Shuru
Apke Nagar Ki App…
তেজপুৰ পিঠাখোৱাত অনুষ্ঠিত হোৱা মহাৰাস//কৃষ্ণ ৰাধা নৃত্যই মোহিলে সমূহ দৰ্শকৰ মন
Piya Piya
তেজপুৰ পিঠাখোৱাত অনুষ্ঠিত হোৱা মহাৰাস//কৃষ্ণ ৰাধা নৃত্যই মোহিলে সমূহ দৰ্শকৰ মন
More news from Tezpur and nearby areas
- *** মৃত্যুওতো এক শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য্য ****** ********************************** যোৱা ২২ নৱেম্বৰ ২০২৪ তাৰিখে নিশা ১১-০৭ বজাত আমাৰ ককাইদেউ, (দেউতাৰ মোমায়েকৰ ল'ৰা) ধৰণীধৰ দাস (সোণাই দা) দেৱে ৮৫ বছৰ বয়সত তেজপুৰ নেমকেয়াৰ হস্পিটেলত ইহলীলা সম্বৰণ কৰে। অৱসৰ প্ৰাপ্ত আঞ্চলিক বন বিষয়া তথা এটি সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰি তেখেতে ভাওনা সংস্কৃতিৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰে। অক্লান্ত সমাজ কৰ্মী হিচাপে ৰাইজৰ মাজত আস্থাভাজন হোৱা দাদাই আজিৰ পৰা প্ৰায় পঞ্চাশ বছৰ পূৰ্বতে চুবুৰিৰ ৰাইজে অনুষ্ঠিত কৰা সম্পূৰ্ণ ৰামায়ণ নাট ভাওনাত হনুমানৰ চৰিত্ৰত ভাও দি অভিলেখ স্থাপন কৰি থৈ গৈছে আৰু সমগ্ৰ শোণিতপুৰ জিলা খনৰ ভিতৰতে সেই অভিলেখ আজিও সৰ্বজন সমাদৃত। আনহাতে এগৰাকী সুদক্ষ উদ্যান শস্যৰ কৃষক হিচাপে অৱসৰৰ পাছতো আধুনিক প্ৰযুক্তিৰে কৃষি কৰ্মৰ জৰিয়তে নতুন প্ৰজন্মক প্ৰেৰণা আৰু সাহসেৰে উদ্বুদ্ধ কৰি থৈ গৈছে। শিশু সুলভ মন এটিৰ বিৰল অধিকাৰী হিচাপে শিশু সকলৰ মাজতো দাদা অতি প্ৰিয় আছিল। মৃত্যু হ'ল জীৱৰ সহজাত প্ৰবৃত্তি। তথাপিও এনে কেতবোৰ মানুহক আমি অতি কৰুণ ভাৱে চিৰদিনলৈ হেৰুৱাই আমি যেন বাকৰুদ্ধ হৈ পৰো এক অজান বেথাত। দাদাৰ বিয়োগত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।1
- তেজপুৰত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ১৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন --"তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা "শীৰ্ষক গ্ৰন্থ উন্মোচন ।1
- অহা কালি 25 নৱেম্বৰ তাৰিখে যমুনা গাওঁ জৱাহৰলাল নেহৰু খেলপথাৰত এখনি নাইট টৰ্ণামেন্টৰ ফুটবল অনুষ্ঠিত হ'ব উক্ত খেলত অংশ গ্ৰহণ কৰিব দুটা বৃহৎ শক্তিশালী দলে তেজপুৰ বনাম কহিমা।1
- ২৫/১১/২০২৪/তেজপুৰ মিছন চাৰিআলিৰ//ৰাস মহুসৱঃ Please like comment share and follow my facebook page1
- ৯১ সংখ্যক নলবাৰী ৰাস মহোৎসৱত উপস্থিত থাকে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভা1
- তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা ১৩৪ তম প্ৰতিষ্ঠা দিৱস ১৮৯০ চনৰ ২৩ নবেম্বৰ তাৰিখে তেজপুৰত, যশস্বী সাহিত্যিক লম্বোদৰ বৰাদেৱৰ চ’ৰা ঘৰত ‘অসমীয়া ভাষা আলোচনা সভা’ আৰু পিচলৈ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ৰ জন্ম হয়। আজি এই ১৩৪ তম প্ৰতিষ্ঠা দিৱসৰ এই পৱিত্ৰ ক্ষণত যশস্বী সাহিত্যিক লম্বোদৰ বৰাদেৱ আৰু সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ প্ৰতি মূৰ্তিত পুষ্প মালা অৰ্পণে আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰি , তেওঁলোকৰ আশীৰ্বাদ লৈ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় । সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ ৰচিত আৰু তেজপুৰ অভাউসা সভাৰ সদস্যা তথা বিশিষ্টা সংগীত শিল্পী ৰেণু বৰঠাকুৰে সুৰেৰে সজাই পৰাই তোলা এটি সমবেত সংগীতেৰে আজি অনুষ্ঠান মুকলি কৰে । সমবেত সংগীত টি পৰিবেশন কৰিব অভাউসা সভাৰ সন্মানীয় সদস্যা সকলে । সভাখনত সভাপতিৰ আসন শুৱনি কৰে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি শ্ৰীযুত শান্তনু বৰুৱাদেৱে । সভাখনৰ উদ্ধোধনী ভাষণ আগবঢ়ায় তেজপুৰ বিধানসভা সভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত পৃথ্বীৰাজ ৰাভাই। সভাত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক শ্ৰীযুত জ্যোতিষমান দাসক আজিৰ সভাত কিতাপ উন্মোচক হিচাপে আমন্ত্ৰণ জনোৱা আমাৰ সকলোৰে সন্মানীয় দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা তথা অসমৰ বিশিষ্ট শিশু সাহিত্যিক ড০ স্বাধীনতা মহন্ত বাইদেউ । তেজপুৰৰ সাহিত্য-সাংস্কৃতিৰ ইতিহাসত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা প্ৰাতঃ স্মৰণীয়। জন্ম লগ্নৰে পৰা এই অনুষ্ঠানে কলা-সাহিত্য-সংস্কৃতি বিকাশত নিজকে বিলিন কৰি আনৰ উপকাৰ সাধন আহিছে। যোৱা বৰ্ষৰ পৰা অসমীয়া ভাষা উন্নতি সাধিনী সভাই ষাঠীৰ দশকৰ পূৰ্বৰ তথ্য সম্বলিত লেখা সমূহৰ প্ৰকাশ কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱা প্ৰতিষ্ঠা দিৱসত মহেন্দ্ৰ নাথ হাজৰিকা দেৱৰ এখনি পুথি ইতিমধ্যে অভাউসা সভাৰ সম্পাদনা সমিতিয়ে প্ৰকাশ কৰি উলিয়াইছে। এইবাৰ অভাউসা সভা সভাপতি শ্ৰীযুত শান্তনু বৰুৱাদেৱে বহু কষ্ট সাধন কৰি বিভিন্ন পুৰণি লেখাৰ পম খেদি 'তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা ' নামেৰে ইতিহাস সমৃদ্ধ এখন হাতপুথি ৰচনা কৰিছে । কাৰণ ইতিহাস নাথাকিলে ঐতিহ্য নাথাকে । উক্ত পুথিখনি উন্মোচন কৰে শ্ৰদ্ধাৰ ড০ স্বাধীনতা মহন্ত বাইদেউ ই। সভাখনৰ আত ধৰে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সাধাৰণ সম্পাদক তথা দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ড০ মনোজ কুমাৰ হাজৰিকাই ।1
- তেজপুৰ মিছন চাৰিআলিৰ বাছ ষ্টেণ্ডত উত্তপ্ত পৰিস্থিতি। গুণ্ডা টেক্স,দাদাগিৰি আৰু গু**লীয়াই দিয়াৰ ভাবুকিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। স্থানীয় কছাৰী গাঁও আৰক্ষী চকীৰ সন্মুখত যাত্ৰীবাহী বাছ ৰখাই চিণ্ডিকেটৰাজৰ বিৰুদ্ধে তেজপুৰ বাছ মালিক সন্থাৰ প্ৰতিবাদ । দূৰণিবটীয়া যাত্ৰীৰ মাজত হাহাকাৰ।1
- বহুদিনৰ পিছত পৰিয়ালৰ সৈতে বিয়াত,,তেজপুৰ।।...1