logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মাহমৰা সমষ্টিৰ নাফুকত বিজেপিৰ প্ৰাৰ্থী সুৰুয দিহিঙ্গীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা চমু চাপি আহিছে ভোট গ্ৰহণৰ দিন। প্ৰতিটো সমষ্টিতে বৃদ্ধি পাইছে প্ৰচাৰ অভিযান। চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিত কংগ্ৰেছ বিজেপিৰ প্ৰচাৰ তুংগত উঠিছে এতিয়া। মাহমৰা সমষ্টিৰ নাফুকত বিজেপিৰ প্ৰাৰ্থী সুৰুয দিহিঙ্গীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা

23 hrs ago
user_Charaideo News & Entertainment
Charaideo News & Entertainment
সোণাৰি, চৰাইদেউ, অসম•
23 hrs ago

মাহমৰা সমষ্টিৰ নাফুকত বিজেপিৰ প্ৰাৰ্থী সুৰুয দিহিঙ্গীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা চমু চাপি আহিছে ভোট গ্ৰহণৰ দিন। প্ৰতিটো সমষ্টিতে বৃদ্ধি পাইছে প্ৰচাৰ অভিযান। চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা বিধানসভা সমষ্টিত কংগ্ৰেছ বিজেপিৰ প্ৰচাৰ তুংগত উঠিছে এতিয়া। মাহমৰা সমষ্টিৰ নাফুকত বিজেপিৰ প্ৰাৰ্থী সুৰুয দিহিঙ্গীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভা

More news from অসম and nearby areas
  • অসমলৈ আহি প্ৰচাৰ চলালে উন্নয়ন দেখি যাবঃ হিমন্ত বিশ্ব শৰ্মা সোণাৰিত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি কৰিলে এই মন্তব্য
    1
    অসমলৈ আহি প্ৰচাৰ চলালে উন্নয়ন দেখি যাবঃ হিমন্ত বিশ্ব শৰ্মা
সোণাৰিত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।
নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি কৰিলে এই মন্তব্য
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    1 hr ago
  • চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টিৰ জজলী পাঁচ আলিত ড. হিমন্তবিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰুজ দিহিঙীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সুৰজ দিহিঙীয়াক নিৰ্বাচনত জয়ী কৰাবলৈ আহ্বান জনাই । সভাত প্ৰাৰ্থী সুৰুজ দিহিঙীয়া , সাংসদ যোগেন মহন উপস্থিত থাকে ।
    1
    চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টিৰ জজলী পাঁচ আলিত ড. হিমন্তবিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী সুৰুজ দিহিঙীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সুৰজ দিহিঙীয়াক নিৰ্বাচনত জয়ী কৰাবলৈ আহ্বান জনাই । সভাত প্ৰাৰ্থী সুৰুজ দিহিঙীয়া , সাংসদ  যোগেন মহন উপস্থিত থাকে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    8 hrs ago
  • ​গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ৬০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মানসিক আৰু শৈক্ষিক বিকাশৰ লক্ষ্যৰে ‘লিট. ডিচিজে. জি.ইউ.’ (Lit. DCJ, GU) শীৰ্ষক এটা সাহিত্য ক্লাবৰ আনুষ্ঠানিক আৰম্ভণি কৰা হয়। বিশিষ্ট সাহিত্যিক তথা বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ ডিন অধ্যাপক কামালুদ্দিন আহমেদে মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই ক্লাবটো মুকলি কৰাৰ লগতে সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানতে বিভাগৰ ছাত্ৰী নিস্থা হালৈৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। ক্লাবৰ তত্ত্বাৱধায়ক ড০ জাকিৰুল আলমে সাংবাদিকতাৰ শিক্ষাৰ্থীৰ সৃজনশীলতাৰ ওপৰত গুৰুত্ব দি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বিভাগীয় মুৰব্বীৰ ভূমিকাৰ প্ৰশংসা কৰে। সাহিত্য কুইজ, সাঁথৰ প্ৰতিযোগিতা আৰু কবিতা আবৃত্তিৰে জীপাল হৈ উঠা এই অনুষ্ঠানটোত বিভাগৰ অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও সক্ৰিয় সহযোগিতা আগবঢ়ায়।
