চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ২ নং এঙেৰা কোঁৱৰ গাঁৱৰ নিবাসী, দেশৰ স্বাধীনতা সংগ্ৰামী তথা ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অগ্ৰণী সেনানী কালিনাথ কোঁৱৰৰ বুধবাৰে নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। আজি দিনৰ প্ৰায় ১০:৩০ বজাত প্ৰায় ৯৮ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ১৯২৮ চনত চৰাইদেউ গাঁও পঞ্চায়ত এলেকাৰ কোঁৱৰ গাঁৱত জন্ম গ্ৰহণ কৰা কোঁৱৰে গ্ৰাম্যাঞ্চলটোতে স্থায়ীভাৱে বসতি স্থাপন কৰি পৰৱৰ্তী সময়ত ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিল। অবিভক্ত শিৱসাগৰ জিলাৰ বহুকেইগৰাকী মুক্তিযোদ্ধাৰ সান্নিধ্য লাভ কৰা বৰ্ষীয়ান মুক্তিযোদ্ধাগৰাকীয়ে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাৰ উপৰিও বিদেশী খেদা আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত তেওঁ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ সমগ্ৰ অঞ্চলটোৰ উন্নতিৰ বাবে কাম কৰি গৈছিল। তেওঁ এগৰাকী সৰবৰহী, ধাৰ্মিক আৰু আদৰ্শ খেতিয়ক আছিল। বিশিষ্ট মুক্তিযোদ্ধা তথা বৃহত্তৰ অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। তেওঁৰ বিয়োগত সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু চৰাইদেউ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ ফালৰ পৰা তেওঁৰ পুণ্যাত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শেষ বিদায় জনোৱা হয়। একেদৰে, চৰাইদেউ জিলা প্ৰশাসনৰ ফালৰ পৰা ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জনোৱাৰ লগতে চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা, সম্পাদক প্ৰণৱ বৰগোহাঁই আৰু মাহমৰা সমষ্টিৰ বিধায়ক সূৰুয দিহিঙীয়াই শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ ২জন পুত্ৰ, বোৱাৰী, নাতি-নাতিনীসহ বহু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ২ নং এঙেৰা কোঁৱৰ গাঁৱৰ নিবাসী, দেশৰ স্বাধীনতা সংগ্ৰামী তথা ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অগ্ৰণী সেনানী কালিনাথ কোঁৱৰৰ বুধবাৰে নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। আজি দিনৰ প্ৰায় ১০:৩০ বজাত প্ৰায় ৯৮ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ১৯২৮ চনত চৰাইদেউ গাঁও পঞ্চায়ত এলেকাৰ কোঁৱৰ গাঁৱত জন্ম গ্ৰহণ কৰা কোঁৱৰে গ্ৰাম্যাঞ্চলটোতে স্থায়ীভাৱে বসতি স্থাপন কৰি পৰৱৰ্তী সময়ত ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিল। অবিভক্ত শিৱসাগৰ জিলাৰ বহুকেইগৰাকী মুক্তিযোদ্ধাৰ সান্নিধ্য লাভ কৰা বৰ্ষীয়ান মুক্তিযোদ্ধাগৰাকীয়ে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাৰ উপৰিও বিদেশী খেদা আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত তেওঁ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ সমগ্ৰ অঞ্চলটোৰ উন্নতিৰ বাবে কাম কৰি গৈছিল। তেওঁ এগৰাকী সৰবৰহী, ধাৰ্মিক আৰু আদৰ্শ খেতিয়ক আছিল। বিশিষ্ট মুক্তিযোদ্ধা তথা বৃহত্তৰ অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। তেওঁৰ বিয়োগত সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু চৰাইদেউ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ ফালৰ পৰা তেওঁৰ পুণ্যাত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শেষ বিদায় জনোৱা হয়। একেদৰে, চৰাইদেউ জিলা প্ৰশাসনৰ ফালৰ পৰা ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জনোৱাৰ লগতে চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা, সম্পাদক প্ৰণৱ বৰগোহাঁই আৰু মাহমৰা সমষ্টিৰ বিধায়ক সূৰুয দিহিঙীয়াই শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ ২জন পুত্ৰ, বোৱাৰী, নাতি-নাতিনীসহ বহু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।
- চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ২ নং এঙেৰা কোঁৱৰ গাঁৱৰ নিবাসী, দেশৰ স্বাধীনতা সংগ্ৰামী তথা ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অগ্ৰণী সেনানী কালিনাথ কোঁৱৰৰ বুধবাৰে নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। আজি দিনৰ প্ৰায় ১০:৩০ বজাত প্ৰায় ৯৮ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ১৯২৮ চনত চৰাইদেউ গাঁও পঞ্চায়ত এলেকাৰ কোঁৱৰ গাঁৱত জন্ম গ্ৰহণ কৰা কোঁৱৰে গ্ৰাম্যাঞ্চলটোতে স্থায়ীভাৱে বসতি স্থাপন কৰি পৰৱৰ্তী সময়ত ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিল। অবিভক্ত শিৱসাগৰ জিলাৰ বহুকেইগৰাকী মুক্তিযোদ্ধাৰ সান্নিধ্য লাভ কৰা বৰ্ষীয়ান মুক্তিযোদ্ধাগৰাকীয়ে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাৰ উপৰিও বিদেশী খেদা আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত তেওঁ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ সমগ্ৰ অঞ্চলটোৰ উন্নতিৰ বাবে কাম কৰি গৈছিল। তেওঁ এগৰাকী সৰবৰহী, ধাৰ্মিক আৰু আদৰ্শ খেতিয়ক আছিল। বিশিষ্ট মুক্তিযোদ্ধা তথা বৃহত্তৰ অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। তেওঁৰ বিয়োগত সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু চৰাইদেউ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ ফালৰ পৰা তেওঁৰ পুণ্যাত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শেষ বিদায় জনোৱা হয়। একেদৰে, চৰাইদেউ জিলা প্ৰশাসনৰ ফালৰ পৰা ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জনোৱাৰ লগতে চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা, সম্পাদক প্ৰণৱ বৰগোহাঁই আৰু মাহমৰা সমষ্টিৰ বিধায়ক সূৰুয দিহিঙীয়াই শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ ২জন পুত্ৰ, বোৱাৰী, নাতি-নাতিনীসহ বহু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।1
- চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ চফ্ৰাই অঞ্চলৰ ৰাজু নেৱাৰ আৰু ইন্দিৰা নেৱাৰৰ পুত্ৰ শিৱম নেৱাৰে বেংগলৰ নেক্চাচ শান্তি নিকেতনত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলত দুটাকৈ স্বৰ্ণ পদক লাভ কৰি অঞ্চলটো আৰু ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ ৭২ আৰু ৭৮ ওজনৰ শাখাত এই পদকসমূহ অৰ্জন কৰাৰ লগতে 'চেম্পিয়ন অফ দা চেম্পিয়ন'ৰ সন্মানো লাভ কৰে। এই একেখন প্ৰতিযোগিতাতে বিবেক নেৱাৰে এটা ৰূপৰ পদক আৰু শিৱাংশু নেৱাৰে এটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। এই সফলতাই অঞ্চলবাসীৰ লগতে চৰাইদেউ জিলাৰ আৰু সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিছে। শিৱম নেৱাৰৰ এই সাফল্যৰ বাবে আজি তেওঁৰ বাসগৃহত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত চৰাইদেউ জিলা নেৱাৰ সন্মিলন, চফ্ৰাই আঞ্চলিক ছাত্ৰ সন্থা, চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থা, চিলাপথাৰ গাওঁ পঞ্চায়ত, গোৰ্খা সন্মিলন চফ্ৰাই শাখা সমিতিৰ লগতে কেইবাটাও অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে উপস্থিত থাকি শিৱম নেৱাৰক সম্বৰ্ধনা জনায়।3
- চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত দুই নং এঙেৰা কোঁৱৰ গাঁও নিবাসী, দেশৰ স্বাধীনতা সংগ্ৰামী আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অগ্ৰণী সেনানী কালিনাথ কোঁৱৰৰ বুধবাৰে নিজা বাসগৃহত দেহাৱসান ঘটে। প্ৰায় ৯৮ বছৰ বয়সত আজি দিনৰ প্ৰায় ১০:৩০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ১৯২৮ চনত চৰাইদেউ গাঁও পঞ্চায়ত এলেকাৰ কোঁৱৰ গাঁৱত জন্মগ্ৰহণ কৰা কালিনাথ কোঁৱৰে গ্ৰামাঞ্চলটোতে স্থায়ীভাৱে বসতি স্থাপন কৰি পৰৱৰ্তী সময়ত ভাৰত ত্যাগ আন্দোলনত জঁপিয়াই পৰিছিল। অবিভক্ত শিৱসাগৰ জিলাৰ বহু কেইগৰাকী মুক্তিযোদ্ধাৰ সান্নিধ্য লাভ কৰা এই বৰ্ষীয়ান মুক্তিযোদ্ধাগৰাকীয়ে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাই নহয়, বিদেশী খেদা আন্দোলনতো অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত তেখেতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ সমগ্ৰ অঞ্চলটোৰ উন্নতিৰ বাবে কাম কৰি গৈছিল। তেওঁ এগৰাকী সৰবৰহী, ধাৰ্মিক আৰু আদৰ্শ খেতিয়ক আছিল। বিশিষ্ট মুক্তিযোদ্ধা তথা বৃহত্তৰ অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰে। চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা তেখেতক ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়। তেওঁৰ বিয়োগত সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন, চৰাইদেউ জিলা মুক্তিযুঁজাৰু সন্মিলন, চৰাইদেউ প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰৱজ্যোতি বৰুৱা, সম্পাদক প্ৰণৱ বৰগোহাঁই আৰু মাহমৰা সমষ্টিৰ বিধায়ক সূৰুয দিহিঙীয়াই শোক প্ৰকাশ কৰিছে। তেওঁলোকে তেওঁৰ পুণ্যাত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেওঁ ২জন পুত্ৰ, বোৱাৰী, নাতি-নাতিনীসহ বহু গুণমুগ্ধক এৰি থৈ যায়।1
- অইল ইণ্ডিয়া লিমিটেডে (OIL) ইয়াৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ২০১৩ বৰ্ষৰ পৰা ৰূপায়ণ কৰি অহা ‘প্ৰকল্প অইল স্বাৱলম্বন’ৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। এই আঁচনিৰ অধীনত পৰ্যটন আৰু আতিথ্য বিষয়ত তিনিমহীয়া প্ৰশিক্ষণৰ অন্তত এশ শতাংশ চাকৰিৰ নিশ্চয়তা প্ৰদান কৰা হয়, যিয়ে ইতিমধ্যে বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰাত সহায় কৰিছে। দুলীয়াজান