logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বৰপেটা জিলাৰ নবগঠিত মন্দিয়া সমষ্টিৰ ডাউকমাৰীৰ পৰা কাছুকাটী হৈ বাংলীপাৰালৈ যোৱা একমাত্ৰ পথটো বিগত ৫-৬ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত স্থানীয় ৰাইজে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এই গুৰুত্বপূৰ্ণ পথছোৱা সামান্য বৰষুণতেই একাঠু পৰ্যন্ত পানী আৰু বোকাৰে একাকাৰ হৈ পুখুৰী সদৃশ ৰূপ লয়। ফলস্বৰূপে, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে প্ৰতিদিনে যাতায়াতৰ ক্ষেত্ৰত সীমাহীন কষ্ট ভোগ কৰিবলগীয়া হয়। পথৰ এই শোচনীয় অৱস্থাৰ বাবেই গাঁওখনত কোনো জৰুৰীকালীন সেৱা যেনে এম্বুলেন্স অথবা অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সোমাব নোৱাৰে। ইয়াৰ পৰিণতিত, জৰুৰী সময়ত চিকিৎসাৰ অভাৱত গাঁৱবাসীয়ে গভীৰ সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে। অভিযোগ অনুসৰি, বিগত ৫-৬ বছৰ ধৰি পথটো এনেদৰে জৰাজীৰ্ণ হৈ থকাৰ পিছতো স্থানীয় জনপ্ৰতিনিধি সকলে ইয়াৰ মেৰামতিৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ক্ষুব্ধ স্থানীয় ৰাইজ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অতি শীঘ্ৰে এই জৰাজীৰ্ণ পথটো নিৰ্মাণৰ দাবী জনাইছে। তেওঁলোকে স্থানীয় বিধায়ক, পঞ্চায়ত সভানেত্ৰী আৰু জিলা প্ৰশাসনক অনতিপলমে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অন্যথা, অনাগত দিনত প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে গাঁৱবাসীয়ে।

1 hr ago
user_BAGHBAR TIME
BAGHBAR TIME
Local News Reporter বাঘবৰ, বৰপেটা, অসম•
1 hr ago

বৰপেটা জিলাৰ নবগঠিত মন্দিয়া সমষ্টিৰ ডাউকমাৰীৰ পৰা কাছুকাটী হৈ বাংলীপাৰালৈ যোৱা একমাত্ৰ পথটো বিগত ৫-৬ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাৰ ফলত স্থানীয় ৰাইজে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এই গুৰুত্বপূৰ্ণ পথছোৱা সামান্য বৰষুণতেই একাঠু পৰ্যন্ত পানী আৰু বোকাৰে একাকাৰ হৈ পুখুৰী সদৃশ ৰূপ লয়। ফলস্বৰূপে, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে প্ৰতিদিনে যাতায়াতৰ

ক্ষেত্ৰত সীমাহীন কষ্ট ভোগ কৰিবলগীয়া হয়। পথৰ এই শোচনীয় অৱস্থাৰ বাবেই গাঁওখনত কোনো জৰুৰীকালীন সেৱা যেনে এম্বুলেন্স অথবা অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সোমাব নোৱাৰে। ইয়াৰ পৰিণতিত, জৰুৰী সময়ত চিকিৎসাৰ অভাৱত গাঁৱবাসীয়ে গভীৰ সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে। অভিযোগ অনুসৰি, বিগত ৫-৬ বছৰ ধৰি পথটো এনেদৰে জৰাজীৰ্ণ হৈ থকাৰ পিছতো স্থানীয় জনপ্ৰতিনিধি সকলে ইয়াৰ মেৰামতিৰ

বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ক্ষুব্ধ স্থানীয় ৰাইজ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অতি শীঘ্ৰে এই জৰাজীৰ্ণ পথটো নিৰ্মাণৰ দাবী জনাইছে। তেওঁলোকে স্থানীয় বিধায়ক, পঞ্চায়ত সভানেত্ৰী আৰু জিলা প্ৰশাসনক অনতিপলমে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অন্যথা, অনাগত দিনত প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে গাঁৱবাসীয়ে।

