logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ঈদৰ প্ৰাকমুহূৰ্তত অসম-অৰুণাচল সীমান্তৰ শদিয়াত আৰক্ষী আৰু আঠখন মছজিদ কমিটিৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। শান্তি-শৃংখলা বজাই ৰাখি কেনেদৰে ঈদ উদযাপন কৰিব পাৰি, সেই বিষয়ে এই আলোচনাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

20 hrs ago
user_Sadiya Time
Sadiya Time
Local News Reporter Sadiya, Tinsukia•
20 hrs ago

ঈদৰ প্ৰাকমুহূৰ্তত অসম-অৰুণাচল সীমান্তৰ শদিয়াত আৰক্ষী আৰু আঠখন মছজিদ কমিটিৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। শান্তি-শৃংখলা বজাই ৰাখি কেনেদৰে ঈদ উদযাপন কৰিব পাৰি, সেই বিষয়ে এই আলোচনাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

More news from Assam and nearby areas
  • বৰপেটাৰোডৰ বালাভিঠাৰ বিশিষ্ট সমাজকৰ্মী তথা বালাভিঠা গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য আব্দুল হালিমক আগন্তুক ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা উপলক্ষে বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে। কংগ্ৰেছ দলৰ এজন নেতা হিচাপেও পৰিচিত আব্দুল হালিমক বালাভিঠা গাৱঁৰ এজন বিশিষ্ট সমাজকৰ্মী হিচাপে এই সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ সভাপতি জাহিদুল ইছলাম, মুখ্য উপদেষ্টা মতিয়াৰ ৰহমান আৰু সাধাৰণ সম্পাদক মনিৰুজ জামানে আব্দুল হালিমক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়। তেওঁলোকে আব্দুল হালিমক অসম চৰকাৰৰ নীতি নিৰ্দেশনা মানি পবিত্ৰ বকৰী ঈদ পালন কৰিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক আহ্বান জনাবলৈ অনুৰোধ জনায়। ইফালে, আব্দুল হালিমেও সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক পবিত্ৰ ঈদ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
    1
    বৰপেটাৰোডৰ বালাভিঠাৰ বিশিষ্ট সমাজকৰ্মী তথা বালাভিঠা গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য আব্দুল হালিমক আগন্তুক ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা উপলক্ষে বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে। কংগ্ৰেছ দলৰ এজন নেতা হিচাপেও পৰিচিত আব্দুল হালিমক বালাভিঠা গাৱঁৰ এজন বিশিষ্ট সমাজকৰ্মী হিচাপে এই সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এই অনুষ্ঠানত বালাভিঠা আব্দুল ৰৌফ ফ্ৰেণ্ড ক্লাৱৰ সভাপতি জাহিদুল ইছলাম, মুখ্য উপদেষ্টা মতিয়াৰ ৰহমান আৰু সাধাৰণ সম্পাদক মনিৰুজ জামানে আব্দুল হালিমক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়। তেওঁলোকে আব্দুল হালিমক অসম চৰকাৰৰ নীতি নিৰ্দেশনা মানি পবিত্ৰ বকৰী ঈদ পালন কৰিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক আহ্বান জনাবলৈ অনুৰোধ জনায়।

