Shuru
Apke Nagar Ki App…
নগাঁও জিলাৰ জুৰীয়াৰ থিয়টাঙনী গাঁৱত ধান শুকুওৱা ঠাইক লৈ কাজিয়াৰ সূত্ৰপাত হয়, যাৰ ফলত এগৰাকী বৃদ্ধাক চোকা বাঁহেৰে আক্ৰমণ কৰা হয়। ঘটনাৰ বিৱৰণী অনুসৰি, আছিয়া খাতুন নামৰ এগৰাকী বৃদ্ধাই ঘৰৰ ওচৰৰে এখন ব্যক্তিগত মৰিশালিত বড়োধান শুকুৱাবলৈ আঠুৱা জাল পাতিবলৈ আহিছিল। এই কাৰ্যত মকিজুল ইছলাম আৰু তেওঁৰ পত্নী হালিমা খাতুনে বাধা প্ৰদান কৰে। এই লৈ কাজিয়াৰ সূত্ৰপাত হয় আৰু মকিজুল ইছলামে নিজৰ মাতৃসম মহিলা আছিয়া খাতুনক চোকা বাঁহেৰে হাতত আঘাত কৰে। আক্ৰমণকাৰীসকলে আছিয়া খাতুনৰ পুত্ৰ আলম বিদশ্বাহকো আক্ৰমণ কৰে। এই ঘটনা সন্দৰ্ভত আছিয়া খাতুনে জুৰীয়া আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছে।
ৰূপহী অসম দৈনিক
নগাঁও জিলাৰ জুৰীয়াৰ থিয়টাঙনী গাঁৱত ধান শুকুওৱা ঠাইক লৈ কাজিয়াৰ সূত্ৰপাত হয়, যাৰ ফলত এগৰাকী বৃদ্ধাক চোকা বাঁহেৰে আক্ৰমণ কৰা হয়। ঘটনাৰ বিৱৰণী অনুসৰি, আছিয়া খাতুন নামৰ এগৰাকী বৃদ্ধাই ঘৰৰ ওচৰৰে এখন ব্যক্তিগত মৰিশালিত বড়োধান শুকুৱাবলৈ আঠুৱা জাল পাতিবলৈ আহিছিল। এই কাৰ্যত মকিজুল ইছলাম আৰু তেওঁৰ পত্নী হালিমা খাতুনে বাধা প্ৰদান কৰে। এই লৈ কাজিয়াৰ সূত্ৰপাত হয় আৰু মকিজুল ইছলামে নিজৰ মাতৃসম মহিলা আছিয়া খাতুনক চোকা বাঁহেৰে হাতত আঘাত কৰে। আক্ৰমণকাৰীসকলে আছিয়া খাতুনৰ পুত্ৰ আলম বিদশ্বাহকো আক্ৰমণ কৰে। এই ঘটনা সন্দৰ্ভত আছিয়া খাতুনে জুৰীয়া আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছে।
More news from অসম and nearby areas
- নগাঁও জিলাৰ জুৰীয়াৰ থিয়টাঙনী গাঁৱত ধান শুকুওৱা ঠাইক লৈ কাজিয়াৰ সূত্ৰপাত হয়, যাৰ ফলত এগৰাকী বৃদ্ধাক চোকা বাঁহেৰে আক্ৰমণ কৰা হয়। ঘটনাৰ বিৱৰণী অনুসৰি, আছিয়া খাতুন নামৰ এগৰাকী বৃদ্ধাই ঘৰৰ ওচৰৰে এখন ব্যক্তিগত মৰিশালিত বড়োধান শুকুৱাবলৈ আঠুৱা জাল পাতিবলৈ আহিছিল। এই কাৰ্যত মকিজুল ইছলাম আৰু তেওঁৰ পত্নী হালিমা খাতুনে বাধা প্ৰদান কৰে। এই লৈ কাজিয়াৰ সূত্ৰপাত হয় আৰু মকিজুল ইছলামে নিজৰ মাতৃসম মহিলা আছিয়া খাতুনক চোকা বাঁহেৰে হাতত আঘাত কৰে। আক্ৰমণকাৰীসকলে আছিয়া খাতুনৰ পুত্ৰ আলম বিদশ্বাহকো আক্ৰমণ কৰে। এই ঘটনা সন্দৰ্ভত আছিয়া খাতুনে জুৰীয়া আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছে।1
- আদিবাসী ছাত্ৰ সন্থাৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিয়ে কোকোৰাঝাৰ জিলাত সংঘটিত হোৱা এক নাৰকীয় ঘটনাৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।1
- মৰিগাঁও আৰক্ষীয়ে এক সফল অভিযান চলাই দীৰ্ঘদিন ধৰি সমগ্ৰ অঞ্চলটোত ধাৰাবাহিকভাৱে চুৰি কাণ্ড সংঘটিত কৰি এক আতংকময় পৰিৱেশ সৃষ্টি কৰি অহা এটা কুখ্যাত গভাইত চোৰক অৱশেষত জালত পেলায়। ধৃত চোৰটোক অজয় কুণ্ডু বুলি চিনাক্ত কৰা হৈছে। চোৰটোক আটক কৰাৰ পাছত বৰ্তমান আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।1