    1
    ​গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ৬০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মানসিক আৰু শৈক্ষিক বিকাশৰ লক্ষ্যৰে ‘লিট. ডিচিজে. জি.ইউ.’ (Lit. DCJ, GU) শীৰ্ষক এটা সাহিত্য ক্লাবৰ আনুষ্ঠানিক আৰম্ভণি কৰা হয়। বিশিষ্ট সাহিত্যিক তথা বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ ডিন অধ্যাপক কামালুদ্দিন আহমেদে মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই ক্লাবটো মুকলি কৰাৰ লগতে সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানতে বিভাগৰ ছাত্ৰী নিস্থা হালৈৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। ক্লাবৰ তত্ত্বাৱধায়ক ড০ জাকিৰুল আলমে সাংবাদিকতাৰ শিক্ষাৰ্থীৰ সৃজনশীলতাৰ ওপৰত গুৰুত্ব দি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বিভাগীয় মুৰব্বীৰ ভূমিকাৰ প্ৰশংসা কৰে। সাহিত্য কুইজ, সাঁথৰ প্ৰতিযোগিতা আৰু কবিতা আবৃত্তিৰে জীপাল হৈ উঠা এই অনুষ্ঠানটোত বিভাগৰ অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও সক্ৰিয় সহযোগিতা আগবঢ়ায়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • তিনিচুকীয়াত কংগ্ৰেছৰ প্ৰাৰ্থী ডেভিদ ফুকনক কাষত লৈ বিহাৰৰ সাংসদ পাপ্পু যাদৱ আৰু ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিন ৰ সংবাদমেল ৷ সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰীয়ে মাথোঁ উদ্যোগপতি আৰু অমৃত শ্বাহৰ কাৰণে কাম কৰি আহিছে বুলি উল্লেখ কৰে ৷ তাৰ বাবে পাঁচ বছৰে অসমবাসীৰ টোপনি কাঢ়ি লৈছে আৰু সমাজ ভাঙিছে । তাৰ সমান্তৰালভাৱে আজিপৰ্য্যন্ত জুবিন গাৰ্গৰ ন্যায় নাপালে। জুবিন গাৰ্গ মাথোঁ অসমৰ নহয় ভাৰতৰ হিৰ’ হয়। কংগ্ৰেছ চৰকাৰ আহিলে ক্ষিপ্ৰতাৰে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰা হ’ব । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পাঁচ বছৰৰ নিজৰ ১০০ গুণ সম্পত্তি বৃদ্ধি কৰিলে । দেশৰ ভিতৰত সকলোতকৈ দুৰ্নীতিগ্ৰস্থ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীক দেখিলে কাৰ্টুন টিভি চোৱাৰ দৰে লাগে । কংগ্ৰেছ চৰকাৰ আহিলে ৰাইজক ২৫ লাখ টকাৰ স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰিব। ৰাজ্যত বাটপথ উন্নত হোৱাৰ বুলি শ্ল’গান দি থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰে অহাৰ কাৰণে বাটপথৰ অৱস্থাৰ বিষয়ে নাজানে ৷ ৰাস্তাৰে আহিলে বুজি পোৱা যায় বাটপথৰ অৱস্থাৰ কথা ৷
    1
    তিনিচুকীয়াত কংগ্ৰেছৰ প্ৰাৰ্থী ডেভিদ ফুকনক কাষত লৈ বিহাৰৰ সাংসদ পাপ্পু যাদৱ আৰু ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিন ৰ সংবাদমেল ৷
সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰীয়ে মাথোঁ উদ্যোগপতি আৰু অমৃত শ্বাহৰ কাৰণে কাম কৰি আহিছে বুলি উল্লেখ কৰে ৷
তাৰ বাবে পাঁচ বছৰে অসমবাসীৰ টোপনি কাঢ়ি লৈছে আৰু সমাজ ভাঙিছে ।
তাৰ সমান্তৰালভাৱে আজিপৰ্য্যন্ত জুবিন গাৰ্গৰ ন্যায় নাপালে। জুবিন গাৰ্গ মাথোঁ অসমৰ নহয় ভাৰতৰ হিৰ’ হয়। কংগ্ৰেছ চৰকাৰ আহিলে ক্ষিপ্ৰতাৰে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰা হ’ব ।