More news from অসম and nearby areas
  • পিএম কিষাণ আঁচনিৰ কিস্তিৰ টকা উঠাই দিয়াৰ বাবে একাংশই ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছে।
    1
    পিএম কিষাণ আঁচনিৰ কিস্তিৰ টকা উঠাই দিয়াৰ বাবে একাংশই ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    7 hrs ago
  • Post by Bitopan Rajbongshi
    1
    Post by Bitopan Rajbongshi
    user_Bitopan Rajbongshi
    Bitopan Rajbongshi
    বকো, কামৰূপ, অসম•
    4 hrs ago
  • বাক্সা জিলাৰ শালবাৰীৰ নিকটৱৰ্তী বজালীৰ ধুমাৰপাথাৰ অঞ্চলৰ এজন লোক নিৰুদ্দেশ হোৱাৰ ঘটনা পোহৰলৈ আহিছে। মধু বড়ো (৪০) নামৰ লোকগৰাকী অৰুণাচলৰ ডামবুকত কাম কৰিবলৈ গৈছিল, আৰু তাৰ পৰাই তেওঁ নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে।
    1
    বাক্সা জিলাৰ শালবাৰীৰ নিকটৱৰ্তী বজালীৰ ধুমাৰপাথাৰ অঞ্চলৰ এজন লোক নিৰুদ্দেশ হোৱাৰ ঘটনা পোহৰলৈ আহিছে। মধু বড়ো (৪০) নামৰ লোকগৰাকী অৰুণাচলৰ ডামবুকত কাম কৰিবলৈ গৈছিল, আৰু তাৰ পৰাই তেওঁ নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    12 hrs ago
  • বাক্সা জিলাৰ এলেঙামাৰীৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে 'হাগ্ৰামা ছাৰ, আমাক এখন নাও দিয়ক' বুলি এক কৰুণ আহ্বান জনাইছে।
    1
    বাক্সা জিলাৰ এলেঙামাৰীৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে 'হাগ্ৰামা ছাৰ, আমাক এখন নাও দিয়ক' বুলি এক কৰুণ আহ্বান জনাইছে।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    3 hrs ago
  • ৰাষ্ট্ৰীয় শ্বহীদ স্মৃতি সুৰক্ষা সমিতিৰ উদ্যোগত বাক্সাৰ অঞ্চলীত শ্বহীদ উদ্ধৱ দাসৰ ২৭ সংখ্যক শ্বহীদ দিৱস পালন কৰা হয়।
    1
    ৰাষ্ট্ৰীয় শ্বহীদ স্মৃতি সুৰক্ষা সমিতিৰ উদ্যোগত বাক্সাৰ অঞ্চলীত শ্বহীদ উদ্ধৱ দাসৰ ২৭ সংখ্যক শ্বহীদ দিৱস পালন কৰা হয়।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    10 hrs ago
