Shuru
Apke Nagar Ki App…
যোৱা ৰাতিৰে পৰা এটা বিতৰ্কিত ফেচবুক পোষ্টে সমগ্ৰ বকো অঞ্চলত তোলপাৰ সৃষ্টি কৰিছে।
Bitopan Rajbongshi
যোৱা ৰাতিৰে পৰা এটা বিতৰ্কিত ফেচবুক পোষ্টে সমগ্ৰ বকো অঞ্চলত তোলপাৰ সৃষ্টি কৰিছে।
More news from অসম and nearby areas
- বৰপেটা জিলাৰ ঘিৰাজাৰী গাঁৱত স্বামীয়ে নিজ পত্নীক আন লোকৰ হতুৱাই হাৰাশাস্তি কৰা এক ঘটনা সংঘটিত হৈছে।1
- বাক্সা জিলাৰ ৰাবাং বড়ো বজাৰত যাতায়ত ব্যৱস্থা এতিয়া এক মৰণফান্দলৈ পৰিণত হৈছে। পথৰ জৰাজীর্ণ অৱস্থাৰ বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, বৃদ্ধ-বৃদ্ধাসহ সাধাৰণ ৰাইজে প্ৰতিদিনে মৃত্যুক হাতত লৈ চলাচল কৰিবলৈ বাধ্য হৈছে।1
- ৰাষ্ট্ৰীয় শ্বহীদ স্মৃতি সুৰক্ষা সমিতিৰ উদ্যোগত বাক্সাৰ অঞ্চলীত শ্বহীদ উদ্ধৱ দাসৰ ২৭ সংখ্যক শ্বহীদ দিৱস পালন কৰা হয়।1
- বাক্সা জিলাৰ শালবাৰীৰ নিকটৱৰ্তী বজালীৰ ধুমাৰপাথাৰ অঞ্চলৰ এজন লোক নিৰুদ্দেশ হোৱাৰ ঘটনা পোহৰলৈ আহিছে। মধু বড়ো (৪০) নামৰ লোকগৰাকী অৰুণাচলৰ ডামবুকত কাম কৰিবলৈ গৈছিল, আৰু তাৰ পৰাই তেওঁ নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে।1
- তামুলপুৰ জিলাৰ এনচি আঙাৰকাটাৰ কালানদীত অৱস্থিত মটঙা (কালা) নদীত পানীৰ অধিষ্ঠাত্ৰী দেৱী মা গংগা পূজা ভক্তি, শ্ৰদ্ধা আৰু উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হয়। ননকে আঙাৰকাটা মটঙা (কালা) নদী আঞ্চলিক বান্ধ-ডোং সমিতিৰ সৌজন্যত আয়োজিত এই অনুষ্ঠানত অঞ্চলটোৰ বহু লোকে অংশগ্ৰহণ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। এই পূজাৰ জৰিয়তে বান্ধ-ডোং সমিতিৰ কৰ্মকৰ্তাসকলে নদী আৰু পানী সম্পদৰ সংৰক্ষণ, কল্যাণ আৰু সমৃদ্ধিৰ বাবে বিশেষ প্ৰাৰ্থনা জনায়। কাৰ্যসূচী অনুসৰি, পুৱা ১০ বজাত মটঙা (কালা) নদীৰ ওপৰত মা গংগা পূজা সম্পন্ন কৰা হয়। ইয়াৰ পিছতে দিনৰ ১২ বজাৰ পৰা গংগা পূজাৰ লগত সংগতি ৰাখি এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আঞ্চলিক বান্ধ-ডোং সমিতিৰ সভাপতি কেশৱ ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, ২ নং পশ্চিম কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ উমেশ দাস, সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন, তামুলপুৰ জিলা সমিতিৰ সভাপতি বিমল দাস, প্ৰাক্তন ভিচিডিচি অধ্যক্ষ সুকুৰঞ্জন মণ্ডলকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত আঞ্চলিক বান্ধ-ডোং সমিতিৰ অন্তৰ্গত বিভিন্ন শাখা সমিতিৰ সভাপতি, সম্পাদক আৰু চুপাৰভাইজাৰসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। বক্তাসকলে সমাজৰ উন্নয়ন, ঐক্য আৰু নদী সংৰক্ষণৰ ক্ষেত্ৰত সমিতিসমূহৰ অৱদানৰ ভূয়সী প্ৰশংসা কৰে। মা গংগা পূজাৰ জৰিয়তে আধ্যাত্মিকতা, সামাজিক সম্প্ৰীতি আৰু পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰচাৰ কৰা এই অনুষ্ঠানটোৱে অঞ্চলবাসীৰ মাজত বিশেষ সঁহাৰি লাভ কৰে।1
