#শিৱসাগৰ বিধানসভা সমষ্টিত "শুশ্রূষা সেতু” শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ সফলতাৰে সম্পন্ন ৷ ৰাজ্যজুৰি অনুষ্ঠিত হৈ থকা "সেৱা সপ্তাহ” কাৰ্যসূচীৰ অংশস্বৰূপে ৪ অক্টোবৰ, শনিবাৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ গৌৰীসাগৰ, কালুগাঁও আৰু ম'ৰাবজাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰীয়েল ইনষ্টিটিউটৰ খেলপথাৰত অনুষ্ঠিত হৈ যায়। ডিমৌৰ সম-জিলা আয়ুক্ত মীনাক্ষী পের্মে, জিলা উন্নয়ন আয়ুক্ত সমীৰণ বৰা, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতা, আমগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ বিক্ৰমীয়া, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-নিয়ন্ত্রক প্রাণজিৎ দত্ত, সহকাৰী আয়ুক্ত ক্ৰমে পৰিস্মিতা দিহিঙ্গীয়া, গণেশ চন্দ্র বড়ো আৰু শুভজিৎ খাউণ্ডে অনুষ্ঠানটিৰ আৰম্ভণিতে অসমৰ "হাৰ্টথ্ৰৱ" জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই বৃহৎ স্বাস্থ্যমেলাৰ শুভ উদ্বোধন কৰে। এই শিবিৰত ৰাজ্যিক নিৰীক্ষক (State observer) তনুশ্ৰী পাঠক, বৃহৎ স্বাস্থ্যমেলাৰ ন'ডেল বিষয়া ডাঃ পাৰ্থ প্ৰতীম গগৈ, তিনিওটা স্বাস্থ্য খণ্ডৰ মহকুমা স্বাস্থ্য বিষয়া সকল, ডি পি এম ইঊ আৰু বি পি এম ইঊৰ সদস্যসকলৰ লগতে স্বাস্থ্যসেৱাৰ বিভিন্ন বিভাগৰ চিকিৎসক, জিলাখনৰ স্বাস্থ্যকৰ্মী, বিভিন্ন পদত থকা বিষয়া সকলকে ধৰি বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু বিপুল সংখ্যক স্থানীয় ৰাইজ উপষ্ঠিত থাকে। উল্লেখযোগ্য যে, এই বৃহৎ শিবিৰটোত ১৭২৮ গৰাকী শিশু তথা কিশোৰ/কিশোৰীৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ১৩০ গৰাকী লোকক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হয়। উক্ত স্বাস্থ্য শিবিৰটিত ১৮ বছৰ আৰু ১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীসকলক বিশেষ গুৰুত্ব প্ৰদান কৰাৰ উপৰিও হৃদযন্ত্ৰ, স্নায়ু, বংশানুক্রমিক ৰোগ, যকৃত, বৃক্ক, চকু আৰু নাক-কাণৰ ৰোগকে ধৰি ৫০ বিধৰো অধিক ৰোগৰ নিৰ্ণায়ক পৰীক্ষাৰ সুবিধা উপলব্ধ কৰোৱা হয়। তদুপৰি পৰৱৰ্তী পর্যায়ত যথোপযুক্ত চিকিৎসা প্রদান আৰু বিনামূলীয়া পুনৰীক্ষণৰ ব্যৱস্থা, ৰোগ অনুসৰি পর্যায়ক্রমে উন্নত তথা বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে বিশেষ সা-সুবিধা থকা চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা ইত্যাদি সেৱাও অন্তর্ভুক্ত কৰোৱাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। জিলা গণমাধ্যম বিশেষজ্ঞ তথা জনসম্পৰ্কৰক্ষী বিষয়া অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিয়া অনুসৰি এই শিবিৰত স্বাস্থ্যসেৱাৰ সুবিধাৰ বাবে পঞ্জীয়ন ডেস্ক, মোবাইল লেবৰেটৰী, জেনেৰেল লেবৰেটৰী, জেনেৰেল অ'পিডি, আয়ুস আৰু কেন্সাৰ আ'পিডি স্থাপন কৰা হয় আৰু ১০ টা বিশেষজ্ঞ বিভাগৰ অধীনত স্বাস্থ্য পৰীক্ষণ আৰু চিকিৎসা সেৱা প্ৰদান কৰা হয়। ভ্ৰাম্যমান চিকিৎসা সেৱা গোট আৰু ১০৮ এম্বুলেন্স সেৱাৰ লোকসকলো উপস্থিত আছিল। আনহাতে অনুষ্ঠানত স্বাস্থ্যসেৱাৰ বিভিন্ন বিভাগৰ অন্যান্য স্বাস্থ্য