logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত বৰপেটা জিলাত ১৫ মে'ৰ পৰা দেশজুৰি চলি থকা "জন ভাগিদাৰী অভিযান – সবচে দূৰ, সবচে পেহলে" কাৰ্যসূচীৰ আজি সামৰণি পৰে। বৰপেটা জিলাৰ শুহা গাঁৱৰ বড়ো জনজাতি বসতিপূৰ্ণ এলেকাত এই অভিযানৰ বিভিন্ন কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰা হয়। সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত জনজাতি অধ্যুষিত শুহা গাঁৱত জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই এই অভিযানৰ শুভাৰম্ভ কৰিছিল আৰু অনুষ্ঠানত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল। এই জন ভাগিদাৰী অভিযানৰ অংশ হিচাপে বিভিন্ন বিভাগে বড়ো জনজাতি অধ্যুষিত এলেকাসমূহত বিশেষ শিবিৰ অনুষ্ঠিত কৰে। বিশেষকৈ স্বাস্থ্য শিবিৰ, আই টি ডি পি, মীন বিভাগ, সামাজিক বনায়ন, পশু চিকিৎসা বিভাগ আদিৰ জৰিয়তে বিভিন্ন সজাগতা আৰু সেৱামূলক কাৰ্যসূচী সম্পন্ন কৰা হয়। অঞ্চলটোৰ বড়ো জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেৰে এই সপ্তাহজোৰা কাৰ্যসূচীসমূহ সফলভাৱে সম্পন্ন হয়। অভিযানৰ মূল উদ্দেশ্য আছিল পিছপৰা জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ ঘৰে ঘৰে চৰকাৰী সুবিধা দুৱাৰদলিলৈ লৈ যোৱা, যাতে কোনো যোগ্য হিতাধিকাৰী চৰকাৰী সুবিধাৰ পৰা বঞ্চিত নহয়। এই অভিযানৰ জৰিয়তে আধাৰ আপডেটকৰণৰ লগতে জনসাধাৰণৰ অভিযোগ গ্ৰহণ আৰু নিষ্পত্তিও এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰা হয়। বৰপেটা জিলা আৱৰ্ত ভৱনত অনুষ্ঠিত হোৱা এক সংবাদমেল যোগে বৰপেটা জিলা উন্নয়ন আয়ুক্ত গীতালী দুৱৰাই সদৰী কৰে যে এই অভিযানৰ জৰিয়তে মুঠ ২১০টা অভিযোগ সমাধান কৰা হৈছে আৰু ৫২৮টা অভিযোগ সমাধানৰ বাবে গ্ৰহণ কৰা হৈছে। বৰপেটা জিলাৰ মৰিগাঁও, হতাপাৰা, শুভা, দক্ষিণ বুঢ়ীখাৰ, কমাৰগাঁও, বৰঘোপা, গহিয়া আদি ৭খন গাঁৱৰ প্ৰায় বিশ হাজাৰ লোকক এই অভিযানে সামৰি লয়। আজিৰ অন্তিম দিনত বিভিন্ন খেল-ধেমালিৰ কাৰ্যসূচীৰে এই সপ্তাহজোৰা অভিযানৰ সফল সামৰণি পৰে।

3 hrs ago
user_BAGHBAR TIME
BAGHBAR TIME
Local News Reporter বাঘবৰ, বৰপেটা, অসম•
3 hrs ago

ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত বৰপেটা জিলাত ১৫ মে'ৰ পৰা দেশজুৰি চলি থকা "জন ভাগিদাৰী অভিযান – সবচে দূৰ, সবচে পেহলে" কাৰ্যসূচীৰ আজি সামৰণি পৰে। বৰপেটা জিলাৰ শুহা গাঁৱৰ বড়ো জনজাতি বসতিপূৰ্ণ এলেকাত এই অভিযানৰ বিভিন্ন কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰা হয়। সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত জনজাতি অধ্যুষিত শুহা গাঁৱত জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই এই অভিযানৰ শুভাৰম্ভ কৰিছিল আৰু অনুষ্ঠানত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল। এই