Shuru
Apke Nagar Ki App…
তামুলপুৰ জিলাৰ বৃহত্তৰ কুমাৰীকাটা মুছলমান সমাজে কুৰবানীত গো-নিধন বন্ধৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। কুমাৰীকাটা জামে মছজিদত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত লোৱা হয়, য'ত সকলো সময়তে গো-নিধন বন্ধ কৰাৰ কথাও কোৱা হৈছে।
NAlive24
তামুলপুৰ জিলাৰ বৃহত্তৰ কুমাৰীকাটা মুছলমান সমাজে কুৰবানীত গো-নিধন বন্ধৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। কুমাৰীকাটা জামে মছজিদত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত লোৱা হয়, য'ত সকলো সময়তে গো-নিধন বন্ধ কৰাৰ কথাও কোৱা হৈছে।
More news from অসম and nearby areas
- আজি ৰঙিয়াৰ কনিহাত কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। বড়িগোগ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সৌজন্যত স্থানীয় তৰুণ সঙ্ঘ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে এই অধিৱেশন অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা অৱসৰী অধ্যক্ষ সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য, বড়িগোগ গাওঁ পঞ্চায়তৰ সভাপতি দীপাংকৰ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি নৰেন্দ্ৰ নৰ্মাই পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীত অৱসৰী আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ ভট্টাচাৰ্য আৰু আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি দীজেন্দ্ৰ মোহন শৰ্মা সহ আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে সহযোগ কৰে। সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰমেন চৌধুৰীয়ে স্মৃতি তৰ্পণ কৰে। প্ৰতিনিধি পঞ্জীয়ন আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়নৰ অন্তত প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয়। বিয়লি কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ নাথ শৰ্মাৰ আদৰণি ভাষণৰে মুকলি অধিৱেশন শুভাৰম্ভ কৰা হয়। একেখন মঞ্চতে অধিৱেশন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ 'অপৰাহ্ন' উন্মোচন কৰা হয়। এই অধিৱেশনত কামৰূপ জিলাৰ অন্তৰ্গত বিভিন্ন শাখা সমিতিৰ বিষয়ববীয়াসকল আৰু সদস্যসকলে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে।1
- কেৰালাৰ কোচীত বৰ্তমান চাকৰিৰ খালী পদসমূহ উপলব্ধ হৈছে। এই সুযোগৰ বাবে ইচ্ছুক ব্যক্তিসকলে 7268898594 নম্বৰত যোগাযোগ কৰিব পাৰে।1
- বাক্সা জিলাৰ শালবাৰীত বিপিএফৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। শালবাৰী জিলা বিপিএফৰ উদ্যোগত অনুষ্ঠিত এই সভাত দলীয় সাংগঠনিক বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।1
- ঈদ-উল-আজহা উপলক্ষে দক্ষিণ গাঁও শ্বাহী জামা মছজিদে এক বিশেষ আহ্বান জনাইছে। মছজিদ কৰ্তৃপক্ষই কৈছে যে পৱিত্ৰ ঈদ-উল-আজহাৰ বলিদানৰ দিনা কোনো ধৰণৰ অবৈধ জন্তুৰ বলিদান নকৰিব। তেওঁলোকে স্পষ্টকৈ কৈছে যে কেৱল চৰকাৰৰ দ্বাৰা অনুমতিপ্ৰাপ্ত জন্তুৰহে বলিদান কৰা উচিত।1
- পলাশবাৰীৰ বজৰাপাৰাত মাজনিশা দুখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত থিতাতে তিনিজন যুৱকৰ মৃত্যু হয়। পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আন এজন যুৱকৰ মৃত্যু হোৱাত মুঠ মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পায়।1
- বৰপেটা জিলাৰ অন্তৰ্গত বৃহত্তৰ কয়াকুছি অঞ্চলত দীৰ্ঘ সময় ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। হঠাতে হোৱা এই বিদ্যুৎ বিপৰ্যয়ে অঞ্চলটোত তীব্ৰ সমস্যাৰ সৃষ্টি কৰিছে, যাৰ ফলত বিশেষকৈ অনলাইন ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ মাজত এক হাহাকাৰ পৰিস্থিতি দেখা গৈছে। বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ থকাৰ বাবে বিভিন্ন অনলাইন সেৱা, মোবাইল ৰিচাৰ্জ, ডিজিটেল পেমেণ্ট, ফটোষ্টেট, কম্পিউটাৰ আৰু ইণ্টাৰনেট নিৰ্ভৰ ব্যৱসায় সম্পূৰ্ণৰূপে ব্যাহত হৈছে। ব্যৱসায়ীসকলে জনাইছে যে ঘণ্টাৰ পিছত ঘণ্টা বিদ্যুৎ নথকাৰ ফলত তেওঁলোকৰ যথেষ্ট আৰ্থিক ক্ষতি হৈছে, লগতে গ্ৰাহকসকলেও ব্যাপক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ইফালে, তীব্ৰ গৰমৰ মাজত সাধাৰণ ৰাইজেও চরম দুৰ্ভোগ ভোগ কৰিছে, ঘৰে ঘৰে পানীৰ সমস্যা হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নতো ইয়াৰ প্ৰভাৱ পৰিছে। বহু ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে যে তেওঁলোকে নিশা আন্ধাৰত কটাবলগীয়া হৈছে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে সঘনাই বিদ্যুৎ বিভ্ৰাট হোৱাৰ পিছতো সংশ্লিষ্ট বিভাগে ইয়াৰ স্থায়ী সমাধানৰ বাবে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই। সেয়েহে, কয়াকুছিবাসীয়ে অতি শীঘ্ৰে বিদ্যুৎ যোগান স্বাভাৱিক কৰাৰ দাবী জনাইছে।1
- বৰপেটাৰ কয়াকুছিত নিশা এক চুৰি কাণ্ড সংঘটিত হৈছে। চোৰে লাখ লাখ টকাৰ সোণৰ অলংকাৰ লুটি লৈ পলাইছে।1
- কামৰূপ জিলাৰ ছয়গাঁৱৰ গোৱৰ্ধন চৌধুৰীখাট অঞ্চলত আল্ট্ৰাটেক চিমেন্ট উদ্যোগ স্থাপনৰ প্ৰস্তুতিক লৈ স্থানীয় ৰাইজৰ ধাৰাবাহিক প্ৰতিবাদ বিগত প্ৰায় দুই বছৰ ধৰি অব্যাহত আছে। এই উদ্যোগ স্থাপনৰ বিৰোধিতাৰে ৰাইজে প্ৰায় দুবছৰ ধৰি একেৰাহে প্ৰতিবাদ কৰি আহিছে।1