সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত পূৰ্বৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত মৰঙি অঞ্চল খুমটাই সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পিছত আজি প্ৰথম বাৰৰ বাবে খুমটাই সমষ্টিৰ বিধায়ক বিধায়ক মৃণাল শইকীয়াই মৰঙিত খোজ থলে। আজি পুৱা সাত বজাতেই ৰাইজক লগত লৈ মৰঙিত দহ কোটি টকাৰ উন্নয়ণমূলক কামৰ শুভাৰম্ভণি কৰে খুমটাইৰ বিধায়ক গৰাকীয়ে। মইনাপাৰাৰ পৰা থুৰামুখ সংযোগী ৩.২ কিলোমিটাৰ আৰু লুৰুকিহাটৰ পৰা শেনচোৱা পথ সংযোগী ৫.২ কিলোমিটাৰ পথ পুনৰ মেৰামতি কামৰ উদ্বোধন কৰে। উল্লেখ্য, বৃহত্তৰ মৰঙি মৌজাৰ এঘাৰ খনকৈ গাওঁ পঞ্চায়ত ইয়াৰ পূৰ্বে সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মৰঙিৰ এঘাৰ খন পঞ্চায়তেই বৰ্তমান খুমটাই বিধানসভা সমষ্টিৰ আওতাত সোমাই পৰে। বৃহত্তৰ মৰঙি মৌজাটো খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাত এতিয়া মৰঙি বাসীয়ে সন্তোষ প্ৰকাশ কৰাৰ লগতে মৰঙিবাসীয়ে উন্নয়ণৰ আশাৰ ৰেঙণি দেখা পাইছে বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে ।