৰ আশা প্ৰকাশ কৰে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° শৰ্মাই ভাৰতস্থিত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন, ভাৰতস্থিত বেলজিয়ামৰ ৰাষ্ট্ৰদূত ডিডিয়াৰ ভাণ্ডেবহাছেল্ট আৰু বিভিন্ন ইউৰোপীয় দেশৰ প্ৰতিনিধিসকলৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা সন্দৰ্ভত এক ফলপ্ৰসূ আলোচনাত মিলিত হয়।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    6 hrs ago
  • সৰ্প দংশনত আক্ৰান্ত হোৱা তৃতীয় শ্ৰেণীত পঢ়ি থকা খাদিজা পাৰবিন নামৰ ছাত্ৰী গৰাকীক লগে লগে তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু চিকিৎসালয়ত চিকিৎসা আগবঢ়োৱাৰ পৰিৱৰ্তে ছাত্ৰী গৰাকীক দুৰ্ব্যৱহাৰ কৰি ঘৰলৈ ওভতাই পঠোৱা হয়। চিকিৎসালয়ৰ ফাৰ্মাছিষ্ট এক্ৰামুল হক তালুকদাৰ নামৰ এজন ব্যক্তিয়ে ৰোগী গৰাকীক ওভতাই পঠোৱাৰ পিছত, ঘৰলৈ নিয়াৰ লগে লগে ছাত্ৰী গৰাকী হঠাৎ অসুস্থ হৈ পৰে। তাৰ পিছত খাদিজা পাৰবিনক ধুবুৰী মেডিকেল কলেজলৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু হয়। এই শোকাবহ ঘটনাৰ পাছতে স্থানীয় ৰাইজে ক্ষুব্ধ হৈ ৰাজপথত ঘণ্টাৰ পৰা ঘণ্টা ধৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কণমানি ছাত্ৰীগৰাকীৰ মৃতদেহ সন্মুখত ৰাখি কৰা এই পথ অৱৰোধত ফাৰ্মাচিষ্ট এক্ৰামুল হক তালুকদাৰক চাকৰিৰ পৰা অব্যাহতি দিয়া আৰু ডা: জিন্না তালুকদাৰৰ বদলীকৰণৰ দাবী জনোৱা হয়। ৰাইজে চিকিৎসাৰ অভাৱত ছাত্ৰীৰ মৃত্যু হোৱা বুলি অভিযোগ কৰি তীব্ৰ প্ৰতিবাদ জনায়।
    1
    সৰ্প দংশনত আক্ৰান্ত হোৱা তৃতীয় শ্ৰেণীত পঢ়ি থকা খাদিজা পাৰবিন নামৰ ছাত্ৰী গৰাকীক লগে লগে তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু চিকিৎসালয়ত চিকিৎসা আগবঢ়োৱাৰ পৰিৱৰ্তে ছাত্ৰী গৰাকীক দুৰ্ব্যৱহাৰ কৰি ঘৰলৈ ওভতাই পঠোৱা হয়। চিকিৎসালয়ৰ ফাৰ্মাছিষ্ট এক্ৰামুল হক তালুকদাৰ নামৰ এজন ব্যক্তিয়ে ৰোগী গৰাকীক ওভতাই পঠোৱাৰ পিছত, ঘৰলৈ নিয়াৰ লগে লগে ছাত্ৰী গৰাকী হঠাৎ অসুস্থ হৈ পৰে।

তাৰ পিছত খাদিজা পাৰবিনক ধুবুৰী মেডিকেল কলেজলৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু হয়। এই শোকাবহ ঘটনাৰ পাছতে স্থানীয় ৰাইজে ক্ষুব্ধ হৈ ৰাজপথত ঘণ্টাৰ পৰা ঘণ্টা ধৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কণমানি ছাত্ৰীগৰাকীৰ মৃতদেহ সন্মুখত ৰাখি কৰা এই পথ অৱৰোধত ফাৰ্মাচিষ্ট এক্ৰামুল হক তালুকদাৰক চাকৰিৰ পৰা অব্যাহতি দিয়া আৰু ডা: জিন্না তালুকদাৰৰ বদলীকৰণৰ দাবী জনোৱা হয়। ৰাইজে চিকিৎসাৰ অভাৱত ছাত্ৰীৰ মৃত্যু হোৱা বুলি অভিযোগ কৰি তীব্ৰ প্ৰতিবাদ জনায়।
    user_North East Bulletin
    North East Bulletin
    Media and information sciences faculty আঠানি, ধুবুৰী, অসম•
    6 hrs ago
  • যোৱা দেওবাৰে শিকাৰগাঁৱৰ পৰা তিনিটাকৈ গৰু চুৰি হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতেই দোতমা আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই ২৪ ঘণ্টাৰ ভিতৰতে দুজনকৈ গৰু চোৰক আটক কৰিছে। আটক হোৱা চোৰ দুজন দোতমা থানাৰ অন্তৰ্গত বাইগনবাৰীৰ পচা আলী আৰু পশ্চিম ছাৰাগাঁৱৰ ছপিজল সেখ বুলি চিনাক্ত কৰা হৈছে।
    1
    যোৱা দেওবাৰে শিকাৰগাঁৱৰ পৰা তিনিটাকৈ গৰু চুৰি হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতেই দোতমা আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই ২৪ ঘণ্টাৰ ভিতৰতে দুজনকৈ গৰু চোৰক আটক কৰিছে। আটক হোৱা চোৰ দুজন দোতমা থানাৰ অন্তৰ্গত বাইগনবাৰীৰ পচা আলী আৰু পশ্চিম ছাৰাগাঁৱৰ ছপিজল সেখ বুলি চিনাক্ত কৰা হৈছে।
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    9 hrs ago
  • অসমৰ ধুবুৰী জিলাৰ ভাটীপেটলা, আলোকঝাৰী আৰু মহামায়া ধামক সংযোগ কৰি এক পথৰ বিষয়ে তথ্য পোৱা গৈছে। এই পথটোৱে ভাটীপেটলা, আলোকঝাৰী আৰু মহামায়া ধামক সামৰি লৈছে।
    3
    অসমৰ ধুবুৰী জিলাৰ ভাটীপেটলা, আলোকঝাৰী আৰু মহামায়া ধামক সংযোগ কৰি এক পথৰ বিষয়ে তথ্য পোৱা গৈছে। এই পথটোৱে ভাটীপেটলা, আলোকঝাৰী আৰু মহামায়া ধামক সামৰি লৈছে।
    user_Elious Ali Sheikh,,,?
    Elious Ali Sheikh,,,?
    Spa গৌৰীপুৰ, ধুবুৰী, অসম•
    13 hrs ago
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    13 hrs ago
  • Post by User5848
    1
    Post by User5848
    user_User5848
    User5848
    Dancer ডাম্বো ৰংজেং, পূব গাৰো পাহাৰ, মেঘালয়•
    16 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.