Shuru
Apke Nagar Ki App…
তিনিচুকীয়াৰ কুখ্যাত ক্ৰিকেট জুৱাৰী বেৰিয়া ভাতৃদ্বয় বিকাশ বেৰিয়া আৰু নীতিন বেৰিয়াৰ গকুল ধাম চচাঁইটিৰ ঘৰত যোৱা নিশা এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেট (ই ডি) অভিযান চলায়। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও নামে-বেনামে থকা সম্পত্তিৰ আৰু ক্ৰিকেট জুৱাৰ সৈতে জড়িত থকাৰ অভিযোগত বিকাশ বেৰিয়াক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
Ratul Deka
তিনিচুকীয়াৰ কুখ্যাত ক্ৰিকেট জুৱাৰী বেৰিয়া ভাতৃদ্বয় বিকাশ বেৰিয়া আৰু নীতিন বেৰিয়াৰ গকুল ধাম চচাঁইটিৰ ঘৰত যোৱা নিশা এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেট (ই ডি) অভিযান চলায়। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও নামে-বেনামে থকা সম্পত্তিৰ আৰু ক্ৰিকেট জুৱাৰ সৈতে জড়িত থকাৰ অভিযোগত বিকাশ বেৰিয়াক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
More news from অসম and nearby areas
- তিনিচুকীয়াত নিশা এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেট (ED)ৰ এটা বৃহৎ দলে কেইবাটাও স্থানত একেলগে অভিযান চলাইছে। এই অভিযানৰ অধীনত তিনিচুকীয়াৰ মানৱ কল্যাণ পথৰ বিকাশ বেৰিয়াৰ ফ্লেট, পৰ্বতীয়াস্থিত গকুল ধাম এপাৰ্টমেণ্টৰ বিকাশ বেৰিয়াৰ পৰিয়ালৰ আন এটা ফ্লেট, আৰু বৰদলৈ নগৰস্থিত বিকাশ বেৰিয়াৰ ভাতৃ নিতিন বেৰিয়াৰ ঘৰত তালাচী চলোৱা হয়। বেৰিয়া ভাতৃদ্বয়ৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা IPL জুৱা খেলি এক বৃহৎ সাম্ৰাজ্য গঢ়ি তোলাৰ অভিযোগ সঘনাই উত্থাপিত হৈ আহিছিল। উল্লেখযোগ্য যে, বিকাশ বেৰিয়াক পূৰ্বেও IPL জুৱাৰ খেলৰ অভিযোগত গ্ৰেপ্তাৰ কৰি কাৰাবাস দিয়া হৈছিল। একেটা পৰিয়ালৰ তিনিটাকৈ স্থানত একেসময়তে ED-য়ে চলোৱা এই অভিযানক লৈ তিনিচুকীয়াত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। অভিযান চলোৱাৰ সময়ত ED-ৰ দলে গেটৰ ভিতৰত সকলো লোককে প্ৰৱেশ কৰিবলৈ বাধা দিছিল।1
- ৰাজ্যত নিবনুৱা সমস্যা দোপতদোপে বৃদ্ধি পাইছে। অসম চৰকাৰে বহুবাৰ খিলঞ্জীয়া যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা স্বত্বেও, চাহ বাগিচা আৰু ইয়াৰ অধ্যুষিত অঞ্চলৰ যুৱক-যুৱতীসকলৰ শিক্ষাৰ মানদণ্ড উন্নত হোৱাৰ পিছতো, চৰকাৰী চাকৰিত আদিবাসী যুৱক-যুৱতীৰ সংখ্যা নগণ্য হৈয়ে আছে। ফলস্বৰূপে, তেওঁলোকৰ বাবে চাকৰিৰ একমাত্ৰ ভৰসা হৈছে চাহ বাগিচাৰ চাকৰি। কিন্তু অসমৰ বিভিন্ন চাহ বাগিচাত থলুৱা যুৱক-যুৱতীক আওকাণ কৰি আন লোকক নিযুক্তি দিয়াৰ বিষয়টো আছা (আদিবাসী ছাত্ৰ সন্থা) আৰু আট্ছাৰ (অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা) দৃষ্টিগোচৰ হৈছে, যাৰ বাবে চাহ বাগিচাসমূহত প্ৰতিবাদৰ ঢল বৰিছে। এই প্ৰেক্ষাপটতে, তিনিচুকীয়া জিলাৰ ধলা চাহ বাগিচাত আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ছৈখোৱা আঞ্চলিক সমিতিৰ এক সজাতি দল উপস্থিত হয়। ছাত্ৰ নেতাসকলে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, ধলা চাহ বাগিচাখনত ইতিমধ্যে বহু সংখ্যক ষ্টাফ কৰ্মচাৰীৰ পদ খালী হৈ আছে। আছাই এই খালী পদসমূহত বাগিচাখনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক অগ্ৰাধিকাৰ দিয়াৰ দাবী উত্থাপন কৰে। ইয়াৰ বাবে আদিবাসী ছাত্ৰ সন্থাৰ নেতৃত্বই বাগিচাৰ পৰিচালকৰ হাতত এখন স্মাৰকপত্ৰ দাখিল কৰে।1
