Shuru
Apke Nagar Ki App…
ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধৰ প্ৰতিবাদত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰ প্ৰতিকৃতি দাহ । ধেমাজিতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি ৷ ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধৰ প্ৰতিবাদত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰ প্ৰতিকৃতি দাহ । ধেমাজিতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি ৷ ইন্ধনৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল ধেমাজি সদৰ ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মাৰ লগতে আছু কৰ্মীসকলে ।
DHEMAJI TODAY
ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধৰ প্ৰতিবাদত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰ প্ৰতিকৃতি দাহ । ধেমাজিতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি ৷ ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধৰ প্ৰতিবাদত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰ প্ৰতিকৃতি দাহ । ধেমাজিতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি ৷ ইন্ধনৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল ধেমাজি সদৰ ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মাৰ লগতে আছু কৰ্মীসকলে ।
More news from অসম and nearby areas
- ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধৰ প্ৰতিবাদত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰ প্ৰতিকৃতি দাহ । ধেমাজিতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি ৷ ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধৰ প্ৰতিবাদত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰ প্ৰতিকৃতি দাহ । ধেমাজিতো জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি ৷ ইন্ধনৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল ধেমাজি সদৰ ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীপক শৰ্মাৰ লগতে আছু কৰ্মীসকলে ।1
- মৰাণ আৰক্ষীয়ে মৰাণত অভিযান চলাই ১ কেজি ২৯ গ্ৰাম গাঞ্জাসহ দুজন লোকক আটক কৰিছে। আটকাধীন লোকদুজনক ক্ৰমে অভি এক্কা আৰু ৰাজীৱ কল কুমাৰ বুলি চিনাক্ত কৰা হৈছে।1
- চাহ মজদুৰ সংঘৰ মৰাণ শাখাৰ আহ্বানত মহখুঁটি আৰু খুমটাই চাহ বাগিচাৰ শ্ৰমিকসকলে এক ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই ধৰ্মঘট দীৰ্ঘদিন ধৰি দাবী কৰি অহা শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত কৰা হৈছে। অসম চাহ মজদুৰ সংঘৰ আহ্বান ক্ৰমে খুমটাই বাগিচাতো এই ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়।1
- মৰাণৰ তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত সৰ্বেশ্বৰ সোনোৱালৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। ১৯৬১ চনত স্থাপিত এই বিদ্যালয়খনত বিনা বিতনেৰে শিক্ষকতা জীৱন আৰম্ভ কৰা প্ৰয়াত প্ৰধান শিক্ষকজনৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যৰে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছিল। বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ অনুৰোধত তেওঁৰ পৰিয়ালৰ লোকে বিদ্যালয় চৌহদত এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰে। আজি সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰা হয়। এই উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন মুকলি সভাও অনুষ্ঠিত হৈছিল।1