  • তামুলপুৰ জিলাৰ এনচি আঙাৰকাটাৰ কালানদীত অৱস্থিত মটঙা (কালা) নদীত পানীৰ অধিষ্ঠাত্ৰী দেৱী মা গংগা পূজা ভক্তি, শ্ৰদ্ধা আৰু উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হয়। ননকে আঙাৰকাটা মটঙা (কালা) নদী আঞ্চলিক বান্ধ-ডোং সমিতিৰ সৌজন্যত আয়োজিত এই অনুষ্ঠানত অঞ্চলটোৰ বহু লোকে অংশগ্ৰহণ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। এই পূজাৰ জৰিয়তে বান্ধ-ডোং সমিতিৰ কৰ্মকৰ্তাসকলে নদী আৰু পানী সম্পদৰ সংৰক্ষণ, কল্যাণ আৰু সমৃদ্ধিৰ বাবে বিশেষ প্ৰাৰ্থনা জনায়। কাৰ্যসূচী অনুসৰি, পুৱা ১০ বজাত মটঙা (কালা) নদীৰ ওপৰত মা গংগা পূজা সম্পন্ন কৰা হয়। ইয়াৰ পিছতে দিনৰ ১২ বজাৰ পৰা গংগা পূজাৰ লগত সংগতি ৰাখি এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আঞ্চলিক বান্ধ-ডোং সমিতিৰ সভাপতি কেশৱ ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, ২ নং পশ্চিম কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ উমেশ দাস, সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন, তামুলপুৰ জিলা সমিতিৰ সভাপতি বিমল দাস, প্ৰাক্তন ভিচিডিচি অধ্যক্ষ সুকুৰঞ্জন মণ্ডলকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত আঞ্চলিক বান্ধ-ডোং সমিতিৰ অন্তৰ্গত বিভিন্ন শাখা সমিতিৰ সভাপতি, সম্পাদক আৰু চুপাৰভাইজাৰসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। বক্তাসকলে সমাজৰ উন্নয়ন, ঐক্য আৰু নদী সংৰক্ষণৰ ক্ষেত্ৰত সমিতিসমূহৰ অৱদানৰ ভূয়সী প্ৰশংসা কৰে। মা গংগা পূজাৰ জৰিয়তে আধ্যাত্মিকতা, সামাজিক সম্প্ৰীতি আৰু পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰচাৰ কৰা এই অনুষ্ঠানটোৱে অঞ্চলবাসীৰ মাজত বিশেষ সঁহাৰি লাভ কৰে।
    1
    তামুলপুৰ জিলাৰ এনচি আঙাৰকাটাৰ কালানদীত অৱস্থিত মটঙা (কালা) নদীত পানীৰ অধিষ্ঠাত্ৰী দেৱী মা গংগা পূজা ভক্তি, শ্ৰদ্ধা আৰু উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হয়। ননকে আঙাৰকাটা মটঙা (কালা) নদী আঞ্চলিক বান্ধ-ডোং সমিতিৰ সৌজন্যত আয়োজিত এই অনুষ্ঠানত অঞ্চলটোৰ বহু লোকে অংশগ্ৰহণ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। এই পূজাৰ জৰিয়তে বান্ধ-ডোং সমিতিৰ কৰ্মকৰ্তাসকলে নদী আৰু পানী সম্পদৰ সংৰক্ষণ, কল্যাণ আৰু সমৃদ্ধিৰ বাবে বিশেষ প্ৰাৰ্থনা জনায়।

