চকৰী ফেঁটীৰ দংশনত মহিলা আহত, ছয়গাঁও স্বাস্থ্য কেন্দ্ৰত চিকিৎসা চকৰী ফেঁটীৰ দংশনত মহিলা আহত, ছয়গাঁও স্বাস্থ্য কেন্দ্ৰত চিকিৎসা ছয়গাঁও, দক্ষিণ কামৰূপ: দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ কুলশী হাজৰিকা পাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ সৰ্প দংশনৰ ঘটনা। জানিব পৰা মতে, গৰু চাবলৈ যোৱাৰ সময়তে চকৰী ফেঁটী (কিং কোব্ৰা)ৰ দংশনৰ বলি হয় তৰালি ৰাভা নামৰ এগৰাকী মহিলা। ঘটনাৰ সময়ত বিষাক্ত সাপটোৱে মহিলাগৰাকীৰ ভৰিৰ আঙুলিত দংশন কৰে। সৰ্প দংশনৰ পিছতে পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে ততাতৈয়াকৈ তৰালি ৰাভাক ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকে মহিলাগৰাকীক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰে। সময়মতে চিকিৎসালয়ত উপস্থিত কৰোৱাৰ ফলত সৰ্প দংশনৰ দৰে জৰুৰী পৰিস্থিতিত তাৎক্ষণিক চিকিৎসা লাভ কৰে মহিলাগৰাকীয়ে। উল্লেখ্য যে চকৰী ফেঁটী অৰ্থাৎ কিং কোব্ৰা অতি বিষাক্ত সাপ হিচাপে পৰিচিত। সৰ্প দংশনৰ ঘটনা সংঘটিত হ’লে ভয় বা আতংকিত নহৈ যিমান পাৰি সোনকালে চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাটো অতি জৰুৰী।
চকৰী ফেঁটীৰ দংশনত মহিলা আহত, ছয়গাঁও স্বাস্থ্য কেন্দ্ৰত চিকিৎসা চকৰী ফেঁটীৰ দংশনত মহিলা আহত, ছয়গাঁও স্বাস্থ্য কেন্দ্ৰত চিকিৎসা ছয়গাঁও, দক্ষিণ কামৰূপ: দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ কুলশী হাজৰিকা পাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ সৰ্প দংশনৰ ঘটনা। জানিব পৰা মতে, গৰু চাবলৈ যোৱাৰ সময়তে চকৰী ফেঁটী (কিং কোব্ৰা)ৰ
দংশনৰ বলি হয় তৰালি ৰাভা নামৰ এগৰাকী মহিলা। ঘটনাৰ সময়ত বিষাক্ত সাপটোৱে মহিলাগৰাকীৰ ভৰিৰ আঙুলিত দংশন কৰে। সৰ্প দংশনৰ পিছতে পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে ততাতৈয়াকৈ তৰালি ৰাভাক ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকে মহিলাগৰাকীক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰে।
সময়মতে চিকিৎসালয়ত উপস্থিত কৰোৱাৰ ফলত সৰ্প দংশনৰ দৰে জৰুৰী পৰিস্থিতিত তাৎক্ষণিক চিকিৎসা লাভ কৰে মহিলাগৰাকীয়ে। উল্লেখ্য যে চকৰী ফেঁটী অৰ্থাৎ কিং কোব্ৰা অতি বিষাক্ত সাপ হিচাপে পৰিচিত। সৰ্প দংশনৰ ঘটনা সংঘটিত হ’লে ভয় বা আতংকিত নহৈ যিমান পাৰি সোনকালে চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাটো অতি জৰুৰী।
