Shuru
Apke Nagar Ki App…
পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা চৈয়দা হামিদে কালি গুৱাহাটীত এখন নাগৰিক সভাত অংশ লৈ বাংলাদেশী নাগৰিক সন্দৰ্ভত আগবঢ়োৱা বিতর্কিত মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন দল-সংগঠনে আজি এই মন্তব্যৰ বিৰোধিতা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্রতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে নিজৰ স্থিতি স্পষ্ট কৰি কয়, যে অসম অনুপ্ৰৱেশকাৰীৰ আশ্ৰয়স্থল নহয়। কোনো কাৰণতে তেওঁলোকক বৈধতা প্ৰদান কৰা নহ’ব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে চৈয়দা হামিদৰ দৰে ব্যক্তিসকলে এই অনুপ্ৰৱেশকাৰীসকলক বৈধতা প্ৰদানৰ অপচেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যাগৰাকীয়ে অসমত বাংলাদেশী থাকিলেও কাৰো অধিকাৰ খৰ্ব কৰা নাই বুলি মন্তব্য কৰিছে।
DIGITAL HOJAI ▶️

More news from Sonitpur and nearby areas