বৰপেটাৰ চেঙাত নাৱাৰ্ডৰ অধীনস্থ নৱপ্ৰয়াস কৃষক উৎপাদক কোম্পানীৰ কাৰ্যালয় আৰু ভেষজ তেল সংশোধন গোট উদ্বোধন। বৰপেটাৰ চেঙাত নাৱাৰ্ডৰ অধীনস্থ নৱপ্ৰয়াস কৃষক উৎপাদক কোম্পানীৰ কাৰ্যালয় আৰু ভেষজ তেল সংশোধন গোট উদ্বোধন। বৰপেটা জিলাৰ চেঙাত চেঙা নৱপ্ৰয়াস কৃষক উৎপাদক কোম্পানী লিমিটেড’ৰ (FPC) নৱনিৰ্মিত কাৰ্যালয় আৰু এটা অত্যাধুনিক ভেষজ তেল সংশোধন গোট আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (NABARD)ৰ অসম আঞ্চলিক কাৰ্যালয়ৰ মুখ্য মহাপ্ৰবন্ধক লকেন দাসে এই গোটটো উদ্বোধন কৰে। এই বিশেষ সংশোধন গোটটোৱে ভেষজ তেল উৎপাদনৰ লগতে অঞ্চলটোৰ জোহা চাউলৰ প্ৰস্তুতকৰণ আৰু পুষ্টিকাৰক বজৰাৰ (millet) বিস্কুট উৎপাদনৰ ক্ষেত্ৰতো বিশেষ সুবিধা প্ৰদান কৰিব। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্য মহাপ্ৰবন্ধক লকেন দাসে থলুৱা কৃষি সামগ্ৰীৰ গোলকীয় বজাৰ দখলৰ সম্ভাৱনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ কৃষক আৰু সংশ্লিষ্ট অংশীদাৰসকলক অসমীয়া শিপাৰ সৈতে জড়িত হৈ থলুৱা শস্য, উদ্ভিদ আৰু ফল-মূলৰ মূল্য সংযোজনৰ (Value Addition) জৰিয়তে ৰাজ্যৰ সীমা অতিক্ৰমি আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ পৰিচয় দাঙি ধৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত নাৱাৰ্ডৰ সহযোগত ২০২১ বৰ্ষত এই ‘নৱপ্ৰয়াস কৃষক উৎপাদক কোম্পানী লিমিটেড’ গঠন কৰা হৈছিল। বৰ্তমান ১,০১২ গৰাকী কৃষক সদস্য থকা এই কোম্পানীটোৱে কৃষকসকলক সংগঠিত কৰা, কৃষি উৎপাদন বৃদ্ধি কৰা আৰু উৎপাদিত ফচলৰ সঠিক বিপণন নিশ্চিত কৰাৰ দিশত কাম কৰি আহিছে। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ আৰ্থিক অনুদানেৰে নিৰ্মিত এই গোটটোৰ জৰিয়তে তিল আৰু অন্যান্য থলুৱা শস্যৰ পৰা ভেষজ তেল প্ৰস্তুত কৰি বজাৰলৈ যোগান ধৰা হ’ব। অনুষ্ঠানত সদস্যসকলে ‘উৎকৰ্ষ যোজনা’ৰ জৰিয়তে আগবঢ়োৱা সহায়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। এই প্ৰচেষ্টাই অঞ্চলটোৰ কৃষকসকলৰ আৰ্থিক স্বাৱলম্বিতাৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। উক্ত অনুষ্ঠানত নাৱাৰ্ডৰ জিলা উন্নয়ন প্ৰবন্ধক অংকিতা মধুকাল্য, কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ড° অৰূপ কুমাৰ ডেকা, অগ্ৰণী জিলা প্ৰবন্ধক, কৃষি বিভাগৰ বিষয়াসকল আৰু এফপিচিৰ অধ্যক্ষ ৰাতুল পাঠকৰ লগতে বহুসংখ্যক স্থানীয় কৃষক উপস্থিত থাকে।

- Post by Mogrob1
- Post by Saiful islam1
- চিকিৎসক হোৱাৰ সপোন গণিত বিষয়ত ১০০ নম্বৰ লাভ কৰা লছিমাৰ চানম হকৰ।1