- ৰক্ষাবন্ধনক লৈ বৰপেটা ৰোডত উছাহ, ৰাখী কিনিবলৈ বজাৰত ভিৰ ৰক্ষাবন্ধনলৈ মাজত কেইটামান দিন বাকী থকা সময়তে বৰপেটা ৰোডৰ বজাৰসমূহত উৎসৱৰ উছাহ মুখৰ পৰিৱেশ। বিভিন্ন দোকানত ৰঙ-বিৰঙৰ আধুনিক আৰু পৰম্পৰাগত ডিজাইনৰ ৰাখী উপলব্ধ হোৱাত ক্ৰেতাৰ ভিৰ পৰিলক্ষিত হৈছে। ভগ্নীসকলে ভাতৃৰ বাবে পছন্দৰ ৰাখী ক্ৰয় কৰিবলৈ বজাৰলৈ অহাৰ ফলত চহৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।1
- শিহৰণকাৰী দৃশ্য নেপালত ! প্ৰকৃতিৰ ভয়াবহ ৰুপ ! ঈশ্বৰক প্ৰাৰ্থনা জনাইছো পৃথিৱী শান্ত কৰা ।1
- ৰঙিয়াৰ বড়িগোগত কৃষ্টি বিকাশ যুৱক সঙ্ঘৰ উদ্যোগত আমন্ত্ৰিত ৰাজমুকুট থিয়েটাৰৰ টিকট উন্মোচনী সভা সম্পন্ন ৰঙিয়াৰ বড়িগোগৰ কৃষ্টি বিকাশ যুৱক সঙ্ঘৰ উদ্যোগত আমন্ত্ৰণ কৰা অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ৰাজমুকুট থিয়েটাৰৰ টিকট উন্মোচনী সভা আজি অনুষ্ঠিত কৰা হয়। স্থানীয় বড়িগোগ গাওঁ পঞ্চায়তৰ খেলপথাৰত অহা ৩ আৰু ৪ ছেপ্টেম্বৰত নাট প্ৰদৰ্শন কৰিব নাট্য দলটোৱে। থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি অক্ষয় কলিতাৰ সভাপতিত্বত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বড়িগোগ হাইস্কুলৰ প্ৰধান শিক্ষক আফজাল আহমেদে অংশগ্ৰহণ কৰি আনুষ্ঠানিকভাৱে টিকট উন্মোচন কৰে। পৰিচালনা সমিতিৰ সম্পাদক বীৰেন কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানটিত বড়িগোগ গাওঁ পঞ্চায়তৰ সভাপতি দিপাংকৰ শৰ্মা, সচিব প্ৰাণজিৎ ভূঞাৰ লগতে শিক্ষক চুৰেন কলিতা,দিলীপ চৌধুৰীয়ে অংশগ্ৰহণ কৰে। একেখন মঞ্চতে কোষাধ্যক্ষ যোগেন কলিতা, ৰিংকু ঠাকুৰীয়া প্ৰমুখ্যে উদ্যোক্তা সমিতিৰ আন কেবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। নাট্যদলটোৰ অভিজিৎ ভট্টাচাৰ্য ৰচিত মহাযুদ্ধৰ খলনায়িকা , মনালিছাৰ চিৎকাৰ নাট দুখনে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে।1
- ডুবাচুৰিৰ নাছিৰ উদ্দিনক দৌৰি দৌৰি ৰাইজে আটক কৰে। মানাহ নদীৰ চৰত লুকাই আছিল। বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ডুবাচুৰি দ্বিতীয় খণ্ড গাঁৱত লো*মহ*ৰ্ষক হ*ত্যা*কা*ণ্ড। নিশাৰ ভাগত দাৰে ঘ*পি*য়াই হ*ত্যা এজনী মহিলাক। মহিলা জনী ডুবাচুৰি গাঁৱৰ শ্বাহাজামালৰ পত্নী ৰেজিয়া চুলতানা (৩৩) । পাৰিবাৰিক বিবাদক কেন্দ্ৰ কৰি নিজৰেই খুৰা নাছিৰ উদ্দিনে দাৰে ঘ*পি*য়াই হ*ত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য, ৰেজিয়া চুলতানাই দুটা সন্তান আৰু স্বামীক লগত লৈ ডুবাচুৰি গাঁৱত পিতৃ মজিৰ উদ্দিনৰ ঘৰত আহিছিল। যোৱা নিশা প্ৰায় তিনি বজাত পিতৃ গৃহতে খুৰা নাছিৰ উদ্দিন আৰু খুৰীয়েকৰ মাজত সংঘটিত হৈছিল পাৰিবাৰিক কাজিয়া। ৰেজিয়া চুলতানাই কাজিয়া বন্ধ কৰিবলৈ আগুৱাই গৈছিল। খঙতে খুৰা নাছিৰ উদ্দিনে ভাতিজী ৰেজিয়া চুলতানাৰ ওপৰত দাৰে আক্ৰমণ কৰে। ফলত ঘটনাস্থলীতে মৃ*ত্যু হয় ৰেজিয়া চুলতানাৰ। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চা*ঞ্চল্যৰ।1
- মৰণোত্তৰ পৰীক্ষাৰ অন্তত কোকৰাঝাৰলৈ নিয়া হ'ল কালি মৃত্যুক আকোঁৱালি লোৱা বিজিৎ গৌৰা নাৰ্জাৰীৰ নশ্বৰ দেহ ।মুছলপুৰত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গা, মনোনীত পাৰিষদ ৰিদীপ কুমাৰ ডেকা সহিতে অজস্ৰ গুণমুগ্ধৰ। মৰণোত্তৰ পৰীক্ষাৰ অন্তত কোকৰাঝাৰলৈ নিয়া হ'ল কালি মৃত্যুক আকোঁৱালি লোৱা বিজিৎ গৌৰা নাৰ্জাৰীৰ নশ্বৰ দেহ ।মুছলপুৰত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গা, মনোনীত পাৰিষদ ৰিদীপ কুমাৰ ডেকা সহিতে অজস্ৰ গুণমুগ্ধৰ।1
- 📌সংহাৰী বানে শ-শ লোকক উটুৱাই নিয়াৰ ভয়ংকৰ দৃশ্য বন্দী হ’ল কেমেৰাত। 📌চকুৰ সন্মুখতে বানে ধ্বংস কৰিলে তিব্বত-নেপাল সীমান্তত থকা ইমিগ্ৰেশ্যন কাৰ্যালয়। নেপাল টুৰিজম বোৰ্ডে প্ৰকাশ কৰা অনুসৰি, ৰাসুৱা জিলাৰ বানপ্ৰভাৱিত অঞ্চলসমূহত ৩৮৪ জন পৰ্যটক আৰু ভ্ৰমণকাৰীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ইয়াৰ ভিতৰত ২৯১ জন বিদেশী আৰু ৯৩ জন নেপালী নাগৰিক।1
- বিটিচিৰ ২৬ নম্বৰ দৰংগাজূলী সমষ্টিৰ পাৰিষদ , বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আত্মহত্যা ৷ তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত আজি সন্ধিয়া চীপ লৈ আত্মহত্যা বিটিচিৰ উপাধ্যক্ষ গৰাকীৰ ৷ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ Big breaking বিটিচিৰ ২৬ নম্বৰ দৰংগাজূলী সমষ্টিৰ পাৰিষদ , বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আত্মহত্যা ৷ তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত আজি সন্ধিয়া চীপ লৈ আত্মহত্যা বিটিচিৰ উপাধ্যক্ষ গৰাকীৰ ৷ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷1
- 📌সংহাৰী বানে শ-শ লোকক উটুৱাই নিয়াৰ ভয়ংকৰ দৃশ্য বন্দী হ’ল কেমেৰাত। 📌চকুৰ সন্মুখতে বানে ধ্বংস কৰিলে তিব্বত-নেপাল সীমান্তত থকা ইমিগ্ৰেশ্যন কাৰ্যালয়। #bplusne #BreakingNews #Flood #FlashFlood #TibetNepalBorder #Nepal #Tibet #NaturalDisaster #FloodNews #highlights1