Shuru
Apke Nagar Ki App…
বাণিজ্যিক চহৰৰ চলিহা নগৰত পুনৰ চুৰিকাণ্ড তিনিচুকীয়া চলিহা নগৰত পুনৰ চুৰিকাণ্ড । বাণিজ্যিক চহৰ তিনিচুকীয়াত দিন দুপৰতে চুৰিকাণ্ড তলা ভাঙি চোৰে চলালে দুটাকৈ ভাড়া ঘৰত চাফাই অভিযান ৷ কিছুদিনৰ পূৰ্বে চলিহা নগৰত চিলনী চোৰে এগৰাকী মহিলাৰ অলংকাৰ কাঢ়ি লৈ যোৱা ঘটনা মাৰ নাযাওঁতেই তিনিচুকীয়া চলিহা নগৰত বাস কৰা ভাড়াতিয়া কৃষ্ণা কুমাৰ মিশ্ৰ ঘৰত চোৰে চাফাই অভিযান চলায় । কৃষ্ণা মিশ্ৰ ঘৰৰ পৰা নগদ ২৫ হাজাৰ টকা আৰু প্ৰায় ৫ লাখ টকাৰ আ অলংকাৰ লুটি লৈ যায় । চলিহা নগৰত বাস কৰা আন এজন ভাড়াতীয়া মনোজ গুপ্তাৰ ঘৰৰ পৰাও তলা ভাঙি চোৰে নগদ ধনসহ ২ লাখ টকাৰ গহনা চুৰি লুটি নিয়ে । উক্ত ঘটনাৰ পাছতে তিনিচুকীয়া চহৰত চাঞ্চল্যই বিৰাজ কৰাৰ লগতে ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।
Bibek Borah

More news from অসম and nearby areas
- তিনিচুকীয়াত আটছাৰ উত্তাল প্ৰতিবাদ । চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীৰে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। সমান্তৰালভাৱে চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা কায্যক বাগিছা কতৃপক্ষই বিৰোধিতা কৰাৰ দাবীৰে আটছা তিনিচুকীয়া জিলা সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷3
- চৰাইদেউ জিলাৰ চ্যূকাফা পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ১ নং নামঘৰৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয় । অসম চৰকাৰৰ অসম দৰ্শন আচঁনিৰ অধীনত টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোঁহাই উপস্থিত থাকি শুভাৰম্ভ কৰে1
- Post by Namsai update news1
- নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। দিকচু পঞ্চায়তৰ অন্তৰ্গত বামুণবাৰী গাঁৱৰ ৩ নং ৱাৰ্ডৰ নামঘৰ ভাগিৰ পকীকৰণৰ বাবে দিয়া প্ৰতিশ্ৰুতি আজি বিধায়কগৰাকীয়ে পূৰণ কৰে। আনহাতে মহিলা 'দিহানাম দল' ৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই বিধায়কগৰাকীয়ে নিজাববীয়াকৈ দলটোক প্ৰয়োজনীয় বাদ্যযন্ত্ৰসমূহ যোগান ধৰে। এই কাম অখিল গগৈয়ে সমাধা কৰাত স্থানীয় ৰাইজে বিধায়কগৰাকীক উষ্ম ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।4
- "ৰকিবুল হুছেইন বোলা বস্তুটো হঠাৎ অসমৰ ৰাজনীতিৰ ইমান গুৰুত্বপূৰ্ণ মানুহ হিচাপে প্ৰতিষ্ঠা কেনেকৈ হ’ল ?" "ৰকিবুল হুছেইনৰ দেউতাক কোন আছিল ? তেওঁৰ বংশৰ লিগেছি কি ? ৰকিবুল হুছেইনৰ দেউতাক মুছলিম লীগৰ ভলন্টীয়াৰ আছিল, তেওঁ সেইসময়ত মানুহৰ ঘৰে ঘৰে পাকিস্তানৰ পতাকা উৰুৱাইছিল, অসমখনক পূব পাকিস্তানত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মুছলিম লীগৰ বাবে মানুহ সংগঠিত কৰি ফুৰিছিল" "ৰকিবুল হুছেইনৰ মানসিকতাটো পাকিস্তানপন্থী মানসিকতা" "ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ চিন্তাৰ তৰংগটো একেই" #আসাম টকচ্ৰ জনপ্ৰিয় আলাপ অনুষ্ঠানৰ যোগেদি ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা তথা বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিৰ ৷1
- সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ। আলোচনীয় সভা।1
- জনজাতিকৰনৰ লগতে চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত আটছাৰ প্ৰতিবাদ l আটছা কেন্দ্ৰীয় সাধাৰণ পৰিষদ সভাৰ সিদ্ধান্ত ও নিৰ্দেশমৰ্মে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্য্যলয় সন্মুখত আজি শ্ৰমিক সকলক ভূমি আৱন্টন দিয়া বিৰোধিতা কৰি বাগিছাৰ মালিক পক্ষই আদালতৰ দ্বাৰস্থ হোৱা, জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি নুন্যতম মজুৰি আইন ১৯৪৮ চনৰ অনুসৰি প্ৰদান কৰা দাবীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু আটুৱা গোলাঘাট জিলা সমিতি,গোলাঘাট বোকাখাট,দেৰগাঁৱ,বৰপথাৰ সৰুপথাৰ সহযোগত ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে l আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ,আমাৰ দাবী মানিবই লাগিব,প্ৰাপ্য মজুৰি প্ৰদান কৰক আদি বিভিন্ন শ্ল'গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ l শীঘ্ৰে যদি চৰকাৰে তেওঁলোকৰ দাবী সমূহ মানি নলয় তেনেহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।1
- আটছাৰ জিলা আৰু বিভিন্ন আঞ্চলিক সমিতিৰ উদ্যোগত চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত আজি তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। শাসনাধীন চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আটছাই। ভূমি পট্টা প্ৰদান,দৈনিক মজুৰি বৃদ্ধি আৰু জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদ আটছাৰ।1