বৰপেটা জিলাৰ কলগাছিয়াৰ বৰটাৰী গাঁৱত সংঘটিত এক হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰশাসনে আজি ঘটনাস্থলীত গ্ৰেপ্তাৰ কৰা দুজন অভিযুক্তক উপস্থিত কৰোৱাই হত্যাকাণ্ডৰ ডেমো প্ৰদৰ্শন কৰে। এই ডেমো প্ৰদৰ্শন কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত কৰা হৈছিল। উল্লেখ্য যে, যোৱা ১ জুন তাৰিখে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰটাৰী গাঁৱত এক শিহৰণকাৰী হত্যাকাণ্ড সংঘটিত হৈছিল। অভিযোগ অনুসৰি, বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘোৰামাৰা গাঁৱৰ ইছমাইল হোছেইন নামৰ এজনক বৰটাৰী গাঁৱৰ বৰকত আলী মণ্ডল আৰু তেওঁৰ দুই পুত্ৰ নজৰুল ইছলাম আৰু ৰকিবুল ইছলামে লাঠিৰে কোবাই হত্যা কৰিছিল। এই ঘটনাৰ পিছতে কলগাছিয়া আৰক্ষীয়ে নজৰুল ইছলাম আৰু ৰকিবুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল। আন কেইবাজনো অভিযুক্ত এতিয়াও পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। এই হত্যাকাণ্ডৰ সৈতে জড়িত দোষীসকলক ফাঁচী দিয়াৰ দাবী জনাইছে ইছমাইল হোছেইনৰ পত্নীৰ লগতে স্থানীয় ৰাইজে।

- কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰাকৃতিক গেছ আন্তঃগাঁথনি প্ৰকল্প ভাৰ্চুৱেলীভাৱে উদ্বোধন কৰা হৈছে। এই উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত মঙলদৈত PNG যোগান আৰু তেজপুৰত CNG সুবিধাৰ ব্যৱস্থা অন্তৰ্ভুক্ত।1
- বজালী জিলাৰ পাঠশালাৰ হৰিপুৰত ভুৱা চিবিআই বিষয়া হিচাপে পৰিচয় দি ফুৰা লক্ষণ বৰুৱা এতিয়া বিপদত পৰিছে। পাঠশালাতে বজৰং দলৰ সদস্যসকলে এই ভুৱা বিষয়াজনক কৰায়ত্ত কৰি আৰক্ষীৰ হাতত গতাই দিয়ে।1
- মংগলবাৰে দিনৰ ১২ বজাত ছিপনছিলাত বন বিভাগ আৰু স্থানীয় ৰাইজে বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত এক ব্যতিক্ৰমী তথা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে, সংৰক্ষিত বনাঞ্চলৰ পৰা চোৰাংকৈ গছ কটাৰ অপৰাধত ধৃত পাঁচগৰাকী যুৱকক কাৰাগাৰলৈ নপঠিয়াই এক অনবদ্য 'সেউজ শাস্তি' প্ৰদান কৰা হৈছে। এই শাস্তিৰ অধীনত পাঁচ যুৱকক ১৫০০ গছপুলি ৰোপণ কৰাৰ লগতে সেইবোৰ ডাঙৰ-দীঘল কৰি সম্পূৰ্ণৰূপে ৰক্ষণাবেক্ষণ দিয়াৰ গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে। ছিপনছিলা গাঁৱৰ স্থানীয় ৰাইজৰ সহযোগত বন বিভাগে গ্ৰহণ কৰা এই ব্যতিক্ৰমী কাৰ্যই বনাঞ্চল সংৰক্ষণৰ দিশত এক নতুন দৃষ্টান্ত স্থাপন কৰিছে।1
- বাক্সা জিলাত বান্দৰৰ অত্যাচাৰৰ ফলত জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। এই বান্দৰবোৰৰ আক্ৰমণৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈ ভয় কৰিবলৈ লৈছে।1
- বৰ্তমান সমগ্ৰ ৰাজ্যতে আহোমীয়া কৃষিজীৱনৰ এক ব্যস্ত সময় চলিছে। ধান খেতিৰ বাবে কঠিয়া তোলাৰ কামত কৃষক, শ্ৰমিক আৰু ৰোৱনীসকল ব্যস্ত হৈ পৰিছে। বাক্সা জিলাৰ শালবাৰী অঞ্চলৰ উধিয়াগুৰিতো একেই ব্যস্ত দৃশ্য পৰিলক্ষিত হৈছে।1
- গোৱালপাৰা জিলাত এজন যুৱক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। মোনোৱাৰ হুছেইন নামৰ এই যুৱকজনে চিকিৎসাৰ বাবে গোৱালপাৰালৈ গৈছিল, তাৰ পিছৰে পৰা তেওঁৰ কোনো খবৰ নাই।1
- মাননীয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৃষ্ণগুৰু সেৱাশ্ৰমত গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ পৰা আশীষ গ্ৰহণ কৰে।1
- বাক্সা জিলাৰ কাহিতামা-উন্নেকুৰী পথটো স্বাধীনতাৰ ৭৮ বছৰ পিছতো এতিয়ালৈকে পকীকৰণ নোহোৱাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। পথৰ এই দুৰৱস্থাৰ বাবে গঞা ৰাইজে গভীৰ অসন্তুষ্টি ব্যক্ত কৰিছে।1
- বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত ৰূপহীত থকা পূৰ্ণিমা স্বৰ্গীয়াৰী মেম’ৰিয়েল সংগীত বিদ্যালয়ৰ নৱনিৰ্মিত ভৱনটো এক বৰ্ণাঢ্য আৰু গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।2