Shuru
Apke Nagar Ki App…
যমুনামুখৰ কণমানি প্ৰতিভা ১৮ মহীয়া আৰহাম আহমেদে গঢ়িলে ৰাজ্যিক ৰেকৰ্ড। নগাঁও জিলাৰ যমুনামুখৰ এজন অতি কণমানি শিশু, মাত্ৰ ১৮ মাহ ২৮ দিন বয়সীয়া আৰহাম আহমেদে তেওঁৰ অসাধাৰণ বুদ্ধিমত্তা আৰু স্মৃতি শক্তিৰ জৰিয়তে ২০২৫–২৬ বৰ্ষৰ Assam Book of Record-ৰ অধীনত “Early Learning Achievement” শাখাত ৰাজ্যিক ৰেকৰ্ড স্থাপন কৰি সমগ্ৰ অঞ্চলটোক গৌৰৱান্বিত কৰিছে। আৰহাম আহমেদ হৈছে যমুনামুখৰ বৰজাৰী মাজগাও ওৰফে আমতলা অঞ্চলৰ বাসিন্দা ৰফিক উদ্দিন আৰু মৌচুমি বেগমৰ একমাত্ৰ পুত্ৰ। তেওঁৰ পিতৃ ৰফিক উদ্দিন যমুনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এজন শিক্ষক হিচাপে কৰ্মৰত। পৰিয়ালৰ শৃংখলাবদ্ধ পৰিবেশ, নিয়মীয়া অনুশীলন আৰু পিতৃ-মাতৃৰ যত্ন-স্নেহৰ ফলতেই আৰহামে ইমান কম বয়সতে এনে এক অসাধাৰণ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি পিতৃ ৰফিক উদ্দিনে মত প্ৰকাশ কৰিছে।
Bittuahmed

More news from অসম and nearby areas
- Post by DeV 24 News1
- এইবেলি নিকেতনখনৰ পৰা মুঠ ৮১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। তাৰে ৩ জনে ডিষ্টিংচন, ৫ জনে ষ্টাৰ, ৪৫ জনে প্ৰথম বিভাগ, ৩২ জনে দ্বিতীয় বিভাগ আৰু এজনে তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। পাহাৰীয়া জিলা কাৰ্বি আংলঙত সৰ্বোচ্চ নম্বৰৰ লগতে সংস্কৃত বিষয়ত এশ শতাংশ নম্বৰ লাভ কৰা এই নিকেতনৰ ছাত্ৰী অলংকৃতা বৰকটকীকো অভিনন্দন জ্ঞাপন কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত কৃতী ছাত্ৰ-ছাত্ৰীসকলক নিকেতন প্ৰাংগণত এখনি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। নিকেতন পৰিচালনা সমিতিৰ সম্পাদক কমল শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি ভৱেশ চন্দ্ৰ ৰাজবংশীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিতি থাকে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেবেন্দ্ৰ শৰ্মা ।2
- মাদ্ৰাছাৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন ধৰণৰ শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে। শিশু শ্ৰমিক বন্ধ কৰক, শিক্ষা আমাৰ মৌলিক অধিকাৰ, আমাৰ শিক্ষা লাগে শিক্ষা দিয়ক আদি বিভিন্ন শ্লোগানেৰে এক জাগৰণ সৃষ্টি কৰে। মাদ্ৰাছাৰ শিক্ষা কেৱল ধৰ্মীয় দিশতে সীমাবদ্ধ নহয়,ইছলামিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষা প্ৰদান কৰি আমাৰ সমাজৰ নতুন প্ৰজন্মক গঢ়ি তোলাত এই অনুষ্ঠানসমূহৰ ভূমিকা অপৰিসীম।1
- সোমবাৰে জম্মু-কাশ্মীৰৰ ৰামনগৰ-উধমপুৰ ঘাইপথৰ কাগোটৰ সমীপত এখন যাত্ৰীবাহী বাছ ওলোট খাই পৰাৰ ফলত অতি কমেও ১৫ জন লোকে প্ৰাণ হেৰুৱাইছে।1
- Post by Tezpur Barta1
- Post by Mahesh kumar das1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি পৌৰসভা এলেকাত এখন চিৰাৰ মিলে বিপদত পেলাইছে এটা পৰিয়ালক1
- Post by DeV 24 News1