অসমৰ আগশাৰীৰ সামাজিক সংস্থা 'শিক্ষক প্ৰকাশন সংস্থা অসম'ৰ উদ্যোগত আজি ২১ জুনত লখিমপুৰ জিলাৰ শ্ৰীশ্ৰী পদুমণি আইথানত উজনি অসম ভিত্তিক এক বঁটা প্ৰদান সভা অনুষ্ঠিত হয়। এই সভাত উজনি অসমৰ প্ৰায় ৮০ গৰাকী বঁটা প্ৰাপকক সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন বঁটাৰে সন্মানিত কৰা হয়। সংস্থাৰ সভানেত্ৰী মালিনী শইকীয়াই সভাপতিত্ব কৰা এই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মুখ্য সম্পাদক মৃদুল শইকীয়াই। হোজাই জিলাৰ বিশিষ্ট গৱেষক ডঃ আব্দুল চামাদ গণিয়ে সভাখন উদ্বোধন কৰে, য'ত সাংবাদিক দিপ প্ৰতিম বৰাই আঁত ধৰিছিল। সভাত সমাজ হৃতৈষী বঁটা, সাহিত্য সুৰভি বঁটা, সুগন্ধি কাব্য বঁটা, জীৱন সমৃদ্ধ বঁটা, মানৱ দৰদী বঁটা, গুৰু চৰিত বঁটা, সত্যনিষ্ঠ সাংবাদিকতা বঁটাকে ধৰি কেইবাটাও অন্যান্য বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, বিভিন্ন প্ৰতিভাৰ বাবে সংস্থাৰ তৰফৰ পৰা কেইবাগৰাকী লোকক বিশেষ পুৰস্কাৰো প্ৰদান কৰা হয়। এই সভাতে প'ৰ্টেল চেনেল 'আছামিছ টকছ্'ৰ হৈ সংস্থাৰ মুখ্য সম্পাদক মৃদুল শইকীয়া, কাৰ্যকৰী সভাপতি বশিষ্ট মুনি ৰামদেৱ আৰু গৱেষক ডঃ আব্দুল চামাদ গণিক সমাজকৰ্মী বঁটাৰে বিভূষিত কৰা হয়। সভাত শিক্ষক প্ৰকাশন সংস্থা অসমৰ বিভিন্ন বিষয়ববীয়াৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক, শিল্পী, সমাজকৰ্মী, কবি আৰু সাহিত্যিক আদি গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
অসমৰ আগশাৰীৰ সামাজিক সংস্থা 'শিক্ষক প্ৰকাশন সংস্থা অসম'ৰ উদ্যোগত আজি ২১ জুনত লখিমপুৰ জিলাৰ শ্ৰীশ্ৰী পদুমণি আইথানত উজনি অসম ভিত্তিক এক বঁটা প্ৰদান সভা অনুষ্ঠিত হয়। এই সভাত উজনি অসমৰ প্ৰায় ৮০ গৰাকী বঁটা প্ৰাপকক সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন বঁটাৰে সন্মানিত কৰা হয়। সংস্থাৰ সভানেত্ৰী মালিনী শইকীয়াই সভাপতিত্ব কৰা এই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মুখ্য
সম্পাদক মৃদুল শইকীয়াই। হোজাই জিলাৰ বিশিষ্ট গৱেষক ডঃ আব্দুল চামাদ গণিয়ে সভাখন উদ্বোধন কৰে, য'ত সাংবাদিক দিপ প্ৰতিম বৰাই আঁত ধৰিছিল। সভাত সমাজ হৃতৈষী বঁটা, সাহিত্য সুৰভি বঁটা, সুগন্ধি কাব্য বঁটা, জীৱন সমৃদ্ধ বঁটা, মানৱ দৰদী বঁটা, গুৰু চৰিত বঁটা, সত্যনিষ্ঠ সাংবাদিকতা বঁটাকে ধৰি কেইবাটাও অন্যান্য বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, বিভিন্ন প্ৰতিভাৰ বাবে সংস্থাৰ তৰফৰ
পৰা কেইবাগৰাকী লোকক বিশেষ পুৰস্কাৰো প্ৰদান কৰা হয়। এই সভাতে প'ৰ্টেল চেনেল 'আছামিছ টকছ্'ৰ হৈ সংস্থাৰ মুখ্য সম্পাদক মৃদুল শইকীয়া, কাৰ্যকৰী সভাপতি বশিষ্ট মুনি ৰামদেৱ আৰু গৱেষক ডঃ আব্দুল চামাদ গণিক সমাজকৰ্মী বঁটাৰে বিভূষিত কৰা হয়। সভাত শিক্ষক প্ৰকাশন সংস্থা অসমৰ বিভিন্ন বিষয়ববীয়াৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক, শিল্পী, সমাজকৰ্মী, কবি আৰু সাহিত্যিক আদি গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