ইফালে, আব্দুল হালিমেও সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলক পবিত্ৰ ঈদ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
    user_Huntu sen kachari
    Huntu sen kachari
    Actor Dhemaji, Assam•
    1 hr ago
  • উজনি অসমৰ যোৰহাটত প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিত আন্তঃক্লাব ৱাটাৰ প'ল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৪০সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এই প্ৰতিযোগিতাত বিভিন্ন জিলাৰ ১০টা দলে অংশগ্ৰহণ কৰিছে, যাৰ ভিতৰত তিনিটা ছোৱালীৰ দল আৰু সাতটা ল'ৰাৰ দল আছিল। এই প্ৰতিযোগিতাৰ সময়ত ১৭গৰাকী প্ৰতিষ্ঠাপক সদস্যক সম্বৰ্ধনা জনোৱা হয়।
    4
    উজনি অসমৰ যোৰহাটত প্ৰথমবাৰৰ বাবে ৰাজ্যিক ভিত্তিত আন্তঃক্লাব ৱাটাৰ প'ল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ৪০সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এই প্ৰতিযোগিতাত বিভিন্ন জিলাৰ ১০টা দলে অংশগ্ৰহণ কৰিছে, যাৰ ভিতৰত তিনিটা ছোৱালীৰ দল আৰু সাতটা ল'ৰাৰ দল আছিল। এই প্ৰতিযোগিতাৰ সময়ত ১৭গৰাকী প্ৰতিষ্ঠাপক সদস্যক সম্বৰ্ধনা জনোৱা হয়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    12 hrs ago
  • বৃহত্তৰ শিৱসাগৰ নাগৰিক মঞ্চৰ উদ্যোগত আৰু শিৱসাগৰবাসীৰ সহযোগত শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাৱত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাৰ মূল উদ্দেশ্য আছিল শিৱসাগৰ সমষ্টিৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয় স্থানান্তৰ কৰাৰ চিন্তাৰ প্ৰতিবাদ জনোৱা আৰু প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰ শিৱসাগৰতে স্থাপনৰ দাবী উত্থাপন কৰা। সভাত শিৱসাগৰৰ বহু সমাজ সচেতন ব্যক্তিয়ে অংশগ্ৰহণ কৰি নিজ নিজ ভাষণত আয়ুক্ত কাৰ্যালয় আৰু প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰ স্থানান্তৰিত কৰিবলৈ লোৱা চিন্তাৰ তীব্ৰ বিৰোধিতা কৰে। দুটা বিষয়ৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হোৱাৰ পাছত ৰাজহুৱা সভাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। সভাত সৰ্বসন্মত সিদ্ধান্ত লোৱা হয় যে, কোনো কাৰণতে শিৱসাগৰ সমষ্টিৰ পৰা আয়ুক্ত কাৰ্যালয় স্থানান্তৰ কৰিবলৈ দিয়া নহ'ব। ইয়াৰ উপৰিও, শিৱসাগৰত স্থাপন হ'বলগীয়া বিজ্ঞান যাদুঘৰ যাতে শিৱসাগৰ সমষ্টিৰ পৰা আন ঠাইলৈ স্থানান্তৰ নকৰে, তাৰ বাবে বিধায়ক মহোদয়ক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্তও সভাত গ্ৰহণ কৰা হয়।
    1
