Shuru
Apke Nagar Ki App…
শপত গ্ৰহণৰ প্ৰাকমুহূৰ্তত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই (আক্ৰাছু) মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এক ডাঙৰ দাবী উত্থাপন কৰিছে। সংগঠনটোৱে ১০ নিৰ্বাচিত প্ৰতিনিধিৰ ভিতৰত দুগৰাকী কোঁচ ৰাজবংশী প্ৰতিনিধিক অসম কেবিনেটত মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ কৈছে। এই পদক্ষেপৰ জৰিয়তে জনগোষ্ঠীটোৰ উন্নয়ন আৰু জনজাতিকৰণৰ মৰ্যাদা লাভৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব বুলি তেওঁলোকে আশা কৰিছে।
Mustak ali
শপত গ্ৰহণৰ প্ৰাকমুহূৰ্তত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই (আক্ৰাছু) মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এক ডাঙৰ দাবী উত্থাপন কৰিছে। সংগঠনটোৱে ১০ নিৰ্বাচিত প্ৰতিনিধিৰ ভিতৰত দুগৰাকী কোঁচ ৰাজবংশী প্ৰতিনিধিক অসম কেবিনেটত মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ কৈছে। এই পদক্ষেপৰ জৰিয়তে জনগোষ্ঠীটোৰ উন্নয়ন আৰু জনজাতিকৰণৰ মৰ্যাদা লাভৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব বুলি তেওঁলোকে আশা কৰিছে।
More news from অসম and nearby areas
- *শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দুৰ্ঘটনা । *নিয়াত্ৰণ হেৰুৱাই খালত সোমাল হোণ্ডাই চেণ্ট্ৰ বাহন। *শিৱসাগৰ জিলাৰ কোঁৱৰপুৰৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা AS 06 E 7714 নম্বৰৰ হোণ্ডাই চেণ্ট্ৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ডিভাইডাৰত খুন্দা মাৰি পথৰ দাতিৰ খালত সোমাই পৰে । *পথ দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত ৰভি বাৰ্মা(২৬) আৰু দীপাংকৰ বাৰ্মাক (২৮) ততাতৈয়াকৈ অসম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। *দুয়োজন যুৱকৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।1
- চৰাইদেউত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ *পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষক ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা প্ৰদান* অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাদশ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ সমীপৱৰ্তী পৰ্যটন ভৱনত অনুষ্ঠিত হয় । অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত আৰু চৰাইদেউ প্ৰেছ ক্লাবৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত অসম ৰাজ্যিক সাংবাদিক সন্থাই চলিত বৰ্ষৰ ''ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা" পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষক প্ৰদান কৰে । পুৱা অসম ৰাজ্যাক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই সন্থাৰ পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পাতনি মেলাৰ পাছতে স্মৃতি তৰ্পণ কৰে সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই । ইয়াৰ পাছতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব সন্থাৰ কাৰ্যকৰী সভাপতি মনোজ বৰঠাকুৰে ৷ লগতে জিলাৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা কেইবা গৰাকী ব্যক্তিক জিলা সমিতিয়ে বিশেষভাৱে সম্বৰ্ধনা কৰে সাংবাদিক সংগঠনটোৱে ৷1
- উত্তৰ গুৱাহাটীৰ প্ৰতিভাশালী সাঁতোৰবিদ কমল কৃষ্ণ দাসে সাগৰৰ প্ৰতিকূলতা, ধুমুহা আৰু ঢৌ নেওচি ইতিহাস সৃষ্টি কৰিলে। তেওঁ অদম্য সাহস আৰু দৃঢ়তাৰে সাগৰ বিজয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।1
- আজি দেৰগাঁও সাহিত্য সভা ভৱনত ড°প্ৰাঞ্জল শৰ্মাৰ 'আধ্যাত্মিকতাৰ পৰশত মানৱ আত্মাৰ দৰ্শন' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। বিশিষ্ট সংস্কৃত পণ্ডিত আৰ্চায্য ৰোহিণী বল্লভ গোস্বামীয়ে কেইবাজনো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত এই গ্ৰন্থখন উন্মোচন কৰে।1
- নুমলীগড়ৰ NRL নগৰাঞ্চলত নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ উদ্যোগত পয়েটিকাৰ কাব্য-সংগীতৰ এক বিশেষ যুগলবন্দী অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিশিষ্ট কবি-গায়িকাৰ লগতে স্থানীয় শিশু শিল্পীসকলেও দৰ্শকক মোহিত কৰে, লগতে 'দোকমোকালি' আলোচনী আৰু বৰ্ষপঞ্জী উন্মোচন কৰা হয়।2
- বৃহস্পতিবাৰে সন্ধানহীন হোৱা সিদ্ধাৰ্থ তামাং নামৰ কিশোৰ জনৰ মৃতদেহ উদ্ধাৰ । জাগুনৰ টিৰাপ নৈত সন্ধানহীন হোৱা শিশুটিৰ সন্ধানত SDRF বাহিনীয়ে চাৰিদিন ধৰি অভিযান অব্যাহত ৰাখিছিল।যোৱা বৃহস্পতিবাৰে টিৰাপ নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা জাগুনৰ 2 নং ৰামপুৰ গাওঁৰ সিদ্ধাৰ্থ তামাংৰ মৃতদেহ অৱশেষত আজি টিৰাপ নৈৰ টীৰাপ ঘাটত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃতদেহ উদ্ধাৰ কৰি লগে লগেই লেখাপানী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। BYTE :- স্থানীয় লোক1
- উৰিয়ামঘাট ফাউণ্ডেশ্যনৰ উদ্যোগত উৰিয়ামঘাট উমেশ দত্ত মধ্য ইংৰাজী বিদ্যালয়ত ‘লিংগভিত্তিক নিয়ম আৰু দায়িত্ব’ সন্দৰ্ভত এক কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত উৰিয়ামঘাটকে ধৰি পাঁচখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।2
- শপত গ্ৰহণৰ প্ৰাকমুহূৰ্তত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই (আক্ৰাছু) মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত এক ডাঙৰ দাবী উত্থাপন কৰিছে। সংগঠনটোৱে ১০ নিৰ্বাচিত প্ৰতিনিধিৰ ভিতৰত দুগৰাকী কোঁচ ৰাজবংশী প্ৰতিনিধিক অসম কেবিনেটত মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ কৈছে। এই পদক্ষেপৰ জৰিয়তে জনগোষ্ঠীটোৰ উন্নয়ন আৰু জনজাতিকৰণৰ মৰ্যাদা লাভৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব বুলি তেওঁলোকে আশা কৰিছে।1