Shuru
Apke Nagar Ki App…
Hindi music #Romantic #videoviral #short #viralreelsシ #foryoupage #viralreelsシ #foryoupagereels #followersreels Hindi music #Romantic #videoviral #short #viralreelsシ #foryoupage #viralreelsシ #foryoupagereels #followersreels
Shahidul Islam
Hindi music #Romantic #videoviral #short #viralreelsシ #foryoupage #viralreelsシ #foryoupagereels #followersreels Hindi music #Romantic #videoviral #short #viralreelsシ #foryoupage #viralreelsシ #foryoupagereels #followersreels
- Ritu deka bordoloiবৰপেটা, বৰপেটা, অসম👌on 22 April
More news from Baksa and nearby areas
- বাক্সা জিলাৰ শালবাৰীৰ মটঙা অঞ্চলত এক দুৰ্ভাগ্যজনক অঘটন সংঘটিত হৈছে। এই ঘটনাত পল্লা নৈত দুজন শিশুৰ সলিল সমাধি হয়।2
- মৰিগাঁও ডায়েটত অনুষ্ঠিত এক সংবাদমেলযোগে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), মৰিগাঁৱৰ উদ্যোগত কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগত অহা ৫ আৰু ৬ জুনত দুদিনীয়া আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই আলোচনা চক্ৰ অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে অনুষ্ঠিত হ'ব। ইয়াৰ মূল বিষয়বস্তু হৈছে— "Environment at the Crossroads: Balancing Development with Sustainability" (সংকট ক্ষণত পৰিৱেশ: বহনক্ষমতাৰ সৈতে উন্নয়নৰ ভাৰসাম্য ৰক্ষা)। এই দুদিনীয়া কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে বৰ্ধিত উন্নয়ন আৰু পৰিৱেশ ধ্বংসৰ ফলত হ'ব পৰা সাম্ভাব্য পৰিৱৰ্তনসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰা আৰু এই সন্দৰ্ভত সুচিন্তিত গৱেষণাক উৎসাহিত কৰা। অনুষ্ঠানৰ বিষয়ববীয়াসকলে জনোৱা অনুসৰি, এই আলোচনা চক্ৰত অংশগ্ৰহণৰ বাবে বহিঃৰাষ্ট্ৰৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বহু সমল ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে।1
- অহা ৫ আৰু ৬ জুনত মৰিগাঁৱত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ৰ উদ্যোগত দুদিনীয়া এক ‘আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আলোচনা চক্ৰ’ অনুষ্ঠিত হ'ব। এই বৃহৎ আয়োজনৰ সন্দৰ্ভত কৰ্তৃপক্ষই এক বিশেষ সংবাদ মেলৰ আয়োজন কৰিছিল।1
- আজি শনিবাৰে মৰনৈ আৰক্ষী থানাৰ সমীপৱৰ্তী অঞ্চলত এক শোকাবহ ঘটনা পোহৰলৈ আহিছে। যোৱা নিশা প্ৰায় ১:৩০ বজাত মধুৱা মাল্লাৰ বাসগৃহৰ চৌহদত কঁঠাল খাবলৈ অহা এটা বন্যহস্তী বিদ্যুতস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয়। জানিব পৰা মতে, খাদ্যৰ সন্ধানত অহা হাতীটোৱে শুঁড়েৰে বিদ্যুতৰ তাঁৰ টানি চিঙি পেলোৱাৰ ফলতে এই অঘটন ঘটে। নিজৰ সদস্যৰ এনে কৰুণ মৃত্যুত প্ৰায় ২৫ ৰ পৰা ৪০ টা হাতীৰ এটা জাকে নিশা ৪ বজালৈকে মৃতদেহটো আৱৰি ধৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত পুৱা স্থানীয় ৰাইজৰ সমাগম হোৱাতহে হাতীৰ জাকটোৱে মৃতদেহটো এৰি নিৰাপদ স্থানলৈ উভতি যায়।1
- আজি ঢেকীয়াজুলি সমষ্টিৰ ভোটপাৰা ষ্টেডিয়ামত সদৌ অসম ভিত্তিত পেনচাক চিলাট প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰা হৈছে। এই প্ৰতিযোগিতাৰ শুভাৰম্ভণি ভোটপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হয়।1
- মৰিগাঁও জিলাৰ কৰটিপাম বিদ্যা বিকাশ ইউনিটি এছচিয়েচনৰ উদ্যোগত গড়জান প্ৰাথমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে হাইস্কুল শিক্ষান্ত (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় ৩৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত গড়জান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আইনুদ্দিন আহমেদে সভাপতিত্ব কৰে। বিশিষ্ট অতিথি হিচাপে ‘বৰ অসম’ সাপ্তাহিক কাকতৰ সম্পাদক বিৰিঞ্চি কুমাৰ শৰ্মা, প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক নজৰুল ইছলাম আৰু Voice 365-ৰ মৰিগাঁও জিলাৰ যুৱ সাংবাদিক মহেশ কুমাৰ দাস উপস্থিত থাকে। সভাত শিক্ষাৰ গুৰুত্ব, অধ্যৱসায় আৰু ভৱিষ্যৎ জীৱনত সফলতা অৰ্জনৰ বাবে শিক্ষাৰ্থীসকলক উৎসাহব্যঞ্জক বক্তব্য আগবঢ়োৱা হয়, লগতে অতিথিসকলে সমাজ আৰু জাতি গঠনত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে। সম্বৰ্ধনা অনুষ্ঠানত কৃতী শিক্ষাৰ্থীসকলক ফুলাম গামোচা, মানপত্ৰ আৰু উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয়। গড়জান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল, কৰটিপাম বিদ্যা বিকাশ ইউনিটি এছচিয়েচনৰ বিষয়ববীয়াসকল, অভিভাৱক আৰু বহু গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ জৰিয়তে কৃতী শিক্ষাৰ্থীসকলক সন্মান জনোৱাৰ লগতে আন শিক্ষাৰ্থীসকলকো অধ্যয়নত অধিক মনোযোগী হ'বলৈ উৎসাহিত কৰা হয়। উপস্থিত সকলোৱে এনে উদ্যোগক শলাগ লৈ ভৱিষ্যতেও ধাৰাবাহিকভাৱে অব্যাহত ৰখাৰ আহ্বান জনায়।1
- নগাঁও জিলাৰ লাহৰীঘাটৰ ধূপগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। AS 21 Q 0857 নম্বৰৰ এখন বাইকেৰে চাৰিজন যুৱকে দ্ৰুত গতিত আহি পথৰ কাষেৰে খোজকাঢ়ি গৈ থকা এজন পথচাৰীক প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা ঘটে। উদণ্ড বাইক চালকৰ এই খুন্দাত পথচাৰীজনৰ লগতে তিনিজন বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে তৎক্ষণাৎ আটাইকেইজনক লাহৰীঘাট আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে, উন্নত চিকিৎসাৰ প্ৰয়োজন হোৱাত চিকিৎসকে আঘাতপ্ৰাপ্তসকলৰ ভিতৰত দুজনক নগাঁৱলৈ প্ৰেৰণ কৰিছে।1