- ২নং ইটাখোলাৰ ৩২ বছৰীয়া শিৱ কুমাৰ মাহালী যোৱা জানুৱাৰী মাহৰ পৰা নিৰুদ্দেশ হৈ আছে। এটি অতি দৰিদ্ৰ পৰিয়ালৰ নিজ মাতৃ, দুগৰাকী কণমানি কন্যা সন্তান আৰু পত্নীক পোহপাল দিবলৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ কাম কৰিবলৈ যোৱাৰ পিছত তেওঁ ঘূৰি অহা নাই। পাচ মাহ উকলি যোৱাৰ পাছতো পৰিয়ালটোৱে তেওঁৰ কোনো সন্ধান লাভ কৰা নাই, যাৰ ফলত তেওঁলোক শোকত ভাগি পৰিছে। শিৱ কুমাৰ দিকৰাই চাহ বাগিছাৰ ৰুবুল তাতি আৰু জুৱেল মুণ্ডা নামৰ দুজন যুৱকৰ সৈতে টাৱাঙলৈ গৈছিল। দুয়ো যুৱক ঘূৰি আহিছিল যদিও শিৱ কুমাৰ উভতি নাহিল। পৰিয়ালৰ লোকে নিৰুদ্দেশ শিৱ কুমাৰৰ বিষয়ে দুয়ো যুৱকক সোধাত তেওঁলোকেও অজ্ঞতা প্ৰকাশ কৰে। এনে পৰিস্থিতিত শিৱ কুমাৰৰ পত্নী বৰ্তমান শয্যাগত হৈ আছে আৰু ঘৰখন চলোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ ফালৰ পৰা টাৱাং আৰু স্থানীয় ইটাখোলা আৰক্ষীক অৱগত কৰোৱা হৈছে যদিও বৰ্তমানলৈকে আৰক্ষীৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই, যাৰ বাবে পৰিয়ালটো হতাশ হৈ পৰিছে। শিৱ কুমাৰ মাহালীৰ পত্নীয়ে জনসাধাৰণক আহ্বান জনাইছে যে যদি কোনো সদাশয় লোকে তেওঁৰ সম্ভেদ লাভ কৰে, তেন্তে ৮৪৫৩০৮৩৪৮৫ অথবা ৮৪৫৩৯২৩৩৪৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হৈছে।4
- হোজাইত দিন দুপৰতে চোৰে লুটপাত চলায়। এই চুৰিকাণ্ড পশ্চিম আমতলা গাঁৱৰ শ্ৰীৰাম ভগতৰ ঘৰত সংঘটিত হৈছে।1
- আজি ৰঙিয়াৰ কনিহাত কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। বড়িগোগ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সৌজন্যত স্থানীয় তৰুণ সঙ্ঘ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে এই অধিৱেশন অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা অৱসৰী অধ্যক্ষ সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য, বড়িগোগ গাওঁ পঞ্চায়তৰ সভাপতি দীপাংকৰ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি নৰেন্দ্ৰ নৰ্মাই পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীত অৱসৰী আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ ভট্টাচাৰ্য আৰু আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি দীজেন্দ্ৰ মোহন শৰ্মা সহ আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সহযোগ কৰে। সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰমেন চৌধুৰীয়ে স্মৃতি তৰ্পণ কৰে। প্ৰতিনিধি পঞ্জীয়ন আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়নৰ অন্তত প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয়। বিয়লি কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ নাথ শৰ্মাৰ আদৰণি ভাষণৰে মুকলি অধিৱেশন শুভাৰম্ভ কৰা হয়। একেখন মঞ্চতে অধিৱেশন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ 'অপৰাহ্ন' উন্মোচন কৰা হয়। এই অধিৱেশনত কামৰূপ জিলাৰ অন্তৰ্গত বিভিন্ন শাখা সমিতিৰ বিষয়ববীয়াসকল আৰু সদস্যসকলে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে।1
- ঈদ-উল-আজহা উপলক্ষে দক্ষিণ গাঁও শ্বাহী জামা মছজিদে এক বিশেষ আহ্বান জনাইছে। মছজিদ কৰ্তৃপক্ষই কৈছে যে পৱিত্ৰ ঈদ-উল-আজহাৰ বলিদানৰ দিনা কোনো ধৰণৰ অবৈধ জন্তুৰ বলিদান নকৰিব। তেওঁলোকে স্পষ্টকৈ কৈছে যে কেৱল চৰকাৰৰ দ্বাৰা অনুমতিপ্ৰাপ্ত জন্তুৰহে বলিদান কৰা উচিত।1
- Post by Assam sangbad 241