Shuru
Apke Nagar Ki App…
বিধানসভাত ইউনিফৰ্ম চিভিল কোড (UCC) গৃহীত হোৱাৰ পাছতে ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে এক কঠোৰ অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ অংশ হিচাপে, সোণাৰি আৰক্ষীয়ে আজি জুটুলনী অঞ্চলত অভিযান চলাই বিপ্লৱ খাকলাৰী নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, ধৃত যুৱকজনৰ বিৰুদ্ধে নাবালিকাৰ লগত বিবাহত লিপ্ত হোৱাৰ অভিযোগ আছে। অসম চৰকাৰে বাল্য বিবাহক লৈ 'Zero Tolerance' নীতি গ্ৰহণ কৰিছে, য'ত আইন অনুসৰি ল’ৰাৰ ২১ বছৰ আৰু ছোৱালীৰ ১৮ বছৰ নোহোৱাকৈ বিবাহ কৰোৱা বা কৰাটো দণ্ডনীয় অপৰাধ। এই অপৰাধত দোষী সাব্যস্ত হ’লে ২ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ১ লাখ টকালৈকে জৰিমনা হ’ব পাৰে। আৰক্ষীয়ে ৰাইজকো এই সন্দৰ্ভত সজাগ হ’বলৈ আহ্বান জনাইছে আৰু ওচৰ-চুবুৰিত এনে ঘটনা দেখিলে তৎক্ষণাত ১০৯৮ চাইল্ড হেল্পলাইন অথবা স্থানীয় থানাত খবৰ দিবলৈ অনুৰোধ কৰিছে।
Huntu sen kachari

More news from অসম and nearby areas
- ধেমাজিৰ এগৰাকী প্ৰতিভাশালী যুৱতী মনিকা সোণোৱালে শিভম কন্সট্ৰাকচনৰ ভুলৰ বাবেই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। ধেমাজিৰ তেলীজানৰ পৰা ঢকুৱাখনালৈ সংযোগী ৰাজ্যিক পথৰ ওপৰত ৰাখি থোৱা ছেণ্ডগ্ৰেভেলত খুন্দা মৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হৈছিল। গুৰুতৰভাৱে আহত হোৱা মনিকাক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ এএমচিএইচলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসালয়লৈ যোৱা পথৰ মাজভাগতেই তেওঁৰ মৃত্যু হয়।1
- লখিমপুৰ জিলাৰ কাটৰি চাপৰি ধনপুৰ গাঁৱত পুনৰ নিৰ্মিত নামঘৰৰ শুভ উন্মোচন কৰা হয়। এই পবিত্ৰ অনুষ্ঠানত আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীয়ে অংশগ্ৰহণ কৰে।1
- চৰাইদেউ জিলাৰ অন্তৰ্গত উল্লেখযোগ্য চৰকাৰী পঞ্জীয়নভূক্ত বৰমথুৰাপুৰ ৰেছম পামৰ বাবে আজি এখন নতুন পৰিচালনা সমিতি গঠন কৰা হৈছে। পামখনৰ প্ৰাংগনত অনুষ্ঠিত এক ৰাজহুৱা সভাত সৰ্বসন্মতি ক্ৰমে এই শক্তিশালী কমিটিখন গঠন কৰা হয়, য'ত কৃষ্ণ ৰাজকোৱঁৰক সভাপতি, বেণু গগৈক উপ-সভাপতি, আৰু বিপুল মহনক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। এই নতুন সমিতিখনে অনাগত দিনবোৰত বৰমথুৰাপুৰ ৰেছম পাম কেন্দ্ৰটো সুচাৰুৰূপে পৰিচালনা কৰিব। সভাত উপস্থিত থকা স্থানীয় গাঁৱৰ ৰাইজে অনাগত দিনবোৰত এই ৰেছম পামখনক এক পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ বাবে চেষ্টা চলাব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। উল্লেখযোগ্য যে, ৩৩ বিঘা মাটিকালিৰ এই ৰেছম পামখনৰ প্ৰায় ১১ বিঘা ভূমিত বৰ্তমানলৈকে চোম গছৰ পুলি ৰোপণ কৰা হোৱা নাই। নতুনকৈ গঠন হোৱা সমিতিখনে অৱশ্যে অতি কম সময়ৰ ভিতৰতে পামখনৰ বাকী থকা মুকলি ভূমিত চোম গছৰ পুলি ৰোপণ কৰি ইয়াক এক আকৰ্ষণীয় ৰূপত সজাই তোলা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে।1
- আজি শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিত অৱস্থিত বিখ্যাত ব্যৱসায়িক প্ৰতিষ্ঠান 'বিশাল মেগা মাৰ্ট'ত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছে। জানিব পৰা মতে, বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়। অৱশ্যে, মেগা মাৰ্টখনৰ ওপৰৰ মহলাত খিৰিকি নথকাৰ বাবে ভিতৰত ডাঠ ক'লা ধোঁৱা জমা হৈছিল, যাৰ ফলত অগ্নি নিৰ্বাপক বাহিনীৰ দলটোৱে জুই নুমুওৱাত তীব্ৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সমগ্ৰ অট্টালিকাটো ধোঁৱাই আৱৰি ধৰাৰ ফলত, অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে অক্সিজেন মাস্ক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে, শিৱসাগৰ জিলা আৰক্ষীৰ দলো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি আছে। অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বিশেষ সঁজুলিৰ সহায়ত জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰাৰ বাবে আপ্রাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সংবাদ প্ৰেৰণ কৰা পৰলৈকে অগ্নিকাণ্ডৰ এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা যোৱা নাই।3
- বিশাল মেগা মাৰ্টৰ দ্বিতীয় মহলাত থকা ফুড ছেকছনত এটা অগ্নিকাণ্ড সংঘটিত হৈছে।1
- ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকা সমাজ বিৰোধী কামৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিছে। তেওঁ এনে কাৰ্যকলাপৰ বিৰোধিতা কৰি তৎপৰতাৰে কাম কৰি আছে।1
- সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ স্বামী তথা জনপ্ৰিয় শৈল চিকিৎসক ডা: ধ্ৰুবজ্যোতি সন্দিকৈৰ অকাল বিয়োগৰ খবৰ লবলৈ গৌৰৱ গগৈ চৰাইদেউ জিলাৰ সাপেখাটীস্থিত তেওঁলোকৰ বাসগৃহত উপস্থিত হয়। এই সময়ত তেওঁৰ সৈতে উৎপল গগৈও আছিল।1
- মৰাণৰ খোৱাং দুলীয়া লাহোৱাল গাঁৱত নিশা এক শোকাৱহ পথ দুৰ্ঘটনাত দুজন বন্ধুৱে কৰুণভাৱে প্ৰাণ হেৰুৱাইছে। এই হৃদয়বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।1