Shuru
Apke Nagar Ki App…
ৰৌমাৰি পথাৰত জুৱাৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে এক অভিযান চলাই চাৰিজন জুৱাৰীক আটক কৰিছে। আটক কৰা জুৱাৰীসকল হৈছে ভেলেংগীমাৰী চৰৰ হামিদুৰ ৰহমান, বালাৰতাৰীৰ ছাদ্দাম আলী, ৰৌমাৰি পথাৰৰ আব্দুল আজিজ আৰু দৌশালৰ আইনুল হক।
Northeast Talks
ৰৌমাৰি পথাৰত জুৱাৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে এক অভিযান চলাই চাৰিজন জুৱাৰীক আটক কৰিছে। আটক কৰা জুৱাৰীসকল হৈছে ভেলেংগীমাৰী চৰৰ হামিদুৰ ৰহমান, বালাৰতাৰীৰ ছাদ্দাম আলী, ৰৌমাৰি পথাৰৰ আব্দুল আজিজ আৰু দৌশালৰ আইনুল হক।
More news from অসম and nearby areas
- অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে লংকাৰ আজৰবাৰিত সংঘটিত হোৱা এক ঘটনাৰ উচিত তদন্ত দাবী কৰিছে। পৰিষদে এই ঘটনাত জড়িত দুষ্কৃতিকাৰীক ২৪ ঘণ্টাৰ ভিতৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰো দাবী জনাইছে।1
- নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অধীনৰ বেচামাৰী এম.আই. উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণত বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইউনিফৰ্ম বিতৰণ, মধ্যাহ্ন ভোজন আঁচনি আৰু হোষ্টেল ব্যৱস্থাপনাক কেন্দ্ৰ কৰি অভিভাৱক, শিক্ষাৰ্থী আৰু স্থানীয় ৰাইজৰ মাজত ব্যাপক অসন্তুষ্টি দেখা গৈছে। বিদ্যালয়ৰ অধ্যক্ষ ছাদিক আনোৱাৰৰ বিৰুদ্ধে চৰকাৰী নিৰ্দেশনা নামানি ইউনিফৰ্ম বিতৰণ ব্যৱস্থাত স্বচ্ছতাৰ অভাৱ থকাৰ অভিযোগ উঠিছে। বহু শিক্ষাৰ্থীয়ে সময়মতে চৰকাৰী ইউনিফৰ্ম লাভ কৰা নাই, আনহাতে কিছুমানে পুৰণি বা নিম্নমানৰ কাপোৰ লাভ কৰিছে বুলিও অভিযোগ কৰা হৈছে। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান কৰ্মৰত কনিষ্ঠ সহায়ক জাকিৰ হুছেইনে এই সকলো অভিযোগ সন্দৰ্ভত মুখ খুলিছে। এই সকলো অনিয়মৰ অভিযোগৰ সৈতে বিদ্যালয়ৰ অধ্যক্ষ ছাদিক আনোৱাৰৰ নাম জড়িত হৈ পৰিছে। স্থানীয় ৰাইজে শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকলক শীঘ্ৰে এই বিষয়টোত নিৰপেক্ষ তদন্ত চলাই প্ৰকৃত সত্য উদঘাটন কৰিবলৈ দাবী জনাইছে।1
- ৰূপহীহাটৰ কাৱৈমাৰীৰ আব্দুল আজিজৰ পত্নী নুৰ জাহান খাতুন ওৰফে মইনা বিগত একমাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ফলত স্বামী আব্দুল আজিজে হাঁহাকাৰ কৰিছে। কাৱৈমাৰীৰ পৰা শোণিতপুৰৰ জামুগুৰি বাকোলা গাঁৱত গাঁও প্ৰধানৰ প্ৰমাণ পত্ৰ আনিবলৈ যোৱাৰ পিছৰে পৰা তেওঁৰ সন্ধান নাই। নিজৰ একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানৰ ভৱিষ্যতৰ চিন্তাত মগ্ন হৈ আব্দুল আজিজে পত্নীক ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে। আত্মীয়-স্বজনৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিও তেওঁলোকে নুৰ জাহানৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। এই ঘটনা সন্দৰ্ভত আব্দুল আজিজে কাৱৈমাৰী আৰক্ষী পহৰা চকীত এক লিখিত জাননী দাখিল কৰিছে। তেওঁ জনাইছে যে, যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা নুৰ জাহানৰ সন্ধান লাভ কৰে, তেন্তে ৯৩৬৫০৫৪৫০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।1
- তৃণমূল কংগ্ৰেছ (TMC)ৰ সাংসদ তথা মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জী আক্ৰমণৰ বলি হৈছে। জনসাধাৰণৰ তীব্ৰ ৰোষৰ ফলস্বৰূপে তেওঁ এই আক্ৰমণৰ সন্মুখীন হয়।1