- 📌বাক্সা জিলাৰ জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু উপেন্দ্ৰ স্কলাৰ্ছ একাডেমীৰ যুটীয়া উদ্যোগত কালি সন্ধিয়া 📌অনন্ত একাডেমীৰ বাকৰিত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সোঁৱৰণ কৰি প্ৰায় ৩০০ গৰাকী ছাত্ৰীয়ে বিহু নৃত্যৰে কাৰ্যসূচীৰ পাতনি মেলা ৰঙালী বিহু উদযাপনৰ মুকলি সভাখন উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে।1
- ছয়গাঁৱৰ মাজপাৰাত দধিমন্থনৰ মহাৰজতজয়ন্তী । মিলিজুলি দধিমন্থনৰ মহাৰজত জয়ন্তী বৰ্ষ অতিক্ৰম । পহিলা ব'হাগৰ দিনা সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় । সেই উপলক্ষে সভাপতি দ্বীজেন ডেকাই মূল পতাকা উত্তোলনৰ পিছতে সমান্তৰালকৈ ৭৫ খনকৈ পতাকা আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে উত্তোলন কৰে । তাৰ পিছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, দধিমন্থন প্ৰদৰ্শন প্ৰভৃতি সম্পন্ন কৰা হয় । সাংস্কৃতিক শোভাযাত্ৰাত বিলুপ্ত সংস্কৃতি জীয়াই ৰাখিবলৈ কেবাটাও শ্লোগান সমদল কৰি ৰাজপথেৰে বাহিৰ কৰা হয় ।1
- ৰঙিয়াৰ বৰমূৰা খানাপাৰাত মাঘী পূৰ্ণিমা তিথি উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান। আজি পহিলা ব'হাগৰ দিনটোতে ৰঙিয়াৰ বৰমূৰা খানাপাৰাত জ্যেষ্ঠ জনৰ আশীষ গ্ৰহণ কৰে কণিষ্ঠজনে। মাঘ মাহৰ পূৰ্ণিমা তিথি উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী কাৰ্যসূচীৰ লগত সঙ্গতি ৰাখি ৰূপায়ণ কৰা হয় আশীৰ্বাদ অনুষ্ঠান । পুৱা পৰিৱেশ নিকাকৰণ, আয়তীৰ নাম পৰিৱেশন,ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী উদ্বোধনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'য় । ইয়াৰ পিছতে ৰূপালী বৰ্ষৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অজান বৈশ্যই । মুখ্য কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰাৰ পিছতে নাহৰৰ পুলি ৰোপণ কৰা হয়। ইফালে আশীৰ্বাদ অনুষ্ঠানত বিধায়ক ভবেশ কলিতা, শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা সমিতিৰ উপ সভাপতি মনিৰাম মালাকৰ ,বিশিষ্ট চিকিৎসক ডাঃ অশ্বিনী কুমাৰ কলিতা, ডাঃ পুলিন লহকৰ, প্ৰতিষ্ঠিত ব্যৱসায়ী দিগন্ত কলিতা , কৈলাশ জৈন, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সুশীল ডেকা ,কবি উজ্জ্বল ডেকা প্ৰমুখ্যে আন কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে কাৰ্যসূচীৰ সামৰণিত বিভাগীয় উপ সমিতি সমুহক দায়িত্ব প্ৰদান কৰা হয় । কাৰ্যসূচীত স্থানীয় ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰে ।1
- ভূটানৰ চানদ্ৰুপ ঝংকাৰত ৰঙালী বিহু আৰু বৈছাগু উদযাপন কৰিলে বিটিচিৰ উপাধ্যক্ষৰ বিজিৎ গৌৰা নাৰ্জাৰী আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।1
- Post by Saiful islam1