logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিশ্বনাথ জিলাৰ গেলাপুখুৰী অঞ্চলত ২১ বছৰীয়া কল্যাণী বড়ো নামৰ এগৰাকী যুৱতী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নৰেন বড়ো আৰু ফুলেশ্বৰী বড়োৰ কনিষ্ঠা কন্যা কল্যাণী বড়ো যোৱা দেওবাৰে তিনিসুঁতিৰ পৰা আলহী খাই ঘৰলৈ উভতি অহাৰ পথৰ পৰাই সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি, আলহী খাই ঘৰলৈ ঘূৰি অহাৰ সময়ত পথ দুৰ্ঘটনা হোৱা বুলি ঘৰলৈ এটা খবৰ দিয়া হৈছিল। এই খবৰ পোৱাৰ পিছতে পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈছিল যদিও, যুৱতীগৰাকীৰ কোনো সম্ভেদ বিচাৰি পোৱা নাছিল। ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালে বিশ্বনাথ সদৰ আৰক্ষী থানাত তেওঁ সন্ধানহীন হোৱাৰ সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে, কিন্তু বৰ্তমানলৈকে তেওঁৰ কোনো তথ্য লাভ কৰা হোৱা নাই। ইফালে, পেৰেলাইছিছ ৰোগত আক্ৰান্ত কল্যাণীৰ ৰুগ্ন পিতৃৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে। এই নিৰুদ্দেশৰ ঘটনাত অতি দৰিদ্ৰ পৰিয়ালটো গভীৰ চিন্তা আৰু শংকাত ডুবি আছে। পৰিয়ালৰ লোকে জনসাধাৰণক আহ্বান জনাইছে যে যদি কোনোবাই যুৱতীগৰাকীৰ বিষয়ে কিবা তথ্য লাভ কৰে, তেন্তে ৯৯৬০১২৮২২১ নম্বৰত যোগাযোগ কৰিবলৈ।

4 hrs ago
user_অঞ্জন শ‌ইকীয়া
অঞ্জন শ‌ইকীয়া
না-দুৱাৰ, বিশ্বনাথ, অসম•
4 hrs ago

বিশ্বনাথ জিলাৰ গেলাপুখুৰী অঞ্চলত ২১ বছৰীয়া কল্যাণী বড়ো নামৰ এগৰাকী যুৱতী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নৰেন বড়ো আৰু ফুলেশ্বৰী বড়োৰ কনিষ্ঠা কন্যা কল্যাণী বড়ো যোৱা দেওবাৰে তিনিসুঁতিৰ পৰা আলহী খাই ঘৰলৈ উভতি

অহাৰ পথৰ পৰাই সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে জনোৱা অনুসৰি, আলহী খাই ঘৰলৈ ঘূৰি অহাৰ সময়ত পথ দুৰ্ঘটনা হোৱা বুলি ঘৰলৈ এটা খবৰ দিয়া হৈছিল। এই খবৰ পোৱাৰ পিছতে পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈছিল যদিও, যুৱতীগৰাকীৰ কোনো

সম্ভেদ বিচাৰি পোৱা নাছিল। ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালে বিশ্বনাথ সদৰ আৰক্ষী থানাত তেওঁ সন্ধানহীন হোৱাৰ সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে, কিন্তু বৰ্তমানলৈকে তেওঁৰ কোনো তথ্য লাভ কৰা হোৱা নাই। ইফালে, পেৰেলাইছিছ ৰোগত আক্ৰান্ত কল্যাণীৰ ৰুগ্ন পিতৃৰ অৱস্থা অধিক

c5c7ad76-eec0-4423-b8e8-0cfb0c0f2601

শোচনীয় হৈ পৰিছে। এই নিৰুদ্দেশৰ ঘটনাত অতি দৰিদ্ৰ পৰিয়ালটো গভীৰ চিন্তা আৰু শংকাত ডুবি আছে। পৰিয়ালৰ লোকে জনসাধাৰণক আহ্বান জনাইছে যে যদি কোনোবাই যুৱতীগৰাকীৰ বিষয়ে কিবা তথ্য লাভ কৰে, তেন্তে ৯৯৬০১২৮২২১ নম্বৰত যোগাযোগ কৰিবলৈ।

