ৰঙিয়াত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা পাঁচ গভাইত চোৰ আটক চুৰি কাৰ্য্য কৰি সমগ্ৰ ৰঙিয়াতে সন্ত্রাস সৃষ্টি , কৰা পাঁচজনকৈ গভাইত চোৰক ৰঙিয়া আৰক্ষীয়ে - আটক কৰিবলৈ সক্ষম হৈছে। সমগ্র ৰঙিয়াতে দিনটো টিঘিলঘিলাই ঘুৰি সুযোগ পোৱা মাত্ৰকে চুৰি কাৰ্য্য সংঘটিত কৰে এই পাঁচ গভাইত চোৰে। আনকি নিশাৰ ভাগতো হাতত চুৰি কাৰ্য্যৰ সামগ্ৰী লৈ ঘৰৰ পৰা ওলাই আহে এইকেইজন চোৰে। ৰঙিয়া হাইরে চ'কত এখন ব্যৱসায় প্ৰতিষ্ঠানত দুদিন পূর্বে চুৰি কাৰ্য্য সংঘটিত কৰি ৰঙিয়া আৰক্ষীৰ হাতত ধৰা পৰিল এই পাঁচ গভাইত চোৰ। চাইমা চুপাৰমার্কেট নামৰ ব্যৱসায় প্ৰতিষ্ঠানত নিশা চুৰি কাৰ্য্য সংঘটিত কৰি নগদ টকা আৰু সামগ্রী লৈ যোৱাৰ পিছতে ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্রেমাঙ্কুৰ হাজৰিকা আৰু নগৰ আৰক্ষী পৰিদৰ্শক অৰবিন্দ ঘোষৰ তৎপৰতাত ৰঙিয়া হাইৱে চ'কৰ পিন্টু আলী আৰু ৰঙিয়া কাজিগাঁওৰ যাদৱ দাস নামৰ দুই যুৱকক প্রথমে আটক কৰে। ধৃত চোৰ দুজনক সোধপোচ কৰাত চুৰি কাৰ্য্যৰ লগত জৰিত থকা আন তিনিজন ক্রমে ৰঙিয়া হাইরে চ'কৰ আনোৱাৰ হুছেইন, ৰঙিয়া গৰকাৰ দীপ জ্যোতি দাস, আৰু ৰঙিয়া তিনিআলিৰ প্ৰবিন দাসক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ইতিমধ্যে ধৃত চোৰ কেইজনৰ পৰা কিছু পৰিমাণে চুৰি সামগ্রী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে যোৱা কেইটামান পূর্বে ৰঙিয়া নিউফার্মাচীত চিলিং ভাঙি চোৰৰ দলটোৱে লুটি নিছিল বৃহৎ পৰিমাণৰ ঔষধৰ লগতে নগদ টকা।

- স্থানীয় আনন্দৰাম বৰুৱা বিদ্যা নিকেতনত পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লেখক মুনীন্দ্ৰ কলিতাৰ শিশু উপযোগী সৰ্ব্ব ধৰ্ম বন্দনা সজ আচৰণ আৰু শিশু গীত শীৰ্ষক সপ্তম খনি গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ খন উন্মোচন কৰে পি বি কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক ডিম্বেশ্বৰ বৰুৱাই । অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে ৰঙিয়া জিলা জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সভাপতি দিগম্বৰ ডেকাৰ লগতে শিক্ষাবিদ হেমন্ত মজুমদাৰ। আনহাতে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি শিক্ষক ছায়েদুৰ ৰহমান, নীলকান্ত ডেকা,খগেন চন্দ্ৰ ডেকা,জগত কলিতা,মহেশ ডেকাৰ লগতে বড়িগোগ শতদল সাহিত্য সভাৰ সম্পাদক দীনেশ্বৰ কলিতা,সমাজ সেৱক মহেন্দ্ৰ মোহন ডেকাক সম্বৰ্দ্ধনা জনোৱা হয়। কাৰ্যসূচীত ২০ গৰাকী শিশুৰ মাজত উন্মোচিত গ্ৰন্থ বিতৰণ কৰা হয়। বিদ্যালয়খনৰ অধ্যক্ষ প্ৰমোদ কুমাৰ দত্তই শলাগৰ শৰাই আগবঢ়োৱা সভাৰ মাজতে গোবিন্দ নাথে সঙ্গীত পৰিৱেশন আৰু দীনেশ্বৰ কলিতা,পৰেশ দাসে স্বৰচিত কবিতা পাঠ কৰি সমবেত লোকসকলক আপ্লুত কৰে।1
- ABSU ৰ সভাপতি খৌৰুমদাও ৱাৰীৰ অসমবাসী আৰু বিটিচিবাসীক ৰংজালি বৈছাগুৰ শুভেচ্ছা জ্ঞাপন।1
- Post by Santosh biswas1
- ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত জনসাধাৰণৰ অশান্তিৰ সৃষ্টি হৈছে। #newsreport1
- 📌বাক্সাৰ শ্ৰীশ্ৰীকুজিদেওঁৰ দেৱালয় আৰু নতুন আলিগুৰিত উলহ মালহৰে উদযাপন কৰা হয় পাৰ'তোলা উৎসৱ। 📌অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ চেৰা বিহুৰ সতে সংগতি ৰাখি প্ৰতি বছৰে ৬ ব'হাগত বাক্সা জিলাৰ অন্যান্য স্থানৰ লগতে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কুজিদেওঁৰ দেৱালয়তো অসমীয়া লোক সংস্কৃতিৰ বৰ পথাৰ খনক চহকী কৰি অহা পাৰ'তোলা উৎসৱ অতি উলহ মালহৰে উদযাপন কৰা হয় ।1
- Post by Nikhil1
- Baragaon Excel Care Hospital1
- আগন্তুক জাতিগত লোকপিয়ল গণনাক লৈ সচেতন হৈ পৰিছে আদিবাসী লোক। আগন্তুক এই জাতিগত লোকপিয়লৰ সময়ত প্ৰতিগৰাকী আদিবাদী লোকে নিজকে ছাৰ্ণা ধৰ্মৰ(প্ৰাকৃতিক পূজক) পৰিচয় দাঙি ধৰাৰ আহ্বান- আদিবাসী ছেঙ্গেল অভিযানৰ ৰাজ্যিক সভাপতি সহন হেম্বৰমৰ। আদিবাসী সকলৰ সুকীয়া ধৰ্মৰ কোড আজিলৈ প্ৰদান নকৰাৰ ফলত বহু সময়ত অন্য ধৰ্মৰ বলি হলবলগীয়া হৈছে।আগন্তুক এই জাতিগত গণনাত ভাষাৰ লগতে যাতে ধৰ্মকো সুযোগ দিয়ে তাৰ বাবেও আহ্বান। ইপিনে, BTC ৰ চিৰাং জিলাৰ ৰুণীখাটাত সংঘটিত শেহতীয়া ঘটনাক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে- কোনেও আইন হাতত তুলি নলৈ শান্তি সম্প্ৰতি বর্তাই ৰাখে যেন। লগতে দুষিক চিনাক্ত কৰি শাস্তি দিয়ক, যাতে কোনো নিৰ্দোষী লোক হাৰাশাস্তিৰ সন্মুখীন নহয়।1