Shuru
Apke Nagar Ki App…
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাঁৱৰ কুখ্যাত জুৱাৰী আব্দুল লতিফক কলগাছিয়া আৰক্ষীয়ে বৰপেটা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আব্দুল লতিফ (৪০) আই পি এল জুৱাৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে। কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ হালৈৰ নেতৃত্বত চলোৱা এক গোপন অভিযানৰ অন্তত শনিবাৰে আব্দুল লতিফক আটক কৰা হয়। হালধীয়া গাঁৱৰ নুৰ হুছেইনৰ পুত্ৰ লতিফে আই পি এল খেল চলি থকা সময়ত আই পি এল জুৱাৰ আইডিৰ জৰিয়তে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ পৰা লাখ লাখ টকা লুটি নিছিল, যাৰ ফলত বহু যুৱক ধ্বংসৰ পথলৈ গতি কৰিছে। এই গ্ৰেপ্তাৰৰ বাবে ৰাইজে আৰক্ষীৰ কামৰ প্ৰশংসা কৰিছে। সম্প্ৰতি আৰক্ষীয়ে Case No. 54/2026 U/S 318(4)/316(2) BNS R/W Section 14 of AGB Act. যোগে গোচৰ ৰুজু কৰি কুখ্যাত জুৱাৰীজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
RECENT TIME

More news from অসম and nearby areas
- অসম সাহিত্য সভাৰ 'চৰ-চাপৰি ভাষা-সাহিত্য সংস্কৃতি বিকাশ উপ সমিতি'ৰ উদ্যোগত লৱাৰ আসাম একাডেমীত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়।1
- সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বঙাইগাঁৱতো উলহ-মালহেৰে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাৰ্তাৰে জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও চহৰৰ চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামত এক বিশেষ যোগ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। পুৱাই অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত বঙাইগাঁও জিলাৰ আয়ুক্ত দিবাকৰ নাথ আৰু জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মহত্তই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি যোগাভ্যাস কৰে। তেওঁলোকৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত থাকে।1
- মানাহৰ বাঁহবাৰী ৰেঞ্জ অঞ্চলত এটা ঘোঙে মুকলিকৈ বিচৰণ কৰি থকা দেখা গৈছে।1
- পাৰ্ল্লী গাইনপাৰা টাউনশ্বিপ প্ৰকল্পৰ নিৰ্মাণৰ তীব্ৰ বিৰোধিতাৰে এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হৈছে।1
- আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বিভিন্ন প্ৰান্তৰ লগতে বাক্সাতো পালন কৰা হৈছে। এই উপলক্ষে বাক্সাৰ জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পুৱাতে যোগাসন কাৰ্যসূচী আৰম্ভ হয়।1
- আৰক্ষীয়ে সোণতলীৰ বিভিন্ন অঞ্চলৰ পৰা আটকাধীন কৰা চাইবাৰ জালিয়াতি আৰু অনলাইন বেটিং নেটৱৰ্কৰ এটা চক্ৰক বৰ্তমান জেললৈ প্ৰেৰণ কৰিছে।1
- মেডিকেলত মুছলমান সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীয়ে ৪০০ খন আসন লাভ কৰাক লৈ এক বিশেষ মন্তব্য পোৱা গৈছে। এই সন্দৰ্ভত উল্লেখ কৰা হৈছে যে হিন্দু সম্প্ৰদায়ৰ লোকৰ আধা সময় আন্দোলন কৰোঁতেই ব্যয় হয়। লগতে, বদৰুদ্দিন আজমলে যদি সংখ্যালঘুসকলৰ বাবে বছৰি ১০০ জনক চিকিৎসক হিচাপে গঢ়ি তুলিব পাৰে, তেন্তে আনসকলে কিয় সেই একেই কাম কৰিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰা হৈছে। এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে যে বদৰুদ্দিন আজমলৰ শিক্ষানুষ্ঠানৰ ল’ৰা-ছোৱালীয়ে কোনো ধৰণৰ কটাত আসন লাভ কৰা নাই, বৰঞ্চ তেওঁলোকে সম্পূৰ্ণ প্ৰতিযোগিতা কৰিহে চিকিৎসকৰ আসন লাভ কৰিছে।1
- গণ সাহিত্য সাংস্কৃতিক মঞ্চৰ সৌজন্যত সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হৈছে।1
- গত ১৪ জুনত অভয়াপুৰীত এগৰাকী ৮ বছৰীয়া কিশোৰী এজন লম্পটৰ কামনাৰ বলি হৈছিল। এই ঘটনা সংঘটিত কৰা লম্পটটোৰ নাম মনিৰুদ্দিন। ঘটনা সংঘটিত কৰাৰ পিছতেই মনিৰুদ্দিনে পলায়ন কৰিছিল। অভয়াপুৰী আৰক্ষীয়ে বহিঃৰাজ্যৰ পৰা মনিৰুদ্দিনক গ্ৰেপ্তাৰ কৰি আজি অভয়াপুৰী থানাত হাজিৰ কৰে। এই ঘটনা সন্দৰ্ভত আমছুৱে মনিৰুদ্দিনৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।1