More news from Assam and nearby areas
  • নুমলীগড় শোধনাগাৰত শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। BNR নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা উপ-ঠিকা লৈ কাম কৰি থকা TRUE TREACK নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰি আদায় নিদিয়াৰ অভিযোগত শোধনাগাৰটোত শ্ৰমিকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে।
    1
    নুমলীগড় শোধনাগাৰত শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। BNR নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা উপ-ঠিকা লৈ কাম কৰি থকা TRUE TREACK নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানে শ্ৰমিকসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰি আদায় নিদিয়াৰ অভিযোগত শোধনাগাৰটোত শ্ৰমিকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে।
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    2 hrs ago
  • কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বাৰেদলা ঔতলা বড়ো চুবুৰীৰ ৰাইজৰ উদ্যোগত এক পবিত্ৰ জালি-পুতুলী পূজা অনুষ্ঠিত হৈছে। বড়ো সমাজৰ এক চিৰপ্ৰথাগত পূজা হিচাপে ই কৃষিৰ সৈতে জড়িত আৰু বৰুণ দেৱতাক স্মৰণ কৰি এই পূজা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে জ্ঞান মালিনী শতদল সাহিত্য সভাৰ সভাপতি দিলীপ হুজুৰী উপস্থিত থাকে। পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ এক বিশেষ আকৰ্ষণ আছিল বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত খেৰাই নৃত্য। দিলীপ হুজুৰীয়ে এই খেৰাই নৃত্যৰ শুভ উদ্বোধন কৰাৰ লগতে সংবাদ মাধ্যমক উদ্দেশ্যি কেইবাটাও মন্তব্য প্ৰকাশ কৰে।
    1
    কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বাৰেদলা ঔতলা বড়ো চুবুৰীৰ ৰাইজৰ উদ্যোগত এক পবিত্ৰ জালি-পুতুলী পূজা অনুষ্ঠিত হৈছে। বড়ো সমাজৰ এক চিৰপ্ৰথাগত পূজা হিচাপে ই কৃষিৰ সৈতে জড়িত আৰু বৰুণ দেৱতাক স্মৰণ কৰি এই পূজা অনুষ্ঠিত কৰা হয়।

এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে জ্ঞান মালিনী শতদল সাহিত্য সভাৰ সভাপতি দিলীপ হুজুৰী উপস্থিত থাকে। পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ এক বিশেষ আকৰ্ষণ আছিল বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত খেৰাই নৃত্য। দিলীপ হুজুৰীয়ে এই খেৰাই নৃত্যৰ শুভ উদ্বোধন কৰাৰ লগতে সংবাদ মাধ্যমক উদ্দেশ্যি কেইবাটাও মন্তব্য প্ৰকাশ কৰে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    19 hrs ago
  • অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাটৰ বেঙেনাখোৱা গাঁৱত অৱস্থিত পবিত্ৰ শ্ৰী শ্ৰী বেঙেনাখোৱা বৰনামঘৰ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে পঞ্চম বিত্ত আয়োগৰ ৩ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা বৰনামঘৰৰ ৰান্ধনী ঘৰৰ দুৱাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। এই অনুষ্ঠানত গাঁৱৰ অগণন ৰাইজ উপস্থিত আছিল আৰু সমস্ত কাৰ্যসূচী নীতি-নিয়মেৰে সম্পন্ন কৰা হয়।
    1
    অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাটৰ বেঙেনাখোৱা গাঁৱত অৱস্থিত পবিত্ৰ শ্ৰী শ্ৰী বেঙেনাখোৱা বৰনামঘৰ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে পঞ্চম বিত্ত আয়োগৰ ৩ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা বৰনামঘৰৰ ৰান্ধনী ঘৰৰ দুৱাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। এই অনুষ্ঠানত গাঁৱৰ অগণন ৰাইজ উপস্থিত আছিল আৰু সমস্ত কাৰ্যসূচী নীতি-নিয়মেৰে সম্পন্ন কৰা হয়।
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter Golaghat, Assam•
    23 hrs ago
  • অসমীয়া এষাৰ প্ৰচলিত বাক্য 'আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল'ৰ দৰেই বৰ্তমান ৰাজ্যৰ জলসিঞ্চন বিভাগটোৰ অৱস্থা হৈ পৰিছে বুলি কোৱা হৈছে। এই বাক্যষাৰীয়ে যিদৰে অকাৰ্যক্ষম অস্তিত্বক নথকাতকৈ বেছি বেয়া বুলি ইংগিত দিয়ে, ঠিক তেনেদৰেই জলসিঞ্চন বিভাগে তাৰ প্ৰকৃত কাৰ্য সম্পাদন নকৰাত ইয়াৰ স্থিতি প্ৰায় অলাগতিয়াল হৈ পৰিছে।
    3
    অসমীয়া এষাৰ প্ৰচলিত বাক্য 'আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল'ৰ দৰেই বৰ্তমান ৰাজ্যৰ জলসিঞ্চন বিভাগটোৰ অৱস্থা হৈ পৰিছে বুলি কোৱা হৈছে। এই বাক্যষাৰীয়ে যিদৰে অকাৰ্যক্ষম অস্তিত্বক নথকাতকৈ বেছি বেয়া বুলি ইংগিত দিয়ে, ঠিক তেনেদৰেই জলসিঞ্চন বিভাগে তাৰ প্ৰকৃত কাৰ্য সম্পাদন নকৰাত ইয়াৰ স্থিতি প্ৰায় অলাগতিয়াল হৈ পৰিছে।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    15 hrs ago
  • ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন আৰু এক বিশেষ অভিনন্দন অনুষ্ঠানত 'অৰণ্য মানৱ' পদ্মশ্ৰী যাদৱ পায়েঙক আদৰণি জনোৱা হয়। এই অনুষ্ঠান ছিপাঝাৰত অনুষ্ঠিত হৈছিল।
    1
    ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন আৰু এক বিশেষ অভিনন্দন অনুষ্ঠানত 'অৰণ্য মানৱ' পদ্মশ্ৰী যাদৱ পায়েঙক আদৰণি জনোৱা হয়। এই অনুষ্ঠান ছিপাঝাৰত অনুষ্ঠিত হৈছিল।
    user_Ne Assam Digital
    Ne Assam Digital
    Local News Reporter শিপাঝাৰ, দৰং, অসম•
    15 hrs ago
  • চতিয়াৰ দক্ষিণ অঞ্চলৰ বিশ্বনাথ পাণপুৰ মথাউৰি বৰ্তমান 'এই যাওঁ এই যাওঁ' অৱস্থাত আছে, যাৰ বাবে অঞ্চলটোৰ ৰাইজ নিদ্ৰাহীনতাত ভুগিছে। বিশ্বনাথ আৰু নদুৱাৰ সমষ্টিৰ বিধায়কসকলৰ তৎপৰতাত জলসম্পদ বিভাগে যোৱা দুই-তিনিদিন ধৰি মথাউৰিৰ খহনীয়া অংশত প্ৰতিৰোধৰ কাম কৰি আহিছে যদিও মথাউৰিটো এতিয়াও বিপদ মুক্ত হোৱা নাই। আজিও মথাউৰিটোৰ কাম স্থবিৰ হৈ পৰে, কাৰণ শ্ৰমিকসকলে জিও বেগৰ অভাৱত কাম নকৰি বহি থাকিবলগীয়া হয়। স্থানীয় শ্ৰমিকসকলে বিষয়টো স্থানীয় দল-সংগঠনক জনোৱাৰ পাছত কাম চলি থকা ঠাইত স্থানীয় গাঁও প্ৰধান, দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে কেইবাগৰাকীও স্থানীয় সাংবাদিক উপস্থিত হয়। তেওঁলোকে কাম কিয় বন্ধ কৰা হৈছে আৰু পৰ্যাপ্ত বেগ যোগান ধৰাত কৃপণালি কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে, তাত উপস্থিত থকা জলসম্পদ বিভাগৰ বিশ্বনাথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰাণজিৎ বৰা আৰু এগৰাকী কাৰ্যবাহী অভিযন্তাই স্থানীয় দল-সংগঠন, গাঁও প্ৰধানৰ লগতে সাংবাদিকসকলক কটু মন্তব্য কৰাৰ লগতে জে'লত ভৰোৱাৰ ভাবুকি দিয়ে। এগৰাকী চৰকাৰী বিষয়াই দল-সংগঠনৰ প্ৰতিনিধি আৰু সাংবাদিকক ভাবুকি দিয়া এই কাৰ্যই কি বুজাইছে বুলি প্ৰশ্ন উত্থাপন হৈছে। যিহেতু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীক ৰাইজতকৈ ওপৰৰ স্থানত নথকাৰ বাবে সকীয়নি দি আহিছে, তেনেস্থলত বিশ্বনাথৰ জলসম্পদ বিভাগৰ অভিযন্তাই বিপদত পৰা সাধাৰণ ৰাইজৰ লগতে সাংবাদিকক আঙুলি টোৱাই কথা ক'বলৈ কেনেকৈ সাহস পালে তাক লৈ উদ্বেগ প্ৰকাশ পাইছে। স্থানীয় দল-সংগঠনে এই 'ওভত গোৰে নচা' জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ ওপৰত চকু দিবলৈ বিশ্বনাথৰ জিলা আয়ুক্তক দাবী জনাইছে।
    4
    চতিয়াৰ দক্ষিণ অঞ্চলৰ বিশ্বনাথ পাণপুৰ মথাউৰি বৰ্তমান 'এই যাওঁ এই যাওঁ' অৱস্থাত আছে, যাৰ বাবে অঞ্চলটোৰ ৰাইজ নিদ্ৰাহীনতাত ভুগিছে। বিশ্বনাথ আৰু নদুৱাৰ সমষ্টিৰ বিধায়কসকলৰ তৎপৰতাত জলসম্পদ বিভাগে যোৱা দুই-তিনিদিন ধৰি মথাউৰিৰ খহনীয়া অংশত প্ৰতিৰোধৰ কাম কৰি আহিছে যদিও মথাউৰিটো এতিয়াও বিপদ মুক্ত হোৱা নাই। আজিও মথাউৰিটোৰ কাম স্থবিৰ হৈ পৰে, কাৰণ শ্ৰমিকসকলে জিও বেগৰ অভাৱত কাম নকৰি বহি থাকিবলগীয়া হয়।