- গোগামুখত কেন্দ্ৰীয়ভাৱে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হৈছে। এই পবিত্ৰ উপলক্ষে, ঐনিঃতমৰ সম্ৰাগ্ৰী আৰু সংগীত নাটক একাডেমী বঁটা প্ৰাপক তৰাৱতী মিলি বড়িক “বিষ্ণুৰাভা স্মাৰক বঁটা” প্ৰদান কৰি সন্মানিত কৰা হয়।1
- অসম জাতীয় ঐক্য মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু বুৰঞ্জীপ্ৰসিদ্ধ দিলিহি গোহাঁই গাঁৱৰ ৰাইজৰ সহযোগত আজি দিলিহিৰ গণেশ কলিতা আৰু গম্ভীৰাম কলিতা সামূহিক প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। এই পবিত্ৰ দিৱসটোৰ কাৰ্যসূচী অনুসৰি পুৱা সমূহীয়া চাফাই আৰু পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছিল। উদযাপন সমিতিৰ সভাপতি ব্ৰজেন বৰুৱাই পতাকা উত্তোলন কৰাৰ পাছতে, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিৰাজ গগৈয়ে কলাগুৰু বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰে। ইয়াৰ উপৰিও, নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল বুঢ়াগোহাঁইৰ নেতৃত্বত গছপুলি ৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। পৰৱৰ্তী সময়ত প্ৰাক্তন শিক্ষক ফুলধৰ দিহিঙীয়াই অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে, যাৰ লগে লগে শিশুসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰম্ভ হৈছিল। নৱপ্ৰজন্মৰ মাজত বিষ্ণুৰাভাৰ মহান আদৰ্শ বিলাই দিয়াৰ লক্ষ্যৰে দুটা শাখাত চিত্ৰাংকণ, কবিতা আবৃত্তি, বিষ্ণুৰাভা সংগীত আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।4
- নাজিৰাৰ শিমলুগুৰিৰ ৰোহিত জুৱেলাৰীৰ পৰা এগৰাকী মহিলাই তিনিযোৰ সোণৰ কাণৰ ফুলি চুৰ কৰি লৈ যায়। ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে কাণৰফুলি ওজন কৰাৰ চলেৰে মহিলাগৰাকীয়ে এই কাণ্ড সংঘটিত কৰে আৰু জুৱেলাৰীৰ সন্মুখত এখন স্কুটীত ৰৈ থকা এজন যুৱকৰ সৈতে পলায়ন কৰিবলৈ সক্ষম হয়। এই সমগ্ৰ চুৰিকাণ্ডৰ ঘটনা চি চি টি ভি কেমেৰাত বন্দী হৈছে। বৰ্তমানলৈকে আৰক্ষীয়ে মহিলাগৰাকীক চিনাক্ত কৰি কৰায়ত্ত কৰিব পৰা নাই। শিমলুগুৰি আৰক্ষী ইতিমধ্যে জুৱেলাৰীত উপস্থিত হৈছে আৰু ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।1
- ভাৰতীয় জনতা পাৰ্টীৰ মৰাণ মণ্ডলৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন কৰা হয়। এই উদযাপন কাৰ্যসূচীত মাহমৰা সমষ্টিৰ বিধায়ক সুৰুজ দিহিঙীয়াই অংশগ্ৰহণ কৰে।1
