logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আজি মৰিগাঁও মহাবিদ্যালয়সহ অন্যান্য শিক্ষানুষ্ঠানসমূহৰ ১০০ গজৰ ভিতৰত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে এক অভিযান চলোৱা হয়, যিটো কতপা (COTPA), ২০০৩ অনুসৰি সম্পন্ন কৰা হৈছে। এই অভিযান অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) নিতিশা বৰাৰ নেতৃত্বত জিলা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত সম্পন্ন হয়। অভিযানকালত আইন উলংঘা কৰি বিক্ৰী কৰা বৃহৎ পৰিমাণৰ ধঁপাতজাতীয় সামগ্ৰী জব্দ কৰা হয়। আইন ভংগকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ব্যৱসায়ীসকলক আইন মানি চলিবলৈ নিৰ্দেশ দিয়া হয়। এই অভিযানৰ জৰিয়তে ধঁপাত সেৱনৰ কুফল আৰু শিক্ষানুষ্ঠানৰ ওচৰত ধঁপাত বিক্ৰীৰ ওপৰত থকা নিষেধাজ্ঞা সন্দৰ্ভত সজাগতা সৃষ্টি কৰা হয়। ইয়াৰ উপৰিও, জিলাখনৰ সকলো ৰাজহ চক্ৰ বিষয়াক নিয়মীয়া অভিযান চলোৱাৰ নিৰ্দেশ দিয়া হৈছে। মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষে ৩০ মে'ৰ পৰা ৫ জুনলৈকে সপ্তাহজোৰা সজাগতা কাৰ্যসূচী আৰম্ভ কৰিছে। আজি জিলাখনৰ বিদ্যালয়, মহাবিদ্যালয় আৰু চিকিৎসালয়সমূহত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়, য'ত “ধঁপাত সেৱনৰ ফলত স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ” বিষয়ক চিত্ৰাংকন আৰু “ধঁপাত আৰু যুৱ সমাজ” বিষয়ক শ্লোগান প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলে ধঁপাতমুক্ত সমাজ গঠনৰ লক্ষ্যৰে ধঁপাত বিৰোধী পণ গ্ৰহণ কৰে। ৩১ মে'ৰ পুৱা ৯:৩০ বজাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ পৰা সজাগতা সমদল উলিওৱা হ'ব আৰু পুৱা ১১:০০ বজাত পবিতৰা হাটত এখন সজাগতা সভা অনুষ্ঠিত হ'ব।

3 hrs ago
user_ৰিয়ান মেধী
ৰিয়ান মেধী
Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
3 hrs ago
8120873e-b248-4587-82cf-7bff65ed1185

আজি মৰিগাঁও মহাবিদ্যালয়সহ অন্যান্য শিক্ষানুষ্ঠানসমূহৰ ১০০ গজৰ ভিতৰত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে এক অভিযান চলোৱা হয়, যিটো কতপা (COTPA), ২০০৩ অনুসৰি সম্পন্ন কৰা হৈছে। এই অভিযান অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) নিতিশা বৰাৰ নেতৃত্বত জিলা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত সম্পন্ন হয়। অভিযানকালত আইন উলংঘা কৰি বিক্ৰী কৰা বৃহৎ পৰিমাণৰ ধঁপাতজাতীয় সামগ্ৰী জব্দ কৰা হয়। আইন ভংগকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ব্যৱসায়ীসকলক আইন মানি চলিবলৈ নিৰ্দেশ দিয়া হয়। এই অভিযানৰ জৰিয়তে ধঁপাত সেৱনৰ কুফল আৰু শিক্ষানুষ্ঠানৰ ওচৰত ধঁপাত বিক্ৰীৰ ওপৰত থকা নিষেধাজ্ঞা সন্দৰ্ভত সজাগতা সৃষ্টি কৰা হয়। ইয়াৰ উপৰিও, জিলাখনৰ সকলো ৰাজহ চক্ৰ

bb97160c-ef0d-43de-b973-01b967dd8331

বিষয়াক নিয়মীয়া অভিযান চলোৱাৰ নিৰ্দেশ দিয়া হৈছে। মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষে ৩০ মে'ৰ পৰা ৫ জুনলৈকে সপ্তাহজোৰা সজাগতা কাৰ্যসূচী আৰম্ভ কৰিছে। আজি জিলাখনৰ বিদ্যালয়, মহাবিদ্যালয় আৰু চিকিৎসালয়সমূহত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়, য'ত “ধঁপাত সেৱনৰ ফলত স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ” বিষয়ক চিত্ৰাংকন আৰু “ধঁপাত আৰু যুৱ সমাজ” বিষয়ক শ্লোগান প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলে ধঁপাতমুক্ত সমাজ গঠনৰ লক্ষ্যৰে ধঁপাত বিৰোধী পণ গ্ৰহণ কৰে। ৩১ মে'ৰ পুৱা ৯:৩০ বজাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ পৰা সজাগতা সমদল উলিওৱা হ'ব আৰু পুৱা ১১:০০ বজাত পবিতৰা হাটত এখন সজাগতা সভা অনুষ্ঠিত হ'ব।

