logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

গুৱাহাটী মহানগৰীৰ আয্যনগৰত “অসমীয়া গ’ বেক” ধ্বনি দিয়াৰ পিছত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত গোলাঘাটৰ ৰঙাজানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰঙাজান আঞ্চলিক সমিতি আৰু অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিৰ যৌথ সহযোগত অনা অসমীয়া বিহাৰীৰ বিৰুদ্ধে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয়।

21 hrs ago
user_Golaghat খবৰ
Golaghat খবৰ
Local News Reporter Golaghat, Assam•
21 hrs ago

গুৱাহাটী মহানগৰীৰ আয্যনগৰত “অসমীয়া গ’ বেক” ধ্বনি দিয়াৰ পিছত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত গোলাঘাটৰ ৰঙাজানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰঙাজান আঞ্চলিক সমিতি আৰু অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিৰ যৌথ সহযোগত অনা অসমীয়া বিহাৰীৰ বিৰুদ্ধে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয়।

More news from Assam and nearby areas
  • লখিমপুৰ জিলাৰ গেলেকী আইদেউবাৰী অঞ্চলত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ দ্বাৰা আটক হোৱাৰ পিছত যুৱক তিনিজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
    1
    লখিমপুৰ জিলাৰ গেলেকী আইদেউবাৰী অঞ্চলত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ দ্বাৰা আটক হোৱাৰ পিছত যুৱক তিনিজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    20 hrs ago
  • আজি নতুন অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ঐতিহাসিক শিৱসাগৰ জিলাত উপস্থিত হয় মন্ত্ৰী বিমল বৰা। জিলাখনত উপস্থিত হৈয়েই মন্ত্ৰীগৰাকীয়ে পবিত্ৰ শিৱদৌল প্ৰাংগনত দেশ তথা দশৰ মংগলাৰ্থে ভগৱানৰ চৰণত সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। দৌল দৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী বৰাই জিলাখনৰ উন্নয়নক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে শিৱসাগৰত বিৰোধী দলৰ বিধায়ক থাকিলেও জিলাখনৰ সৰ্বাংগীণ উন্নয়নৰ যাত্ৰা কোনো কাৰণতে থমকি নৰয়। ৰাজ্য চৰকাৰে সমষ্টি আৰু জিলাখনৰ উন্নয়নৰ স্বাৰ্থত সকলো ধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাব বুলিও তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।
    3
    আজি নতুন অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ঐতিহাসিক শিৱসাগৰ জিলাত উপস্থিত হয় মন্ত্ৰী বিমল বৰা। জিলাখনত উপস্থিত হৈয়েই মন্ত্ৰীগৰাকীয়ে পবিত্ৰ শিৱদৌল প্ৰাংগনত দেশ তথা দশৰ মংগলাৰ্থে ভগৱানৰ চৰণত সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে।

