logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আজি সমগ্ৰ বিশ্বৰ লগতে সকলো ৰাজ্যতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। এই উপলক্ষে মৰিগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত মৰিগাঁও জিলাৰ বিভিন্ন স্থানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত হয়। এই কাৰ্যসূচীত মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ উপস্থিতিত জিলা প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়াৰ লগতে তিনি সহস্ৰাধিক লোকে শৰীৰৰ সু-স্বাস্থ্যৰ বাবে যোগাসন কৰে।

2 hrs ago
user_Chandan hira
Chandan hira
মৰিগাঁও, মৰিগাঁও, অসম•
2 hrs ago

আজি সমগ্ৰ বিশ্বৰ লগতে সকলো ৰাজ্যতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। এই উপলক্ষে মৰিগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত মৰিগাঁও জিলাৰ বিভিন্ন স্থানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত হয়। এই কাৰ্যসূচীত মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ উপস্থিতিত জিলা প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়াৰ লগতে তিনি সহস্ৰাধিক লোকে শৰীৰৰ সু-স্বাস্থ্যৰ বাবে যোগাসন কৰে।

More news from অসম and nearby areas
  • আজি সমগ্ৰ বিশ্বৰ লগতে জাগীৰোডতো ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই উপলক্ষে জাগীৰোড মহাবিদ্যালয়ত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত অসম চৰকাৰৰ কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত উপস্থিত থাকি যোগাভ্যাস কৰে।
    1
    আজি সমগ্ৰ বিশ্বৰ লগতে জাগীৰোডতো ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই উপলক্ষে জাগীৰোড মহাবিদ্যালয়ত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত অসম চৰকাৰৰ কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত উপস্থিত থাকি যোগাভ্যাস কৰে।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    2 hrs ago
  • মৰিগাঁও জিলাত এক চাঞ্চল্যকৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে, য'ত চাৰি লাখ টকা থপিয়াই নিয়া হৈছে। ভূৰাগাঁৱৰ বাহাদুল আলম নামৰ লোকজনে HDFC বেংকৰ পৰা এই টকাখিনি উলিয়াই আনিছিল। দুজন যুৱকে এখন পালচাৰ বাইকত আহি বাহাদুল আলমৰ হাতৰ পৰা টকাৰ বেগটো থপিয়াই লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। চিলনী চোৰৰ আক্ৰমণত বাহাদুল আলম নিজৰ মটৰচাইকেলৰ পৰা সৰি পৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
    1
    মৰিগাঁও জিলাত এক চাঞ্চল্যকৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে, য'ত চাৰি লাখ টকা থপিয়াই নিয়া হৈছে। ভূৰাগাঁৱৰ বাহাদুল আলম নামৰ লোকজনে HDFC বেংকৰ পৰা এই টকাখিনি উলিয়াই আনিছিল। দুজন যুৱকে এখন পালচাৰ বাইকত আহি বাহাদুল আলমৰ হাতৰ পৰা টকাৰ বেগটো থপিয়াই লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