More news from অসম and nearby areas
  • মৰিগাঁও ডায়েটত অনুষ্ঠিত এক সংবাদমেলযোগে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), মৰিগাঁৱৰ উদ্যোগত কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগত অহা ৫ আৰু ৬ জুনত দুদিনীয়া আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই আলোচনা চক্ৰ অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে অনুষ্ঠিত হ'ব। ইয়াৰ মূল বিষয়বস্তু হৈছে— "Environment at the Crossroads: Balancing Development with Sustainability" (সংকট ক্ষণত পৰিৱেশ: বহনক্ষমতাৰ সৈতে উন্নয়নৰ ভাৰসাম্য ৰক্ষা)। এই দুদিনীয়া কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে বৰ্ধিত উন্নয়ন আৰু পৰিৱেশ ধ্বংসৰ ফলত হ'ব পৰা সাম্ভাব্য পৰিৱৰ্তনসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰা আৰু এই সন্দৰ্ভত সুচিন্তিত গৱেষণাক উৎসাহিত কৰা। অনুষ্ঠানৰ বিষয়ববীয়াসকলে জনোৱা অনুসৰি, এই আলোচনা চক্ৰত অংশগ্ৰহণৰ বাবে বহিঃৰাষ্ট্ৰৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বহু সমল ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে।
    1
    মৰিগাঁও ডায়েটত অনুষ্ঠিত এক সংবাদমেলযোগে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), মৰিগাঁৱৰ উদ্যোগত কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগত অহা ৫ আৰু ৬ জুনত দুদিনীয়া আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই আলোচনা চক্ৰ অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে অনুষ্ঠিত হ'ব। ইয়াৰ মূল বিষয়বস্তু হৈছে— "Environment at the Crossroads: Balancing Development with Sustainability" (সংকট ক্ষণত পৰিৱেশ: বহনক্ষমতাৰ সৈতে উন্নয়নৰ ভাৰসাম্য ৰক্ষা)।

এই দুদিনীয়া কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে বৰ্ধিত উন্নয়ন আৰু পৰিৱেশ ধ্বংসৰ ফলত হ'ব পৰা সাম্ভাব্য পৰিৱৰ্তনসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰা আৰু এই সন্দৰ্ভত সুচিন্তিত গৱেষণাক উৎসাহিত কৰা। অনুষ্ঠানৰ বিষয়ববীয়াসকলে জনোৱা অনুসৰি, এই আলোচনা চক্ৰত অংশগ্ৰহণৰ বাবে বহিঃৰাষ্ট্ৰৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বহু সমল ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    7 hrs ago
  • অহা ৫ আৰু ৬ জুনত মৰিগাঁৱত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ৰ উদ্যোগত দুদিনীয়া এক ‘আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আলোচনা চক্ৰ’ অনুষ্ঠিত হ'ব। এই বৃহৎ আয়োজনৰ সন্দৰ্ভত কৰ্তৃপক্ষই এক বিশেষ সংবাদ মেলৰ আয়োজন কৰিছিল।
    1
    অহা ৫ আৰু ৬ জুনত মৰিগাঁৱত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ৰ উদ্যোগত দুদিনীয়া এক ‘আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আলোচনা চক্ৰ’ অনুষ্ঠিত হ'ব। এই বৃহৎ আয়োজনৰ সন্দৰ্ভত কৰ্তৃপক্ষই এক বিশেষ সংবাদ মেলৰ আয়োজন কৰিছিল।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    8 hrs ago
  • নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অধীনৰ বেচামাৰী এম.আই. উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণত বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইউনিফৰ্ম বিতৰণ, মধ্যাহ্ন ভোজন আঁচনি আৰু হোষ্টেল ব্যৱস্থাপনাক কেন্দ্ৰ কৰি অভিভাৱক, শিক্ষাৰ্থী আৰু স্থানীয় ৰাইজৰ মাজত ব্যাপক অসন্তুষ্টি দেখা গৈছে। বিদ্যালয়ৰ অধ্যক্ষ ছাদিক আনোৱাৰৰ বিৰুদ্ধে চৰকাৰী নিৰ্দেশনা নামানি ইউনিফৰ্ম বিতৰণ ব্যৱস্থাত স্বচ্ছতাৰ অভাৱ থকাৰ অভিযোগ উঠিছে। বহু শিক্ষাৰ্থীয়ে সময়মতে চৰকাৰী ইউনিফৰ্ম লাভ কৰা নাই, আনহাতে কিছুমানে পুৰণি বা নিম্নমানৰ কাপোৰ লাভ কৰিছে বুলিও অভিযোগ কৰা হৈছে। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান কৰ্মৰত কনিষ্ঠ সহায়ক জাকিৰ হুছেইনে এই সকলো অভিযোগ সন্দৰ্ভত মুখ খুলিছে। এই সকলো অনিয়মৰ অভিযোগৰ সৈতে বিদ্যালয়ৰ অধ্যক্ষ ছাদিক আনোৱাৰৰ নাম জড়িত হৈ পৰিছে। স্থানীয় ৰাইজে শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলক শীঘ্ৰে এই বিষয়টোত নিৰপেক্ষ তদন্ত চলাই প্ৰকৃত সত্য উদঘাটন কৰিবলৈ দাবী জনাইছে।
    1
    নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অধীনৰ বেচামাৰী এম.আই. উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণত বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইউনিফৰ্ম বিতৰণ, মধ্যাহ্ন ভোজন আঁচনি আৰু হোষ্টেল ব্যৱস্থাপনাক কেন্দ্ৰ কৰি অভিভাৱক, শিক্ষাৰ্থী আৰু স্থানীয় ৰাইজৰ মাজত ব্যাপক অসন্তুষ্টি দেখা গৈছে।

