Shuru
Apke Nagar Ki App…
বাক্সা জিলাৰ আনন্দপুৰত আজিৰে পৰা ছয়দিনীয়া কাৰ্যসূচীৰে শতবাৰ্ষিকী পালনাম মহোৎসৱ আৰম্ভ হৈছে। আনন্দপুৰৰ শ্ৰীশ্ৰী হৰিমন্দিৰত এই মহোৎসৱ চলিব, যাৰ ফলত সমগ্ৰ অঞ্চলটো হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে।
JintuMani's News
বাক্সা জিলাৰ আনন্দপুৰত আজিৰে পৰা ছয়দিনীয়া কাৰ্যসূচীৰে শতবাৰ্ষিকী পালনাম মহোৎসৱ আৰম্ভ হৈছে। আনন্দপুৰৰ শ্ৰীশ্ৰী হৰিমন্দিৰত এই মহোৎসৱ চলিব, যাৰ ফলত সমগ্ৰ অঞ্চলটো হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে।
More news from Baksa and nearby areas
- বাক্সা জিলাৰ মানস বিধানসভা সমষ্টিৰ অন্তৰ্গত বড়োবজাৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে।1
- বাক্সা জিলাৰ আনন্দপুৰত আজিৰে পৰা ছয়দিনীয়া কাৰ্যসূচীৰে শতবাৰ্ষিকী পালনাম মহোৎসৱ আৰম্ভ হৈছে। আনন্দপুৰৰ শ্ৰীশ্ৰী হৰিমন্দিৰত এই মহোৎসৱ চলিব, যাৰ ফলত সমগ্ৰ অঞ্চলটো হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে।1
- মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাত বনকৰ্মীসকল দিনে-নিশাই অহৰহভাৱে নিয়োজিত হৈ আছে। এই বনকৰ্মীসকলৰ নিৰন্তৰ তত্বাৱধানৰ ফলস্বৰূপে উদ্যানখন চোৰাং চিকাৰীৰ কবলৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ পৰিছে।1
- বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু তামুলপুৰ প্ৰেছ ক্লাৱৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে সমাজক সজাগ কৰাৰ উদ্দেশ্যে এক বিশাল চাইকেল সমদল। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে আজি তামুলপুৰ জিলা সদৰত এক অভূতপূৰ্ব জাগৰণ দেখিবলৈ পোৱা যায়। বড়োলেণ্ড সাংবাদিক সংস্থাৰ উদ্যোগত আৰু তামুলপুৰ প্ৰেছ ক্লাৱৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে সমাজক সজাগ কৰাৰ উদ্দেশ্যে এক বিশাল চাইকেল সমদলৰ আয়োজন কৰা হয়। আজি পুৱা ঠিক ৬:৩০ বজাত তামুলপুৰ প্ৰেছ ক্লাৱৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা এই সজাগতামূলক সমদলটো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰি উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী (ভজন) দাসে। সমদলটো প্ৰেছ ক্লাৱৰ পৰা ওলাই দ্বাৰকুছী হৈ পুনৰ তামুলপুৰ প্ৰেছ ক্লাৱ প্ৰাংগণলৈ আহি সফলতাৰে সামৰণি পৰে। এই বিশেষ কাৰ্যসূচীত তামুলপুৰৰ জ্যেষ্ঠ নাগৰিক, প্ৰাক্তন সৈনিকৰ লগতে আছু, আৰছু, মহিলা ঐক্য মঞ্চ, সাহিত্য সভা, ক্ৰিকেট এচোছিয়েশ্যনকে ধৰি অঞ্চলটোৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু অলেখ উৎসাহী ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। সমদলৰ এক আকৰ্ষণীয় দিশ আছিল এই যে, অংশগ্ৰহণকাৰীসকলে নিজ নিজ চাইকেলত "ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত হওঁক সমাজ", "আমাৰ লক্ষ্য ড্ৰাগছ মুক্ত সমাজ গঢ়া", "ড্ৰাগছৰ বিৰুদ্ধে সজাগ হওঁক, সচেতন হওঁক", "আমি সচেতন আমি সজাগ, ড্ৰাগছ মুক্ত হ'ব আমাৰ সমাজ" আৰু "নতুন প্ৰজন্মৰ ভৱিষ্যত ৰক্ষা কৰাটো আমাৰ দায়িত্ব" আদি বিভিন্ন সজাগতামূলক শ্লোগান সম্বলিত বেনাৰ-পোষ্টাৰ লগাই সমগ্ৰ তামুলপুৰবাসীক ড্ৰাগছৰ ভয়াবহতাৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ সজোৰে আহ্বান জনায়।1
- ৰঙিয়াত আজি পণ্য আৰু সেৱা কৰ (জিএছটি) সম্পৰ্কীয় এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। গুৱাহাটী কৰ ভৱন (ইউনিট বি)-ৰ উদ্যোগত আৰু ৰঙিয়া চেম্বাৰ অব কমাৰ্চৰ সহযোগত স্থানীয় 'ৰাইজমেল কৃষক শ্বহীদ ভৱন' প্ৰাঙ্গণত এই সভা আয়োজন কৰা হৈছিল। এই সভাত ৰঙিয়াৰ শতাধিক ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে। কৰ বিভাগৰ উপ-আয়ুক্ত ৰিণ্টু কুমাৰ শৰ্মা আৰু অধীক্ষক পংকজ বৰ্মন উপস্থিত থাকি ব্যৱসায়ীসকলক জিএছটি সম্পৰ্কীয় বিভিন্ন শেহতীয়া অধিনিয়মৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানত ৰঙিয়া চেম্বাৰ অব কমাৰ্চৰ উপ-সভাপতি হৰি ৰাম ক্যাল, সম্পাদক মুকুতানন্দ ভট্টাচাৰ্য, স্থানীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰিন্স চাৰাফৰ লগতে সুশিল জাজোদিয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।1
- কলগাছিয়াৰ খাৰবাল্লীৰ ভঙা কাঠৰ দলং নিৰ্মাণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে মাটিৰ মালিক হাইদৰ আলীয়ে এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ দিছে। তেওঁ স্পষ্টকৈ কৈছে যে মাটিৰ বাবে কোনো ধৰণৰ টকা দাবী কৰা হোৱা নাই। হাইদৰ আলীয়ে এই বুলিও মন্তব্য কৰে যে বিধায়ক শ্বেৰমান আলী আহমেদে ফেচবুক লাইভত মিছা তথ্যৰ ওপৰত ভিত্তি কৰি অভিযোগ উত্থাপন কৰিছিল। এই পৰিস্থিতিৰ মাজতে স্থানীয় ৰাইজে ভঙা কাঠৰ দলংখন নিজেই খুলি দিলে। লগতে, জনসাধাৰণে বিকল্প পথৰ ব্যৱস্থাও গ্ৰহণ কৰে।1
- সৰ্থেবাৰী আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিছে। সৰ্থেবাৰীৰ নলীৰ পথাৰত অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰোইন জব্দ কৰা হৈছে। এই অভিযান সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশজৌতি ডেকাৰ নেতৃত্বত চলোৱা হৈছিল। নলীৰ পথাৰৰ হাচেন আলী আৰু মামনী খাটুনক এই সন্দৰ্ভত আটক কৰা হৈছে।1
- বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত বন্য হাতীৰ উপদ্ৰৱ এতিয়াও অব্যাহত আছে। হাতীৰ এই উপদ্ৰৱৰ ফলত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলো নিদ্ৰাহীনতাৰ চিকাৰ হৈছে।1