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পাঁচ বছৰৰ নিজৰ ১০০ গুণ সম্পত্তি বৃদ্ধি কৰিলে ।
দেশৰ ভিতৰত সকলোতকৈ দুৰ্নীতিগ্ৰস্থ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।
মুখ্যমন্ত্ৰীগৰাকীক দেখিলে কাৰ্টুন টিভি চোৱাৰ দৰে লাগে ।
কংগ্ৰেছ চৰকাৰ আহিলে ৰাইজক ২৫ লাখ টকাৰ স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰিব।
ৰাজ্যত বাটপথ উন্নত হোৱাৰ বুলি শ্ল’গান দি থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰে অহাৰ কাৰণে বাটপথৰ অৱস্থাৰ বিষয়ে নাজানে ৷ ৰাস্তাৰে আহিলে বুজি পোৱা যায় বাটপথৰ অৱস্থাৰ কথা ৷
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    7 hrs ago
  • তিনি গগৈ মাজুলীলে নিৰ্বাচনী প্ৰচাৰ চলাবলে আহিলে মাজুলীৰ ৰাইজে ভাত জলপান চাহ খোৱাই পঠাই দিব কিন্তু ভোট বিজেপিৰ প্ৰাৰ্থী গৰাকীক হে দিব। কংগ্ৰেছ শূন্য নহয় অসমত কাৰন মিঞা এলেকাত ২৪ খন আসন পাব কংগ্ৰেছে। কংগ্ৰেছৰ জয় আৰম্ভ হয় মিঞা এলেকাৰ পৰা কিন্তু বিজেপি জয় আৰম্ভ হয় সত্ৰ পীঠ মাজুলীৰ পৰা। মাজুলীৰ কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুক শুভেচ্ছা জ্ঞাপন পবিত্ৰ মাঘেৰিটাৰ
    1
    তিনি গগৈ মাজুলীলে নিৰ্বাচনী প্ৰচাৰ চলাবলে আহিলে মাজুলীৰ ৰাইজে ভাত জলপান চাহ খোৱাই পঠাই দিব কিন্তু ভোট বিজেপিৰ প্ৰাৰ্থী গৰাকীক হে দিব।
কংগ্ৰেছ শূন্য নহয় অসমত কাৰন মিঞা এলেকাত ২৪ খন আসন পাব কংগ্ৰেছে।
কংগ্ৰেছৰ জয় আৰম্ভ হয় মিঞা এলেকাৰ পৰা কিন্তু বিজেপি জয় আৰম্ভ হয় সত্ৰ পীঠ মাজুলীৰ পৰা।
মাজুলীৰ কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুক শুভেচ্ছা জ্ঞাপন পবিত্ৰ মাঘেৰিটাৰ
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    1 hr ago
  • ৰঙানদী সমষ্টিৰ বিভিন্ন স্থানত NDA প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ।
    1
    ৰঙানদী সমষ্টিৰ বিভিন্ন স্থানত NDA  প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ।
    user_পুৰন্দৰ গগৈ
    পুৰন্দৰ গগৈ
    Graphic designer ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    4 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    7 hrs ago
  • চৰাইদেউ জিলাৰ পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কোষৰ উদ্যোগত আজি এক গুৰুত্বপূৰ্ণ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য’ত মানৱ শৃংখল গঠন কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হয়। সোণাৰিৰ চেইন্ট জোচেফ বিদ্যালয়ত আয়োজিত এই কাৰ্যসূচীয়ে বিশেষকৈ নতুন ভোটাৰসকলৰ মাজত এক নতুন উদ্যম আৰু উৎসাহ সৃষ্টি কৰে। আজি আয়োজিত এই মানৱ শৃংখল কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল ভোটদানৰ প্ৰতি জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰা আৰু বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া নতুন ভোটাৰসকলক ভোটদান সন্দৰ্ভত গুৰুত্ব উপলব্ধি কৰোৱা। কাৰ্যসূচীত অংশগ্ৰহণ কৰা চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু স্থানীয় লোকসকলে একত্ৰিত হৈ এক সুন্দৰ শৃংখল গঠন কৰে, যি গণতন্ত্ৰৰ শক্তি আৰু ঐক্যৰ প্ৰতীক হিচাপে পৰিগণিত হয়। এই অনুষ্ঠানত উপস্থিত থাকি জিলা নিৰ্বাচনী বিষয়া ডাঃ নেহা যাদৱে তেওঁৰ এক বক্তব্যত কয় যে গণতন্ত্ৰৰ মূল