বিদ্যালয়ৰ অধ্যক্ষ ছাদিক আনোৱাৰৰ বিৰুদ্ধে চৰকাৰী নিৰ্দেশনা নামানি ইউনিফৰ্ম বিতৰণ ব্যৱস্থাত স্বচ্ছতাৰ অভাৱ থকাৰ অভিযোগ উঠিছে। বহু শিক্ষাৰ্থীয়ে সময়মতে চৰকাৰী ইউনিফৰ্ম লাভ কৰা নাই, আনহাতে কিছুমানে পুৰণি বা নিম্নমানৰ কাপোৰ লাভ কৰিছে বুলিও অভিযোগ কৰা হৈছে।

বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান কৰ্মৰত কনিষ্ঠ সহায়ক জাকিৰ হুছেইনে এই সকলো অভিযোগ সন্দৰ্ভত মুখ খুলিছে। এই সকলো অনিয়মৰ অভিযোগৰ সৈতে বিদ্যালয়ৰ অধ্যক্ষ ছাদিক আনোৱাৰৰ নাম জড়িত হৈ পৰিছে। স্থানীয় ৰাইজে শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলক শীঘ্ৰে এই বিষয়টোত নিৰপেক্ষ তদন্ত চলাই প্ৰকৃত সত্য উদঘাটন কৰিবলৈ দাবী জনাইছে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজৰ পত্নী নুৰ জাহান খাতুন ওৰফে মইনা বিগত একমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ফলত স্বামী আব্দুল আজিজে হাঁহাকাৰ কৰিছে। কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱত গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আনিবলৈ যোৱাৰ পিছৰে পৰা তেওঁৰ সন্ধান নাই। নিজৰ একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তাত মগ্ন হৈ আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিও তেওঁলোকে নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। এই ঘটনা সন্দৰ্ভত আব্দুল আজিজে কাৱৈমাৰী আৰক্ষী পহৰা চকীত এক লিখিত জাননী দাখিল কৰিছে। তেওঁ জনাইছে যে, যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
    1
    ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজৰ পত্নী নুৰ জাহান খাতুন ওৰফে মইনা বিগত একমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ফলত স্বামী আব্দুল আজিজে হাঁহাকাৰ কৰিছে। কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱত গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আনিবলৈ যোৱাৰ পিছৰে পৰা তেওঁৰ সন্ধান নাই।