চিলনী চোৰৰ আক্ৰমণত বাহাদুল আলম নিজৰ মটৰচাইকেলৰ পৰা সৰি পৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰু সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    19 hrs ago
  • মৰিগাঁওৰ জাগীৰোডত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডা: মনোজ কুমাৰ সিনহাক আটক কৰা হৈছে। ফৰেণচিক বিভাগৰ মুৰব্বী অধ্যাপক ডা: সিনহাৰ বিৰুদ্ধে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সালসলনি কৰাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে চিকিৎসক গৰাকীৰ AS-01FK-5646 নম্বৰৰ গ্ৰেণ্ড ভিটাৰা বাহনখনো জব্দ কৰিছে।
    1
    মৰিগাঁওৰ জাগীৰোডত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডা: মনোজ কুমাৰ সিনহাক আটক কৰা হৈছে। ফৰেণচিক বিভাগৰ মুৰব্বী অধ্যাপক ডা: সিনহাৰ বিৰুদ্ধে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সালসলনি কৰাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে চিকিৎসক গৰাকীৰ AS-01FK-5646 নম্বৰৰ গ্ৰেণ্ড ভিটাৰা বাহনখনো জব্দ কৰিছে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    23 hrs ago
  • চাপৰত পুনৰ এবাৰ বিলাতী সুৰাৰ দোকান মুকলি কৰাক লৈ এক ভয়ংকৰ প্ৰতিবাদৰ সৃষ্টি হৈছে, য'ত আকাশ-বতাহ কঁপি উঠিছে। বজাৰৰ মাজমজিয়াত অৱস্থিত 'হৃষি ৰেষ্টুৰেণ্ট' নামৰ এই IMFL ON SHOP খন মুকলি কৰাৰ বিৰোধিতাৰে সমগ্ৰ চাপৰ অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। চাপৰ নাগৰিক মঞ্চ, বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে এই বিপনীখন মুকলি কৰাৰ তীব্ৰ বিৰোধিতা কৰি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ মতে, জনবসতিপূৰ্ণ এলেকাত এনে সুৰাৰ বিপনী স্থাপন কৰাটো সমাজৰ বাবে অতিশয় ভয়াৱহ আৰু ক্ষতিকাৰক। সেয়েহে, চাপৰ নাগৰিক মঞ্চ আৰু অন্যান্য সংগঠনে লগতে ৰাইজে এই সুৰাৰ বিপনীখন স্থায়ীভাৱে বন্ধ কৰাৰ দাবী জনাইছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এই বিপনীখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল, যাৰ ফলত প্ৰশাসনে দুবাৰকৈ ক্ৰমে ৪৮ ঘণ্টা আৰু ৭ দিনৰ বাবে ইয়াক অস্থায়ীভাৱে বন্ধ কৰিছিল। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈছে। নাগৰিক মঞ্চ, বিভিন্ন দল-সংগঠন আৰু ৰাইজে চাপৰ বজাৰৰ মাজমজিয়াত অৱস্থিত হৃষি ৰেষ্টুৰেণ্ট নামৰ এই বিলাতী সুৰাৰ বিপনীখন স্থায়ীভাৱে বন্ধ কৰিবলৈ কঠোৰ দাবী জনাইছে।
    1
    চাপৰত পুনৰ এবাৰ বিলাতী সুৰাৰ দোকান মুকলি কৰাক লৈ এক ভয়ংকৰ প্ৰতিবাদৰ সৃষ্টি হৈছে, য'ত আকাশ-বতাহ কঁপি উঠিছে। বজাৰৰ মাজমজিয়াত অৱস্থিত 'হৃষি ৰেষ্টুৰেণ্ট' নামৰ এই IMFL ON SHOP খন মুকলি কৰাৰ বিৰোধিতাৰে সমগ্ৰ চাপৰ অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।

