Shuru
Apke Nagar Ki App…
সমাগত ঈদ উল ফিটৰৰ কোৰবানী প্ৰসংগত বুঢ়া আৰক্ষী চকীয়ে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষী চকীৰ তৰফৰ পৰা স্থানীয় মছজিদ কমিটিসমূহৰ সভাপতি আৰু সম্পাদকসকলক গৰু কোৰবানী নকৰিবলৈ বুজাই অহাৰ লগতে মুছলমান সমাজক সহযোগিতাৰে দেশৰ শান্তি, সম্প্ৰীতি আৰু একতাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখ্য যে, বহু বছৰ আগতেই উত্তৰ প্ৰদেশস্থিত দাৰুল উলুম, দেউবন্দে মুছলমান সমাজক গৰু কোৰবানী নকৰি আন আন বৈধ জন্তু কোৰবানী কৰিবলৈ গোঁহাৰি জনাইছিল। এইবাৰ জমিয়ত উলামায়ে হিন্দেও মুছলমান সমাজক গৰু কোৰবানী নিদিবলৈ আৰু হিন্দু ভাইসকলৰ ধৰ্মীয় বিশ্বাসৰ প্ৰতি শ্ৰদ্ধা জনাই আন জন্তু কোৰবানী কৰিবলৈ গোঁহাৰি জনাইছে। লগতে দাৰুল উলুম দেউবন্দ মাদ্ৰাছাৰ আচাৰ্য মৌলানা আৰ্শ্বাদ মাদানীয়ে ভাৰত চৰকাৰক গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনাইছে।
Fakharuddin Ahmed
সমাগত ঈদ উল ফিটৰৰ কোৰবানী প্ৰসংগত বুঢ়া আৰক্ষী চকীয়ে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষী চকীৰ তৰফৰ পৰা স্থানীয় মছজিদ কমিটিসমূহৰ সভাপতি আৰু সম্পাদকসকলক গৰু কোৰবানী নকৰিবলৈ বুজাই অহাৰ লগতে মুছলমান সমাজক সহযোগিতাৰে দেশৰ শান্তি, সম্প্ৰীতি আৰু একতাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখ্য যে, বহু বছৰ আগতেই উত্তৰ প্ৰদেশস্থিত দাৰুল উলুম, দেউবন্দে মুছলমান সমাজক গৰু কোৰবানী নকৰি আন আন বৈধ জন্তু কোৰবানী কৰিবলৈ গোঁহাৰি জনাইছিল। এইবাৰ জমিয়ত উলামায়ে হিন্দেও মুছলমান সমাজক গৰু কোৰবানী নিদিবলৈ আৰু হিন্দু ভাইসকলৰ ধৰ্মীয় বিশ্বাসৰ প্ৰতি শ্ৰদ্ধা জনাই আন জন্তু কোৰবানী কৰিবলৈ গোঁহাৰি জনাইছে। লগতে দাৰুল উলুম দেউবন্দ মাদ্ৰাছাৰ আচাৰ্য মৌলানা আৰ্শ্বাদ মাদানীয়ে ভাৰত চৰকাৰক গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনাইছে।
More news from অসম and nearby areas
- মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁও অঞ্চলত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মুনিয়া চৌহান নামৰ এগৰাকী মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।1
- মৰিগাঁও জিলাৰ শ’লমাৰী অঞ্চলত কেইবাদিন ধৰি এগৰাকী তিনি সন্তানৰ মাতৃ নিখোজ হৈ আছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোতে গভীৰ উদ্বেগৰ সৃষ্টি হৈছে। মহিলাগৰাকীৰ তিনিটি সন্তান, স্বামী আৰু আত্মীয়-স্বজনে তেওঁৰ কোনো সন্ধান নোপোৱাত গভীৰ চিন্তাত দিন পাৰ কৰিছে। পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপি ঘটনাটোৰ ওপৰত তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰাৰ দাবী জনাইছে। ইয়াৰ লগতে, নিখোজ মহিলাগৰাকীৰ সন্ধান পালে ওচৰৰ থানাত যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে।1
- মিজিকাজান চাহ বাগিছাত সদৌ অসম কিষাণ কুঁঢ়াৰ জাতি মহাসভাৰ নৱগঠিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হয়।1
