Shuru
Apke Nagar Ki App…
অসম গণ পৰিষদ দলে সাৰুপথাৰত বিধায়ক বিশ্বজিৎ ফুকনক এক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। এই কাৰ্যসূচীত দলৰ ফালৰ পৰা বিধায়কগৰাকীক উষ্ম আদৰণি জনোৱা হয়।
সৰুপথাৰ Live
অসম গণ পৰিষদ দলে সাৰুপথাৰত বিধায়ক বিশ্বজিৎ ফুকনক এক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। এই কাৰ্যসূচীত দলৰ ফালৰ পৰা বিধায়কগৰাকীক উষ্ম আদৰণি জনোৱা হয়।
More news from Assam and nearby areas
- গোলাঘাটৰ কাবৰু গাঁৱৰ বাবুল দাস আৰু ৰূপালী দাসৰ আঢ়ৈ বছৰীয়া সন্তানটি এক জটিল ৰোগত আক্ৰান্ত হোৱাত উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছে। এই কঠিন সময়ত ‘মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম’ এই বাণী আখৰে আখৰে পালন কৰি আলোড়ন যুৱক সংঘৰ উদ্যোগত নাক-কাতি কাবৰু গাঁওৰক্ষী বাহিনী, হিল্লোল যুৱক আৰু স্থানীয় যুৱকসকলৰ সহযোগত দুৱাৰে দুৱাৰে ঘূৰি আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰি শিশুটিৰ চিকিৎসাৰ বাবে মানৱ সেৱা আগবঢ়াইছে।1
- NEET পৰীক্ষা কেন্দ্ৰত সামান্য পলম হোৱাৰ বাবে এগৰাকী পৰীক্ষাৰ্থীক প্ৰৱেশ কৰিব নিদিয়াত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। পৰীক্ষাত বহিবলৈ নোপোৱাৰ ফলত সৃষ্টি হোৱা এই দুখজনক পৰিস্থিতিৰ চাপ সহ্য কৰিব নোৱাৰি দূৰ্ভগীয়া পিতৃগৰাকী পৰীক্ষা কেন্দ্ৰৰ আগতেই ঢলি পৰে। এইগৰাকী পিতৃ আৰু তেওঁৰ কন্যাৰ এনে দুখ কোনোবা মন্ত্ৰী বা বিধায়কে বুজি পাবনে, সেই লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।1
- হোজাই জিলাৰ লংকা অঞ্চলত পানীৰ সমস্যা আৰু পথৰ সমস্যা দেখা দিছে। এই দুটা বিষয় স্থানীয়ভাৱে উত্থাপিত হৈছে।1
- বিশ্বনাথ প্ৰশাসনৰ উদ্যোগত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। এই কাৰ্যসূচী বিশ্বনাথ সংহিতা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হয়, য'ত 'স্বাস্থ্যকৰ বাৰ্ধক্যকৰ বাবে যোগ' শীৰ্ষক বিষয় হিচাপে লোৱা হৈছিল।1
- Post by Saifuddin Poniyni2
- শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “সমন্বয় সাংস্কৃতিক গোষ্ঠী”ৰ উদ্যোগত, অসম নাট্য সন্মিলন-শিৱসাগৰ শাখাৰ সৌজন্যত, শিৱসাগৰ জিলা ভাৰতীয় সাংবাদিক মহাসংঘ (আইজেএফ) আৰু শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ সহযোগত ২০ জুন, শনিবাৰে বিদ্যালয়ৰ প্ৰাৰ্থনা গৃহত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ স্মৃতি দিৱস আৰু কবি-গীতিকাৰ, সৰস্বতী ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম দিৱস দিনজোৰা কাৰ্যসূচীৰে একেলগে উদযাপন কৰা হয়। সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক তথা সাংবাদিক অমৃত কুমাৰ শৰ্মাই পৰিচালনা কৰা এই অনুষ্ঠানৰ কাৰ্যসূচীৰ পাতনি মেলে অসম নাট্য সন্মিলনৰ শিৱসাগৰ জিলা উপ-সভাপতি অনঙ্গ মোহন শৰ্মাই স্মৃতি তৰ্পণ কৰি। শংকৰদেৱ শিশু-বিদ্যা নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি জ্যোতি প্ৰসাদ দত্ত আৰু সৰস্বতী ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ পৰিয়ালৰ নিবিড় বৰদলৈয়ে দুয়োগৰাকী শিল্পীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতেই বিশিষ্ট কবি-লেখিকা অশ্ৰুমণি দত্ত ঘোষে কবি-গীতিকাৰ ড০ নিৰ্মলপ্ৰভা বৰদলৈৰ এটা