শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ এ কে ৱালি উল্লাৰ মৃত্যু : বিভিন্ন ব্যক্তি তথা দল সংগঠনৰ শোক প্ৰকাশ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ আলহাজ এ কে ৱালি উল্লাই সোমবাৰে নিশা প্ৰায় ১১ বজাত ইহলীলা সম্বৰণ কৰে । শিৱসাগৰ ধাইআলিৰ নিবাসী ৮৫ বছৰীয়া অৱসৰী শিক্ষক গৰাকীয়ে মৃত্যুৰ সময়ত পত্নীৰ সৈতে এজন পুত্ৰ, বোৱাৰীসহ এটি বৃহৎ পৰিয়াল এৰি যায় । আজি বিয়লি ৪ বাজি ৪৫ মিনিটত শিৱসাগৰ দৰবাৰ ফিল্ড কেন্দ্ৰীয় কবৰস্থানত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত প্ৰয়াত শিক্ষক গৰাকীৰ জানাজা সম্পন্ন কৰা হয় । ইয়াৰ পূৰ্বে আবেলি ৪ বজাত প্ৰয়াত শিক্ষক গৰাকীৰ ধাইআলিস্থিত বাসগৃহতে আয়োজন কৰা চমু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত একালৰ সহকৰ্মীসকলৰ লগতে জিলা সাহিত্য সভা, শিৱসাগৰ প্ৰেছ ক্লাব, জিলা সাংবাদিক সংস্থা, শিৱসাগৰ ই-মিডিয়া সংস্থা, তৰুণ সংঘ ৰিডিং ক্লাব, ৰংপুৰ সাহিত্য সভা, ধাইআলি মছজিদ পৰিচালনা সমিতি, কেৰিমুদ্দিন আহমেদ স্মৃতিৰক্ষা সমিতি, ৰংপুৰ জ্যোতি ক্লাব, শিৱসাগৰ যুৱ দলকে ধৰি বিভিন্ন দল সংগঠনে প্ৰিয় শিক্ষক গৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ।

- Post by Moran Dorpon1
- মাহমৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক যোগেন মহন ৰাজ্যসভাৰ সাংসদ হোৱাৰ পাছত মৰাণত বিভিন্ন দল সংগঠনে ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনাই ।1
- Post by Assam Update1
- বিজ্ঞান শাখাত উজ্বলিল সোণতলীৰ শ্বান একাডেমী ছিনিয়ৰ ছেকণ্ডাৰী স্কুল।1
- *যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ দশম প্ৰতিষ্ঠা দিৱস পালন* ...........................…............ *যোৰহাট, ২৮ এপ্ৰিলঃ* যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ আজি দশম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। বিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত দশম শ্ৰেণীৰ পৰীক্ষাত সফলতা অৰ্জন কৰা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক আৰু প্ৰতিভা প্ৰদৰ্শনেৰে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে। বিদ্যালয়খন শৈক্ষিক উৎকৰ্ষতা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা বুলি উপস্থিত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উল্লেখ কৰিছে। অনুষ্ঠানত যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। *(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*1
- এজাক বৰষুনতে নুমলীগড়ৰ ৩৯ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ স্থলী একাঠু পানী পৰ্যন্ত ডুব গ’ল কৃত্ৰিম বানত৷ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন আৰু প্ৰাধীকৰণ, চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কোম্পানীৰ বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱৰ বাবেই ৰাইজে জীয়াতু ভুগিব লগা হৈছে৷ দুয়োকাষৰ পানী নিস্কাশনৰ ব্যবস্থাত হোৱা অনিয়মৰ বাবেই প্ৰতি বৰ্ষৰ বাৰিষা কালত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি ৰাইজে অভিযোগ কৰিছে৷3
- Post by Moran Dorpon1
- Post by Assam Update1
- *উত্তৰ-পশ্চিম যোৰহাটত ছাত্ৰ-ছাত্ৰীৰ সাফল্যৰ জিলিকনি* ...................................... *যোৰহাট, ২৮ এপ্ৰিলঃ* আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত উত্তৰ-পশ্চিম যোৰহাটৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে উজ্জ্বল সাফল্য অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয় খনৰ বাণিজ্য শাখাত ২৬ জন ছাত্ৰ-ছাত্ৰীৰ সকলোয়ে উত্তীৰ্ণ হয়। ইয়াৰে ৬ জনে প্ৰথম বিভাগ, ১৭ জনে দ্বিতীয় বিভাগ আৰু ৩ জনে তৃতীয় বিভাগ লাভ কৰে। আনহাতে, কলা শাখাত ২১০ জনৰ ভিতৰত ১৯৭ জনে উত্তীৰ্ণ হৈ ৯৪ শতাংশ ফলাফল অৰ্জন কৰে। বিদ্যালয়খনৰ এই সাফল্যত অধ্যক্ষ জয়ন্ত বৰদলৈৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলবাসীয়ে গৌৰৱ প্ৰকাশ কৰিছে।### *(যোৰহাটৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপ'ৰ্ট)*1