logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়া বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক ভবেশ কলিতাই আজি বৃহত্তৰ বাগটা অঞ্চলৰ শিমলুৱাৰ শ্ৰীশ্ৰী বিষ্ণুজ্যোতি নামঘৰৰ প্ৰাঙ্গণত আয়োজিত এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক অনুষ্ঠান, প্ৰতিষ্ঠানৰ লগতে ব্যক্তি বিশেষে বিধায়ক কলিতাক আগবঢ়োৱা সম্বৰ্ধনা গ্ৰহণ কৰা হয়।

4 hrs ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
4 hrs ago
b75c9240-41bf-4200-a605-6ff8ba333762

ৰঙিয়া বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক ভবেশ কলিতাই আজি বৃহত্তৰ বাগটা অঞ্চলৰ শিমলুৱাৰ শ্ৰীশ্ৰী বিষ্ণুজ্যোতি নামঘৰৰ প্ৰাঙ্গণত আয়োজিত এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় অৰ্ধ শতাধিক অনুষ্ঠান, প্ৰতিষ্ঠানৰ লগতে ব্যক্তি বিশেষে বিধায়ক কলিতাক আগবঢ়োৱা সম্বৰ্ধনা গ্ৰহণ কৰা হয়।

More news from অসম and nearby areas
  • বাক্সা জিলাৰ ডুমুনীৰ পৰা চিমলালৈ যোৱা সংযোগী পথটোৰ অৱস্থা অত্যন্ত শোচনীয়। পথটোৰ দুৰাৱস্থাই অঞ্চলটোৰ ৰাইজক যথেষ্ট সমস্যাত পেলাইছে। ঠায়ে ঠায়ে পথত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে, য'ত এজাক বৰষুণ দিলেই পানীৰে ভৰি পৰে আৰু জলাশয়ৰ দৰে হৈ পৰে। ইয়াৰোপৰি, প্ৰায় চাৰি বছৰৰ পূৰ্বে কালদিয়া নৈৰ পানীয়ে খহাই নিয়া পথৰ এটা অংশ আজিও মেৰামতি কৰা হোৱা নাই। এই বিপদসংকুল পথটোৰে দৈনিক বহু যান-বাহন পাৰ হয়। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পথচাৰীসকলে বিটিচি চৰকাৰলৈ অতি শীঘ্ৰে এই পথচোৱা পুনৰ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে।
    2
    বাক্সা জিলাৰ ডুমুনীৰ পৰা চিমলালৈ যোৱা সংযোগী পথটোৰ অৱস্থা অত্যন্ত শোচনীয়। পথটোৰ দুৰাৱস্থাই অঞ্চলটোৰ ৰাইজক যথেষ্ট সমস্যাত পেলাইছে। ঠায়ে ঠায়ে পথত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে, য'ত এজাক বৰষুণ দিলেই পানীৰে ভৰি পৰে আৰু জলাশয়ৰ দৰে হৈ পৰে। ইয়াৰোপৰি, প্ৰায় চাৰি বছৰৰ পূৰ্বে কালদিয়া নৈৰ পানীয়ে খহাই নিয়া পথৰ এটা অংশ আজিও মেৰামতি কৰা হোৱা নাই। এই বিপদসংকুল পথটোৰে দৈনিক বহু যান-বাহন পাৰ হয়।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পথচাৰীসকলে বিটিচি চৰকাৰলৈ অতি শীঘ্ৰে এই পথচোৱা পুনৰ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে।
    user_Manas Pratim
    Manas Pratim
    Local News Reporter বাগানপাৰা (পিটি), বাক্সা, অসম•
    12 hrs ago
  • আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে অসমৰ আন্তঃগাঁথনি, বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণক অধিক শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ দিনসমূহৰ ৰূপৰেখা সন্দৰ্ভত বিতং আলোচনা কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীগৰাকীৰ সৈতে ১,৩০০ কিলোমিটাৰতকৈ অধিক ৰে'লপথ সম্প্ৰসাৰণ আৰু ৫০টাতকৈও অধিক অমৃত ষ্টেচনৰ উন্নয়নমূলক কাৰ্যসূচীকে ধৰি অসমৰ সামগ্ৰিক ৰে'ল নেটৱৰ্ক আৰু ৰে'ল আন্তঃগাঁথনিৰ বিভিন্ন বিষয়কলৈ আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চাৰিদিনীয়া চৰকাৰী কামকাজ সামৰি ২ জুনত পুনৰ অসমলৈ উভতি আহিব।
