logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰ জিলাত "ধঁপাত মুক্ত যুৱ অভিযান-৩.০" ৰ জিলা ভিত্তিক উদ্বোধন ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত “ধঁপাত মুক্ত যুৱ অভিযান – ৩.০” ৰ যোৱা ৯ অক্টোবৰত ভাৰ্চুৱেলী উদ্বোধন কৰা হৈছিল। তাৰেই অংশস্বৰূপে ১৫ অক্টোবৰত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত শিৱসাগৰ জিলা ভিত্তিক উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মে (ACS), স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতা, বিদ্যালয়খনৰ অধ্যাপিকা মঞ্জু চেতিয়া আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ ন'ডেল বিষয়া ডাঃ দীপামণি শইকীয়া, প্ৰিয়ংকা কাকতি আদি উপস্থিত থাকি যুৱ সমাজক অনুপ্ৰাণিত কৰে। উল্লেখযোগ্য যে, এই অভিযানৰ মূল উদ্দেশ্য হৈছে শিৱসাগৰ জিলাৰ যুৱ সমাজক ধঁপাতৰ আসক্তিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ প্ৰেৰণা যোগোৱা। স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মেই তেওঁৰ বহুমূলীয়া বক্তব্যৰ যোগেদি ধঁপাত সেৱনে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক প্ৰভাৱ পেলায়, বিশেষকৈ কেন্সাৰ আৰু হৃদৰোগৰ ক্ষেত্ৰত আদি সম্পৰ্কে সভাত উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰে৷ অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী আৰু স্বাস্থ্য কৰ্মীসকলে অংশগ্ৰহণ কৰে। আনহাতে যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাই তেওঁৰ এক মননশীল ভাষণৰ জৰিয়তে যুৱ সমাজক ধঁপাত মুক্ত জীৱনশৈলী অৱলম্বন কৰিবলৈ সচেতন কৰে৷ বিশেষভাৱে সভাত শপত গ্ৰহণৰ মাধ্যমেৰে উপস্থিত শিক্ষাৰ্থীসকলে ধঁপাত গ্ৰহণ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই অভিযানত স্বাস্থ্য বিভাগৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত ধঁপাতৰ বেয়া প্ৰভাৱ সম্পৰ্কে শিক্ষামূলক আলোচনা কৰে অধ্যক্ষা মঞ্জু চেতিয়াই। যুৱক-যুৱতীয়ে নিজৰ জীৱন সুস্থ আৰু সজাগ কৰিবলৈ এই অভিযানৰ অংশ হিচাপে আগভাগ লৈ অংশগ্ৰহণ কৰে। ডাঃ দীপামণি শইকীয়াই অনুষ্ঠানত ধঁপাতৰ ব্যৱহাৰৰ ক্ষতিকাৰক প্ৰভাৱৰ ওপৰত এক প্ৰেজেন্টেশ্যন দেখুৱায়৷ শিৱসাগৰ জিলাৰ আয়ুক্ত আয়ুস গাৰ্গে (ভা প্ৰ সে), এই “ধঁপাত মুক্ত যুৱ অভিযান – ৩.০” ৰ সফল ৰূপায়ণৰ বাবে শিৱসাগৰৰ যুৱ সমাজক আহ্বান জনাইছে। উল্লেখ যে, ধঁপাত মুক্ত গাওঁ অভিযানো এই অভিযানৰ অন্তৰ্গত বুলি জিলা গণমাধ্যম তথা জনসম্পৰ্কৰক্ষী বিষয়া অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিয়ে।

on 15 October
user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
Journalist Sivasagar•
on 15 October

