Shuru
Apke Nagar Ki App…
মেঘালয়ৰ পৰা অসমলৈ অবৈধভাৱে কাঠ সৰবৰাহ কৰি থকা AS15 C 3822 নম্বৰৰ এখন বলেৰো বাহন কলগাছিয়াত জব্দ কৰা হৈছে। অভিযোগ অনুসৰি, কয়াখুচিৰ ছাদ্দামৰ নেতৃত্বত এই ৰমৰমীয়া চোৰাং কাঠৰ ব্যৱসায় চলি আছে। নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ কাঠসহ বাহনখন আটক কৰা হয়।
NeTV - North East TV
মেঘালয়ৰ পৰা অসমলৈ অবৈধভাৱে কাঠ সৰবৰাহ কৰি থকা AS15 C 3822 নম্বৰৰ এখন বলেৰো বাহন কলগাছিয়াত জব্দ কৰা হৈছে। অভিযোগ অনুসৰি, কয়াখুচিৰ ছাদ্দামৰ নেতৃত্বত এই ৰমৰমীয়া চোৰাং কাঠৰ ব্যৱসায় চলি আছে। নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ কাঠসহ বাহনখন আটক কৰা হয়।
More news from অসম and nearby areas
- কামৰূপ জিলাৰ বনগাঁৱৰ পাৰুগাঁৱত আই ভগৱতী পূজাৰ পৱিত্ৰ উপলক্ষ্যত এক সমূহীয়া শৰাইৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত আবাল, বৃদ্ধ, বনিতা নিৰ্বিশেষে সকলোৱে মিলি ভক্তি সহকাৰে শৰাই আগবঢ়াইছে।1
- মেঘালয় পাহাৰৰ পৰা নামি অহা পাহাৰীয়া ঢলৰ ফলত শিমলাবাৰী পঞ্চায়তৰ অন্তৰ্গত ইৰিগেচন (চুইচগেট) / ফুলগাছাৰ পৰা গোছাইডিবিলৈ যোৱা একমাত্ৰ পথটো ভাঙি গৈছে। এই গুৰুত্বপূৰ্ণ পথটো বিধ্বস্ত হোৱাৰ বাবে অঞ্চলটোৰ জনসাধাৰণৰ যাতায়াত ব্যৱস্থাত চৰম দুৰ্ভোগৰ সৃষ্টি হৈছে। বিশেষকৈ বিদ্যালয়-মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ ফলত মাৰাত্মক সমস্যাৰ সন্মুখীন হৈছে। স্থানীয় বাসিন্দাসকলে জনাইছে যে এই পথটো দৈনিক অসংখ্য লোকৰ যাতায়াতৰ একমাত্ৰ ভৰসা। বৰ্তমান নদীৰ তীব্ৰ সোঁতে পথটো ভঙাৰ বাবে যিকোনো সময়তে এক বৃহৎ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশঙ্কাই দেখা দিছে। সেয়েহে, স্থানীয় ৰাইজে চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ ওচৰত অতি শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াত স্বাভাৱিক কৰিবলৈ আৰু স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ জৰুৰীভাৱে দাবী জনাইছে।1
- অসম বিধানসভাৰ মজিয়াত ইউনিফৰ্ম চিভিল ক'ড (UCC) বিধেয়ক উত্থাপন হোৱাৰ পিছতে এবিএমছুৰ সভাপতি টাইচন হুছেইনে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।1
- ৰঙিয়া অঞ্চলত শেহতীয়াকৈ দৈনিক সংঘটিত হৈ থকা চুৰিকাণ্ডৰ ধাৰাবাহিকতাই এতিয়া সমগ্ৰ ৰঙিয়াক জোকাৰি গৈছে। পূৰ্বৰ বহুকেইটা চুৰিৰ ঘটনাৰ ৰহস্য মাৰ নোযোৱাৰ মাজতে যোৱা নিশা পুনৰ ৰঙিয়াৰ নিউ মাৰ্কেটত চোৰে এক দুঃসাহসিক চাফাই অভিযান চলায়। ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে পুৱা জয়া কলিতাৰ পৰিয়ালটো নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰলৈ গৈছিল। গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি বৃহৎ চুৰি সংঘটিত কৰে। পিছত পৰিয়ালটো ঘৰলৈ উভতি আহি সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে এক হুৱা-দুৱাৰ সৃষ্টি হয়। এই ঘটনা সন্দৰ্ভত লগে লগে ৰঙিয়া আৰক্ষীক খবৰ দিয়া হয়। খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত ৰঙিয়া আৰক্ষীৰ লগতে ফৰেনছিকৰ এটা বিশেষ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। বৰ্তমান ৰঙিয়া আৰক্ষী আৰু ফৰেনছিকৰ বিশেষ দলটোৱে সমগ্ৰ ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।1