দৌল দৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী বৰাই জিলাখনৰ উন্নয়নক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে শিৱসাগৰত বিৰোধী দলৰ বিধায়ক থাকিলেও জিলাখনৰ সৰ্বাংগীণ উন্নয়নৰ যাত্ৰা কোনো কাৰণতে থমকি নৰয়। ৰাজ্য চৰকাৰে সমষ্টি আৰু জিলাখনৰ উন্নয়নৰ স্বাৰ্থত সকলো ধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাব বুলিও তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    9 hrs ago
  • জামুগুৰিহাটৰ পাচিগাওঁত দুই সন্তানৰ এগৰাকী বিবাহিতা মাতৃৰ আত্মহননক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আজি পুৱা সংঘটিত এই আত্মহননৰ ঘটনাৰ দোষীক উপযুক্ত শাস্তিৰ দাবীত পাচিগাওঁৰ ৰাইজে জামুগুৰি থানাত ঘেৰাও কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাইজে দাবী কৰিছে যে এই আত্মহননৰ সৈতে ডেকাচুকৰ গাওঁবুঢ়া পৱন নাথ আৰু পানপুৰৰ পাপু দাস নামৰ দুজন যুৱক জড়িত আছে। অভিযোগ অনুসৰি, ডেকাচুক গাওঁৰ গাওঁবুঢ়া পৱন নাথে এক ঘৰুৱা বিবাদ নিষ্পত্তিৰ অজুহাতত পাচিগাওঁৰ পয়ত্ৰিশ বছৰীয়া ৰশ্মি শইকীয়া নামৰ বিবাহিতা মহিলাগৰাকীক নিজৰ ঘৰলৈ মাতি নি মানসিকভাৱে নিৰ্যাতন চলাইছিল। পাচিগাওঁৰ ৰাইজে অভিযোগ কৰিছে যে গাওঁবুঢ়াৰ এই নিৰ্যাতন সহিব নোৱাৰি ৰশ্মি শইকীয়াই সেই ৰাতিয়েই আত্মহননৰ পথ বাছি লয়। বৰ্তমান গাওঁবুঢ়া পৱন নাথ পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে তেওঁক বিচাৰি আছে বুলি জানিব পৰা গৈছে। আৰক্ষী প্ৰশাসনৰ সহায় নোলোৱাকৈ এগৰাকী গাওঁবুঢ়াই কেনেকৈ নিজ বাসগৃহত বিচাৰ পাতি দুটা সন্তানৰ মাতৃক মৃত্যুমুখলৈ ঠেলি দিলে, তাৰ উচিত বিচাৰ আৰু দোষীৰ শাস্তিৰ বাবে আজি আৰক্ষী থানাত পাচিগাওঁৰ ৰাইজে সজোৰে দাবী উত্থাপন কৰে।
    4
    জামুগুৰিহাটৰ পাচিগাওঁত দুই সন্তানৰ এগৰাকী বিবাহিতা মাতৃৰ আত্মহননক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আজি পুৱা সংঘটিত এই আত্মহননৰ ঘটনাৰ দোষীক উপযুক্ত শাস্তিৰ দাবীত পাচিগাওঁৰ ৰাইজে জামুগুৰি থানাত ঘেৰাও কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাইজে দাবী কৰিছে যে এই আত্মহননৰ সৈতে ডেকাচুকৰ গাওঁবুঢ়া পৱন নাথ আৰু পানপুৰৰ পাপু দাস নামৰ দুজন যুৱক জড়িত আছে।

অভিযোগ অনুসৰি, ডেকাচুক গাওঁৰ গাওঁবুঢ়া পৱন নাথে এক ঘৰুৱা বিবাদ নিষ্পত্তিৰ অজুহাতত পাচিগাওঁৰ পয়ত্ৰিশ বছৰীয়া ৰশ্মি শইকীয়া নামৰ বিবাহিতা মহিলাগৰাকীক নিজৰ ঘৰলৈ মাতি নি মানসিকভাৱে নিৰ্যাতন চলাইছিল। পাচিগাওঁৰ ৰাইজে অভিযোগ কৰিছে যে গাওঁবুঢ়াৰ এই নিৰ্যাতন সহিব নোৱাৰি ৰশ্মি শইকীয়াই সেই ৰাতিয়েই আত্মহননৰ পথ বাছি লয়।

বৰ্তমান গাওঁবুঢ়া পৱন নাথ পলাতক অৱস্থাত আছে আৰু আৰক্ষীয়ে তেওঁক বিচাৰি আছে বুলি জানিব পৰা গৈছে। আৰক্ষী প্ৰশাসনৰ সহায় নোলোৱাকৈ এগৰাকী গাওঁবুঢ়াই কেনেকৈ নিজ বাসগৃহত বিচাৰ পাতি দুটা সন্তানৰ মাতৃক মৃত্যুমুখলৈ ঠেলি দিলে, তাৰ উচিত বিচাৰ আৰু দোষীৰ শাস্তিৰ বাবে আজি আৰক্ষী থানাত পাচিগাওঁৰ ৰাইজে সজোৰে দাবী উত্থাপন কৰে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    19 hrs ago
  • লখিমপুৰ জিলাৰ চিয়াজুলি হিন্দু মাজ গাঁৱৰ সুপুত্ৰ বীৰ সৈনিক ধ্ৰুৱজ্যোতি দত্তলৈ ভাৰত চৰকাৰে তৃতীয় সৰ্বোচ্চ সৈনিক সন্মান শৌৰ্য চক্ৰ প্ৰদান কৰিছে। এই বীৰত্ব বঁটা গ্ৰহণ কৰি তেওঁ সমগ্ৰ জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চিয়াজুলি হিন্দু মাজ গাঁৱৰ লক্ষীৰাম দত্ত আৰু প্ৰয়াত হেমপ্ৰভা দত্তৰ কনিষ্ঠ পুত্ৰ ধ্ৰুৱজ্যোতি দত্ত বৰ্তমান অসম ৰাইফলছৰ ৩৩ নং বেটেলিয়নৰ ৰাইফলমেন হিচাপে কৰ্মৰত। তেওঁ ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত মণিপুৰত সংঘটিত উগ্ৰপন্থীৰ এক ভয়ংকৰ আক্ৰমণৰ সময়ত বুকু, পিঠিকে ধৰি দেহৰ কেইবাঠাইতো গুলীবিদ্ধ হৈও, অসীম সাহস, ধৈৰ্য্য আৰু নিঃস্বাৰ্থতাৰে নিজৰ আঠজনকৈ সতীৰ্থ সৈনিকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। ভাৰত চৰকাৰে এই বৰ্ষৰ ২৬ জানুৱাৰীত ধ্ৰুৱজ্যোতি দত্তলৈ এই শৌৰ্য চক্ৰ বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছিল। তাৰ পাছতে কালি, অৰ্থাৎ ৮ জুন তাৰিখে, ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা তেওঁ এই উচ্চ সন্মান গ্ৰহণ কৰে।
    1
    লখিমপুৰ জিলাৰ চিয়াজুলি হিন্দু মাজ গাঁৱৰ সুপুত্ৰ বীৰ সৈনিক ধ্ৰুৱজ্যোতি দত্তলৈ ভাৰত চৰকাৰে তৃতীয় সৰ্বোচ্চ সৈনিক সন্মান শৌৰ্য চক্ৰ প্ৰদান কৰিছে। এই বীৰত্ব বঁটা গ্ৰহণ কৰি তেওঁ সমগ্ৰ জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