    1
    আজি চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈয়েই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীয়ে অসমৰ আন্তঃগাঁথনি, বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণক অধিক শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ দিনসমূহৰ ৰূপৰেখা সন্দৰ্ভত বিতং আলোচনা কৰে।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীগৰাকীৰ সৈতে ১,৩০০ কিলোমিটাৰতকৈ অধিক ৰে'লপথ সম্প্ৰসাৰণ আৰু ৫০টাতকৈও অধিক অমৃত ষ্টেচনৰ উন্নয়নমূলক কাৰ্যসূচীকে ধৰি অসমৰ সামগ্ৰিক ৰে'ল নেটৱৰ্ক আৰু ৰে'ল আন্তঃগাঁথনিৰ বিভিন্ন বিষয়কলৈ আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চাৰিদিনীয়া চৰকাৰী কামকাজ সামৰি ২ জুনত পুনৰ অসমলৈ উভতি আহিব।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    3 hrs ago
  • অসম বিধানসভাত অভিন্ন অসামৰিক সংহিতা গৃহীত হোৱাৰ পাছত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অসন্তুষ্টি ব্যক্ত কৰিছে।
    1
    অসম বিধানসভাত অভিন্ন অসামৰিক সংহিতা গৃহীত হোৱাৰ পাছত কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে অসন্তুষ্টি ব্যক্ত কৰিছে।
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    4 hrs ago
  • মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ এটা দলে বনৰজাৰ বিচৰণৰ এক নান্দনিক দৃশ্য উপভোগ কৰে। এই মনোমোহা দৃশ্যে পৰ্যটকসকলক যথেষ্ট আনন্দিত কৰে।
    1
    মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ এটা দলে বনৰজাৰ বিচৰণৰ এক নান্দনিক দৃশ্য উপভোগ কৰে। এই মনোমোহা দৃশ্যে পৰ্যটকসকলক যথেষ্ট আনন্দিত কৰে।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    16 hrs ago
  • বাক্সা জিলাৰ শিমলাত ১০০ গৰাকী বিশেষভাৱে শাৰীৰিক সক্ষম লোকক চেক প্ৰদান কৰা হৈছে। এই চেকসমূহৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীক ১০ হাজাৰকৈ টকা প্ৰদান কৰা হৈছে। এই চেক বিতৰণ কাৰ্যসূচীত বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে উপস্থিত থাকি বিশেষভাৱে শাৰীৰিক সক্ষম লোকসকলক এই চেকসমূহ প্ৰদান কৰে।
    1
    বাক্সা জিলাৰ শিমলাত ১০০ গৰাকী বিশেষভাৱে শাৰীৰিক সক্ষম লোকক চেক প্ৰদান কৰা হৈছে। এই চেকসমূহৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীক ১০ হাজাৰকৈ টকা প্ৰদান কৰা হৈছে। এই চেক বিতৰণ কাৰ্যসূচীত বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে উপস্থিত থাকি বিশেষভাৱে শাৰীৰিক সক্ষম লোকসকলক এই চেকসমূহ প্ৰদান কৰে।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    7 hrs ago
  • ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডধাৰী পৰিয়ালৰ বাবে এক বেয়া খবৰ আহিছে, যিহেতু সুলভ মূল্যত চেনি, নিমখ আৰু মচুৰ দাইল যোগান ধৰা আঁচনিৰ ভৱিষ্যৎক লৈ পুনৰ অনিশ্চয়তা সৃষ্টি হোৱাৰ আশংকাই হিতাধিকাৰীসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে। উল্লেখ্য যে, ৰাজ্য চৰকাৰে ২০২৫ চনৰ শেষৰ ফালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA)-ৰ অন্তৰ্গত প্ৰায় ৭০ লাখ পৰিয়াল আৰু ২.৪৫ কোটিতকৈ অধিক হিতাধিকাৰীক লাভান্বিত কৰিবলৈ এই বিশেষ আঁচনিখন আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত প্ৰথম অৱস্থাত মচুৰ দাইল ৬৯ টকা, চেনি ৩৮ টকা আৰু নিমখ ১০ টকা মূল্যত প্ৰদান কৰা হৈছিল; পিছলৈ এই সামগ্ৰীসমূহৰ মূল্য অধিক হ্ৰাস কৰি মুঠ ১০০ টকাৰ ভিতৰত প্ৰদান কৰাৰ কথাও ঘোষণা কৰা হৈছিল। কিন্তু শেহতীয়া পৰিস্থিতিত বজাৰত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, যোগান ব্যৱস্থাৰ ওপৰত চাপ আৰু চৰকাৰী ব্যয় বৃদ্ধিৰ ফলত এই সুবিধা অব্যাহত থাকিব নে নাই, তাক লৈ বিভিন্ন মহলত জল্পনা-কল্পনা আৰম্ভ হৈছে। ইয়াৰ ফলত বহু হিতাধিকাৰীয়ে আগন্তুক মাহসমূহত পুনৰ বজাৰ মূল্যত চেনি, নিমখ আৰু দাইল কিনিবলগীয়া হ’ব নেকি বুলি চিন্তা প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলৰ মতে, ৰাজ্যৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এই আঁচনি এক ডাঙৰ সহায় আছিল আৰু যদি এই সুলভ মূল্যৰ সুবিধা বন্ধ হয় বা হ্ৰাস পায়, তেন্তে দৈনন্দিন জীৱনৰ ব্যয় অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইফালে, চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে এই আঁচনি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কোনো আনুষ্ঠানিক ঘোষণা প্ৰকাশ হোৱা নাই। তথাপিও হিতাধিকাৰীসকলৰ মাজত অনিশ্চয়তা অব্যাহত আছে আৰু সাধাৰণ জনতাই এই সন্দৰ্ভত চৰকাৰৰ স্পষ্টীকৰণৰ অপেক্ষাত আছে।
    1
    ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডধাৰী পৰিয়ালৰ বাবে এক বেয়া খবৰ আহিছে, যিহেতু সুলভ মূল্যত চেনি, নিমখ আৰু মচুৰ দাইল যোগান ধৰা আঁচনিৰ ভৱিষ্যৎক লৈ পুনৰ অনিশ্চয়তা সৃষ্টি হোৱাৰ আশংকাই হিতাধিকাৰীসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে। উল্লেখ্য যে, ৰাজ্য চৰকাৰে ২০২৫ চনৰ শেষৰ ফালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (NFSA)-ৰ অন্তৰ্গত প্ৰায় ৭০ লাখ পৰিয়াল আৰু ২.৪৫ কোটিতকৈ অধিক হিতাধিকাৰীক লাভান্বিত কৰিবলৈ এই বিশেষ আঁচনিখন আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত প্ৰথম অৱস্থাত মচুৰ দাইল ৬৯ টকা, চেনি ৩৮ টকা আৰু নিমখ ১০ টকা মূল্যত প্ৰদান কৰা হৈছিল; পিছলৈ এই সামগ্ৰীসমূহৰ মূল্য অধিক হ্ৰাস কৰি মুঠ ১০০ টকাৰ ভিতৰত প্ৰদান কৰাৰ কথাও ঘোষণা কৰা হৈছিল।

কিন্তু শেহতীয়া পৰিস্থিতিত বজাৰত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, যোগান ব্যৱস্থাৰ ওপৰত চাপ আৰু চৰকাৰী ব্যয় বৃদ্ধিৰ ফলত এই সুবিধা অব্যাহত থাকিব নে নাই, তাক লৈ বিভিন্ন মহলত জল্পনা-কল্পনা আৰম্ভ হৈছে। ইয়াৰ ফলত বহু হিতাধিকাৰীয়ে আগন্তুক মাহসমূহত পুনৰ বজাৰ মূল্যত চেনি, নিমখ আৰু দাইল কিনিবলগীয়া হ’ব নেকি বুলি চিন্তা প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলৰ মতে, ৰাজ্যৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে এই আঁচনি এক ডাঙৰ সহায় আছিল আৰু যদি এই সুলভ মূল্যৰ সুবিধা বন্ধ হয় বা হ্ৰাস পায়, তেন্তে দৈনন্দিন জীৱনৰ ব্যয় অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইফালে, চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে এই আঁচনি সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কোনো আনুষ্ঠানিক ঘোষণা প্ৰকাশ হোৱা নাই। তথাপিও হিতাধিকাৰীসকলৰ মাজত অনিশ্চয়তা অব্যাহত আছে আৰু সাধাৰণ জনতাই এই সন্দৰ্ভত চৰকাৰৰ স্পষ্টীকৰণৰ অপেক্ষাত আছে।