নিজৰ একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তাত মগ্ন হৈ আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিও তেওঁলোকে নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। এই ঘটনা সন্দৰ্ভত আব্দুল আজিজে কাৱৈমাৰী আৰক্ষী পহৰা চকীত এক লিখিত জাননী দাখিল কৰিছে। তেওঁ জনাইছে যে, যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    7 hrs ago
  • মৰিগাঁও জিলাৰ কৰটিপাম বিদ্যা বিকাশ ইউনিটি এছচিয়েচনৰ উদ্যোগত গড়জান প্ৰাথমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় ৩৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত গড়জান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আইনুদ্দিন আহমেদে সভাপতিত্ব কৰে। বিশিষ্ট অতিথি হিচাপে ‘বৰ অসম’ সাপ্তাহিক কাকতৰ সম্পাদক বিৰিঞ্চি কুমাৰ শৰ্মা, প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক নজৰুল ইছলাম আৰু Voice 365-ৰ মৰিগাঁও জিলাৰ যুৱ সাংবাদিক মহেশ কুমাৰ দাস উপস্থিত থাকে। সভাত শিক্ষাৰ গুৰুত্ব, অধ্যৱসায় আৰু ভৱিষ্যৎ জীৱনত সফলতা অৰ্জনৰ বাবে শিক্ষাৰ্থীসকলক উৎসাহব্যঞ্জক বক্তব্য আগবঢ়োৱা হয়, লগতে অতিথিসকলে সমাজ আৰু জাতি গঠনত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে। সম্বৰ্ধনা অনুষ্ঠানত কৃতী শিক্ষাৰ্থীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয়। গড়জান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল, কৰটিপাম বিদ্যা বিকাশ ইউনিটি এছচিয়েচনৰ বিষয়ববীয়াসকল, অভিভাৱক আৰু বহু গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ জৰিয়তে কৃতী শিক্ষাৰ্থীসকলক সন্মান জনোৱাৰ লগতে আন শিক্ষাৰ্থীসকলকো অধ্যয়নত অধিক মনোযোগী হ'বলৈ উৎসাহিত কৰা হয়। উপস্থিত সকলোৱে এনে উদ্যোগক শলাগ লৈ ভৱিষ্যতেও ধাৰাবাহিকভাৱে অব্যাহত ৰখাৰ আহ্বান জনায়।
    1
    মৰিগাঁও জিলাৰ কৰটিপাম বিদ্যা বিকাশ ইউনিটি এছচিয়েচনৰ উদ্যোগত গড়জান প্ৰাথমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় ৩৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানত গড়জান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আইনুদ্দিন আহমেদে সভাপতিত্ব কৰে। বিশিষ্ট অতিথি হিচাপে ‘বৰ অসম’ সাপ্তাহিক কাকতৰ সম্পাদক বিৰিঞ্চি কুমাৰ শৰ্মা, প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক নজৰুল ইছলাম আৰু Voice 365-ৰ মৰিগাঁও জিলাৰ যুৱ সাংবাদিক মহেশ কুমাৰ দাস উপস্থিত থাকে। সভাত শিক্ষাৰ গুৰুত্ব, অধ্যৱসায় আৰু ভৱিষ্যৎ জীৱনত সফলতা অৰ্জনৰ বাবে শিক্ষাৰ্থীসকলক উৎসাহব্যঞ্জক বক্তব্য আগবঢ়োৱা হয়, লগতে অতিথিসকলে সমাজ আৰু জাতি গঠনত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে।

সম্বৰ্ধনা অনুষ্ঠানত কৃতী শিক্ষাৰ্থীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয়। গড়জান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল, কৰটিপাম বিদ্যা বিকাশ ইউনিটি এছচিয়েচনৰ বিষয়ববীয়াসকল, অভিভাৱক আৰু বহু গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ জৰিয়তে কৃতী শিক্ষাৰ্থীসকলক সন্মান জনোৱাৰ লগতে আন শিক্ষাৰ্থীসকলকো অধ্যয়নত অধিক মনোযোগী হ'বলৈ উৎসাহিত কৰা হয়।

উপস্থিত সকলোৱে এনে উদ্যোগক শলাগ লৈ ভৱিষ্যতেও ধাৰাবাহিকভাৱে অব্যাহত ৰখাৰ আহ্বান জনায়।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    9 hrs ago
  • নগাঁও জিলাৰ লাহৰীঘাটৰ ধূপগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। AS 21 Q 0857 নম্বৰৰ এখন বাইকেৰে চাৰিজন যুৱকে দ্ৰুত গতিত আহি পথৰ কাষেৰে খোজকাঢ়ি গৈ থকা এজন পথচাৰীক প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা ঘটে। উদণ্ড বাইক চালকৰ এই খুন্দাত পথচাৰীজনৰ লগতে তিনিজন বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে তৎক্ষণাৎ আটাইকেইজনক লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে, উন্নত চিকিৎসাৰ প্ৰয়োজন হোৱাত চিকিৎসকে আঘাতপ্ৰাপ্তসকলৰ ভিতৰত দুজনক নগাঁৱলৈ প্ৰেৰণ কৰিছে।
    1
    নগাঁও জিলাৰ লাহৰীঘাটৰ ধূপগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। AS 21 Q 0857 নম্বৰৰ এখন বাইকেৰে চাৰিজন যুৱকে দ্ৰুত গতিত আহি পথৰ কাষেৰে খোজকাঢ়ি গৈ থকা এজন পথচাৰীক প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা ঘটে। উদণ্ড বাইক চালকৰ এই খুন্দাত পথচাৰীজনৰ লগতে তিনিজন বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে তৎক্ষণাৎ আটাইকেইজনক লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে, উন্নত চিকিৎসাৰ প্ৰয়োজন হোৱাত চিকিৎসকে আঘাতপ্ৰাপ্তসকলৰ ভিতৰত দুজনক নগাঁৱলৈ প্ৰেৰণ কৰিছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.