চিয়াজুলি হিন্দু মাজ গাঁৱৰ লক্ষীৰাম দত্ত আৰু প্ৰয়াত হেমপ্ৰভা দত্তৰ কনিষ্ঠ পুত্ৰ ধ্ৰুৱজ্যোতি দত্ত বৰ্তমান অসম ৰাইফলছৰ ৩৩ নং বেটেলিয়নৰ ৰাইফলমেন হিচাপে কৰ্মৰত। তেওঁ ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত মণিপুৰত সংঘটিত উগ্ৰপন্থীৰ এক ভয়ংকৰ আক্ৰমণৰ সময়ত বুকু, পিঠিকে ধৰি দেহৰ কেইবাঠাইতো গুলীবিদ্ধ হৈও, অসীম সাহস, ধৈৰ্য্য আৰু নিঃস্বাৰ্থতাৰে নিজৰ আঠজনকৈ সতীৰ্থ সৈনিকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।

ভাৰত চৰকাৰে এই বৰ্ষৰ ২৬ জানুৱাৰীত ধ্ৰুৱজ্যোতি দত্তলৈ এই শৌৰ্য চক্ৰ বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছিল। তাৰ পাছতে কালি, অৰ্থাৎ ৮ জুন তাৰিখে, ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতৰ পৰা তেওঁ এই উচ্চ সন্মান গ্ৰহণ কৰে।
    user_Bhuban Gautam
    Bhuban Gautam
    Farmer কদম, লখিমপুৰ, অসম•
    19 hrs ago
  • মৰাণত এক বিশেষ ঘটনা পোহৰলৈ আহিছে, য'ত অবৈধ মদ উৎখাত কৰিবলৈ আহ্বান জনোৱা এগৰাকী গাওঁপ্ৰধানক মৰাণৰ আবকাৰী পৰিদৰ্শকজনে অশ্লীল ভাষাৰে গালিগালাজ কৰে। গাওঁপ্ৰধানে অবৈধ মদৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনোৱাৰ ফলতে আবকাৰী পৰিদৰ্শকজনে তেওঁক এনেদৰে অপমান কৰা বুলি অভিযোগ উত্থাপন হৈছে।
    1
    মৰাণত এক বিশেষ ঘটনা পোহৰলৈ আহিছে, য'ত অবৈধ মদ উৎখাত কৰিবলৈ আহ্বান জনোৱা এগৰাকী গাওঁপ্ৰধানক মৰাণৰ আবকাৰী পৰিদৰ্শকজনে অশ্লীল ভাষাৰে গালিগালাজ কৰে। গাওঁপ্ৰধানে অবৈধ মদৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনোৱাৰ ফলতে আবকাৰী পৰিদৰ্শকজনে তেওঁক এনেদৰে অপমান কৰা বুলি অভিযোগ উত্থাপন হৈছে।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    9 hrs ago
  • টিংখাংৰ ৰাজগড়ৰ সমীপত সংঘটিত এক ঘটনাত ৰাইজে ছাগলী চোৰক আবদ্ধ কৰে। প্ৰাপ্ত তথ্য অনুসৰি, ছাগলী চোৰৰ বাহনখনে এখন ই-ৰিক্সাক খুন্দা মৰাৰ পাছত নলাত বাগৰি পৰে। এই ঘটনাৰ লগে লগে গাওঁৰ ৰাইজে তৎক্ষণাত চুৰৰ বাহনখন আবদ্ধ কৰি ধৰে।
    1
    টিংখাংৰ ৰাজগড়ৰ সমীপত সংঘটিত এক ঘটনাত ৰাইজে ছাগলী চোৰক আবদ্ধ কৰে। প্ৰাপ্ত তথ্য অনুসৰি, ছাগলী চোৰৰ বাহনখনে এখন ই-ৰিক্সাক খুন্দা মৰাৰ পাছত নলাত বাগৰি পৰে। এই ঘটনাৰ লগে লগে গাওঁৰ ৰাইজে তৎক্ষণাত চুৰৰ বাহনখন আবদ্ধ কৰি ধৰে।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    9 hrs ago
  • যোৱা শুকুৰবাৰ মাজ নিশা বৰক্ষেত্ৰীৰ বৰচুলিয়া পাৰ্কুৰ চৰত এক চাঞ্চল্যকৰ হত্যাৰ পৰিকল্পনা সংঘটিত হৈছিল।