কবিতা আবৃত্তিৰে মঞ্চ মুকলি কৰে। এই দিৱসৰ উপলক্ষে সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উপ-সভাপতি জুৰীমণি দত্ত, মুখ্য সমন্বয়ক পৰী শইকীয়া, সাংস্কৃতিক সম্পাদক দেৱজানী ৰাজখোৱা আৰু ইমন হুছেইনৰ তত্ত্বাৱধানত দিনৰ ১ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিৱসাগৰ জিলা ভিত্তিত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ দুটা শাখাত মহান শিল্পী দুগৰাকীৰ গীতৰ আধাৰত এক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনিত বিশিষ্ট শিল্পী জান্টুমণি শইকীয়াই বিচাৰকৰ আসন অলংকৃত কৰে। 'ক' শাখাত প্ৰাপ্তি দত্তই প্ৰথম স্থান, প্ৰিয়দৰ্শিনী শইকীয়াই দ্বিতীয় স্থান আৰু এঞ্জেল এনায়ট দাসে তৃতীয় স্থান লাভ কৰে। আনহাতে, 'খ' শাখাত ডেইজ মহনে প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে ধৰিত্ৰী দাসে দ্বিতীয় আৰু পংখী দত্তই তৃতীয় স্থান দখল কৰে। অনুষ্ঠানত আমন্ত্ৰিত কবি হিচাপে কবি মিনতি দত্ত দুৱৰা আদিয়ে কবিতা আবৃত্তি কৰে আৰু জান্টুমণি শইকীয়াই গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হোৱা এই দিৱসৰ অনুষ্ঠানত অদিত দত্ত, লাবন্য কলিতা, ময়ূৰী কোঁৱৰ, শিৱসাগৰ জিলা ভাৰতীয় সাংবাদিক মহাসংঘৰ সম্পাদক অৰ্পনা ভৰালী, মৌচুমী গগৈ শইকীয়া, ভাৰ্গৱ কোঁৱৰ আদিয়ে বিশেষ সহযোগিতা আগবঢ়ায়। অনুষ্ঠানৰ শেষত গোষ্ঠীৰ প্ৰধান সম্পাদক অমৃত কুমাৰ শৰ্মাই শলাগৰ শৰাই আগবঢ়ায় আৰু সভাপতি জিতেন কাকতিৰ নেতৃত্বত অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে।4
- অসম-নাগালেণ্ডৰ সীমা সমস্যা সমাধান আৰু সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলৰ জীৱন-জীৱিকাৰ নিৰাপত্তা নিশ্চিত কৰাৰ উদ্দেশ্যৰে এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হৈছে। এই সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰেৰণৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।1
- নুমলীগড়ৰ এনআৰএল (NRL) নগৰাঞ্চলত নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শাখাটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান আৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱস উদযাপন কৰা হয়। এই যৌথ অনুষ্ঠানত ড° নন্দ সিং বৰকলা উপস্থিত আছিল। গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই সমগ্ৰ অনুষ্ঠান সফলতাৰে সম্পন্ন হয়।1
- বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত এক হৃদয়বিদাৰক আৰু কৰুণ ঘটনা সংঘটিত হৈছে, য'ত নিশা এহাল ন-বিবাহিত দম্পতীয়ে একেডাল পঘাৰে চিপ লৈ আত্মহনন কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় দুসপ্তাহ পূৰ্বে বিশ্বনাথৰ কদমণি গাঁৱৰ শিৱা ওৰাঙে একেখন গাঁৱৰে পুষ্পাঞ্জলী মুণ্ডাৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত পলুৱাই গৈ সংসাৰ আৰম্ভ কৰিছিল। যদিও তেওঁলোকৰ সকলো ঠিকেই চলি আছিল, কালি নিশা কি কাৰণত তেওঁলোকে এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে, সেই বিষয়ে পৰিয়ালৰ লোক অবগত নহয়। ঘটনাৰ খবৰ পাই পুৱাই বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছিল। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে এই কৰুণ আত্মহননৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।4