“কথাৰে নহয়, কামেৰে পৰিচয়”— এই বাক্যশাৰীকে বাস্তৱ ৰূপ দি ৫৫ নং ধিং বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ নব-নিৰ্বাচিত বিধায়ক মেহেবুব মুক্তাৰে আজি দ্বিতীয় দিনৰ বাবে সমষ্টিটোত মুঠ ৬ খনকৈ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। শপত গ্ৰহণ কৰাৰ পাছতেই বিধায়কগৰাকীয়ে ধিং সমষ্টিত উন্নয়নৰ গতি তীব্ৰ কৰাৰ লক্ষ্যৰে একেৰাহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে, বিগত প্ৰায় বিশ বছৰে ধিং সমষ্টিবাসীয়ে উন্নয়নৰ মুখ নেদেখাৰ অভিযোগ উত্থাপন হৈ আহিছিল, বিশেষকৈ জৰাজীৰ্ণ পথ-ঘাটৰ সমস্যাই ৰাইজক দীৰ্ঘদিন ধৰি জুৰুলা কৰি আহিছিল। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত উন্নয়নৰ আশাত ধিংবাসীয়ে মেহেবুব মুক্তাৰক ৭১ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত বিজয়ী কৰাইছিল। সাংবাদিকতা জীৱনৰ পৰা ৰাজনীতি ক্ষেত্ৰলৈ অহা বিধায়কগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰাৰ দিশে আগবঢ়া দেখা গৈছে। আজি দুপৰীয়া প্ৰায় ১২ বজাত SOPD-G আঁচনিৰ অধীনত ধিং সমষ্টিৰ মৈৰাধ্বজ গাঁও পঞ্চায়তৰ অন্তৰ্গত শালমাৰাবড়ী-বানেবিহাৰ পথৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰা হয়। স্থানীয় ৰাইজে আশা ব্যক্ত কৰিছে যে নতুন বিধায়কৰ নেতৃত্বত ধিং সমষ্টিয়ে আগন্তুক দিনত উন্নয়নৰ এক নতুন দিশ লাভ কৰিব।

- যোৰহাটৰ চিনামৰা স্থিত সন্মিলন কেন্দ্ৰত ২৪ মে' তাৰিখে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই সভাত ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। সভাত কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যা, প্ৰশাসনিক ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন অসুবিধা আৰু কৰ্মচাৰীৰ অধিকাৰ সুৰক্ষাৰ বিষয়কে ধৰি কেইবাটাও সাংগঠনিক তথা কৰ্মচাৰী সমস্যাৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। সভাৰ অন্তত অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে সন্থাই চৰকাৰৰ ওচৰত কেইবাটাও দাবী উত্থাপন কৰি কৰ্মচাৰীসকলৰ সমস্যাসমূহ অগ্ৰাধিকাৰ ভিত্তিত সমাধান কৰিবলৈ আহ্বান জনায়।1
- লখিমপুৰৰ হাতীগড়ীয়া গাঁৱত ধৰ্মকান্ত নামৰ এগৰাকী মাতাল লোকে উৎপাত কৰাত ৰাইজ অতিষ্ঠ হৈ পৰে। পৰিস্থিতি চম্ভালিব নোৱাৰি ৰাইজে তেওঁক বান্ধি আৰক্ষীক চমজাই দিয়ে।1
- আজি লাকুৱাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। এই অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিক্ষাৰ্থীসকলক উৎসাহিত কৰা হয়। এই অভিনন্দন অনুষ্ঠানতে দুগৰাকী বিশেষ ছাত্ৰ-ছাত্ৰীক শাখা সাহিত্য সভাৰ ‘সাহিত্যপ্ৰাণ খগেশ্বৰ চেতিয়া ফুকন শৈক্ষিক ন্যাস পুঁজি বঁটা-২০২৬’ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, ২০২৩ বৰ্ষৰ পৰা ক্ৰমাগতভাৱে এই বছৰ চতুৰ্থবাৰৰ বাবে লাকুৱাৰ ম’ডেল ইংলিছ স্কুলে ‘শ্ৰেষ্ঠ বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছে।1
- মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীৰে আটাছুৰ মৰাণ আঞ্চলিক সমিতিয়ে মৰাণত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।1
- পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই চৰকাৰৰ ভূমিকাত গভীৰ হতাশা ব্যক্ত কৰিছে। এই হতাশাৰ বাবেই তেওঁ তাঁতশালত ধৰ্মগ্ৰন্থ বোৱাৰ নিজৰ কাম বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।1
- বিধায়ক মেহেবুব মুক্তাৰে মুঠ ৬ খন পথ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছে।1
- উজনি অসমৰ যোৰহাটত প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিত আন্তঃক্লাব ৱাটাৰ প'ল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৪০সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এই প্ৰতিযোগিতাত বিভিন্ন জিলাৰ ১০টা দলে অংশগ্ৰহণ কৰিছে, যাৰ ভিতৰত তিনিটা ছোৱালীৰ দল আৰু সাতটা ল'ৰাৰ দল আছিল। এই প্ৰতিযোগিতাৰ সময়ত ১৭গৰাকী প্ৰতিষ্ঠাপক সদস্যক সম্বৰ্ধনা জনোৱা হয়।4
- বৰপেটাৰোডৰ বালাভিঠাৰ বিশিষ্ট সমাজকৰ্মী তথা বালাভিঠা গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য আব্দুল হালিমক আগন্তুক ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা উপলক্ষে বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে। কংগ্ৰেছ দলৰ এজন নেতা হিচাপেও পৰিচিত আব্দুল হালিমক বালাভিঠা গাৱঁৰ এজন বিশিষ্ট সমাজকৰ্মী হিচাপে এই সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ সভাপতি জাহিদুল ইছলাম, মুখ্য উপদেষ্টা মতিয়াৰ ৰহমান আৰু সাধাৰণ সম্পাদক মনিৰুজ জামানে আব্দুল হালিমক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়। তেওঁলোকে আব্দুল হালিমক অসম চৰকাৰৰ নীতি নিৰ্দেশনা মানি পবিত্ৰ বকৰী ঈদ পালন কৰিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক আহ্বান জনাবলৈ অনুৰোধ জনায়। ইফালে, আব্দুল হালিমেও সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক পবিত্ৰ ঈদ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।1