    1
    যোৱা শুকুৰবাৰ মাজ নিশা বৰক্ষেত্ৰীৰ বৰচুলিয়া পাৰ্কুৰ চৰত এক চাঞ্চল্যকৰ হত্যাৰ পৰিকল্পনা সংঘটিত হৈছিল।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    20 hrs ago
  • বামুণবাৰীৰ সমীপত থকা মেছলং ৰাজহুৱা খেলপথাৰত আদিবাসী ৰাইজৰ উদ্যোগত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। এই সভাত অঞ্চলটোৰ আদিবাসী ৰাইজে অংশগ্ৰহণ কৰে।
    1
    বামুণবাৰীৰ সমীপত থকা মেছলং ৰাজহুৱা খেলপথাৰত আদিবাসী ৰাইজৰ উদ্যোগত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। এই সভাত অঞ্চলটোৰ আদিবাসী ৰাইজে অংশগ্ৰহণ কৰে।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    18 hrs ago
  • চৰাইদেউ জিলাৰ সোণাৰি নাফুকৰ অঞ্চু হোটেলত আহোম জনগোষ্ঠীক একেখন মঞ্চত একত্ৰিত কৰি ৰখাৰ স্বাৰ্থত 'আহোম ঐক্য মঞ্চ, অসম' গঠন কৰা হৈছে। এই গুৰুত্বপূৰ্ণ সভাত কেইবাটাও বংশাৱলী আৰু ৰয়েল আহোম ছ'চাইটিৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। ৰয়েল আহোম ছ'চাইটিৰ সভাপতি কমলা ৰাজকোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাই কমলা ৰাজকোঁৱৰক সভাপতি, নাৰায়ণ লাহনক কাৰ্যকৰী সভাপতি, মিণ্টু দুৱৰা আৰু দিবাকৰ দেৱৰাজ লাহনক যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত কৰে। ইয়াৰ উপৰিও, অতুল কোঁৱৰক মুখ্য সমন্বয়ক, লগতে টিপেশ্বৰ লাহন, দিগন্ত ফুকন, যতিন দুৱৰা আৰু পূৰ্ণকান্ত গন্ধিয়াক উপ-সভাপতি হিচাপে লৈ এখনি ৩১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়।
    1
    চৰাইদেউ জিলাৰ সোণাৰি নাফুকৰ অঞ্চু হোটেলত আহোম জনগোষ্ঠীক একেখন মঞ্চত একত্ৰিত কৰি ৰখাৰ স্বাৰ্থত 'আহোম ঐক্য মঞ্চ, অসম' গঠন কৰা হৈছে। এই গুৰুত্বপূৰ্ণ সভাত কেইবাটাও বংশাৱলী আৰু ৰয়েল আহোম ছ'চাইটিৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

ৰয়েল আহোম ছ'চাইটিৰ সভাপতি কমলা ৰাজকোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাই কমলা ৰাজকোঁৱৰক সভাপতি, নাৰায়ণ লাহনক কাৰ্যকৰী সভাপতি, মিণ্টু দুৱৰা আৰু দিবাকৰ দেৱৰাজ লাহনক যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত কৰে। ইয়াৰ উপৰিও, অতুল কোঁৱৰক মুখ্য সমন্বয়ক, লগতে টিপেশ্বৰ লাহন, দিগন্ত ফুকন, যতিন দুৱৰা আৰু পূৰ্ণকান্ত গন্ধিয়াক উপ-সভাপতি হিচাপে লৈ এখনি ৩১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.