চাপৰ নাগৰিক মঞ্চ, বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে এই বিপনীখন মুকলি কৰাৰ তীব্ৰ বিৰোধিতা কৰি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ মতে, জনবসতিপূৰ্ণ এলেকাত এনে সুৰাৰ বিপনী স্থাপন কৰাটো সমাজৰ বাবে অতিশয় ভয়াৱহ আৰু ক্ষতিকাৰক। সেয়েহে, চাপৰ নাগৰিক মঞ্চ আৰু অন্যান্য সংগঠনে লগতে ৰাইজে এই সুৰাৰ বিপনীখন স্থায়ীভাৱে বন্ধ কৰাৰ দাবী জনাইছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এই বিপনীখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল, যাৰ ফলত প্ৰশাসনে দুবাৰকৈ ক্ৰমে ৪৮ ঘণ্টা আৰু ৭ দিনৰ বাবে ইয়াক অস্থায়ীভাৱে বন্ধ কৰিছিল। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈছে। নাগৰিক মঞ্চ, বিভিন্ন দল-সংগঠন আৰু ৰাইজে চাপৰ বজাৰৰ মাজমজিয়াত অৱস্থিত হৃষি ৰেষ্টুৰেণ্ট নামৰ এই বিলাতী সুৰাৰ বিপনীখন স্থায়ীভাৱে বন্ধ কৰিবলৈ কঠোৰ দাবী জনাইছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    6 hrs ago
  • SN india 24 ৰ সত্বাধিকাৰী আব্দুল জলিল আকন্দই তেওঁক হয়বৰ গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি একাংশ প'ৰ্টেলত প্ৰচাৰিত ভূৱা বাতৰি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই বাতৰিটো ভূৱা বুলি দাবী কৰি আকন্দই ইয়াক মিথ্যাচাৰ আখ্যা দিছে।
    1
    SN india 24 ৰ সত্বাধিকাৰী আব্দুল জলিল আকন্দই তেওঁক হয়বৰ গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি একাংশ প'ৰ্টেলত প্ৰচাৰিত ভূৱা বাতৰি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই বাতৰিটো ভূৱা বুলি দাবী কৰি আকন্দই ইয়াক মিথ্যাচাৰ আখ্যা দিছে।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    18 hrs ago
  • শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰাক্তন ধিং বিধায়ক আমিনুল ইছলাম সৰৱ হৈ পৰিছে। আমিনুল ইছলামে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক আখ্যা দিয়া অখিল গগৈৰ মন্তব্যক তীব্ৰ সমালোচনা কৰে।
    1
    শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰাক্তন ধিং বিধায়ক আমিনুল ইছলাম সৰৱ হৈ পৰিছে। আমিনুল ইছলামে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক আখ্যা দিয়া অখিল গগৈৰ মন্তব্যক তীব্ৰ সমালোচনা কৰে।
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    4 hrs ago
  • চামগুৰি সমষ্টিৰ কংগ্ৰেছ কৰ্মী নুৰুল আমিন চৌধুৰীয়ে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰৌমাৰী ৰূপহী পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে পঞ্চায়তৰ কামত হস্তক্ষেপ কৰা বুলি প্ৰচাৰিত বাতৰিৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে। তেওঁ দৃঢ়তাৰে কৈছে যে নিজৰ পঞ্চায়তত কোনো দুৰ্নীতি হ'বলৈ নিদিয়ে। চৌধুৰীয়ে এই ক্ষেত্ৰত নিজৰ পত্নীক সহায় কৰিব বুলিও স্পষ্ট কৰিছে, যাৰ দ্বাৰা দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ মাত মাতিবলৈ সাজু বুলি বুজাইছে।
    1
    চামগুৰি সমষ্টিৰ কংগ্ৰেছ কৰ্মী নুৰুল আমিন চৌধুৰীয়ে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰৌমাৰী ৰূপহী পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে পঞ্চায়তৰ কামত হস্তক্ষেপ কৰা বুলি প্ৰচাৰিত বাতৰিৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে। তেওঁ দৃঢ়তাৰে কৈছে যে নিজৰ পঞ্চায়তত কোনো দুৰ্নীতি হ'বলৈ নিদিয়ে। চৌধুৰীয়ে এই ক্ষেত্ৰত নিজৰ পত্নীক সহায় কৰিব বুলিও স্পষ্ট কৰিছে, যাৰ দ্বাৰা দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ মাত মাতিবলৈ সাজু বুলি বুজাইছে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    16 hrs ago
  • আজি সমগ্ৰ বিশ্বৰ লগতে সকলো ৰাজ্যতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। এই উপলক্ষে মৰিগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত মৰিগাঁও জিলাৰ বিভিন্ন স্থানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত হয়। এই কাৰ্যসূচীত মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ উপস্থিতিত জিলা প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়াৰ লগতে তিনি সহস্ৰাধিক লোকে শৰীৰৰ সু-স্বাস্থ্যৰ বাবে যোগাসন কৰে।
    1
    আজি সমগ্ৰ বিশ্বৰ লগতে সকলো ৰাজ্যতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। এই উপলক্ষে মৰিগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত মৰিগাঁও জিলাৰ বিভিন্ন স্থানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত হয়।

এই কাৰ্যসূচীত মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ উপস্থিতিত জিলা প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়াৰ লগতে তিনি সহস্ৰাধিক লোকে শৰীৰৰ সু-স্বাস্থ্যৰ বাবে যোগাসন কৰে।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.