logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসম নাট্য সন্মিলনৰ লালুক শাখা আৰু অভিৰুচি শাখা মইনা পাৰিজাতৰ যুটীয়া উদ্যোগত আজিৰে পৰা লালুক গণ ভৱন প্ৰাংগণত দ্বাদশ তম বাৰ্ষিক গ্ৰীষ্মকালীন শিশু নাট আৰু অংকীয়া নাটৰ পষেকীয়া কৰ্মশালা আৰম্ভ হৈছে। অসম নাট্য সন্মিলনৰ লালুক শাখাৰ সম্পাদক প্ৰাঞ্জল বৰগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে কেন্দ্ৰীয় উপ সভাপতি জয়ন্ত শইকীয়াই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰে। লখিমপুৰ জিলা সমিতিৰ সম্পাদক যদুমনি বৰুৱাৰ উদ্বোধনী ভাষনেৰে এই কৰ্মশালাটি শুভ উদ্বোধন কৰা হয়। অনুষ্ঠানটোত লালুক শাখাৰ প্ৰাক্তন সম্পাদক মহেন্দ্ৰ দাস, উপদেষ্টা মনি কান্ত বৰা আৰু বিশিষ্ট নাট পৰিচালক প্ৰণৱ শৰ্মাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি নিজৰ মন্তব্য আগবঢ়ায়। কৰ্মশালাটোৰ প্ৰথম দিনা মুকা অভিনয়ৰ প্ৰশিক্ষণ প্ৰদান কৰে সু অভিনেতা নিপুঞ্জ কুমাৰ গগৈ, ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেতা যুগল কিশোৰ শইকীয়া আৰু অভিনেত্ৰী জুমি চৌধৰী বৰুৱাই।

23 hrs ago
user_মনোজ বৰপাত্ৰ গোহাঁই
মনোজ বৰপাত্ৰ গোহাঁই
Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
23 hrs ago
1c6cf838-482d-4259-8d4d-ca9f8de32d48

অসম নাট্য সন্মিলনৰ লালুক শাখা আৰু অভিৰুচি শাখা মইনা পাৰিজাতৰ যুটীয়া উদ্যোগত আজিৰে পৰা লালুক গণ ভৱন প্ৰাংগণত দ্বাদশ তম বাৰ্ষিক গ্ৰীষ্মকালীন শিশু নাট আৰু অংকীয়া নাটৰ পষেকীয়া কৰ্মশালা আৰম্ভ হৈছে। অসম নাট্য সন্মিলনৰ লালুক শাখাৰ সম্পাদক প্ৰাঞ্জল বৰগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে কেন্দ্ৰীয় উপ সভাপতি জয়ন্ত শইকীয়াই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰে। লখিমপুৰ জিলা সমিতিৰ সম্পাদক যদুমনি বৰুৱাৰ উদ্বোধনী ভাষনেৰে এই কৰ্মশালাটি শুভ উদ্বোধন কৰা হয়। অনুষ্ঠানটোত লালুক শাখাৰ প্ৰাক্তন সম্পাদক মহেন্দ্ৰ দাস, উপদেষ্টা মনি কান্ত বৰা আৰু বিশিষ্ট নাট পৰিচালক প্ৰণৱ শৰ্মাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি নিজৰ মন্তব্য আগবঢ়ায়। কৰ্মশালাটোৰ প্ৰথম দিনা মুকা অভিনয়ৰ প্ৰশিক্ষণ প্ৰদান কৰে সু অভিনেতা নিপুঞ্জ কুমাৰ গগৈ, ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেতা যুগল কিশোৰ শইকীয়া আৰু অভিনেত্ৰী জুমি চৌধৰী বৰুৱাই।