    বৃহত্তৰ শিৱসাগৰ নাগৰিক মঞ্চৰ উদ্যোগত আৰু শিৱসাগৰবাসীৰ সহযোগত শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাৱত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাৰ মূল উদ্দেশ্য আছিল শিৱসাগৰ সমষ্টিৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয় স্থানান্তৰ কৰাৰ চিন্তাৰ প্ৰতিবাদ জনোৱা আৰু প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰ শিৱসাগৰতে স্থাপনৰ দাবী উত্থাপন কৰা।

সভাত শিৱসাগৰৰ বহু সমাজ সচেতন ব্যক্তিয়ে অংশগ্ৰহণ কৰি নিজ নিজ ভাষণত আয়ুক্ত কাৰ্যালয় আৰু প্ৰস্তাৱিত বিজ্ঞান যাদুঘৰ স্থানান্তৰিত কৰিবলৈ লোৱা চিন্তাৰ তীব্ৰ বিৰোধিতা কৰে। দুটা বিষয়ৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হোৱাৰ পাছত ৰাজহুৱা সভাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। সভাত সৰ্বসন্মত সিদ্ধান্ত লোৱা হয় যে, কোনো কাৰণতে শিৱসাগৰ সমষ্টিৰ পৰা আয়ুক্ত কাৰ্যালয় স্থানান্তৰ কৰিবলৈ দিয়া নহ'ব। ইয়াৰ উপৰিও, শিৱসাগৰত স্থাপন হ'বলগীয়া বিজ্ঞান যাদুঘৰ যাতে শিৱসাগৰ সমষ্টিৰ পৰা আন ঠাইলৈ স্থানান্তৰ নকৰে, তাৰ বাবে বিধায়ক মহোদয়ক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্তও সভাত গ্ৰহণ কৰা হয়।
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    12 hrs ago
  • লখিমপুৰৰ হাতীগড়ীয়া গাঁৱত ধৰ্মকান্ত নামৰ এগৰাকী মাতাল লোকে উৎপাত কৰাত ৰাইজ অতিষ্ঠ হৈ পৰে। পৰিস্থিতি চম্ভালিব নোৱাৰি ৰাইজে তেওঁক বান্ধি আৰক্ষীক চমজাই দিয়ে।
    1
    লখিমপুৰৰ হাতীগড়ীয়া গাঁৱত ধৰ্মকান্ত নামৰ এগৰাকী মাতাল লোকে উৎপাত কৰাত ৰাইজ অতিষ্ঠ হৈ পৰে। পৰিস্থিতি চম্ভালিব নোৱাৰি ৰাইজে তেওঁক বান্ধি আৰক্ষীক চমজাই দিয়ে।
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    22 hrs ago
  • আজি অনুষ্ঠিত হ’বলগীয়া বিধানসভা অধিৱেশনৰ বাবে অখিল গগৈয়ে প্রস্তুতি চলাইছে। তেওঁ অধিৱেশনত অংশগ্ৰহণৰ বাবে নিজকে সাজু কৰি তুলিছে।
    1
    আজি অনুষ্ঠিত হ’বলগীয়া বিধানসভা অধিৱেশনৰ বাবে অখিল গগৈয়ে প্রস্তুতি চলাইছে। তেওঁ অধিৱেশনত অংশগ্ৰহণৰ বাবে নিজকে সাজু কৰি তুলিছে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    30 min ago
  • বিধায়ক মেহেবুব মুক্তাৰে মুঠ ৬ খন পথ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছে।
    1
    বিধায়ক মেহেবুব মুক্তাৰে মুঠ ৬ খন পথ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছে।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    1 hr ago