সম্পর্কীয় বিষয় সন্নিৱিষ্ট কৰাৰ লগতে শিবিৰত দৈনন্দিন জীৱনত যোগাসনৰ প্ৰয়োজনীয়তা সম্পর্কে সজাগ কৰাৰ উদ্দেশ্যে বিশেষজ্ঞ প্রশিক্ষকৰ দ্বাৰা এক যোগ প্রদর্শন কার্যসূচীও অনুষ্ঠিত কৰা হয়। আনফালে শিবিৰত অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱকসকলে নিৰৱিচ্ছিন্নভাৱে বিশেষভাৱে সক্ষম ৰোগীসকলক বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়ায় ৷ এই স্বাস্থ্য শিবিৰত এক আকৰ্ষণীয় স্বাস্থ্য সজাগতাৰ কক্ষও আছিল য'ত স্বাস্থ্য সম্পৰ্কীয় আৰু স্বাস্থ্যৰ লগত জড়িত মুখ্য আঁচনিৰ লগতে চলি থকা বিভিন্ন আঁচনিসমূহ সুন্দৰকৈ উপস্থাপন কৰা আছিল লগতে এক ভিডিঅ' ৱাল ডিচপ্লে" (Video Wall Display) ৰ জৰিয়তে উপস্থিত জনতাৰ মাজত স্বাস্থ্য সজাগতাৰ বৃদ্ধিৰ বাবে ৰক্তদান, অংগদান, সংক্ৰামক আৰু অসংক্ৰামক ৰোগ, সাপ বা কুকুৰে কামুৰিলে কি কৰিব লাগে আদি সম্পৰ্কে ভিডিঅ ' প্ৰদৰ্শনৰ যোগেদি ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে এক সুন্দৰ প্ৰয়াস কৰা হয়।
#শিৱসাগৰ বিধানসভা সমষ্টিত "শুশ্রূষা সেতু” শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ সফলতাৰে সম্পন্ন ৷ ৰাজ্যজুৰি অনুষ্ঠিত হৈ থকা "সেৱা সপ্তাহ” কাৰ্যসূচীৰ অংশস্বৰূপে ৪ অক্টোবৰ, শনিবাৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ গৌৰীসাগৰ, কালুগাঁও আৰু ম'ৰাবজাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰীয়েল ইনষ্টিটিউটৰ খেলপথাৰত অনুষ্ঠিত হৈ যায়। ডিমৌৰ সম-জিলা আয়ুক্ত মীনাক্ষী পের্মে, জিলা উন্নয়ন আয়ুক্ত সমীৰণ বৰা, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতা, আমগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অৰূপ বিক্ৰমীয়া, অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-নিয়ন্ত্রক প্রাণজিৎ দত্ত, সহকাৰী আয়ুক্ত ক্ৰমে পৰিস্মিতা দিহিঙ্গীয়া, গণেশ চন্দ্র বড়ো আৰু শুভজিৎ খাউণ্ডে অনুষ্ঠানটিৰ আৰম্ভণিতে অসমৰ "হাৰ্টথ্ৰৱ" জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই বৃহৎ স্বাস্থ্যমেলাৰ শুভ উদ্বোধন কৰে। এই শিবিৰত ৰাজ্যিক নিৰীক্ষক (State observer) তনুশ্ৰী পাঠক, বৃহৎ স্বাস্থ্যমেলাৰ ন'ডেল বিষয়া ডাঃ পাৰ্থ প্ৰতীম গগৈ, তিনিওটা স্বাস্থ্য খণ্ডৰ মহকুমা স্বাস্থ্য বিষয়া সকল, ডি পি এম ইঊ আৰু বি পি এম ইঊৰ সদস্যসকলৰ লগতে স্বাস্থ্যসেৱাৰ বিভিন্ন বিভাগৰ চিকিৎসক, জিলাখনৰ স্বাস্থ্যকৰ্মী, বিভিন্ন পদত থকা
বিষয়া সকলকে ধৰি বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু বিপুল সংখ্যক স্থানীয় ৰাইজ উপষ্ঠিত থাকে। উল্লেখযোগ্য যে, এই বৃহৎ শিবিৰটোত ১৭২৮ গৰাকী শিশু তথা কিশোৰ/কিশোৰীৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ১৩০ গৰাকী লোকক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হয়। উক্ত স্বাস্থ্য শিবিৰটিত ১৮ বছৰ আৰু ১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীসকলক বিশেষ গুৰুত্ব প্ৰদান কৰাৰ উপৰিও হৃদযন্ত্ৰ, স্নায়ু, বংশানুক্রমিক ৰোগ, যকৃত, বৃক্ক, চকু আৰু নাক-কাণৰ ৰোগকে ধৰি ৫০ বিধৰো অধিক ৰোগৰ নিৰ্ণায়ক