- ৫৫ নং ধিং বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত ৰাইজৰ দলৰ বিধায়ক মেহেবুব মুক্তাৰে "কথাৰে নহয়, কামেৰে পৰিচয়" এই কথাষাৰকেই যেন বাস্তৱ ৰূপ দিছে। উন্নয়নৰ প্ৰতিশ্ৰুতিৰে জনসমৰ্থন লাভ কৰা বিধায়কগৰাকীয়ে শপত গ্ৰহণ কৰাৰ পাছতেই ধিং সমষ্টিত উন্নয়নৰ গতি তীব্ৰ কৰাৰ লক্ষ্যৰে একেৰাহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে আজি দ্বিতীয় দিনৰ বাবে ধিং সমষ্টিত মুঠ ৬ খনকৈ পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰা হয়। বিগত প্ৰায় বিশ বছৰে ধিং সমষ্টিবাসীয়ে উন্নয়নৰ মুখ নেদেখাৰ অভিযোগ উত্থাপন হৈ আহিছিল, বিশেষকৈ জৰাজীৰ্ণ পথ-ঘাটৰ সমস্যাই ৰাইজক দীৰ্ঘদিন ধৰি জুৰুলা কৰিছিল। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত উন্নয়নৰ আশাত ধিংবাসীয়ে মেহেবুব মুক্তাৰক ৭১ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত বিজয়ী কৰাইছিল। সাংবাদিকতা জীৱনৰ পৰা ৰাজনীতি ক্ষেত্ৰলৈ অহা বিধায়কগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰাৰ দিশে অগ্ৰসৰ হোৱা দেখা গৈছে। বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই তেওঁ ধিং সমষ্টিৰ জ্বলন্ত সমস্যা জৰাজীৰ্ণ পথসমূহৰ উন্নয়নৰ কাম আৰম্ভ কৰিছে। আজি দুপৰীয়া প্ৰায় ১২ বজাত SOPD-G আঁচনিৰ অধীনত ধিং সমষ্টিৰ মৈৰাধ্বজ গাঁও পঞ্চায়তৰ অন্তৰ্গত শালমাৰাবড়ী-বানেবিহাৰ পথৰ নিৰ্মাণ কাৰ্যৰো বিধায়ক মেহেবুব মুক্তাৰে শুভাৰম্ভ কৰে। স্থানীয় ৰাইজে আশা ব্যক্ত কৰিছে যে, নতুন বিধায়কৰ নেতৃত্বত ধিং সমষ্টিয়ে আগন্তুক দিনত উন্নয়নৰ এক নতুন দিশ লাভ কৰিব।1
- ৰবিবাৰৰ দিনটোত নগাঁৱৰ বৰঘাট বাইপাছৰ পেৰেডাইজ-২৭ হোটেলত এক ব্যতিক্ৰমী অনুষ্ঠানত বিশিষ্ট লেখিকা, অসম সাহিত্য সভাৰ হিতৈষী সভ্য তথা অসম লেখিকা সমাৰোহৰ নগাঁও জিলা সমিতিৰ কাৰ্যকৰী সদস্যা আৰু প্ৰাক্তন শিক্ষয়িত্ৰী মীনা বৰাৰ 'শুভাশিষ' নামৰ শিশু গ্ৰন্থখনি উন্মোচন কৰা হয়। এই বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটো লেখিকা বৰাৰ সৰু নাতিনী ৰিমঝিমৰ অন্নপ্ৰশন উপলক্ষে আয়োজন কৰা হৈছিল। লেখিকা গীতা কলিতাই সভাপতিত্ব কৰা এই গাম্ভীৰ্যপূৰ্ণ সভাত বিশিষ্ট সাংবাদিক কনক হাজৰিকাই কবিতা আৰু গীত সম্বলিত শিশু গ্ৰন্থখন উন্মোচন কৰে। বিশিষ্টা লেখিকা ড° মঞ্জু লস্কৰ বাইদেৱে নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে, আনহাতে সাহিত্য কৰ্মী প্ৰাঞ্জল বৰদলৈয়ে অনুষ্ঠানটি ঘোষক হিচাপে পৰিচালনা কৰে। এই ব্যতিক্ৰমী অনুষ্ঠানটিত বীনা শৰ্মা, উৰ্মীলা বৰুৱা আৰু লগতে নগাঁৱৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।1
- পূৰ্বে জালুকবাৰীৰ মুখ্য গেটৰ সন্মুখত প্ৰতিবাদ অনুষ্ঠিত হোৱাৰ পাছত, এইবাৰ সাতমাইলস্থিত বিশ্ববিদ্যালয় গেটত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।1
- মৰিগাঁও জিলাৰ শ'লমাৰী অঞ্চলত এগৰাকী তিনি সন্তানৰ মাতৃ কেইবাদিন ধৰি নিখোজ হৈ আছে। এই ঘটনাই তেওঁৰ স্বামী, তিনি সন্তানকে ধৰি আত্মীয়-স্বজনক গভীৰ চিন্তাত পেলাইছে।1
- জাগীৰোডৰ সিন্ধিশ্বৰত তিৱা লোকক উচ্ছেদ কৰাৰ প্ৰচেষ্টাক লৈ এতিয়া অঞ্চলটো উত্তাল হৈ পৰিছে। এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাই গৰজি উঠিছে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। তেওঁ স্পষ্টভাৱে কয় যে তেওঁৰ জাতিটোক নিশেষ কৰাৰ যিকোনো ষড়যন্ত্ৰ কোনো কাৰণতে মানি লোৱা নহ'ব। তিৱা জনগোষ্ঠীৰ ভূমি আৰু অধিকাৰ সুৰক্ষাৰ দাবীত সমগ্ৰ অঞ্চলটোৱে এতিয়া প্ৰবল প্ৰতিবাদ অব্যাহত ৰাখিছে।1
- কামৰূপ জিলাৰ বনগাঁৱৰ পাৰুগাঁৱত আই ভগৱতী পূজাৰ পৱিত্ৰ উপলক্ষ্যত এক সমূহীয়া শৰাইৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত আবাল, বৃদ্ধ, বনিতা নিৰ্বিশেষে সকলোৱে মিলি ভক্তি সহকাৰে শৰাই আগবঢ়াইছে।1