আৰু মধুটিং সূৰ্যোদয় যুৱ সংঘৰ অনুৰোধত, আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ বিজেপি নেতা শংকৰজ্যোতি বৰুৱাৰ তৎপৰতাত আজি নাওশলীয়াৰ আৰ্শীবাদ বিবাহ ভৱনত অইলে এক পঞ্জীয়ন শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰে। এই শিবিৰত অসম, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে মুকলি কৰা হৈছিল, য'ত প্ৰায় চাৰিশৰো অধিক যুৱকে অংশগ্ৰহণ কৰি পঞ্জীয়ন কৰে। সজাগতা সভাত উপস্থিত থাকি অইলৰ জনপৰিক্ৰমা বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক দিগন্ত কুমাৰ বৰাই জনায় যে, এই প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়া আৰু প্ৰশিক্ষণৰ সময়ত গুৱাহাটীত বিনামূলীয়া থকা-খোৱাৰ সুবিধা প্ৰদান কৰা হয়। তেওঁ লগতে কয় যে এই প্ৰকল্পৰ দ্বাৰা ইতিমধ্যে বহু হাজাৰ যুৱক-যুৱতীয়ে দেশৰ লগতে বিদেশৰো বহু প্ৰতিষ্ঠানত আকৰ্ষণীয় দৰমহাবে চাকৰি কৰি আছে। সভাত বিজেপিৰ মিডিয়া পেনেলিষ্ট শংকৰজ্যোতি বৰুৱাই অইল ইণ্ডিয়াই ১৮ বছৰৰ উৰ্ধৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক প্ৰশংসা কৰে। তেওঁ কয় যে পৰ্যটন আৰু আতিথ্য ব্যৱস্থাপনা পাঠ্যক্ৰমৰ অন্তৰ্গত ফুড এণ্ড বেভাৰেজ চাৰ্ভিছ সহকাৰী, ফ্ৰণ্ট অফিচ এচ’ছিয়েট, গেষ্ট চাৰ্ভিছ এচ’ছিয়েট (হাউচকিপিং) আদি বিষয়ত নিবনুৱা যুৱক-যুৱতীসকলে চাকৰিৰ সুযোগ লাভ কৰিব। বৰুৱাই অইলৰ উপস্থিত থকা বিষয়াসকলক এই পাঠ্যক্ৰমত সৰ্বাধিক এশ গৰাকী যুৱক-যুৱতীক অন্তৰ্ভুক্ত কৰাৰ পৰিৱৰ্তে পঞ্জীয়নভুক্ত সকলো যুৱক-যুৱতীৰ বাবে পৰ্যায়ক্ৰমে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। এই সজাগতা সভাত অইলৰ জন পৰিক্ৰমা বিভাগৰ উপ মহাপ্ৰৱন্ধক পংকজ কুমাৰ চেতিয়া, প্ৰিয়াশী গোস্বামী, মধুস্মিতা বৰদলৈ, দুলীয়াজান যুৱ সংঘৰ সভাপতি ভাৰ্গৱ বৰুৱা, কাৰ্যকৰী সভাপতি প্ৰাঞ্জল শইকীয়া, মধুটিং যুৱ সংঘৰ সভাপতি দিগন্ত বৰা, প্ৰশিক্ষণ প্ৰগতিৰ সঞ্চালক মণ্ডলীকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। দুলীয়াজান যুৱ সংঘৰ উপ সভাপতি কনক গগৈয়ে সভাখন আঁত ধৰে। পঞ্জীয়ন শিবিৰত ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ উপৰিও মৰিগাঁও, চৰাইদেউ, যোৰহাট, মাজুলী আদিৰ নিবনুৱা যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত পূৰ্বে অংশগ্ৰহণ কৰি বৰ্তমান কৰ্মসংস্থাপন লাভ কৰা তিনিগৰাকী যুৱক-যুৱতীয়েও তেওঁলোকৰ অভিজ্ঞতা ব্যক্ত কৰে।1
- মধ্যপ্ৰদেশৰ এগৰাকী যুৱ এথলীট, চ’ল চাইক্লিষ্ট আৰু পৰ্বতাৰোহনকাৰী আশা মালব্যই মহিলা সৱলীকৰণ, দেশপ্ৰেম আৰু সাহসেৰে আগবাঢ়ি যোৱাৰ বাবে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে দেশৰ পশ্চিম প্ৰান্তৰৰ পৰা পূৱলৈ বাইচাইকেলেৰে এক যাত্ৰা আৰম্ভ কৰিছে। এই যাত্ৰাত তেওঁ ইতিমধ্যে ৮০২০ কিলোমিটাৰ চাইকেল চলাই ধেমাজিত উপস্থিত হৈছে। জয়পুৰৰ পৰা অৰুণাচল প্ৰদেশৰ কিবিথুলৈ মুঠ ৮৭০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যাত্ৰা সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈ আশা মালব্যই নিজৰ এই পদক্ষেপৰে সমগ্ৰ দেশতে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।1