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    4 hrs ago
  • মৰিগাঁও ডায়েটত অনুষ্ঠিত এক সংবাদমেলযোগে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), মৰিগাঁৱৰ উদ্যোগত কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগত অহা ৫ আৰু ৬ জুনত দুদিনীয়া আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই আলোচনা চক্ৰ অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে অনুষ্ঠিত হ'ব। ইয়াৰ মূল বিষয়বস্তু হৈছে— "Environment at the Crossroads: Balancing Development with Sustainability" (সংকট ক্ষণত পৰিৱেশ: বহনক্ষমতাৰ সৈতে উন্নয়নৰ ভাৰসাম্য ৰক্ষা)। এই দুদিনীয়া কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে বৰ্ধিত উন্নয়ন আৰু পৰিৱেশ ধ্বংসৰ ফলত হ'ব পৰা সাম্ভাব্য পৰিৱৰ্তনসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰা আৰু এই সন্দৰ্ভত সুচিন্তিত গৱেষণাক উৎসাহিত কৰা। অনুষ্ঠানৰ বিষয়ববীয়াসকলে জনোৱা অনুসৰি, এই আলোচনা চক্ৰত অংশগ্ৰহণৰ বাবে বহিঃৰাষ্ট্ৰৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বহু সমল ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে।
    1
    মৰিগাঁও ডায়েটত অনুষ্ঠিত এক সংবাদমেলযোগে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), মৰিগাঁৱৰ উদ্যোগত কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহযোগত অহা ৫ আৰু ৬ জুনত দুদিনীয়া আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই আলোচনা চক্ৰ অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে অনুষ্ঠিত হ'ব। ইয়াৰ মূল বিষয়বস্তু হৈছে— "Environment at the Crossroads: Balancing Development with Sustainability" (সংকট ক্ষণত পৰিৱেশ: বহনক্ষমতাৰ সৈতে উন্নয়নৰ ভাৰসাম্য ৰক্ষা)।

এই দুদিনীয়া কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হৈছে বৰ্ধিত উন্নয়ন আৰু পৰিৱেশ ধ্বংসৰ ফলত হ'ব পৰা সাম্ভাব্য পৰিৱৰ্তনসমূহৰ বিষয়ে বিস্তৃত আলোচনা কৰা আৰু এই সন্দৰ্ভত সুচিন্তিত গৱেষণাক উৎসাহিত কৰা। অনুষ্ঠানৰ বিষয়ববীয়াসকলে জনোৱা অনুসৰি, এই আলোচনা চক্ৰত অংশগ্ৰহণৰ বাবে বহিঃৰাষ্ট্ৰৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বহু সমল ব্যক্তিক আমন্ত্ৰণ জনোৱা হৈছে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    7 hrs ago
  • বাক্সা জিলাৰ শালবাৰীৰ মটঙা অঞ্চলত এক দুৰ্ভাগ্যজনক অঘটন সংঘটিত হৈছে। এই ঘটনাত পল্লা নৈত দুজন শিশুৰ সলিল সমাধি হয়।
    2
    বাক্সা জিলাৰ শালবাৰীৰ মটঙা অঞ্চলত এক দুৰ্ভাগ্যজনক অঘটন সংঘটিত হৈছে। এই ঘটনাত পল্লা নৈত দুজন শিশুৰ সলিল সমাধি হয়।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.