ধুবুৰী সমষ্টিৰ বিধায়িকা বেবী বেগমে মহিলাৰ বাবে ৩৩% সংৰক্ষণ বিধেয়ক আৰু UCC বিল সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ স্পষ্ট কৰিছে যে তেওঁ মহিলাৰ ৩৩% সংৰক্ষণ বিধেয়ক আৰু UCC বিলৰ বিৰোধিতা কৰা নাই, বৰঞ্চ সমৰ্থন কৰিছে, কিন্তু তেওঁৰ কথাখিনি কোনোৱে বুজিবলৈ চেষ্টা কৰা নাই বুলি আক্ষেপ কৰিছে। বিধায়িকা গৰাকীয়ে কয় যে ডেলিমিটেশ্যন হোৱাৰ পিছত মহি কিয় আজিয়ে ৩৩% সংৰক্ষণ আইন বলবৎ কৰিব নালাগে। তেওঁৰ মতে, যদি এই আইন আজিয়ে বলবৎ কৰা হয়, তেন্তে কংগ্ৰেছৰ সকলো বিধায়কে ইয়াক সমৰ্থন কৰিব। UCC বিল সন্দৰ্ভত, তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে যি সময়ত মূল্যবৃদ্ধিয়ে মহিলাসকলক গ্ৰাস কৰিছে, তেনে সময়ত কিয় UCC বিল অনা হৈছে। তেওঁ চৰকাৰক সমালোচনা কৰি কয় যে যদি মহিলাৰ প্ৰতি ইমান দৰদ আছে, তেন্তে গেছ চিলিণ্ডাৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ নকৰি UCC বিল কিয় অনা হৈছে। বেবী বেগমে বহু বিবাহক কেতিয়াও সমৰ্থন নকৰ বুলি দৃঢ়তাৰে মন্তব্য কৰে, কাৰণ কোনো মহিলাই নিবিচাৰে যে তেওঁৰ স্বামীয়ে আন এখন বিয়া পাতিব। তেওঁ লগতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে যে যদি UCC বিল সদনত গৃহীত হয় আৰু কোনো স্বামীৰ পত্নী জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে, তেন্তে স্বামীয়ে দ্বিতীয় বিয়া নকৰিব নেকি। বিধায়িকা গৰাকীয়ে অভিযোগ কৰে যে সদনত UCC সন্দৰ্ভত তেওঁৰ বক্তব্যৰ বিৰোধিতা কৰা আৰু তেওঁক ভাল নোপোৱা একাংশ লোক হৈছে বিজেপিৰ এজেণ্ট। তেওঁ শেষত কয় যে জনপ্ৰতিনিধি হিচাপে তেওঁলোকে সদায় ৰাইজৰ বাবে মাত মাতিব লাগিব।

- বাক্সা জিলাৰ শালবাৰীৰ মটঙা অঞ্চলত এক দুৰ্ভাগ্যজনক অঘটন সংঘটিত হৈছে। এই ঘটনাত পল্লা নৈত দুজন শিশুৰ সলিল সমাধি হয়।2
- বাক্সা জিলাৰ ডুমুনীৰ পৰা চিমলালৈ যোৱা সংযোগী পথটোৰ অৱস্থা অত্যন্ত শোচনীয়। পথটোৰ দুৰাৱস্থাই অঞ্চলটোৰ ৰাইজক যথেষ্ট সমস্যাত পেলাইছে। ঠায়ে ঠায়ে পথত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে, য'ত এজাক বৰষুণ দিলেই পানীৰে ভৰি পৰে আৰু জলাশয়ৰ দৰে হৈ পৰে। ইয়াৰোপৰি, প্ৰায় চাৰি বছৰৰ পূৰ্বে কালদিয়া নৈৰ পানীয়ে খহাই নিয়া পথৰ এটা অংশ আজিও মেৰামতি কৰা হোৱা নাই। এই বিপদসংকুল পথটোৰে দৈনিক বহু যান-বাহন পাৰ হয়। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পথচাৰীসকলে বিটিচি চৰকাৰলৈ অতি শীঘ্ৰে এই পথচোৱা পুনৰ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে।2
- আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে অসমৰ আন্তঃগাঁথনি, বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণক অধিক শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ দিনসমূহৰ ৰূপৰেখা সন্দৰ্ভত বিতং আলোচনা কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীগৰাকীৰ সৈতে ১,৩০০ কিলোমিটাৰতকৈ অধিক ৰে'লপথ সম্প্ৰসাৰণ আৰু ৫০টাতকৈও অধিক অমৃত ষ্টেচনৰ উন্নয়নমূলক কাৰ্যসূচীকে ধৰি অসমৰ সামগ্ৰিক ৰে'ল নেটৱৰ্ক আৰু ৰে'ল আন্তঃগাঁথনিৰ বিভিন্ন বিষয়কলৈ আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চাৰিদিনীয়া চৰকাৰী কামকাজ সামৰি ২ জুনত পুনৰ অসমলৈ উভতি আহিব।1
- অসম বিধানসভাত অভিন্ন অসামৰিক সংহিতা গৃহীত হোৱাৰ পাছত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অসন্তুষ্টি ব্যক্ত কৰিছে।1
- Post by Vikram Kumar3
- মৰিগাঁও ডায়েটত অনুষ্ঠিত এক সংবাদমেলযোগে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), মৰিগাঁৱৰ উদ্যোগত কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগত অহা ৫ আৰু ৬ জুনত দুদিনীয়া আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই আলোচনা চক্ৰ অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে অনুষ্ঠিত হ'ব। ইয়াৰ মূল বিষয়বস্তু হৈছে— "Environment at the Crossroads: Balancing Development with Sustainability" (সংকট ক্ষণত পৰিৱেশ: বহনক্ষমতাৰ সৈতে উন্নয়নৰ ভাৰসাম্য ৰক্ষা)। এই দুদিনীয়া কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে বৰ্ধিত উন্নয়ন আৰু পৰিৱেশ ধ্বংসৰ ফলত হ'ব পৰা সাম্ভাব্য পৰিৱৰ্তনসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰা আৰু এই সন্দৰ্ভত সুচিন্তিত গৱেষণাক উৎসাহিত কৰা। অনুষ্ঠানৰ বিষয়ববীয়াসকলে জনোৱা অনুসৰি, এই আলোচনা চক্ৰত অংশগ্ৰহণৰ বাবে বহিঃৰাষ্ট্ৰৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বহু সমল ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে।1
- অহা ৫ আৰু ৬ জুনত মৰিগাঁৱত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET)ৰ উদ্যোগত দুদিনীয়া এক ‘আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আলোচনা চক্ৰ’ অনুষ্ঠিত হ'ব। এই বৃহৎ আয়োজনৰ সন্দৰ্ভত কৰ্তৃপক্ষই এক বিশেষ সংবাদ মেলৰ আয়োজন কৰিছিল।1
- আজি ঢেকীয়াজুলি সমষ্টিৰ ভোটপাৰা ষ্টেডিয়ামত সদৌ অসম ভিত্তিত পেনচাক চিলাট প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰা হৈছে। এই প্ৰতিযোগিতাৰ শুভাৰম্ভণি ভোটপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হয়।1
- ৰূপহীহাটৰ কাছখাইটীত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। এই দুৰ্ঘটনাত কাছখাইটীৰ মডাৰ্ণ আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল নিমিষতে জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে।1