- বাণিজ্যিক চহৰ তিনিচুকীয়াত একাংশই পদপথ দখল কৰি ব্যৱসায় চলোৱাৰ ফলত চহৰখনত তীব্ৰ যানযঁটৰ সৃষ্টি হৈছে। এই সমস্যাৰ সমাধান আৰু যানযঁট নিয়ন্ত্ৰণৰ বাবে তিনিচুকীয়া পৌৰসভাই চহৰখনত অবৈধ দখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। আজি তিনিচুকীয়াৰ জিএনবি পথৰ পৰা তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈকে এই উচ্ছেদ অভিযান চলোৱা হয়। পৌৰসভাই অবৈধভাৱে পদপথ দখল কৰি ব্যৱসায় চলাই থকা ব্যৱসায়ীসকলক পূৰ্বেই জাননী প্ৰদান কৰিছিল, কিন্তু সেই জাননী আওকাণ কৰি ব্যৱসায় চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে আজি এই অভিযান চলোৱা হয়।1
- তিনিচুকীয়া জিলাত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে এক কঠোৰ অভিযান চলাই আছে, যাৰ মাজতে এক উদ্বেগজনক অভিযোগ উত্থাপিত হৈছে। এই অভিযানৰ অংশ হিচাপে, ডুমডুমা আৰক্ষীয়ে ইতিমধ্যে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা প্ৰায় ১৭ লাখ টকা নগদ ধন, সোণ-ৰূপৰ অলংকাৰ, বিলাসী বাহন আৰু কেইবাখনো মটৰচাইকেল জব্দ কৰিছে। ইফালে, সুদখোৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা এগৰাকী ভুক্তভোগীয়ে নিজৰ জীৱনৰ সুৰক্ষাক লৈ তীব্ৰ শংকা প্ৰকাশ কৰিছে। তেওঁ অভিযোগ কৰিছে যে শুকানগুৰি চাহ বাগিচাত তেওঁক সুদখোৰৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰাৰ লগতে জীৱননাশৰ ভাবুকিও দিয়া হৈছে।1
- বুধবাৰে চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰত প্ৰায় অৰ্ধ শতাধিক অস্থায়ী ঠিকা ভিত্তিক শ্ৰমিকে আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ অধীনত ঠিকা শ্ৰমিকসকলে তাপ বিদ্যুৎ কেন্দ্ৰটোৰ মহাপ্ৰবন্ধক কাৰ্যালয়ৰ সন্মুখত বিভিন্ন দাবী সম্বলিত বেনাৰ আৰু প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ মূল দাবীসমূহ হৈছে প্ৰাপ্য বেতন আৰু মজুৰি বৃদ্ধি, লগতে ঠিকা শ্ৰমিকসকলৰ বাবে সু-ব্যৱস্থা গ্ৰহণ। আসাম ষ্টেট আউটচ’চ পাৱাৰ ৱকাছ ইউনিয়নৰ লাকুৱা শাখা সমিতিয়ে দীৰ্ঘদিন ধৰি তেওঁলোকৰ এই দাবীসমূহ পূৰণৰ বাবে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৬ চেপ্তেম্বৰত উক্ত দাবীসমূহ পূৰণৰ দাবীত অনিৰ্দিষ্ট কাললৈ আমৰণ অনশন কাৰ্যসূচী ঘোষণা কৰা হৈছিল যদিও লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ মহাপ্ৰবন্ধকৰ হস্তক্ষেপত বৰ্ডৰ উৰ্দ্ধতম কৰ্তৃপক্ষৰ সৈতে হোৱা আলোচনা মৰ্মে আন্দোলন কাৰ্যসূচী সাময়িকভাবে স্থগিত ৰখা হৈছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে আলোচনা হোৱাৰ এক বছৰ ন-মাহ উকলি যোৱাৰ পিছতো আজিলৈকে বৰ্ডৰ উৰ্দ্ধতম কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰবাবে শ্ৰমিকসকল ক্ষোভিত হৈ পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ ফলত কেন্দ্ৰটোত কাম-কাজ অচল হৈ পৰিছে। শ্ৰমিকসকলে সংবাদ মাধ্যমৰ জৰিয়তে সকীয়াই দিছে যে যদিহে বিভাগীয় কৰ্তৃপক্ষই অনাগত দিনত কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে তেওঁলোকে অনির্দিষ্ট কাললৈ এই অনশন কাৰ্যসূচী অব্যাহত ৰাখিব।1