জন ভাগিদাৰী অভিযানৰ অংশ হিচাপে বিভিন্ন বিভাগে বড়ো জনজাতি অধ্যুষিত এলেকাসমূহত বিশেষ শিবিৰ অনুষ্ঠিত কৰে। বিশেষকৈ স্বাস্থ্য শিবিৰ, আই টি ডি পি, মীন বিভাগ, সামাজিক বনায়ন, পশু চিকিৎসা বিভাগ আদিৰ জৰিয়তে বিভিন্ন সজাগতা আৰু সেৱামূলক কাৰ্যসূচী সম্পন্ন কৰা হয়। অঞ্চলটোৰ বড়ো জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেৰে এই সপ্তাহজোৰা কাৰ্যসূচীসমূহ সফলভাৱে সম্পন্ন হয়। অভিযানৰ মূল উদ্দেশ্য আছিল পিছপৰা জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ ঘৰে ঘৰে চৰকাৰী সুবিধা দুৱাৰদলিলৈ লৈ যোৱা, যাতে কোনো যোগ্য হিতাধিকাৰী চৰকাৰী সুবিধাৰ পৰা বঞ্চিত নহয়। এই অভিযানৰ জৰিয়তে আধাৰ আপডেটকৰণৰ লগতে জনসাধাৰণৰ অভিযোগ গ্ৰহণ আৰু নিষ্পত্তিও এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰা হয়। বৰপেটা জিলা আৱৰ্ত ভৱনত অনুষ্ঠিত হোৱা এক সংবাদমেল যোগে বৰপেটা জিলা উন্নয়ন আয়ুক্ত গীতালী দুৱৰাই সদৰী কৰে যে এই অভিযানৰ জৰিয়তে মুঠ ২১০টা অভিযোগ সমাধান কৰা হৈছে আৰু ৫২৮টা অভিযোগ সমাধানৰ বাবে গ্ৰহণ কৰা হৈছে। বৰপেটা জিলাৰ মৰিগাঁও, হতাপাৰা, শুভা, দক্ষিণ বুঢ়ীখাৰ, কমাৰগাঁও, বৰঘোপা, গহিয়া আদি ৭খন গাঁৱৰ প্ৰায় বিশ হাজাৰ লোকক এই অভিযানে সামৰি লয়। আজিৰ অন্তিম দিনত বিভিন্ন খেল-ধেমালিৰ কাৰ্যসূচীৰে এই সপ্তাহজোৰা অভিযানৰ সফল সামৰণি পৰে।

More news from অসম and nearby areas
  • কামৰূপ জিলাৰ বনগাঁৱৰ পাৰুগাঁৱত আই ভগৱতী পূজাৰ পৱিত্ৰ উপলক্ষ্যত এক সমূহীয়া শৰাইৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত আবাল, বৃদ্ধ, বনিতা নিৰ্বিশেষে সকলোৱে মিলি ভক্তি সহকাৰে শৰাই আগবঢ়াইছে।
    1
    কামৰূপ জিলাৰ বনগাঁৱৰ পাৰুগাঁৱত আই ভগৱতী পূজাৰ পৱিত্ৰ উপলক্ষ্যত এক সমূহীয়া শৰাইৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত আবাল, বৃদ্ধ, বনিতা নিৰ্বিশেষে সকলোৱে মিলি ভক্তি সহকাৰে শৰাই আগবঢ়াইছে।
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    6 hrs ago
  • মেঘালয় পাহাৰৰ পৰা নামি অহা পাহাৰীয়া ঢলৰ ফলত শিমলাবাৰী পঞ্চায়তৰ অন্তৰ্গত ইৰিগেচন (চুইচগেট) / ফুলগাছাৰ পৰা গোছাইডিবিলৈ যোৱা একমাত্ৰ পথটো ভাঙি গৈছে। এই গুৰুত্বপূৰ্ণ পথটো বিধ্বস্ত হোৱাৰ বাবে অঞ্চলটোৰ জনসাধাৰণৰ যাতায়াত ব্যৱস্থাত চৰম দুৰ্ভোগৰ সৃষ্টি হৈছে। বিশেষকৈ বিদ্যালয়-মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ ফলত মাৰাত্মক সমস্যাৰ সন্মুখীন হৈছে। স্থানীয় বাসিন্দাসকলে জনাইছে যে এই পথটো দৈনিক অসংখ্য লোকৰ যাতায়াতৰ একমাত্ৰ ভৰসা। বৰ্তমান নদীৰ তীব্ৰ সোঁতে পথটো ভঙাৰ বাবে যিকোনো সময়তে এক বৃহৎ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশঙ্কাই দেখা দিছে। সেয়েহে, স্থানীয় ৰাইজে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ ওচৰত অতি শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াত স্বাভাৱিক কৰিবলৈ আৰু স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ জৰুৰীভাৱে দাবী জনাইছে।