পৰীক্ষাৰ সুবিধা উপলব্ধ কৰোৱা হয়। তদুপৰি পৰৱৰ্তী পর্যায়ত যথোপযুক্ত চিকিৎসা প্রদান আৰু বিনামূলীয়া পুনৰীক্ষণৰ ব্যৱস্থা, ৰোগ অনুসৰি পর্যায়ক্রমে উন্নত তথা বিনামূলীয়া চিকিৎসা প্ৰদানৰ বাবে বিশেষ সা-সুবিধা থকা চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা ইত্যাদি সেৱাও অন্তর্ভুক্ত কৰোৱাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। জিলা গণমাধ্যম বিশেষজ্ঞ তথা জনসম্পৰ্কৰক্ষী বিষয়া অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিয়া অনুসৰি এই শিবিৰত স্বাস্থ্যসেৱাৰ সুবিধাৰ বাবে পঞ্জীয়ন ডেস্ক, মোবাইল লেবৰেটৰী, জেনেৰেল লেবৰেটৰী, জেনেৰেল অ'পিডি, আয়ুস আৰু কেন্সাৰ আ'পিডি স্থাপন কৰা হয় আৰু ১০
টা বিশেষজ্ঞ বিভাগৰ অধীনত স্বাস্থ্য পৰীক্ষণ আৰু চিকিৎসা সেৱা প্ৰদান কৰা হয়। ভ্ৰাম্যমান চিকিৎসা সেৱা গোট আৰু ১০৮ এম্বুলেন্স সেৱাৰ লোকসকলো উপস্থিত আছিল। আনহাতে অনুষ্ঠানত স্বাস্থ্যসেৱাৰ বিভিন্ন বিভাগৰ অন্যান্য স্বাস্থ্য সম্পর্কীয় বিষয় সন্নিৱিষ্ট কৰাৰ লগতে শিবিৰত দৈনন্দিন জীৱনত যোগাসনৰ প্ৰয়োজনীয়তা সম্পর্কে সজাগ কৰাৰ উদ্দেশ্যে বিশেষজ্ঞ প্রশিক্ষকৰ দ্বাৰা এক যোগ প্রদর্শন কার্যসূচীও অনুষ্ঠিত কৰা হয়। আনফালে শিবিৰত অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱকসকলে নিৰৱিচ্ছিন্নভাৱে বিশেষভাৱে সক্ষম ৰোগীসকলক বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়ায় ৷ এই স্বাস্থ্য শিবিৰত এক আকৰ্ষণীয় স্বাস্থ্য সজাগতাৰ কক্ষও আছিল য'ত স্বাস্থ্য সম্পৰ্কীয় আৰু স্বাস্থ্যৰ লগত জড়িত মুখ্য আঁচনিৰ লগতে চলি থকা বিভিন্ন আঁচনিসমূহ সুন্দৰকৈ উপস্থাপন কৰা আছিল লগতে এক ভিডিঅ' ৱাল ডিচপ্লে" (Video Wall Display) ৰ জৰিয়তে উপস্থিত জনতাৰ মাজত স্বাস্থ্য সজাগতাৰ বৃদ্ধিৰ বাবে ৰক্তদান, অংগদান, সংক্ৰামক আৰু অসংক্ৰামক ৰোগ, সাপ বা কুকুৰে কামুৰিলে কি কৰিব লাগে আদি সম্পৰ্কে ভিডিঅ ' প্ৰদৰ্শনৰ যোগেদি ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে এক সুন্দৰ প্ৰয়াস কৰা হয়।
- #প্ৰসংগঃ জলন্ত কাৰ্বিআংলঙ “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম”, কেন্দ্ৰীয় সমিতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ" "কাৰ্বিভূমিৰ পৰা অনা কাৰ্বি অথবা বহিৰাগতক সমুলঞ্চে আঁতৰ কৰি কাৰ্বিভূমি কাৰ্বিসকলৰ বাবে সংৰক্ষিত কৰাৰ লগতে কাৰ্বিসকলৰ ৰাজনৈতিক, শৈক্ষিক, সামাজিক, সম্পদৰ অধিকাৰ সু-নিশ্চিত কৰক" কাৰ্বিসকলৰ বাবে অসম চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰি এক সু-নিশ্চিত নিৰাপত্তাৰ সৃষ্টি কৰাৰ দাবী “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম”ৰ মুখপাত্ৰ #ৰাজলক্ষ্মী ভূঞাৰ1
- all problem solution 100% guarantee Assam mine2
- Post by Assam sangbad 241
- https://www.facebook.com/share/v/1FrevavYwo/1
- Post by Swapamaiar1
- আমি কি হেৰুৱালোঁ ভাবিলে আচৰিত লাগে তথাপিও জুবিন দা আমাৰ সকলোৰে হৃদয়ত মাজত জীয়াই থাকিব জয় জুবিন দা 🙏1
- Post by Assam sangbad 241
- like comments share Everyone's & Follow 😊1