- মন্ত্ৰী অতুল বৰাই আজি সদৰি কৰিছে যে বিধানসভাত ইউনিফৰ্ম চিভিল ক'ড (UCC) উত্থাপন কৰা হৈছে। এই কাৰ্যই পূৰ্বৰ কাৰ্যকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এক ঘোষণাৰ প্ৰতিফলন ঘটাইছে। মুখ্যমন্ত্ৰী শৰ্মাই সেই সময়ত স্পষ্টকৈ কৈছিল যে যদি বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহে আৰু তেওঁ মুখ্যমন্ত্ৰী হয়, তেন্তে তেওঁ প্ৰথমখন বিধানসভা অধিৱেশনতে UCC আনিব। মন্ত্ৰী অতুল বৰাই এই পদক্ষেপক ‘কথা মতেই কাম’ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণ হোৱাৰ কথাটোকে দোহাৰে।1
- পবিত্ৰ ঈদ উজ জোহা সমাগত হোৱাৰ মাজতে, মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ধুবুৰী চহৰৰ ছাগলীৰ বজাৰত ছাগলীৰ মূল্য অত্যাধিক হাৰত বৃদ্ধি পাইছে। ঈদৰ প্ৰাকমুহূৰ্তত ছাগলীৰ এই আকাশলংঘী মূল্যবৃদ্ধিয়ে ক্ৰেতাসকলক হতভম্ব কৰি তুলিছে।1
- কামৰূপ জিলাৰ ছয়গাঁৱৰ ১ নং জামবাৰীৰ বাসিন্দা আজগৰ খান আৰু ইলিজা বেগমৰ পুত্ৰ আতিক আছলম এজন ১৬ বছৰীয়া কিশোৰ, যি এক সুমধুৰ কণ্ঠৰ অধিকাৰী। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ এই ছাত্ৰজনৰ মনত এক বিশাল সপোন পুহি আছে।1
- তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ বগাজূলীত আজি আবেলি এটা মৰ্টাৰ চেল বোমা উদ্ধাৰ হোৱাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ভূটান পাহাৰৰ পৰা বৈ অহা এটা ডোঙৰ পাৰত স্থানীয় লোকে এই মৰ্টাৰটো প্ৰত্যক্ষ কৰাৰ লগে লগে ভূটান সীমান্তত থকা সেনা আৰু এছ এছ বিৰ ছাউনীক খবৰ দিয়ে। খবৰ পোৱাৰ পিছতে সেনা আৰু এছ এছ বিৰ জোৱান ঘটনাস্থলীত উপস্থিত হৈ তত্পৰতাৰে মৰ্টাৰ চেল বোমটো উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায়। উল্লেখ্য যে, দুবছৰ আগতেও পানীত ভাহি অহা তেনে ধৰণৰ এটা মৰ্টাৰ চেল পাই খেলি থাকোঁতে ই বিস্ফোৰিত হৈ এজন কিশোৰ নিহত হৈছিল। এই ঘটনাৰ পিছত বগাজূলীত মৰ্টাৰ চেল বোমা উদ্ধাৰ হোৱা বিষয়টোৱে অঞ্চলটোত নতুনকৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে।1
- আজি ৰঙিয়াৰ কনিহাত কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। বড়িগোগ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সৌজন্যত স্থানীয় তৰুণ সঙ্ঘ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে এই অধিৱেশন অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা অৱসৰী অধ্যক্ষ সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য, বড়িগোগ গাওঁ পঞ্চায়তৰ সভাপতি দীপাংকৰ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি নৰেন্দ্ৰ নৰ্মাই পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীত অৱসৰী আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ ভট্টাচাৰ্য আৰু আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি দীজেন্দ্ৰ মোহন শৰ্মা সহ আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সহযোগ কৰে। সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰমেন চৌধুৰীয়ে স্মৃতি তৰ্পণ কৰে। প্ৰতিনিধি পঞ্জীয়ন আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়নৰ অন্তত প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয়। বিয়লি কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ নাথ শৰ্মাৰ আদৰণি ভাষণৰে মুকলি অধিৱেশন শুভাৰম্ভ কৰা হয়। একেখন মঞ্চতে অধিৱেশন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ 'অপৰাহ্ন' উন্মোচন কৰা হয়। এই অধিৱেশনত কামৰূপ জিলাৰ অন্তৰ্গত বিভিন্ন শাখা সমিতিৰ বিষয়ববীয়াসকল আৰু সদস্যসকলে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে।1