- আজি সোণাৰি মহাবিদ্যালয় ষ্টেডিয়ামত ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হয়। যোগক আমাৰ প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ এক অমূল্য উপহাৰ হিচাপে বৰ্ণনা কৰা হৈছে, যিয়ে শাৰীৰিক সুস্থতা, মানসিক শান্তি আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনত সহায় কৰে। লগতে, নিয়মিত যোগাভ্যাসে সুস্থ, সবল আৰু সজীৱ জীৱন গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰে বুলি উল্লেখ কৰা হৈছে। এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয় আছিল “Yoga for Healthy Ageing”, যিয়ে সুস্থ আৰু সক্ৰিয় বাৰ্ধক্যৰ বাবে যোগাভ্যাসৰ প্ৰয়োজনীয়তা অধিক প্ৰাসংগিক কৰি তুলিছে। এই অনুষ্ঠানত চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱ, ৰাজ্য সভাৰ সাংসদ যোগেন মহন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ আৰু এ পি জি চি এলৰ স্বতন্ত্ৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিতকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল। তেওঁলোকৰ উপৰিও চৰ্চাকাৰী বিষয়া, বহু সংখ্যক যোগ প্ৰশিক্ষক আৰু সাধাৰণ ৰাইজেও এই যোগাভ্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰে।1
- চৰাইদেউ জিলাৰ সদৰ নগৰী সোনাৰি নগৰত কৃত্ৰিম বানৰ সমস্যা আজিও অব্যাহত আছে। নগৰখনত সু পৰিকল্পিত নলাৰ ব্যৱস্থা নথকাৰ ফলত এজাক বৰষুণতেই কৃত্ৰিম বানৰ সমস্যাই দেখা দিয়ে। আজি হোৱা এজাক বৰষুণৰ পাছতে নগৰখনৰ বহু অঞ্চলৰ পথ আৰু উপ-পথ কৃত্ৰিম বানত ডুব যায়। বিশেষকৈ ২ নং ৱাৰ্ডৰ পদ্মাৱতী বৰুৱা পথ, বিমলা প্ৰসাদ চলিহা পথ, বৰুৱা আলি, ধোদৰআলি আদিৰ লগতে ৫ নং ৱাৰ্ডো বানৰ কৱলত পৰে। দেওবৰীয়া সাপ্তাহিক বজাৰ চলি থকাৰ সময়তে কৃত্ৰিম বানে ব্যৱসায়ীসকলক যথেষ্ট ক্ষতিগ্ৰস্ত কৰে।4
- ঢকুৱাখনা-ঘিলামৰা ৰাজ্যিক ঘাইপথৰ ওপৰেদি বৰ্তমান পানী বৈছে। ২ কোটি টকীয়া ক'জৱে নিৰ্মাণৰ কাম লেহেমীয়া হোৱাৰ বাবেই ২২ নং ৰাজ্যিক ঘাইপথ সম্পূৰ্ণৰূপে পানীৰে ডুব গৈছে। এই লেহেমীয়া কামৰ মূল কাৰণ হৈছে ঠিকাদাৰ আৰু বিভাগৰ মাজৰ মিত্ৰালি, যাৰ ফলত সহস্ৰাধিক ৰাইজে যমৰ যাতনা ভোগ কৰিছে।1
- পুৱাই গহপুৰ কলাবাৰীত এক পথ দুৰ্ঘটনা সংঘটিত হৈছে, য'ত যুৱ বিজ্ঞানী উদ্ধৱ ভৰালী গুৰুতৰভাৱে আহত হৈছে। লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী AS 07 Y 2725 নম্বৰৰ তেওঁৰ NEXA Baleno বাহনখনে কলাবাৰী গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এজোপা গছত প্ৰচণ্ড খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো হয়। দুৰ্ঘটনাৰ পাছতে আঘাতপ্ৰাপ্ত উদ্ধৱ ভৰালীক ততাতৈয়াকৈ কলাবাৰী আদৰ্শ চিকিৎসালয়লৈ লৈ যোৱা হয়। যুৱ বিজ্ঞানী উদ্ধৱ ভৰালীৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ পোৱাৰ লগে লগে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা কলাবাৰী আদৰ্শ চিকিৎসালয়ত উপস্থিত হয়। বিধায়কগৰাকীয়ে ভৰালীৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি তাৎক্ষণিকভাৱে তেওঁক লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।4