Shuru
Apke Nagar Ki App…
শেহতীয়াভাৱে একাংশ উগ্ৰ হিন্দু যুৱকৰ ভণ্ডামি বৃদ্ধি পাইছে, যিসকলে মুছলমানসকলক হাৰাশাস্তি কৰি ধৰ্মীয় শ্লোগান দিবলৈ বাধ্য কৰি আহিছে। এনে কেইবাটাও ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে, য'ত ধৰ্মীয় অসহিষ্ণুতাৰ উদ্বেগজনক ছবি দেখা গৈছে। এই ধৰণৰ এক ঘটনা ওড়িশাত সংঘটিত হৈছে, য'ত দুবেলা দুমুঠি খোৱাৰ উদ্দেশ্যে ওলাই অহা এজন দৰিদ্ৰ মুছলমান ফেৰীৱালাক মাজপথত একাংশ লোকে 'বাংলাদেশী' বুলি দাবী কৰি ৰখাই মানসিক অত্যাচাৰ কৰে। এই ঘটনাই ৰাজ্যখনত হিন্দু-মুছলমান সম্পৰ্কত বিতৰ্কৰ সৃষ্টি কৰিছে।
Northeast Talks
শেহতীয়াভাৱে একাংশ উগ্ৰ হিন্দু যুৱকৰ ভণ্ডামি বৃদ্ধি পাইছে, যিসকলে মুছলমানসকলক হাৰাশাস্তি কৰি ধৰ্মীয় শ্লোগান দিবলৈ বাধ্য কৰি আহিছে। এনে কেইবাটাও ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে, য'ত ধৰ্মীয় অসহিষ্ণুতাৰ উদ্বেগজনক ছবি দেখা গৈছে। এই ধৰণৰ এক ঘটনা ওড়িশাত সংঘটিত হৈছে, য'ত দুবেলা দুমুঠি খোৱাৰ উদ্দেশ্যে ওলাই অহা এজন দৰিদ্ৰ মুছলমান ফেৰীৱালাক মাজপথত একাংশ লোকে 'বাংলাদেশী' বুলি দাবী কৰি ৰখাই মানসিক অত্যাচাৰ কৰে। এই ঘটনাই ৰাজ্যখনত হিন্দু-মুছলমান সম্পৰ্কত বিতৰ্কৰ সৃষ্টি কৰিছে।
More news from অসম and nearby areas
- শেহতীয়াভাৱে একাংশ উগ্ৰ হিন্দু যুৱকৰ ভণ্ডামি বৃদ্ধি পাইছে, যিসকলে মুছলমানসকলক হাৰাশাস্তি কৰি ধৰ্মীয় শ্লোগান দিবলৈ বাধ্য কৰি আহিছে। এনে কেইবাটাও ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে, য'ত ধৰ্মীয় অসহিষ্ণুতাৰ উদ্বেগজনক ছবি দেখা গৈছে। এই ধৰণৰ এক ঘটনা ওড়িশাত সংঘটিত হৈছে, য'ত দুবেলা দুমুঠি খোৱাৰ উদ্দেশ্যে ওলাই অহা এজন দৰিদ্ৰ মুছলমান ফেৰীৱালাক মাজপথত একাংশ লোকে 'বাংলাদেশী' বুলি দাবী কৰি ৰখাই মানসিক অত্যাচাৰ কৰে। এই ঘটনাই ৰাজ্যখনত হিন্দু-মুছলমান সম্পৰ্কত বিতৰ্কৰ সৃষ্টি কৰিছে।1
- হোজাইৰ ৰাজপথত এইবাৰ হোজাই আৰক্ষীক এক ব্যতিক্ৰমী ৰূপত দেখা গৈছে। যান-বাহনৰ নিয়ম উলংঘা কৰাৰ বাবে চালান কটাৰ পৰিৱৰ্তে, আৰক্ষীয়ে পথচাৰী আৰু চালকসকলক চকলেট আৰু হেলমেট প্ৰদান কৰিছে।1
- কাৰ্বি আংলং জিলাৰ বোকাজানতো কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হৈছে।1
- শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰাক্তন ধিং বিধায়ক আমিনুল ইছলাম সৰৱ হৈ পৰিছে। আমিনুল ইছলামে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক সাম্প্ৰদায়িক আখ্যা দিয়া অখিল গগৈৰ মন্তব্যক তীব্ৰ সমালোচনা কৰে।1