শিৱসাগৰ জিলাত "ধঁপাত মুক্ত যুৱ অভিযান-৩.০" ৰ জিলা ভিত্তিক উদ্বোধন ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত “ধঁপাত মুক্ত যুৱ অভিযান – ৩.০” ৰ যোৱা ৯ অক্টোবৰত ভাৰ্চুৱেলী উদ্বোধন কৰা হৈছিল। তাৰেই অংশস্বৰূপে ১৫ অক্টোবৰত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত শিৱসাগৰ জিলা ভিত্তিক উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মে (ACS), স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতা, বিদ্যালয়খনৰ অধ্যাপিকা মঞ্জু চেতিয়া আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ ন'ডেল বিষয়া ডাঃ দীপামণি শইকীয়া, প্ৰিয়ংকা কাকতি আদি উপস্থিত থাকি যুৱ সমাজক

0540403a-1afa-4e6c-b505-81ef49a8b90d

অনুপ্ৰাণিত কৰে। উল্লেখযোগ্য যে, এই অভিযানৰ মূল উদ্দেশ্য হৈছে শিৱসাগৰ জিলাৰ যুৱ সমাজক ধঁপাতৰ আসক্তিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ প্ৰেৰণা যোগোৱা। স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মেই তেওঁৰ বহুমূলীয়া বক্তব্যৰ যোগেদি ধঁপাত সেৱনে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক প্ৰভাৱ পেলায়, বিশেষকৈ কেন্সাৰ আৰু হৃদৰোগৰ ক্ষেত্ৰত আদি সম্পৰ্কে সভাত উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰে৷ অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী আৰু স্বাস্থ্য কৰ্মীসকলে অংশগ্ৰহণ কৰে। আনহাতে যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন কলিতাই তেওঁৰ এক মননশীল ভাষণৰ জৰিয়তে যুৱ সমাজক ধঁপাত মুক্ত জীৱনশৈলী অৱলম্বন কৰিবলৈ সচেতন কৰে৷ বিশেষভাৱে সভাত শপত গ্ৰহণৰ মাধ্যমেৰে উপস্থিত শিক্ষাৰ্থীসকলে ধঁপাত গ্ৰহণ নকৰাৰ প্ৰতিশ্ৰুতি

f992c722-ca5c-42f6-90a4-e87462e5da30

দিয়ে। এই অভিযানত স্বাস্থ্য বিভাগৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত ধঁপাতৰ বেয়া প্ৰভাৱ সম্পৰ্কে শিক্ষামূলক আলোচনা কৰে অধ্যক্ষা মঞ্জু চেতিয়াই। যুৱক-যুৱতীয়ে নিজৰ জীৱন সুস্থ আৰু সজাগ কৰিবলৈ এই অভিযানৰ অংশ হিচাপে আগভাগ লৈ অংশগ্ৰহণ কৰে। ডাঃ দীপামণি শইকীয়াই অনুষ্ঠানত ধঁপাতৰ ব্যৱহাৰৰ ক্ষতিকাৰক প্ৰভাৱৰ ওপৰত এক প্ৰেজেন্টেশ্যন দেখুৱায়৷ শিৱসাগৰ জিলাৰ আয়ুক্ত আয়ুস গাৰ্গে (ভা প্ৰ সে), এই “ধঁপাত মুক্ত যুৱ অভিযান – ৩.০” ৰ সফল ৰূপায়ণৰ বাবে শিৱসাগৰৰ যুৱ সমাজক আহ্বান জনাইছে। উল্লেখ যে, ধঁপাত মুক্ত গাওঁ অভিযানো এই অভিযানৰ অন্তৰ্গত বুলি জিলা গণমাধ্যম তথা জনসম্পৰ্কৰক্ষী বিষয়া অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিয়ে।

More news from Sonitpur and nearby areas
  • Post by Assam sangbad 24
    1
    Post by Assam sangbad 24
    user_Assam sangbad 24
    Assam sangbad 24
    Reporter Sonitpur•
    11 hrs ago
  • Post by Assam sangbad 24
    1
    Post by Assam sangbad 24
    user_Assam sangbad 24
    Assam sangbad 24
    Reporter Sonitpur•
    22 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.