    1
    মেঘালয় পাহাৰৰ পৰা নামি অহা পাহাৰীয়া ঢলৰ ফলত শিমলাবাৰী পঞ্চায়তৰ অন্তৰ্গত ইৰিগেচন (চুইচগেট) / ফুলগাছাৰ পৰা গোছাইডিবিলৈ যোৱা একমাত্ৰ পথটো ভাঙি গৈছে। এই গুৰুত্বপূৰ্ণ পথটো বিধ্বস্ত হোৱাৰ বাবে অঞ্চলটোৰ জনসাধাৰণৰ যাতায়াত ব্যৱস্থাত চৰম দুৰ্ভোগৰ সৃষ্টি হৈছে।

বিশেষকৈ বিদ্যালয়-মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ ফলত মাৰাত্মক সমস্যাৰ সন্মুখীন হৈছে। স্থানীয় বাসিন্দাসকলে জনাইছে যে এই পথটো দৈনিক অসংখ্য লোকৰ যাতায়াতৰ একমাত্ৰ ভৰসা। বৰ্তমান নদীৰ তীব্ৰ সোঁতে পথটো ভঙাৰ বাবে যিকোনো সময়তে এক বৃহৎ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশঙ্কাই দেখা দিছে।

সেয়েহে, স্থানীয় ৰাইজে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ ওচৰত অতি শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াত স্বাভাৱিক কৰিবলৈ আৰু স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ জৰুৰীভাৱে দাবী জনাইছে।
    user_Jaleswar news 24
    Jaleswar news 24
    Social Media Manager লক্ষীপুৰ, গোৱালপাৰা, অসম•
    10 hrs ago
  • মন্ত্ৰী অতুল বৰাই আজি সদৰি কৰিছে যে বিধানসভাত ইউনিফৰ্ম চিভিল ক'ড (UCC) উত্থাপন কৰা হৈছে। এই কাৰ্যই পূৰ্বৰ কাৰ্যকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এক ঘোষণাৰ প্ৰতিফলন ঘটাইছে। মুখ্যমন্ত্ৰী শৰ্মাই সেই সময়ত স্পষ্টকৈ কৈছিল যে যদি বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহে আৰু তেওঁ মুখ্যমন্ত্ৰী হয়, তেন্তে তেওঁ প্ৰথমখন বিধানসভা অধিৱেশনতে UCC আনিব। মন্ত্ৰী অতুল বৰাই এই পদক্ষেপক ‘কথা মতেই কাম’ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণ হোৱাৰ কথাটোকে দোহাৰে।
    1
    মন্ত্ৰী অতুল বৰাই আজি সদৰি কৰিছে যে বিধানসভাত ইউনিফৰ্ম চিভিল ক'ড (UCC) উত্থাপন কৰা হৈছে। এই কাৰ্যই পূৰ্বৰ কাৰ্যকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এক ঘোষণাৰ প্ৰতিফলন ঘটাইছে।

মুখ্যমন্ত্ৰী শৰ্মাই সেই সময়ত স্পষ্টকৈ কৈছিল যে যদি বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহে আৰু তেওঁ মুখ্যমন্ত্ৰী হয়, তেন্তে তেওঁ প্ৰথমখন বিধানসভা অধিৱেশনতে UCC আনিব। মন্ত্ৰী অতুল বৰাই এই পদক্ষেপক ‘কথা মতেই কাম’ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণ হোৱাৰ কথাটোকে দোহাৰে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    5 hrs ago
  • অসম বিধানসভাৰ মজিয়াত ইউনিফৰ্ম চিভিল ক'ড (UCC) বিধেয়ক উত্থাপন হোৱাৰ পিছতে এবিএমছুৰ সভাপতি টাইচন হুছেইনে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
    1
    অসম বিধানসভাৰ মজিয়াত ইউনিফৰ্ম চিভিল ক'ড (UCC) বিধেয়ক উত্থাপন হোৱাৰ পিছতে এবিএমছুৰ সভাপতি টাইচন হুছেইনে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    8 hrs ago
  • ৰঙিয়া অঞ্চলত শেহতীয়াকৈ দৈনিক সংঘটিত হৈ থকা চুৰিকাণ্ডৰ ধাৰাবাহিকতাই এতিয়া সমগ্ৰ ৰঙিয়াক জোকাৰি গৈছে। পূৰ্বৰ বহুকেইটা চুৰিৰ ঘটনাৰ ৰহস্য মাৰ নোযোৱাৰ মাজতে যোৱা নিশা পুনৰ ৰঙিয়াৰ নিউ মাৰ্কেটত চোৰে এক দুঃসাহসিক চাফাই অভিযান চলায়। ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে পুৱা জয়া কলিতাৰ পৰিয়ালটো নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰলৈ গৈছিল। গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি বৃহৎ চুৰি সংঘটিত কৰে। পিছত পৰিয়ালটো ঘৰলৈ উভতি আহি সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে এক হুৱা-দুৱাৰ সৃষ্টি হয়। এই ঘটনা সন্দৰ্ভত লগে লগে ৰঙিয়া আৰক্ষীক খবৰ দিয়া হয়। খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত ৰঙিয়া আৰক্ষীৰ লগতে ফৰেনছিকৰ এটা বিশেষ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। বৰ্তমান ৰঙিয়া আৰক্ষী আৰু ফৰেনছিকৰ বিশেষ দলটোৱে সমগ্ৰ ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।
    1
    ৰঙিয়া অঞ্চলত শেহতীয়াকৈ দৈনিক সংঘটিত হৈ থকা চুৰিকাণ্ডৰ ধাৰাবাহিকতাই এতিয়া সমগ্ৰ ৰঙিয়াক জোকাৰি গৈছে। পূৰ্বৰ বহুকেইটা চুৰিৰ ঘটনাৰ ৰহস্য মাৰ নোযোৱাৰ মাজতে যোৱা নিশা পুনৰ ৰঙিয়াৰ নিউ মাৰ্কেটত চোৰে এক দুঃসাহসিক চাফাই অভিযান চলায়।

ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে পুৱা জয়া কলিতাৰ পৰিয়ালটো নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰলৈ গৈছিল। গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি বৃহৎ চুৰি সংঘটিত কৰে। পিছত পৰিয়ালটো ঘৰলৈ উভতি আহি সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে এক হুৱা-দুৱাৰ সৃষ্টি হয়।

এই ঘটনা সন্দৰ্ভত লগে লগে ৰঙিয়া আৰক্ষীক খবৰ দিয়া হয়। খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত ৰঙিয়া আৰক্ষীৰ লগতে ফৰেনছিকৰ এটা বিশেষ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। বৰ্তমান ৰঙিয়া আৰক্ষী আৰু ফৰেনছিকৰ বিশেষ দলটোৱে সমগ্ৰ ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    11 hrs ago
  • পবিত্ৰ ঈদ উজ জোহা সমাগত হোৱাৰ মাজতে, মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ধুবুৰী চহৰৰ ছাগলীৰ বজাৰত ছাগলীৰ মূল্য অত্যাধিক হাৰত বৃদ্ধি পাইছে। ঈদৰ প্ৰাকমুহূৰ্তত ছাগলীৰ এই আকাশলংঘী মূল্যবৃদ্ধিয়ে ক্ৰেতাসকলক হতভম্ব কৰি তুলিছে।
    1