ভিত্তি হৈছে জনতাৰ অংশগ্ৰহণ আৰু এই অংশগ্ৰহণৰ আটাইতকৈ শক্তিশালী মাধ্যম হৈছে ভোটদান। তেওঁ উল্লেখ কৰে যে নতুন প্ৰজন্মৰ ভোটাৰসকল শিক্ষিত, সচেতন আৰু দায়িত্ববোধসম্পন্ন যাৰ ফলত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে গণতন্ত্ৰক অধিক সুদৃঢ় কৰিব। তেওঁ সকলো ভোটাৰক আহ্বান জনায় যে অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰতিগৰাকী নাগৰিকে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰি এক সুস্থ আৰু শক্তিশালী গণতন্ত্ৰ গঢ়ি তোলাত সহায় কৰিব। মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে “মোৰ ভোট, মোৰ অধিকাৰ”, “চৰাইদেউৰ গৌৰৱ-ভোটদান”, “অহা ৯ এপ্ৰিলত আমি সকলোৱে ভোট দিম” আদি বিভিন্ন সজাগতামূলক শ্লোগান দিয়া দেখা যায়। এই শ্লোগানসমূহে সমাজত এক ইতিবাচক সঁহাৰি সৃষ্টি কৰে৷ আজিৰ এই কাৰ্যসূচীত মাহমৰা সমজিলা আয়ুক্ত দীনচেংফা বৰুৱা, অতিৰিক্ত আয়ুক্তত্ৰয় নৱদ্বীপ চাংমাই, সুৰুজ সোনোৱাল আৰু সুজাতা গগৈ প্ৰমুখ্যে সহকাৰী আয়ুক্তমণ্ডলী আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
    1
    চৰাইদেউ জিলাৰ পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কোষৰ উদ্যোগত আজি এক গুৰুত্বপূৰ্ণ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য’ত মানৱ শৃংখল গঠন কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াত নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হয়। সোণাৰিৰ চেইন্ট জোচেফ বিদ্যালয়ত আয়োজিত এই কাৰ্যসূচীয়ে বিশেষকৈ নতুন ভোটাৰসকলৰ মাজত এক নতুন উদ্যম আৰু উৎসাহ সৃষ্টি কৰে।
আজি আয়োজিত এই মানৱ শৃংখল কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল ভোটদানৰ প্ৰতি জনসাধাৰণৰ সচেতনতা বৃদ্ধি কৰা আৰু বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া নতুন ভোটাৰসকলক ভোটদান সন্দৰ্ভত গুৰুত্ব উপলব্ধি কৰোৱা। কাৰ্যসূচীত অংশগ্ৰহণ কৰা চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু স্থানীয় লোকসকলে একত্ৰিত হৈ এক সুন্দৰ শৃংখল গঠন কৰে, যি গণতন্ত্ৰৰ শক্তি আৰু ঐক্যৰ প্ৰতীক হিচাপে পৰিগণিত হয়।
এই অনুষ্ঠানত উপস্থিত থাকি জিলা নিৰ্বাচনী বিষয়া ডাঃ নেহা যাদৱে তেওঁৰ এক বক্তব্যত কয় যে গণতন্ত্ৰৰ মূল ভিত্তি হৈছে জনতাৰ অংশগ্ৰহণ আৰু এই অংশগ্ৰহণৰ আটাইতকৈ শক্তিশালী মাধ্যম হৈছে ভোটদান। তেওঁ উল্লেখ কৰে যে নতুন প্ৰজন্মৰ ভোটাৰসকল শিক্ষিত, সচেতন আৰু দায়িত্ববোধসম্পন্ন যাৰ ফলত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণে গণতন্ত্ৰক অধিক সুদৃঢ় কৰিব। তেওঁ সকলো ভোটাৰক আহ্বান জনায় যে অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰতিগৰাকী নাগৰিকে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰি এক সুস্থ আৰু শক্তিশালী গণতন্ত্ৰ গঢ়ি তোলাত সহায় কৰিব।
মানৱ শৃংখল কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে “মোৰ ভোট, মোৰ অধিকাৰ”, “চৰাইদেউৰ গৌৰৱ-ভোটদান”, “অহা ৯ এপ্ৰিলত আমি সকলোৱে ভোট দিম” আদি বিভিন্ন সজাগতামূলক শ্লোগান দিয়া দেখা যায়। এই শ্লোগানসমূহে সমাজত এক ইতিবাচক সঁহাৰি সৃষ্টি কৰে৷  
আজিৰ এই কাৰ্যসূচীত মাহমৰা সমজিলা আয়ুক্ত দীনচেংফা বৰুৱা, অতিৰিক্ত আয়ুক্তত্ৰয় নৱদ্বীপ চাংমাই, সুৰুজ সোনোৱাল আৰু সুজাতা গগৈ প্ৰমুখ্যে সহকাৰী আয়ুক্তমণ্ডলী আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.