- ছিপাঝাৰৰ বৰদৌলগুৰিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে, য'ত চাৰিখন ঠেং থকা এটা ব্ৰইলাৰ মুৰ্গী পোৱা গৈছে। এই বিৰল ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চৰ্চা লাভ কৰিছে আৰু সকলোকে স্তম্ভিত কৰি তুলিছে। এই অদ্ভুত পৰিঘটনাটো প্ৰকৃততে অলৌকিকতাৰ ফল নে বিজ্ঞানৰ এক বিৰল প্ৰকাশ, তাক লৈ এতিয়াও মানুহৰ মাজত প্ৰশ্ন উত্থাপন হৈছে।1
- মৰিগাঁও জিলাত ডেংগু ৰোগত আক্ৰান্ত হৈ সাগৰিকা ডেকা নামৰ এগৰাকী যুৱতীৰ মৃত্যু হৈছে। গছৰগুৰি গাঁৱৰ নিবাসী যুৱতীগৰাকীয়ে জুন মাহৰ প্ৰায় ৭-৮ তাৰিখে কৰ্মস্থলীৰ পৰা ঘৰলৈ আহি গা বেয়া লগাৰ কথা পৰিয়ালক জনাইছিল। ইয়াৰ পিছত পৰিয়ালবৰ্গই তেওঁক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ গৈছিল, কিন্তু চিকিৎসকে কোনো পৰীক্ষা নকৰাকৈয়ে ঘূৰাই পঠিয়াইছিল। পিছলৈ সাগৰিকাক ESIC চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, য'ত চিকিৎসকসকলে তেওঁ ডেংগু ৰোগত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰিছিল। ডেংগুত আক্ৰান্ত সাগৰিকাক ESIC ৰ পৰা মেট্ৰো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাতে তেওঁক ICU ত চিকিৎসাধীন কৰি ৰখা হৈছিল। অৱশেষত, ২৩ জুনত তেওঁ মৃত্যুক সাৱটি লয়। উল্লেখ্য যে, মৃত সাগৰিকা ডেকা আছিল ৰজনী ডেকাৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছৰে পৰা তেওঁ বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি পিতৃ, মাতৃ আৰু ভাতৃক লৈ পৰিয়ালটো চলাই আছিল।1
- মৰিগাঁও জিলাৰ গছৰগুৰি গাঁৱৰ সাগৰিকা ডেকা নামৰ এগৰাকী যুৱতীয়ে ২৩ জুনত ডেংগু জ্বৰত আক্ৰান্ত হৈ জীৱন যুদ্ধত হাৰ মানিলে। দৰিদ্ৰতাৰ সৈতে যুঁজি নিজৰ ভৰিৰ ওপৰত থিয় হৈ তেওঁ সমগ্ৰ পৰিয়ালটো পোহপাল দি আছিল, যাৰ ফলত সাগৰিকা আছিল পৰিয়ালটোৰ একমাত্ৰ ভৰসা। নিয়তিৰ এই নিষ্ঠুৰ পৰিহাসত অকালতে হেৰাই যোৱা সাগৰিকাৰ কৰুণ মৃত্যুই অঞ্চলটোৰ লগতে সকলোকে শোকস্তব্ধ কৰি তুলিছে।1
- প্ৰতিভা কোনো ঘৰৰ দাস নহয়; উপযুক্ত মঞ্চ আৰু সামান্য উৎসাহ পালে গ্ৰাম্য অঞ্চলৰ যুৱকে কেনেকৈ চমক সৃষ্টি কৰিব পাৰে, তাৰ প্ৰমাণ দিলে মৰিয়নিৰ ৰক্তিম ৰয় নামৰ এজন যুৱকে। তেওঁৰ ব্যতিক্ৰমী কণ্ঠে শেহতীয়াকৈ ছচিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে, য'ত তেওঁৰ কণ্ঠত যেন হুবহু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যাদুক অনুভৱ কৰা হৈছে। ৰক্তিমে জুবিন গাৰ্গৰ 'মা' এলবামৰ কালজয়ী গীত "জননী তুমি মোৰ... প্ৰাণৰো প্ৰাণ..." নিজৰ বুলবুলীয়া কণ্ঠৰে গাই এতিয়া লাখ লাখ শ্ৰোতাৰ মন জয় কৰিছে। কেৱল কণ্ঠই নহয়, ৰক্তিমৰ আৱেগিক প্ৰকাশভংগীয়েও নেটিজেনক মোহিত কৰিছে। সঁচাকৈয়ে, ডিজিটেল মাধ্যমে আজি গ্ৰাম্য অঞ্চলৰ সুপ্ত প্ৰতিভাক উচিত মৰ্যাদা প্ৰদান কৰিছে। মৰিয়নিৰ এই প্ৰতিভাশালী যুৱকজন অসমৰ সংগীত জগতত আৰু এখোজ আগুৱাই যাওক, তাৰ বাবে নিউজ ডেস্কৰ তৰফৰ পৰা ৰক্তিম ৰয়লৈ যাচিলোঁ অলেখ শুভকামনা।1