logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ এটা দলে বন্যহস্তীৰ মুখামুখি হয়। উদ্যানখনত হাতীৰ বিচৰণ দেখি পৰ্যটকসকল আপ্লুত হৈ পৰে।

3 days ago
user_Laba kumar Das
Laba kumar Das
Baska, Baksa•
3 days ago

বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ এটা দলে বন্যহস্তীৰ মুখামুখি হয়। উদ্যানখনত হাতীৰ বিচৰণ দেখি পৰ্যটকসকল আপ্লুত হৈ পৰে।

More news from অসম and nearby areas
  • কেৰালাৰ কোচীত বৰ্তমান চাকৰিৰ খালী পদসমূহ উপলব্ধ হৈছে। এই সুযোগৰ বাবে ইচ্ছুক ব্যক্তিসকলে 7268898594 নম্বৰত যোগাযোগ কৰিব পাৰে।
    1
    কেৰালাৰ কোচীত বৰ্তমান চাকৰিৰ খালী পদসমূহ উপলব্ধ হৈছে। এই সুযোগৰ বাবে ইচ্ছুক ব্যক্তিসকলে 7268898594 নম্বৰত যোগাযোগ কৰিব পাৰে।
    user_Jamal Uddin
    Jamal Uddin
    Doctor বাক্সা, বাক্সা, অসম•
    16 hrs ago
  • তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ বগাজূলীত আজি আবেলি এটা মৰ্টাৰ চেল বোমা উদ্ধাৰ হোৱাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ভূটান পাহাৰৰ পৰা বৈ অহা এটা ডোঙৰ পাৰত স্থানীয় লোকে এই মৰ্টাৰটো প্ৰত্যক্ষ কৰাৰ লগে লগে ভূটান সীমান্তত থকা সেনা আৰু এছ এছ বিৰ ছাউনীক খবৰ দিয়ে। খবৰ পোৱাৰ পিছতে সেনা আৰু এছ এছ বিৰ জোৱান ঘটনাস্থলীত উপস্থিত হৈ তত্পৰতাৰে মৰ্টাৰ চেল বোমটো উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায়। উল্লেখ্য যে, দুবছৰ আগতেও পানীত ভাহি অহা তেনে ধৰণৰ এটা মৰ্টাৰ চেল পাই খেলি থাকোঁতে ই বিস্ফোৰিত হৈ এজন কিশোৰ নিহত হৈছিল। এই ঘটনাৰ পিছত বগাজূলীত মৰ্টাৰ চেল বোমা উদ্ধাৰ হোৱা বিষয়টোৱে অঞ্চলটোত নতুনকৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    1
    তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ বগাজূলীত আজি আবেলি এটা মৰ্টাৰ চেল বোমা উদ্ধাৰ হোৱাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ভূটান পাহাৰৰ পৰা বৈ অহা এটা ডোঙৰ পাৰত স্থানীয় লোকে এই মৰ্টাৰটো প্ৰত্যক্ষ কৰাৰ লগে লগে ভূটান সীমান্তত থকা সেনা আৰু এছ এছ বিৰ ছাউনীক খবৰ দিয়ে। খবৰ পোৱাৰ পিছতে সেনা আৰু এছ এছ বিৰ জোৱান ঘটনাস্থলীত উপস্থিত হৈ তত্পৰতাৰে মৰ্টাৰ চেল বোমটো উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায়।

উল্লেখ্য যে, দুবছৰ আগতেও পানীত ভাহি অহা তেনে ধৰণৰ এটা মৰ্টাৰ চেল পাই খেলি থাকোঁতে ই বিস্ফোৰিত হৈ এজন কিশোৰ নিহত হৈছিল। এই ঘটনাৰ পিছত বগাজূলীত মৰ্টাৰ চেল বোমা উদ্ধাৰ হোৱা বিষয়টোৱে অঞ্চলটোত নতুনকৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • আজি ৰঙিয়াৰ কনিহাত কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। বড়িগোগ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সৌজন্যত স্থানীয় তৰুণ সঙ্ঘ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে এই অধিৱেশন অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা অৱসৰী অধ্যক্ষ সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য, বড়িগোগ গাওঁ পঞ্চায়তৰ সভাপতি দীপাংকৰ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি নৰেন্দ্ৰ নৰ্মাই পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীত অৱসৰী আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ ভট্টাচাৰ্য আৰু আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি দীজেন্দ্ৰ মোহন শৰ্মা সহ আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সহযোগ কৰে। সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰমেন চৌধুৰীয়ে স্মৃতি তৰ্পণ কৰে। প্ৰতিনিধি পঞ্জীয়ন আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়নৰ অন্তত প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয়। বিয়লি কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ নাথ শৰ্মাৰ আদৰণি ভাষণৰে মুকলি অধিৱেশন শুভাৰম্ভ কৰা হয়। একেখন মঞ্চতে অধিৱেশন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ 'অপৰাহ্ন' উন্মোচন কৰা হয়। এই অধিৱেশনত কামৰূপ জিলাৰ অন্তৰ্গত বিভিন্ন শাখা সমিতিৰ বিষয়ববীয়াসকল আৰু সদস্যসকলে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে।
    1
    আজি ৰঙিয়াৰ কনিহাত কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। বড়িগোগ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সৌজন্যত স্থানীয় তৰুণ সঙ্ঘ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে এই অধিৱেশন অনুষ্ঠিত হয়।

