Shuru
Apke Nagar Ki App…
বন্যহস্তীৰ উপদ্ৰৱৰ বাবে হেপাহৰ ভোগালী বিহুৰ প্ৰাকক্ষণত ম্লান পৰিল এটা অঞ্চল। বাসগৃহৰ বিস্তৰ ক্ষতিসাধন।মৰঙিৰ "চেঁচামুখ গাঁৱত" ভাঙি লণ্ড ভণ্ড কৰিলে বাসগৃহ।
D B
বন্যহস্তীৰ উপদ্ৰৱৰ বাবে হেপাহৰ ভোগালী বিহুৰ প্ৰাকক্ষণত ম্লান পৰিল এটা অঞ্চল। বাসগৃহৰ বিস্তৰ ক্ষতিসাধন।মৰঙিৰ "চেঁচামুখ গাঁৱত" ভাঙি লণ্ড ভণ্ড কৰিলে বাসগৃহ।
More news from Sonitpur and nearby areas
- Post by Assam sangbad 241
- দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ গৰৈমাৰীৰ বৰাখাত খলিহামাৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ গঢ়া-খহনীয়া প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা জিঅ' বেগৰ দুৰ্নীতি সন্দৰ্ভত আমাৰ প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতা ৰাহুল চৌধুৰীৰ1
- ড্ৰাগছ মাফিয়াৰ বিপদ ঘন্টা বজাইছে আৰক্ষী বিষয়া অঞ্জনজ্যোতি শৰ্মা জোৰশিমুলীত আকৌ ড্ৰাগছসহ আটক সৰবৰাহকাৰী। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এতিয়া শূন্য সহনশীলতা অৱলম্বন কৰিছে অসম আৰক্ষীয়ে। বিশেষকৈ দক্ষিণ কামৰূপৰ জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জনজ্যোতি শৰ্মা এতিয়া ড্ৰাগছ মাফিয়াৰ বাবে হৈ পৰিছে এক মূৰৰ কামোৰণি। যোগদান কৰাৰ দুমাহ নহওঁতেই এটাৰ পিছত আন এটা সফল অভিযানে কঁকাল ভাঙিছে ড্ৰাগছ ব্যৱসায়ীৰ। ড্ৰাগছ মাফিয়াৰ হৈ কোনো দয়া নাই, ক্ষমা নাই আৰক্ষী বিষয়া অঞ্জনজ্যোতি শৰ্মাৰ। জোৰশিমুলী আৰক্ষী চকীত যোগদান কৰাৰ পিছৰে পৰাই যেন 'একচন মুড'ত আছে এইগৰাকী আৰক্ষী বিষয়া। এফালৰ পৰা ড্ৰাগছৰ ঘাটি উৎখাত কৰি ড্ৰাগছ মাফিয়াৰ টোপনি হৰণ কৰিছে আৰক্ষীয়ে। এইবাৰ ঘটনাস্থলী দক্ষিণ কামৰূপৰ জোৰশিমুলীৰ ঘোঁৰামাৰা পথাৰ। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ভাৰপ্ৰাপ্ত বিষয়া অঞ্জনজ্যোতি শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘোঁৰামাৰা পথাৰত চলাইছিল এক অতৰ্কিত অভিযান। অভিযানত আৰক্ষীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ঘোঁৰামাৰা পথাৰ গাঁৱৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হামিদ আলীক। ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে এটা চাবোনৰ বাকচত লুকুৱাই ৰখা অৱস্থাত ১০ গ্ৰাম নিষিদ্ধ হেৰোইন আৰু এটা ম’বাইল ফোন জব্দ কৰে।1
- ২৭ পুহ, সোমবাৰ..1
- ঢেকীয়াজুলিৰ মিট্টী বাজাৰ উদ্যোগৰ তৰফৰ পৰা ৰাজ্যবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা1
- পলাশবাৰী সমষ্টিৰ কঠালবামাৰ অন্তৰ্গত শ্ৰী শ্ৰীবুঢ়া গোঁসাই নামঘৰৰ শতবৰ্ষ উদযাপন1
- দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গুমীত ছয়গাঁও আৰক্ষীৰ গৰুৰ বিৰুদ্ধে বৃহৎ অভিযান । অভিযানত জব্দ ২০ টা বলধ গৰু সহ ৩ জন চালক হেন্দিমেন । ছয়গাঁও থানাৰ আৰক্ষী বিষয়া বিজয় দুৱাৰাৰ নেতৃত্বত চলিছিল এই অভিযান । ছয়গাঁও আৰক্ষীয়ে গৰু ভৰ্ত্তি AS-01, TC-5405 নম্বৰৰ বাহনখন ৰখাবলৈ সংকেত দিয়ে যদিও চালকে পথ সলনি কৰি পলাবলৈ চেষ্টা কৰোঁতে খেদি খেদি জব্দ কৰে বাহনখন ।1
- দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ মাজগুমীত নৃশংস হত্যাকাণ্ড । নিশা ঘৰৰ ভিতৰত সোমাই আন্ধাৰৰ সুযোগ লৈ হানি খুচি নিৰ্মমভাৱে হত্যা মাজগুমীৰ চমেজ আলী(৩৬)ক । পত্নী নথকাৰ সুযোগত লৈ দূৰ্বৃত্তই কৰিলে এই হত্যাকাণ্ড । দুটি কণমানি সন্তানৰ পিতৃ আছিল চমেজ আলী । কি উদ্দেশ্যত কোনে হত্যা কৰিলে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । সম্প্ৰতি মৃতদেহটো ছয়গাঁও থানালৈ অনা হৈছে । ইতিমধ্যে আৰক্ষীয়ে দুই এজনক সোধা-পোচা কৰাৰ বাবে থানালৈ আনিছে ।1
- ছয়গাঁৱত বিজেপি নেত্ৰী অয়ুস্মিতা ডেকাৰ ৰাইজৰ সৈতে মতবিনিময়।1