- স্বাস্থ্যসেৱা খণ্ডৰ সৰ্বভাৰতীয় স্বেচ্ছাসেৱী সংস্থা ই এম এ ইণ্ডিয়াই শিৱসাগৰৰ বিশিষ্ট হোমিঅ' চিকিৎসক ডাঃ কবিতা শৰ্মাক 'প্ৰেষ্টিজ ৰিকগনিচন বঁটা'ৰে সন্মানিত কৰিছে। চিকিৎসাসেৱাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা তেওঁৰ নিস্বাৰ্থ সেৱাৰ প্ৰতি সন্মান জনাই এই বঁটা প্ৰদান কৰা হয়। যোৱা ২৪ মে'ত উত্তৰাখণ্ডত অনুষ্ঠিত সংস্থাটোৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ডাঃ শৰ্মাক এই সন্মান প্ৰদান কৰা হৈছিল। ই এম এ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় অধ্যক্ষ কে পি চৌহানৰ উপস্থিতিত উত্তৰাখণ্ডৰ আয়ুষ মন্ত্ৰী মদন কৌশিকে তেওঁক বঁটাটো অৰ্পণ কৰে। সংস্থাটোৰ তিনিদিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে, ডাঃ শৰ্মাই বিনামূলীয়া চিকিৎসা শিবিৰত সেৱা আগবঢ়োৱাৰ উপৰিও উত্তৰাখণ্ডৰ ধৰ্মীয় পৰম্পৰাগত গংগা আৰতিতো অংশগ্ৰহণ কৰিছিল। চিকিৎসা সেৱাৰ সৈতে নিজকে জড়িত কৰি ৰখা ডাঃ কবিতা শৰ্মাই আৰ্তজনক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰতো উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ নিজা খৰচেৰে বৃদ্ধাশ্ৰম, নামঘৰ আৰু মন্দিৰ আদিও নিৰ্মাণ কৰি দিছে। এই শেহতীয়া সন্মানে নিজকে গৌৰৱান্বিত কৰাৰ লগতে আগন্তুক দিনত সমাজৰ হকে অধিক কাম কৰি যাবলৈ তেওঁক উৎসাহিত কৰিছে বুলি ডাঃ শৰ্মাই মন্তব্য প্ৰকাশ কৰে।1
- বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডত মধ্যাহ্ন ভোজন আঁচনিৰ নামত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ফেনখাতি প্ৰাথমিক বিদ্যালয়ত এই অনিয়ম হৈছে বুলি অভিযোগ কৰা হৈছে, য'ত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক এই দুৰ্নীতিৰ সৈতে জড়িত থকাৰ অভিযোগ উঠিছে। এই অভিযোগৰ পাছতে আজি CRCC, BCCO আৰু স্থানীয় ৰাইজে বিদ্যালয়খনত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰে।1
- শিৱসাগৰত ধন দাবীৰ এক ঘটনাৰ অনুসন্ধান চলাবলৈ যোৱা অসামৰিক পোচাকত থকা আৰক্ষীৰ দলৰ সৈতে হোৱা এক তীব্ৰ সংঘৰ্ষত এজন যুৱক গুলীবিদ্ধ হৈছে। আৰক্ষীৰ গুলীত আহত হোৱা যুৱকজনক মলা গাঁৱৰ নিবাসী ৰিতু গগৈ বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাটো ৰিতু গগৈৰ নিজা বাসগৃহৰ কাষৰে এটা তেল খাদৰ সমীপত সংঘটিত হয়। ঘটনাৰ বিবৰণি অনুসৰি, জয়সাগৰৰ নিবাসী লাচিত গগৈ নামৰ এজন ব্যক্তিক ধন দাবী কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগৰ আঁত ধৰিয়েই আৰক্ষীৰ এটা দলে অসামৰিক পোচাকত ঘটনাৰ অনুসন্ধান চলাইছিল, যাৰ ফলত নিজা বাসগৃহৰ কাষৰ তেল খাদটোৰ সমীপত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৰিতু গগৈ গুলীবিদ্ধ হয়। গুলী চালনাৰ ঘটনাৰ পিছতে সংকটজনক অৱস্থাত গগৈক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়। কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতি গুৰুতৰ হোৱাৰ বাবে চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ পাছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ (AMCH) প্ৰেৰণ কৰে। ইফালে, আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা স্থানৰ পৰা এখন মটৰ চাইকেল আৰু এটা ম'বাইল ফোন উদ্ধাৰ কৰাৰ লগতে বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।1
- ধেমাজিত এটা উট দেখা পোৱা যোৱাত স্থানীয় লোকৰ মাজত ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে। এই উটটো ৰাজস্থানৰ পৰা ট্ৰাকেৰে গেলুৱালৈ অনা হৈছিল। ইয়াৰ মূল উদ্দেশ্য আছিল ঈদ উপলক্ষে কোৰবানিৰ বাবে ব্যৱহাৰ কৰা। এটা বেচৰকাৰী সংস্থাৰ (NGO) তথ্যৰ ভিত্তিত আৰক্ষীয়ে এই উটটো জব্দ কৰিছে।1