Shuru
Apke Nagar Ki App…
মাহমৰা চ্যুকাফা ভৱনত লাকুৱা চফ্ৰাই মণ্ডলৰ সাংগঠনিক সভা । মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত চ্যুকাফা ভৱনত বিজেপিৰ লাকুৱা চফ্ৰাই মণ্ডলৰ এখনি গুৰুত্বপূৰ্ণ সাংগঠনিক সভাৰ আয়োজন কৰা হয় । আগন্তুক বিধানসভা নিৰ্বাচনৰ সম্পৰ্কে বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে । উক্ত সভাত মাহমৰা বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্রভাৰী সুনিতা দুগাল, এচ পি চিৰছা , মণ্ডলৰ সভাপতিঢ়ত্ৰলুক্য গগৈ ,OBC মৰ্চাৰ ৰাজ্যিক সাধাৰন সম্পাদক সূৰুজ দিহিঙ্গীয়া , জিলাৰ উপ সভাপতি অজন্ত বৰুৱা প্ৰমুখ্যে জ্যেষ্ঠ নেতৃবৃন্দ সকল উপস্থিত থাকে।
Charaideo news
মাহমৰা চ্যুকাফা ভৱনত লাকুৱা চফ্ৰাই মণ্ডলৰ সাংগঠনিক সভা । মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত চ্যুকাফা ভৱনত বিজেপিৰ লাকুৱা চফ্ৰাই মণ্ডলৰ এখনি গুৰুত্বপূৰ্ণ সাংগঠনিক সভাৰ আয়োজন কৰা হয় । আগন্তুক বিধানসভা নিৰ্বাচনৰ সম্পৰ্কে বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰে । উক্ত সভাত মাহমৰা বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্রভাৰী সুনিতা দুগাল, এচ পি চিৰছা , মণ্ডলৰ সভাপতিঢ়ত্ৰলুক্য গগৈ ,OBC মৰ্চাৰ ৰাজ্যিক সাধাৰন সম্পাদক সূৰুজ দিহিঙ্গীয়া , জিলাৰ উপ সভাপতি অজন্ত বৰুৱা প্ৰমুখ্যে জ্যেষ্ঠ নেতৃবৃন্দ সকল উপস্থিত থাকে।
More news from অসম and nearby areas
- আজি অসমীয়া নতুন বছৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈডামত সদৌ তাই আহোম ছাত্ৰ সন্থা(আটাছু)ছ্যুকাফা আঞ্চলিক সমিতিয়ে বন্তি এগছ জ্বলাই ফুৰা তাৰা ওচৰত সেৱা ললে।1
- আজি পহিলা ব'হাগ। ৰাজ্যৰ চৌদিশে ঢোল-পেঁপাৰ মাতত বিহুটিক উদযাপন কৰিছে অসমীয়াই। আজি ৰঙালী বিহু আদৰণি অনুষ্ঠান আয়োজন কৰিলে আটাছু চৰাইদেউ মহকুমা সমিতিয়ে।4
- পহিলা বহাগ অৰ্থাৎ মানুহ বিহুৰ পবিত্ৰ ক্ষণত ঐতিহাসিক নাজিৰাৰ গড়গাঁৱৰ ৰাজকাৰেঙৰ বাকৰি বিহুৰ আনন্দৰে মুখৰিত হৈ পৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত এইবেলি ৩১ সংখ্যক মুকলি বিহু অতি উলহ-মালহেৰে আয়োজন কৰা হৈছে। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বৃক্ষৰোপণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত কণী যুঁজৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকলক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। বিহু দলসমূহৰ সৈতে সকলোৱে ঐতিহাসিক কাৰেং প্ৰদৰ্শন কৰাৰ লগতে আমন্ত্ৰিত বিহু হুঁচৰি আৰু জনগোষ্ঠীয় সাংস্কৃতিক দলে কাৰেঙৰ বাকৰিত এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকৰ উপস্থিতিয়ে ঐতিহ্যমণ্ডিত কাৰেংঘৰৰ প্ৰাংগণক এক বৰ্ণিল সাংস্কৃতিক মিলন ভূমিত পৰিণত কৰিছে।4
- আজি পহিলা ব’হাগ । পহিলা ব’হাগৰ দিনটোত তিনিচুকীয়াত আছুৱে প্ৰতি বছৰে আয়োজন কৰি আহিছে কেন্দ্ৰীয় মুকলি বিহু ৷ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰত অতি উলহমালহেৰে উদযাপন কৰিছে মুকলি বিহু। জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহক একত্ৰিত কৰি খেলপথাৰত প্ৰদৰ্শন কৰিছে নিজা নিজা সাংস্কৃতিক অনুষ্ঠান ৷ আজি লোকে লোকাৰণ্য হৈছে তিনিচুকীয়াৰ বিমলাপ্ৰসাদ চলিহা নগৰ খেলপথাৰ। উক্ত মুকলি বিহু আৰু মুখপত্ৰ গতি উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ৷1
- মাজুলীৰ ভকতিদুৱাৰত বিহু অনুষ্ঠান কৰিব জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে, সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ উদ্যোগত আয়োজন কৰা ব'হাগী উৎসৱত গীত পৰিৱেশন কৰিব শিল্পীগৰাকীয়ে।1
- 🔴 'বিহু গিফ্ট হিচাপে জুবিন দাৰ ন্যায় লাগে' 🔴 'আজিৰ দিনত জুবিন দাদাক বহুত Miss কৰিছোঁ' 🔴 'Miss You' জুবিন দা 🔴 'তেওঁৰ গান অবিহনে ৰঙালী বিহু উকা' 🔴 'ৰঙালী বিহুত জুবিন দাৰ গানে ৰং উপচাই তোলে' 🔴 মাজুলীত বহাগৰ প্ৰথম দিনটোত মায়াবিনী গাই জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে মাজুলীৰ যুৱতীসকলে1
- আজি পহিলা বহাগ। ৰাজ্যৰ চৌপাশে এতিয়া ৰঙালীৰ বিহুৰ উচাহ1
- চৰাইদেউৰ বিভিন্ন প্ৰান্তৰ লগতে মথুৰাপুৰ চাহ বাগিচাৰ পূজা মণ্ডপত শ্ৰী শ্ৰী মা মঙ্গলা আৰু চড়ক পূজা আয়োজন কৰা হয় । মাইবেলাস্থিত নদী ঘাটত মা কালীৰ আৰাধনাৰে মথুৰাপুৰলৈ পদযাত্ৰা কৰি ঐতিহাসিক চড়ক পূজা আৰম্ভ হয় । শিৱৰ ভক্ত সকলে ঢাকৰ তালে তালে জুইৰ অঙঠাৰ ওপৰত নৃত্য, চোকা দাৰ ওপৰত নৃত্য আদি নানা পৌৰাণিক কৌশল প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক সচকিত কৰি তোলে। পূজা স্থলিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।1