- চৰাইদেউত আছাম ৰাইফলছে এক অভিযান চলাই মাৰণাস্ত্রসহ দুজনক আটক কৰিছে। আটক কৰা লোক দুজন হৈছে আব্দুল ৰহিম আৰু অভিমন্যু বণিক দাস। অভিযানকালত তেওঁলোকৰ পৰা এটা পইণ্ট ২২ পিষ্টল, এখ ৰাউণ্ড গুলী আৰু দুটা ম’বাইল ফোন জব্দ কৰা হয়। পিছত আছাম ৰাইফলছৰ অভিযানকাৰী দলটোৱে আটক কৰা দুয়োকে সোণাৰি আৰক্ষীক চমজাই দিয়ে।1
- ধেমাজিত এটা উট দেখা পোৱা যোৱাত স্থানীয় লোকৰ মাজত ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে। এই উটটো ৰাজস্থানৰ পৰা ট্ৰাকেৰে গেলুৱালৈ অনা হৈছিল। ইয়াৰ মূল উদ্দেশ্য আছিল ঈদ উপলক্ষে কোৰবানিৰ বাবে ব্যৱহাৰ কৰা। এটা বেচৰকাৰী সংস্থাৰ (NGO) তথ্যৰ ভিত্তিত আৰক্ষীয়ে এই উটটো জব্দ কৰিছে।1
- স্বাস্থ্যসেৱা খণ্ডৰ সৰ্বভাৰতীয় স্বেচ্ছাসেৱী সংস্থা ই এম এ ইণ্ডিয়াই শিৱসাগৰৰ বিশিষ্ট হোমিঅ' চিকিৎসক ডাঃ কবিতা শৰ্মাক 'প্ৰেষ্টিজ ৰিকগনিচন বঁটা'ৰে সন্মানিত কৰিছে। চিকিৎসাসেৱাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা তেওঁৰ নিস্বাৰ্থ সেৱাৰ প্ৰতি সন্মান জনাই এই বঁটা প্ৰদান কৰা হয়। যোৱা ২৪ মে'ত উত্তৰাখণ্ডত অনুষ্ঠিত সংস্থাটোৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ডাঃ শৰ্মাক এই সন্মান প্ৰদান কৰা হৈছিল। ই এম এ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় অধ্যক্ষ কে পি চৌহানৰ উপস্থিতিত উত্তৰাখণ্ডৰ আয়ুষ মন্ত্ৰী মদন কৌশিকে তেওঁক বঁটাটো অৰ্পণ কৰে। সংস্থাটোৰ তিনিদিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে, ডাঃ শৰ্মাই বিনামূলীয়া চিকিৎসা শিবিৰত সেৱা আগবঢ়োৱাৰ উপৰিও উত্তৰাখণ্ডৰ ধৰ্মীয় পৰম্পৰাগত গংগা আৰতিতো অংশগ্ৰহণ কৰিছিল। চিকিৎসা সেৱাৰ সৈতে নিজকে জড়িত কৰি ৰখা ডাঃ কবিতা শৰ্মাই আৰ্তজনক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰতো উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ নিজা খৰচেৰে বৃদ্ধাশ্ৰম, নামঘৰ আৰু মন্দিৰ আদিও নিৰ্মাণ কৰি দিছে। এই শেহতীয়া সন্মানে নিজকে গৌৰৱান্বিত কৰাৰ লগতে আগন্তুক দিনত সমাজৰ হকে অধিক কাম কৰি যাবলৈ তেওঁক উৎসাহিত কৰিছে বুলি ডাঃ শৰ্মাই মন্তব্য প্ৰকাশ কৰে।1
- শিৱসাগৰত ধন দাবীৰ এক ঘটনাৰ অনুসন্ধান চলাবলৈ যোৱা অসামৰিক পোচাকত থকা আৰক্ষীৰ দলৰ সৈতে হোৱা এক তীব্ৰ সংঘৰ্ষত এজন যুৱক গুলীবিদ্ধ হৈছে। আৰক্ষীৰ গুলীত আহত হোৱা যুৱকজনক মলা গাঁৱৰ নিবাসী ৰিতু গগৈ বুলি চিনাক্ত কৰা হৈছে। এই ঘটনাটো ৰিতু গগৈৰ নিজা বাসগৃহৰ কাষৰে এটা তেল খাদৰ সমীপত সংঘটিত হয়। ঘটনাৰ বিবৰণি অনুসৰি, জয়সাগৰৰ নিবাসী লাচিত গগৈ নামৰ এজন ব্যক্তিক ধন দাবী কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগৰ আঁত ধৰিয়েই আৰক্ষীৰ এটা দলে অসামৰিক পোচাকত ঘটনাৰ অনুসন্ধান চলাইছিল, যাৰ ফলত নিজা বাসগৃহৰ কাষৰ তেল খাদটোৰ সমীপত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৰিতু গগৈ গুলীবিদ্ধ হয়। গুলী