  • “কথাৰে নহয়, কামেৰে পৰিচয়”— এই বাক্যশাৰীকে বাস্তৱ ৰূপ দি ৫৫ নং ধিং বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ নব-নিৰ্বাচিত বিধায়ক মেহেবুব মুক্তাৰে আজি দ্বিতীয় দিনৰ বাবে সমষ্টিটোত মুঠ ৬ খনকৈ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। শপত গ্ৰহণ কৰাৰ পাছতেই বিধায়কগৰাকীয়ে ধিং সমষ্টিত উন্নয়নৰ গতি তীব্ৰ কৰাৰ লক্ষ্যৰে একেৰাহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে, বিগত প্ৰায় বিশ বছৰে ধিং সমষ্টিবাসীয়ে উন্নয়নৰ মুখ নেদেখাৰ অভিযোগ উত্থাপন হৈ আহিছিল, বিশেষকৈ জৰাজীৰ্ণ পথ-ঘাটৰ সমস্যাই ৰাইজক দীৰ্ঘদিন ধৰি জুৰুলা কৰি আহিছিল। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত উন্নয়নৰ আশাত ধিংবাসীয়ে মেহেবুব মুক্তাৰক ৭১ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত বিজয়ী কৰাইছিল। সাংবাদিকতা জীৱনৰ পৰা ৰাজনীতি ক্ষেত্ৰলৈ অহা বিধায়কগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰাৰ দিশে আগবঢ়া দেখা গৈছে। আজি দুপৰীয়া প্ৰায় ১২ বজাত SOPD-G আঁচনিৰ অধীনত ধিং সমষ্টিৰ মৈৰাধ্বজ গাঁও পঞ্চায়তৰ অন্তৰ্গত শালমাৰাবড়ী-বানেবিহাৰ পথৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰা হয়। স্থানীয় ৰাইজে আশা ব্যক্ত কৰিছে যে নতুন বিধায়কৰ নেতৃত্বত ধিং সমষ্টিয়ে আগন্তুক দিনত উন্নয়নৰ এক নতুন দিশ লাভ কৰিব।
    1
    “কথাৰে নহয়, কামেৰে পৰিচয়”— এই বাক্যশাৰীকে বাস্তৱ ৰূপ দি ৫৫ নং ধিং বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ নব-নিৰ্বাচিত বিধায়ক মেহেবুব মুক্তাৰে আজি দ্বিতীয় দিনৰ বাবে সমষ্টিটোত মুঠ ৬ খনকৈ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। শপত গ্ৰহণ কৰাৰ পাছতেই বিধায়কগৰাকীয়ে ধিং সমষ্টিত উন্নয়নৰ গতি তীব্ৰ কৰাৰ লক্ষ্যৰে একেৰাহে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

উল্লেখ্য যে, বিগত প্ৰায় বিশ বছৰে ধিং সমষ্টিবাসীয়ে উন্নয়নৰ মুখ নেদেখাৰ অভিযোগ উত্থাপন হৈ আহিছিল, বিশেষকৈ জৰাজীৰ্ণ পথ-ঘাটৰ সমস্যাই ৰাইজক দীৰ্ঘদিন ধৰি জুৰুলা কৰি আহিছিল। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত উন্নয়নৰ আশাত ধিংবাসীয়ে মেহেবুব মুক্তাৰক ৭১ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত বিজয়ী কৰাইছিল। সাংবাদিকতা জীৱনৰ পৰা ৰাজনীতি ক্ষেত্ৰলৈ অহা বিধায়কগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰাৰ দিশে আগবঢ়া দেখা গৈছে। আজি দুপৰীয়া প্ৰায় ১২ বজাত SOPD-G আঁচনিৰ অধীনত ধিং সমষ্টিৰ মৈৰাধ্বজ গাঁও পঞ্চায়তৰ অন্তৰ্গত শালমাৰাবড়ী-বানেবিহাৰ পথৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰা হয়।

স্থানীয় ৰাইজে আশা ব্যক্ত কৰিছে যে নতুন বিধায়কৰ নেতৃত্বত ধিং সমষ্টিয়ে আগন্তুক দিনত উন্নয়নৰ এক নতুন দিশ লাভ কৰিব।
    user_Huntu sen kachari
    Huntu sen kachari
    Actor Dhemaji, Assam•
    1 hr ago