- চাপৰত পুনৰ এবাৰ বিলাতী সুৰাৰ দোকান মুকলি কৰাক লৈ এক ভয়ংকৰ প্ৰতিবাদৰ সৃষ্টি হৈছে, য'ত আকাশ-বতাহ কঁপি উঠিছে। বজাৰৰ মাজমজিয়াত অৱস্থিত 'হৃষি ৰেষ্টুৰেণ্ট' নামৰ এই IMFL ON SHOP খন মুকলি কৰাৰ বিৰোধিতাৰে সমগ্ৰ চাপৰ অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। চাপৰ নাগৰিক মঞ্চ, বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে এই বিপনীখন মুকলি কৰাৰ তীব্ৰ বিৰোধিতা কৰি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ মতে, জনবসতিপূৰ্ণ এলেকাত এনে সুৰাৰ বিপনী স্থাপন কৰাটো সমাজৰ বাবে অতিশয় ভয়াৱহ আৰু ক্ষতিকাৰক। সেয়েহে, চাপৰ নাগৰিক মঞ্চ আৰু অন্যান্য সংগঠনে লগতে ৰাইজে এই সুৰাৰ বিপনীখন স্থায়ীভাৱে বন্ধ কৰাৰ দাবী জনাইছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এই বিপনীখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল, যাৰ ফলত প্ৰশাসনে দুবাৰকৈ ক্ৰমে ৪৮ ঘণ্টা আৰু ৭ দিনৰ বাবে ইয়াক অস্থায়ীভাৱে বন্ধ কৰিছিল। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈছে। নাগৰিক মঞ্চ, বিভিন্ন দল-সংগঠন আৰু ৰাইজে চাপৰ বজাৰৰ মাজমজিয়াত অৱস্থিত হৃষি ৰেষ্টুৰেণ্ট নামৰ এই বিলাতী সুৰাৰ বিপনীখন স্থায়ীভাৱে বন্ধ কৰিবলৈ কঠোৰ দাবী জনাইছে।1
- চামগুৰি সমষ্টিৰ কংগ্ৰেছ কৰ্মী নুৰুল আমিন চৌধুৰীয়ে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰৌমাৰী ৰূপহী পঞ্চায়তৰ সভানেত্ৰীৰ স্বামীয়ে পঞ্চায়তৰ কামত হস্তক্ষেপ কৰা বুলি প্ৰচাৰিত বাতৰিৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে। তেওঁ দৃঢ়তাৰে কৈছে যে নিজৰ পঞ্চায়তত কোনো দুৰ্নীতি হ'বলৈ নিদিয়ে। চৌধুৰীয়ে এই ক্ষেত্ৰত নিজৰ পত্নীক সহায় কৰিব বুলিও স্পষ্ট কৰিছে, যাৰ দ্বাৰা দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ মাত মাতিবলৈ সাজু বুলি বুজাইছে।1
- SN india 24 ৰ সত্বাধিকাৰী আব্দুল জলিল আকন্দই তেওঁক হয়বৰ গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি একাংশ প'ৰ্টেলত প্ৰচাৰিত ভূৱা বাতৰি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই বাতৰিটো ভূৱা বুলি দাবী কৰি আকন্দই ইয়াক মিথ্যাচাৰ আখ্যা দিছে।1
- এক অভূতপূৰ্ব ঘটনা ক্ৰমে এইবাৰ চাৰি যুৱতীৰ যৌৱনৰ বলি হ'ল এজন যুৱক। এই ঘটনাক 'কালৰো কাল... বিপৰীত কাল!' বুলি অভিহিত কৰা হৈছে।1