    পবিত্ৰ ঈদ উজ জোহা সমাগত হোৱাৰ মাজতে, মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ধুবুৰী চহৰৰ ছাগলীৰ বজাৰত ছাগলীৰ মূল্য অত্যাধিক হাৰত বৃদ্ধি পাইছে। ঈদৰ প্ৰাকমুহূৰ্তত ছাগলীৰ এই আকাশলংঘী মূল্যবৃদ্ধিয়ে ক্ৰেতাসকলক হতভম্ব কৰি তুলিছে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    6 hrs ago
  • বৰপেটা জিলাৰ বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত নিজ বাঘবৰত আজি সন্ধিয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মৰ্মান্তিক দুৰ্ঘটনাত এজনী ১০ বছৰীয়া কিশোৰীয়ে কৰুণভাৱে প্ৰাণ হেৰুৱাব লগা হয়। আনহাতে, এই দুৰ্ঘটনাত এজন বাইক চালক গুৰুতৰভাৱে আহত হৈছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ নামি অহাৰ লগতে তীব্ৰ উত্তেজনাও বিৰাজ কৰিছে।
    1
    বৰপেটা জিলাৰ বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত নিজ বাঘবৰত আজি সন্ধিয়া সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মৰ্মান্তিক দুৰ্ঘটনাত এজনী ১০ বছৰীয়া কিশোৰীয়ে কৰুণভাৱে প্ৰাণ হেৰুৱাব লগা হয়। আনহাতে, এই দুৰ্ঘটনাত এজন বাইক চালক গুৰুতৰভাৱে আহত হৈছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ নামি অহাৰ লগতে তীব্ৰ উত্তেজনাও বিৰাজ কৰিছে।
    user_BAGHBAR TIME
    BAGHBAR TIME
    Local News Reporter বাঘবৰ, বৰপেটা, অসম•
    18 hrs ago
  • কামৰূপ জিলাৰ ছয়গাঁৱৰ ১ নং জামবাৰীৰ বাসিন্দা আজগৰ খান আৰু ইলিজা বেগমৰ পুত্ৰ আতিক আছলম এজন ১৬ বছৰীয়া কিশোৰ, যি এক সুমধুৰ কণ্ঠৰ অধিকাৰী। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ এই ছাত্ৰজনৰ মনত এক বিশাল সপোন পুহি আছে।
    1
    কামৰূপ জিলাৰ ছয়গাঁৱৰ ১ নং জামবাৰীৰ বাসিন্দা আজগৰ খান আৰু ইলিজা বেগমৰ পুত্ৰ আতিক আছলম এজন ১৬ বছৰীয়া কিশোৰ, যি এক সুমধুৰ কণ্ঠৰ অধিকাৰী। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ এই ছাত্ৰজনৰ মনত এক বিশাল সপোন পুহি আছে।
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    19 hrs ago
  • বিধায়ক মানৱ ডেকাই লিভ-ইন সম্পৰ্কক সমাজৰ এক ব্যাধি আখ্যা দিছে। তেওঁ স্পষ্টকৈ কয় যে অস্বীকৃত লিভ-ইন সম্পৰ্কৰ ফলত সমাজত 'ছুইচাইড মাৰ্ডাৰ'ৰ দৰে ঘটনা বৃদ্ধি পাইছে। তেওঁ লগতে অভিযোগ কৰে যে এনে সম্পৰ্কত ধৰ্ম লুকুৱাবলগীয়া হয়, আৰু ইয়াৰ লগত 'লভ জেহাদ'ৰ বিষয়টো জড়িত হৈ আছে।
    1
    বিধায়ক মানৱ ডেকাই লিভ-ইন সম্পৰ্কক সমাজৰ এক ব্যাধি আখ্যা দিছে। তেওঁ স্পষ্টকৈ কয় যে অস্বীকৃত লিভ-ইন সম্পৰ্কৰ ফলত সমাজত 'ছুইচাইড মাৰ্ডাৰ'ৰ দৰে ঘটনা বৃদ্ধি পাইছে। তেওঁ লগতে অভিযোগ কৰে যে এনে সম্পৰ্কত ধৰ্ম লুকুৱাবলগীয়া হয়, আৰু ইয়াৰ লগত 'লভ জেহাদ'ৰ বিষয়টো জড়িত হৈ আছে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.