  • শিৱসাগৰত সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই এক ৰাজ্যিক পৰ্যায়ৰ সংবাদ মেল সম্বোধন কৰি চৰকাৰী হেঁচা আৰু সময়মতে নূন্যতম কমিচন লাভ নকৰাৰ ফলত এগৰাকী সুলভ মূল্যৰ ব্যৱসায়ীয়ে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। সন্থাৰ অভিযোগ অনুসৰি, আৰ্থিক দৈন্যতাত ভূগি মাহমুদ আলি নামৰ এজন সুলভ মূল্যৰ ব্যৱসায়ীয়ে একমাত্ৰ কন্যা আৰু পত্নীক এৰি আত্মহননৰ দৰে কৰুণ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল। সন্থাই জানিবলৈ দিয়া মতে, নিৰ্ধাৰিত দুটা মাহৰ কমিচন সঠিক সময়ত লাভ নকৰাৰ বাবেই মাহমুদ আলিয়ে এনে চৰম পন্থা গ্ৰহণ কৰিছিল। তদুপৰি, কেন্দ্ৰীয় সমিতিয়ে অভিযোগ কৰিছে যে বিগত সময়ৰ মুঠ ৩৭২ কোটি টকাৰ বকেয়া বৰ্তমানেও অনাদায় হৈ আছে। শিৱসাগৰ জিলা সমিতিৰ পৌৰহিত্যত অনুষ্ঠিত এই সংবাদ মেলত জিলা সমিতিয়ে ই'পজ মেচিনৰ ভয়ংকৰ বিসংগতি সম্পৰ্কেও এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। জিলা সমিতিৰ মতে, এই স্বয়ংক্ৰিয় ই'পজ মেচিনে সামগ্ৰীৰ মজুদকৰণৰ ভুল তথ্য দিয়াৰ ফলত ব্যৱসায়ীসকলে যথেষ্ট লোকচানৰ সন্মুখীন হৈ আহিছে, যাৰ ফলত মাহমুদ আলিৰ দৰে ব্যৱসায়ীসকলে চৰম পন্থা ল'বলৈ বাধ্য হৈছে। এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সন্থাই অসামৰিক খাদ্য আৰু যোগান বিভাগৰ হস্তক্ষেপ দাবী কৰাৰ লগতে মাহমুদ আলিৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু আন ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলকো ক্ষতিপূৰণ আদায়ৰ দাবী জনাইছে। আজিৰ সংবাদ মেলত ৰাজ্যিক সভাপতি ধৰণীধৰ বড়া, কাৰ্য্যকৰী সভাপতি হৰি নাৰায়ণ দত্ত, সাধাৰণ সম্পাদক গুঞ্জন কুমাৰ বৰাৰ লগতে শিৱসাগৰ জিলা সমিতিৰ সভাপতি সিদ্ধাৰ্থ চেতিয়া আৰু সাধাৰণ সম্পাদক নেকিবদ্দিন আহমেদ উপস্থিত আছিল।
    1
    শিৱসাগৰত সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাই এক ৰাজ্যিক পৰ্যায়ৰ সংবাদ মেল সম্বোধন কৰি চৰকাৰী হেঁচা আৰু সময়মতে নূন্যতম কমিচন লাভ নকৰাৰ ফলত এগৰাকী সুলভ মূল্যৰ ব্যৱসায়ীয়ে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। সন্থাৰ অভিযোগ অনুসৰি, আৰ্থিক দৈন্যতাত ভূগি মাহমুদ আলি নামৰ এজন সুলভ মূল্যৰ ব্যৱসায়ীয়ে একমাত্ৰ কন্যা আৰু পত্নীক এৰি আত্মহননৰ দৰে কৰুণ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল।

সন্থাই জানিবলৈ দিয়া মতে, নিৰ্ধাৰিত দুটা মাহৰ কমিচন সঠিক সময়ত লাভ নকৰাৰ বাবেই মাহমুদ আলিয়ে এনে চৰম পন্থা গ্ৰহণ কৰিছিল। তদুপৰি, কেন্দ্ৰীয় সমিতিয়ে অভিযোগ কৰিছে যে বিগত সময়ৰ মুঠ ৩৭২ কোটি টকাৰ বকেয়া বৰ্তমানেও অনাদায় হৈ আছে। শিৱসাগৰ জিলা সমিতিৰ পৌৰহিত্যত অনুষ্ঠিত এই সংবাদ মেলত জিলা সমিতিয়ে ই'পজ মেচিনৰ ভয়ংকৰ বিসংগতি সম্পৰ্কেও এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। জিলা সমিতিৰ মতে, এই স্বয়ংক্ৰিয় ই'পজ মেচিনে সামগ্ৰীৰ মজুদকৰণৰ ভুল তথ্য দিয়াৰ ফলত ব্যৱসায়ীসকলে যথেষ্ট লোকচানৰ সন্মুখীন হৈ আহিছে, যাৰ ফলত মাহমুদ আলিৰ দৰে ব্যৱসায়ীসকলে চৰম পন্থা ল'বলৈ বাধ্য হৈছে।

এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সন্থাই অসামৰিক খাদ্য আৰু যোগান বিভাগৰ হস্তক্ষেপ দাবী কৰাৰ লগতে মাহমুদ আলিৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু আন ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলকো ক্ষতিপূৰণ আদায়ৰ দাবী জনাইছে। আজিৰ সংবাদ মেলত ৰাজ্যিক সভাপতি ধৰণীধৰ বড়া, কাৰ্য্যকৰী সভাপতি হৰি নাৰায়ণ দত্ত, সাধাৰণ সম্পাদক গুঞ্জন কুমাৰ বৰাৰ লগতে শিৱসাগৰ জিলা সমিতিৰ সভাপতি সিদ্ধাৰ্থ চেতিয়া আৰু সাধাৰণ সম্পাদক নেকিবদ্দিন আহমেদ উপস্থিত আছিল।
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    14 hrs ago
  • ২০২৬ চনত অনুষ্ঠিত ষোড়শ বাৰ্ষিক সন্মিলিত ৰঙালী বিহু সন্মিলনত ভাৰতৰ সৰ্ব কনিষ্ঠ সৰ্প উদ্ধাৰকাৰী হিচাপে পৰিচিত তেজপুৰৰ ৬ বছৰীয়া বিস্ময় বালক ৰাজ সৌৰভ বৰকটকীক এক বিশেষ সম্বৰ্ধনা জনোৱা হয়। তেজপুৰৰ ৰৌশন নেচনেল বিদ্যালয়ৰ ছিনিয়ৰ কে.জি. শ্ৰেণীৰ মেধাৱী ছাত্ৰ ৰাজে মাত্ৰ ৪ বছৰ বয়সৰ পৰাই শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি, বৰচলা, বিহগুৰী, তেজপুৰকে ধৰি বিভিন্ন স্থানত সুৰক্ষিতভাৱে সাপ উদ্ধাৰ কৰি আহিছে। কেৱল সাঁপেই নহয়, এই কণমানি শিশুটিয়ে কাছ, মেছেকা, জহামাল আদি বন্যপ্ৰাণীও উদ্ধাৰ কৰাৰ লগতে গছপুলি ৰোপণ আৰু পৰিৱেশ সংৰক্ষণৰ দৰে মহৎ কামত জড়িত হৈ সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। সৰ্পবান্ধৱ সৌৰভ বৰকটকী আৰু প্ৰকৃতিপ্ৰেমী কৃষ্ণা কলিতা বৰকটকীৰ পুত্ৰ ৰাজে অতি কম বয়সতেই সাপ সম্পৰ্কে মানুহৰ মাজত থকা ভুল ধাৰণা দূৰ কৰাৰ ক্ষেত্ৰতো সজাগতা সৃষ্টি কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
    1
    ২০২৬ চনত অনুষ্ঠিত ষোড়শ বাৰ্ষিক সন্মিলিত ৰঙালী বিহু সন্মিলনত ভাৰতৰ সৰ্ব কনিষ্ঠ সৰ্প উদ্ধাৰকাৰী হিচাপে পৰিচিত তেজপুৰৰ ৬ বছৰীয়া বিস্ময় বালক ৰাজ সৌৰভ বৰকটকীক এক বিশেষ সম্বৰ্ধনা জনোৱা হয়। তেজপুৰৰ ৰৌশন নেচনেল বিদ্যালয়ৰ ছিনিয়ৰ কে.জি. শ্ৰেণীৰ মেধাৱী ছাত্ৰ ৰাজে মাত্ৰ ৪ বছৰ বয়সৰ পৰাই শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি, বৰচলা, বিহগুৰী, তেজপুৰকে ধৰি বিভিন্ন স্থানত সুৰক্ষিতভাৱে সাপ উদ্ধাৰ কৰি আহিছে।

কেৱল সাঁপেই নহয়, এই কণমানি শিশুটিয়ে কাছ, মেছেকা, জহামাল আদি বন্যপ্ৰাণীও উদ্ধাৰ কৰাৰ লগতে গছপুলি ৰোপণ আৰু পৰিৱেশ সংৰক্ষণৰ দৰে মহৎ কামত জড়িত হৈ সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। সৰ্পবান্ধৱ সৌৰভ বৰকটকী আৰু প্ৰকৃতিপ্ৰেমী কৃষ্ণা কলিতা বৰকটকীৰ পুত্ৰ ৰাজে অতি কম বয়সতেই সাপ সম্পৰ্কে মানুহৰ মাজত থকা ভুল ধাৰণা দূৰ কৰাৰ ক্ষেত্ৰতো সজাগতা সৃষ্টি কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.