কাৰ্যসূচী অনুসৰি পুৱা অৱসৰী অধ্যক্ষ সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য, বড়িগোগ গাওঁ পঞ্চায়তৰ সভাপতি দীপাংকৰ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি নৰেন্দ্ৰ নৰ্মাই পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীত অৱসৰী আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ ভট্টাচাৰ্য আৰু আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি দীজেন্দ্ৰ মোহন শৰ্মা সহ আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সহযোগ কৰে। সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰমেন চৌধুৰীয়ে স্মৃতি তৰ্পণ কৰে।

প্ৰতিনিধি পঞ্জীয়ন আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়নৰ অন্তত প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয়। বিয়লি কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ নাথ শৰ্মাৰ আদৰণি ভাষণৰে মুকলি অধিৱেশন শুভাৰম্ভ কৰা হয়। একেখন মঞ্চতে অধিৱেশন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ 'অপৰাহ্ন' উন্মোচন কৰা হয়।

এই অধিৱেশনত কামৰূপ জিলাৰ অন্তৰ্গত বিভিন্ন শাখা সমিতিৰ বিষয়ববীয়াসকল আৰু সদস্যসকলে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    14 hrs ago
  • বৰপেটা জিলাৰ অন্তৰ্গত বৃহত্তৰ কয়াকুছি অঞ্চলত দীৰ্ঘ সময় ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। হঠাতে হোৱা এই বিদ্যুৎ বিপৰ্যয়ে অঞ্চলটোত তীব্ৰ সমস্যাৰ সৃষ্টি কৰিছে, যাৰ ফলত বিশেষকৈ অনলাইন ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ মাজত এক হাহাকাৰ পৰিস্থিতি দেখা গৈছে। বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ থকাৰ বাবে বিভিন্ন অনলাইন সেৱা, মোবাইল ৰিচাৰ্জ, ডিজিটেল পেমেণ্ট, ফটোষ্টেট, কম্পিউটাৰ আৰু ইণ্টাৰনেট নিৰ্ভৰ ব্যৱসায় সম্পূৰ্ণৰূপে ব্যাহত হৈছে। ব্যৱসায়ীসকলে জনাইছে যে ঘণ্টাৰ পিছত ঘণ্টা বিদ্যুৎ নথকাৰ ফলত তেওঁলোকৰ যথেষ্ট আৰ্থিক ক্ষতি হৈছে, লগতে গ্ৰাহকসকলেও ব্যাপক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ইফালে, তীব্ৰ গৰমৰ মাজত সাধাৰণ ৰাইজেও চরম দুৰ্ভোগ ভোগ কৰিছে, ঘৰে ঘৰে পানীৰ সমস্যা হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নতো ইয়াৰ প্ৰভাৱ পৰিছে। বহু ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে যে তেওঁলোকে নিশা আন্ধাৰত কটাবলগীয়া হৈছে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে সঘনাই বিদ্যুৎ বিভ্ৰাট হোৱাৰ পিছতো সংশ্লিষ্ট বিভাগে ইয়াৰ স্থায়ী সমাধানৰ বাবে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়েহে, কয়াকুছিবাসীয়ে অতি শীঘ্ৰে বিদ্যুৎ যোগান স্বাভাৱিক কৰাৰ দাবী জনাইছে।
    1
    বৰপেটা জিলাৰ অন্তৰ্গত বৃহত্তৰ কয়াকুছি অঞ্চলত দীৰ্ঘ সময় ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। হঠাতে হোৱা এই বিদ্যুৎ বিপৰ্যয়ে অঞ্চলটোত তীব্ৰ সমস্যাৰ সৃষ্টি কৰিছে, যাৰ ফলত বিশেষকৈ অনলাইন ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ মাজত এক হাহাকাৰ পৰিস্থিতি দেখা গৈছে।

বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ থকাৰ বাবে বিভিন্ন অনলাইন সেৱা, মোবাইল ৰিচাৰ্জ, ডিজিটেল পেমেণ্ট, ফটোষ্টেট, কম্পিউটাৰ আৰু ইণ্টাৰনেট নিৰ্ভৰ ব্যৱসায় সম্পূৰ্ণৰূপে ব্যাহত হৈছে। ব্যৱসায়ীসকলে জনাইছে যে ঘণ্টাৰ পিছত ঘণ্টা বিদ্যুৎ নথকাৰ ফলত তেওঁলোকৰ যথেষ্ট আৰ্থিক ক্ষতি হৈছে, লগতে গ্ৰাহকসকলেও ব্যাপক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ইফালে, তীব্ৰ গৰমৰ মাজত সাধাৰণ ৰাইজেও চরম দুৰ্ভোগ ভোগ কৰিছে, ঘৰে ঘৰে পানীৰ সমস্যা হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নতো ইয়াৰ প্ৰভাৱ পৰিছে। বহু ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে যে তেওঁলোকে নিশা আন্ধাৰত কটাবলগীয়া হৈছে।

স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে সঘনাই বিদ্যুৎ বিভ্ৰাট হোৱাৰ পিছতো সংশ্লিষ্ট বিভাগে ইয়াৰ স্থায়ী সমাধানৰ বাবে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়েহে, কয়াকুছিবাসীয়ে অতি শীঘ্ৰে বিদ্যুৎ যোগান স্বাভাৱিক কৰাৰ দাবী জনাইছে।
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    21 hrs ago
  • বৰপেটাৰ কয়াকুছিত নিশা এক চুৰি কাণ্ড সংঘটিত হৈছে। চোৰে লাখ লাখ টকাৰ সোণৰ অলংকাৰ লুটি লৈ পলাইছে।
    1
    বৰপেটাৰ কয়াকুছিত নিশা এক চুৰি কাণ্ড সংঘটিত হৈছে। চোৰে লাখ লাখ টকাৰ সোণৰ অলংকাৰ লুটি লৈ পলাইছে।
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    23 hrs ago
  • সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰে।
    1
    সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰে।
    user_BAGHBAR TIME
    BAGHBAR TIME
    Local News Reporter বাঘবৰ, বৰপেটা, অসম•
    4 hrs ago
  • ঈদ-উল-আজহা উপলক্ষে দক্ষিণ গাঁও শ্বাহী জামা মছজিদে এক বিশেষ আহ্বান জনাইছে। মছজিদ কৰ্তৃপক্ষই কৈছে যে পৱিত্ৰ ঈদ-উল-আজহাৰ বলিদানৰ দিনা কোনো ধৰণৰ অবৈধ জন্তুৰ বলিদান নকৰিব। তেওঁলোকে স্পষ্টকৈ কৈছে যে কেৱল চৰকাৰৰ দ্বাৰা অনুমতিপ্ৰাপ্ত জন্তুৰহে বলিদান কৰা উচিত।
    1
    ঈদ-উল-আজহা উপলক্ষে দক্ষিণ গাঁও শ্বাহী জামা মছজিদে এক বিশেষ আহ্বান জনাইছে। মছজিদ কৰ্তৃপক্ষই কৈছে যে পৱিত্ৰ ঈদ-উল-আজহাৰ বলিদানৰ দিনা কোনো ধৰণৰ অবৈধ জন্তুৰ বলিদান নকৰিব। তেওঁলোকে স্পষ্টকৈ কৈছে যে কেৱল চৰকাৰৰ দ্বাৰা অনুমতিপ্ৰাপ্ত জন্তুৰহে বলিদান কৰা উচিত।
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    15 hrs ago
  • বৰপেটা জিলাৰ বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত নিজ বাঘবৰত আজি সন্ধিয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মৰ্মান্তিক দুৰ্ঘটনাত এজনী ১০ বছৰীয়া কিশোৰীয়ে কৰুণভাৱে প্ৰাণ হেৰুৱাব লগা হয়। আনহাতে, এই দুৰ্ঘটনাত এজন বাইক চালক গুৰুতৰভাৱে আহত হৈছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ নামি অহাৰ লগতে তীব্ৰ উত্তেজনাও বিৰাজ কৰিছে।
    1
    বৰপেটা জিলাৰ বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত নিজ বাঘবৰত আজি সন্ধিয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মৰ্মান্তিক দুৰ্ঘটনাত এজনী ১০ বছৰীয়া কিশোৰীয়ে কৰুণভাৱে প্ৰাণ হেৰুৱাব লগা হয়। আনহাতে, এই দুৰ্ঘটনাত এজন বাইক চালক গুৰুতৰভাৱে আহত হৈছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ নামি অহাৰ লগতে তীব্ৰ উত্তেজনাও বিৰাজ কৰিছে।
    user_BAGHBAR TIME
    BAGHBAR TIME
    Local News Reporter বাঘবৰ, বৰপেটা, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.