কাৰ্যসূচী অনুসৰি, পুৱা ১০ বজাত মটঙা (কালা) নদীৰ ওপৰত মা গংগা পূজা সম্পন্ন কৰা হয়। ইয়াৰ পিছতে দিনৰ ১২ বজাৰ পৰা গংগা পূজাৰ লগত সংগতি ৰাখি এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আঞ্চলিক বান্ধ-ডোং সমিতিৰ সভাপতি কেশৱ ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, ২ নং পশ্চিম কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ উমেশ দাস, সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন, তামুলপুৰ জিলা সমিতিৰ সভাপতি বিমল দাস, প্ৰাক্তন ভিচিডিচি অধ্যক্ষ সুকুৰঞ্জন মণ্ডলকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানত আঞ্চলিক বান্ধ-ডোং সমিতিৰ অন্তৰ্গত বিভিন্ন শাখা সমিতিৰ সভাপতি, সম্পাদক আৰু চুপাৰভাইজাৰসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। বক্তাসকলে সমাজৰ উন্নয়ন, ঐক্য আৰু নদী সংৰক্ষণৰ ক্ষেত্ৰত সমিতিসমূহৰ অৱদানৰ ভূয়সী প্ৰশংসা কৰে।

মা গংগা পূজাৰ জৰিয়তে আধ্যাত্মিকতা, সামাজিক সম্প্ৰীতি আৰু পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰচাৰ কৰা এই অনুষ্ঠানটোৱে অঞ্চলবাসীৰ মাজত বিশেষ সঁহাৰি লাভ কৰে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    6 hrs ago
  • কী পাঞোৰ জিলাৰ য়াজালিত অৱস্থিত পঞোৰ হাইড্ৰ’পাৱাৰ প্ৰজেক্টৰ ওচৰৰ নিপকো কলনী নামে জনপ্ৰিয় ৪৩ কিলোমিটাৰ অঞ্চলটো এক ভয়াৱহ আকস্মিক বানপানীৰ কবলত পৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, এই আকস্মিক বানপানীয়ে চহৰখনৰ প্ৰায় ৪০ শতাংশ অংশ পানীৰ সোঁতে উটুৱাই লৈ গৈছে। ইয়াৰ ফলত কেইবাজনো লোক পানীত ডুব যোৱাৰো আশংকা প্ৰকাশ কৰা হৈছে। অবিৰত ধাৰাসাৰ বৰষুণৰ ফলত বৰ্তমানৰ পৰিস্থিতি অধিক জটিল আৰু উদ্বেগজনক হৈ পৰিছে।
    4
    কী পাঞোৰ জিলাৰ য়াজালিত অৱস্থিত পঞোৰ হাইড্ৰ’পাৱাৰ প্ৰজেক্টৰ ওচৰৰ নিপকো কলনী নামে জনপ্ৰিয় ৪৩ কিলোমিটাৰ অঞ্চলটো এক ভয়াৱহ আকস্মিক বানপানীৰ কবলত পৰিছে। প্ৰাপ্ত খবৰ অনুসৰি, এই আকস্মিক বানপানীয়ে চহৰখনৰ প্ৰায় ৪০ শতাংশ অংশ পানীৰ সোঁতে উটুৱাই লৈ গৈছে। ইয়াৰ ফলত কেইবাজনো লোক পানীত ডুব যোৱাৰো আশংকা প্ৰকাশ কৰা হৈছে। অবিৰত ধাৰাসাৰ বৰষুণৰ ফলত বৰ্তমানৰ পৰিস্থিতি অধিক জটিল আৰু উদ্বেগজনক হৈ পৰিছে।
    user_BAGHBAR TIME
    BAGHBAR TIME
    Local News Reporter বাঘবৰ, বৰপেটা, অসম•
    1 hr ago
  • বৰপেটা জিলাৰ ঘিৰাজাৰী গাঁৱত স্বামীয়ে নিজ পত্নীক আন লোকৰ হতুৱাই হাৰাশাস্তি কৰা এক ঘটনা সংঘটিত হৈছে।
    1
    বৰপেটা জিলাৰ ঘিৰাজাৰী গাঁৱত স্বামীয়ে নিজ পত্নীক আন লোকৰ হতুৱাই হাৰাশাস্তি কৰা এক ঘটনা সংঘটিত হৈছে।
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    13 hrs ago
  • বাক্সা জিলাৰ ৰাবাং বড়ো বজাৰত যাতায়ত ব্যৱস্থা এতিয়া এক মৰণফান্দলৈ পৰিণত হৈছে। পথৰ জৰাজীর্ণ অৱস্থাৰ বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, বৃদ্ধ-বৃদ্ধাসহ সাধাৰণ ৰাইজে প্ৰতিদিনে মৃত্যুক হাতত লৈ চলাচল কৰিবলৈ বাধ্য হৈছে।
    1
    বাক্সা জিলাৰ ৰাবাং বড়ো বজাৰত যাতায়ত ব্যৱস্থা এতিয়া এক মৰণফান্দলৈ পৰিণত হৈছে। পথৰ জৰাজীর্ণ অৱস্থাৰ বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, বৃদ্ধ-বৃদ্ধাসহ সাধাৰণ ৰাইজে প্ৰতিদিনে মৃত্যুক হাতত লৈ চলাচল কৰিবলৈ বাধ্য হৈছে।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.