চালনাৰ ঘটনাৰ পিছতে সংকটজনক অৱস্থাত গগৈক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়। কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতি গুৰুতৰ হোৱাৰ বাবে চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ পাছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ (AMCH) প্ৰেৰণ কৰে। ইফালে, আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা স্থানৰ পৰা এখন মটৰ চাইকেল আৰু এটা ম'বাইল ফোন উদ্ধাৰ কৰাৰ লগতে বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।1
- অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াই ধেমাজি চক্ৰ বিষয়াৰ কাৰ্যালয় সংহত আয়ুক্ত কাৰ্যালয়ত স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই সিদ্ধান্তৰ প্ৰতিবাদ জনাই তেওঁ জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে।1
- অসমৰ কাব্যজগত উকা কৰি হাজাৰ হাজাৰ গুণমুগ্ধৰ পৰা চিৰবিদায় লোৱা জনপ্ৰিয় কবি জোনমণি দাসৰ আজি পবিত্ৰ আদ্যশ্ৰাদ্ধ সম্পন্ন হ'ল। শিৱসাগৰ জিলা কবি সন্মিলনৰ উদ্যোগত আজি আদ্যশ্ৰাদ্ধৰ দিনটোত তেখেতৰ থানামুখৰ বাসগৃহ 'শব্দ-ব্ৰহ্ম'ত বহু গুণমুগ্ধৰ উপস্থিতিত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত উপস্থিত গুণমুগ্ধ সকলে কবি গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়। বিশিষ্ট কবি হৰেন গগৈ, চামচুল বাৰীক, মুকুল নাথ, ব্ৰজেন দাস, হৰেন চন্দ্ৰ নাথ, বিজু বৰঠাকুৰ, নবীন বুঢ়াগোহাঁই, প্ৰাঞ্জল আবিৰ দাস, সত্যজিৎ নাথ; সাহিত্যিক হেমন্ত ৰাজখোৱা, উজ্জ্বল কুমাৰ ঠাকুৰ, ডঃ লিপি ফুকন, ৰঞ্জিত বৰা; আৰু সমাজকৰ্মী শৰৎ হাজৰিকা আদিকে ধৰি বহু লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই স্মৃতিচাৰণ অনুষ্ঠানতে 'স্বপ্ন-সূৰ্য' নামৰে এখনি আঢ়ৈশ পৃষ্ঠাৰ স্মৃতি-সংকলন উন্মোচন কৰা হয়।1
- বৰহাপজান ষ্টেট বেংকৰ সমীপত সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। এই ঘটনাটো তিনিচুকীয়া দিশৰ পৰা অহা AS 23 AM 4686 নম্বৰৰ এখন বলেৰ' বাহন আৰু ডুমডুমা দিশৰ পৰা অহা এখন আই-টেন বাহনৰ মাজত সংঘটিত হৈছিল। বলেৰ' বাহনখন তিনিচুকীয়া হিজুগুৰি ডনবস্ক'ৰ বুলি চিনাক্ত কৰা হৈছে। মাকুম আৰক্ষীৰ সূত্ৰে প্ৰকাশ পোৱা অনুসৰি, উক্ত বলেৰ' বাহনখনে ইয়াৰ পূৰ্বেও মাকুমত এখন ৱাগনাৰ বাহনক খুন্দিয়াই আন এক দুৰ্ঘটনা সংঘটিত কৰিছিল, য'ত ৱাগনাৰ বাহনখনত থকা যাত্ৰীসকল আঘাতপ্ৰাপ্ত হৈছিল। সেই ৱাগনাৰ বাহনখন বৰ্তমান মাকুম আৰক্ষী থানাত ৰখা হৈছে। বৰহাপজানত সংঘটিত এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। কিন্তু প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি, বলেৰ' বাহনখনৰ চালকে সুৰাপান কৰি বাহন চলোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। ঘটনাটোক কেন্দ্ৰ কৰি কিছু সময়ৰ বাবে অঞ্চলটোত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে ঘটনাস্থলীত বহু লোক সমবেত হোৱাত পথত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে যান-বাহনৰ চলাচল স্বাভাৱিক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।1