More news from অসম and nearby areas
  • বিহপুৰীয়া ক্ৰিকেট একাডেমীৰ প্ৰচেষ্টাত কাৱমাৰী গ্ৰাম্যক্ৰীড়া সন্হাৰ খেলপথাৰত চলি থকা এটি ক্ৰিকেট প্ৰশিক্ষণ শিৱিৰৰ আজি সামৰণি পৰে। বিগত ১০ টা দিনত এই শিৱিৰত ৮০ গৰাকীৰো অধিক প্ৰশিক্ষাৰ্থীক ৰঞ্জী খেলুৱৈ অৰ্লেণ্ড কোৱৰে সুন্দৰ প্ৰশিক্ষণ প্ৰদান কৰে। সময়ৰ তাগিদাত কোৱৰ ডাঙৰীয়াই দীঘলীয়া প্ৰশিক্ষণ সামৰি বিদায় লবলগীয়া হোৱাত একাডেমীয়ে আজি এই শিৱিৰৰ সামৰণি মাৰে আৰু প্ৰশিক্ষক অৰ্লেণ্ড কোৱৰক বিপুল সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। আনহাতে, ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক লখিমপুৰ জিলাৰ ক্ৰিকেট প্ৰশিক্ষক হিৰণ্য হাজৰিকা, অভিজিত গোস্বামী, আদিত্য বৰা আৰু ৰনদ্বীপ বৰাই প্ৰশিক্ষণ অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে। ইয়াৰ লগতে, আজি দলদোপ কমপ্লেক্সত দুখনকৈ লেডাৰ বল পিটচ ফিটা কাটি শুভ উদ্বোধন কৰে প্ৰশিক্ষক অৰ্লেণ্ড কোৱৰ আৰু একাডেমীৰ উপদেষ্টা ডঃ ৰাজেন্দ্ৰ নাথ সভাপণ্ডিতে।
    4
    বিহপুৰীয়া ক্ৰিকেট একাডেমীৰ প্ৰচেষ্টাত কাৱমাৰী গ্ৰাম্যক্ৰীড়া সন্হাৰ খেলপথাৰত চলি থকা এটি ক্ৰিকেট প্ৰশিক্ষণ শিৱিৰৰ আজি সামৰণি পৰে। বিগত ১০ টা দিনত এই শিৱিৰত ৮০ গৰাকীৰো অধিক প্ৰশিক্ষাৰ্থীক ৰঞ্জী খেলুৱৈ অৰ্লেণ্ড কোৱৰে সুন্দৰ প্ৰশিক্ষণ প্ৰদান কৰে। সময়ৰ তাগিদাত কোৱৰ ডাঙৰীয়াই দীঘলীয়া প্ৰশিক্ষণ সামৰি বিদায় লবলগীয়া হোৱাত একাডেমীয়ে আজি এই শিৱিৰৰ সামৰণি মাৰে আৰু প্ৰশিক্ষক অৰ্লেণ্ড কোৱৰক বিপুল সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

আনহাতে, ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক লখিমপুৰ জিলাৰ ক্ৰিকেট প্ৰশিক্ষক হিৰণ্য হাজৰিকা, অভিজিত গোস্বামী, আদিত্য বৰা আৰু ৰনদ্বীপ বৰাই প্ৰশিক্ষণ অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে। ইয়াৰ লগতে, আজি দলদোপ কমপ্লেক্সত দুখনকৈ লেডাৰ বল পিটচ ফিটা কাটি শুভ উদ্বোধন কৰে প্ৰশিক্ষক অৰ্লেণ্ড কোৱৰ আৰু একাডেমীৰ উপদেষ্টা ডঃ ৰাজেন্দ্ৰ নাথ সভাপণ্ডিতে।
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    3 hrs ago
  • লক্ষীমপুৰত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। এই অষ্টদশ কেন্দ্ৰীয় অধিৱেশনখনৰ বাবে লক্ষীমপুৰত এই সমিতি গঠন কৰা হয়। এই উপলক্ষে হাৰমতীত বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল আৰু উক্ত সভাত সংগঠনটোৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত আছিল।
    1
    লক্ষীমপুৰত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। এই অষ্টদশ কেন্দ্ৰীয় অধিৱেশনখনৰ বাবে লক্ষীমপুৰত এই সমিতি গঠন কৰা হয়। এই উপলক্ষে হাৰমতীত বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল আৰু উক্ত সভাত সংগঠনটোৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত আছিল।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    4 hrs ago
  • অসম চৰকাৰৰ ২০২৬-২০২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিলৰ প্ৰাকমুহূৰ্তত অখিল গগৈয়ে এই বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে। চৰকাৰৰ এই বাজেটক লৈ তেওঁ নিজৰ মতামত ব্যক্ত কৰিছে।
    1
    অসম চৰকাৰৰ ২০২৬-২০২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিলৰ প্ৰাকমুহূৰ্তত অখিল গগৈয়ে এই বাজেট সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে। চৰকাৰৰ এই বাজেটক লৈ তেওঁ নিজৰ মতামত ব্যক্ত কৰিছে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    13 hrs ago
  • লখিমপুৰৰ বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱান শইকীয়াৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হৈছে। বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ মৃত্যুত সমগ্ৰ বগীনদীবাসী গভীৰ শোকত বিহ্বল হৈ পৰিছে।
    1
    লখিমপুৰৰ বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱান শইকীয়াৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হৈছে। বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ মৃত্যুত সমগ্ৰ বগীনদীবাসী গভীৰ শোকত বিহ্বল হৈ পৰিছে।
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    1 hr ago
  • ভাৰত চৰকাৰৰ প্ৰেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰনালয়ৰ আহ্বান ক্ৰমে গোলাঘাটৰ নুমলীগড় তেল শোধনাগাৰৰ সামাজিক দায়বদ্ধতা বিভাগে “স্বচ্ছতা পাখোৱাৰা” কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীৰ অধীনত প্লাষ্টিক বৰ্জন, চাফচিকুনতা আৰু পৰিবেশ সংৰক্ষণৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখন সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা আনিবলৈ নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকল ৰাজপথলৈ ওলাই আহে।
    1
    ভাৰত চৰকাৰৰ প্ৰেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰনালয়ৰ আহ্বান ক্ৰমে গোলাঘাটৰ নুমলীগড় তেল শোধনাগাৰৰ সামাজিক দায়বদ্ধতা বিভাগে “স্বচ্ছতা পাখোৱাৰা” কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীৰ অধীনত প্লাষ্টিক বৰ্জন, চাফচিকুনতা আৰু পৰিবেশ সংৰক্ষণৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখন সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা আনিবলৈ নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকল ৰাজপথলৈ ওলাই আহে।
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    3 hrs ago
  • শিৱসাগৰ জিলাৰ ১৮ নং কাঠপাৰ প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু কুঁহিপাত নৃত্য বিদ্যালয়ৰ সহযোগত এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে। উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী চিত্ৰলেখা গগৈয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে প্ৰতিযোগিতাখনত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অংকুশ জ্যোতি দত্তৰ প্ৰতিবেদন অনুসৰি, বিদ্যালয়খনত এই প্ৰতিযোগিতাখন সুকলমে সম্পন্ন হৈছে।
    1
    শিৱসাগৰ জিলাৰ ১৮ নং কাঠপাৰ প্ৰাথমিক বিদ্যালয়ত দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু কুঁহিপাত নৃত্য বিদ্যালয়ৰ সহযোগত এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে।

উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী চিত্ৰলেখা গগৈয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে প্ৰতিযোগিতাখনত বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অংকুশ জ্যোতি দত্তৰ প্ৰতিবেদন অনুসৰি, বিদ্যালয়খনত এই প্ৰতিযোগিতাখন সুকলমে সম্পন্ন হৈছে।
    user_অংকুশ জ্যোতি দত্ত
    অংকুশ জ্যোতি দত্ত
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    6 hrs ago
  • মুৰ্গীৰ কণীৰ পৰাও ৩ টকাকৈ গুণ্ডা টেক্স সংগ্ৰহ কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। ৰাজ্যখনত চলি থকা এনে কাৰ্যকলাপক লৈ তেওঁ কঠোৰ মন্তব্য প্ৰকাশ কৰিছে।
    1
    মুৰ্গীৰ কণীৰ পৰাও ৩ টকাকৈ গুণ্ডা টেক্স সংগ্ৰহ কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। ৰাজ্যখনত চলি থকা এনে কাৰ্যকলাপক লৈ তেওঁ কঠোৰ মন্তব্য প্ৰকাশ কৰিছে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    13 hrs ago
  • গোলাঘাট জিলাৰ ৪নং কোৰোকা গাঁৱত নিষিদ্ধ গো-মাংস উদ্ধাৰ কৰা হৈছে। এটা পৰিয়ালৰ বাসগৃহৰ চৌহদত কালি গো-মাংস কাটি থকা অৱস্থাতে গোলাঘাট আৰক্ষীয়ে এক অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে গো-মাংস খিনি উদ্ধাৰ কৰাৰ লগতে বুলু বেগম নামৰ এগৰাকী মহিলাক আটক কৰে। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে নিজা তদন্ত অব্যাহত ৰাখিছে।
    1
    গোলাঘাট জিলাৰ ৪নং কোৰোকা গাঁৱত নিষিদ্ধ গো-মাংস উদ্ধাৰ কৰা হৈছে। এটা পৰিয়ালৰ বাসগৃহৰ চৌহদত কালি গো-মাংস কাটি থকা অৱস্থাতে গোলাঘাট আৰক্ষীয়ে এক অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে গো-মাংস খিনি উদ্ধাৰ কৰাৰ লগতে বুলু বেগম নামৰ এগৰাকী মহিলাক আটক কৰে।

এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে নিজা তদন্ত অব্যাহত ৰাখিছে।
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter Golaghat, Assam•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.