স্থানীয় শ্ৰমিকসকলে বিষয়টো স্থানীয় দল-সংগঠনক জনোৱাৰ পাছত কাম চলি থকা ঠাইত স্থানীয় গাঁও প্ৰধান, দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে কেইবাগৰাকীও স্থানীয় সাংবাদিক উপস্থিত হয়। তেওঁলোকে কাম কিয় বন্ধ কৰা হৈছে আৰু পৰ্যাপ্ত বেগ যোগান ধৰাত কৃপণালি কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে, তাত উপস্থিত থকা জলসম্পদ বিভাগৰ বিশ্বনাথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰাণজিৎ বৰা আৰু এগৰাকী কাৰ্যবাহী অভিযন্তাই স্থানীয় দল-সংগঠন, গাঁও প্ৰধানৰ লগতে সাংবাদিকসকলক কটু মন্তব্য কৰাৰ লগতে জে'লত ভৰোৱাৰ ভাবুকি দিয়ে।

এগৰাকী চৰকাৰী বিষয়াই দল-সংগঠনৰ প্ৰতিনিধি আৰু সাংবাদিকক ভাবুকি দিয়া এই কাৰ্যই কি বুজাইছে বুলি প্ৰশ্ন উত্থাপন হৈছে। যিহেতু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীক ৰাইজতকৈ ওপৰৰ স্থানত নথকাৰ বাবে সকীয়নি দি আহিছে, তেনেস্থলত বিশ্বনাথৰ জলসম্পদ বিভাগৰ অভিযন্তাই বিপদত পৰা সাধাৰণ ৰাইজৰ লগতে সাংবাদিকক আঙুলি টোৱাই কথা ক'বলৈ কেনেকৈ সাহস পালে তাক লৈ উদ্বেগ প্ৰকাশ পাইছে। স্থানীয় দল-সংগঠনে এই 'ওভত গোৰে নচা' জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ ওপৰত চকু দিবলৈ বিশ্বনাথৰ জিলা আয়ুক্তক দাবী জনাইছে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    21 hrs ago
  • আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগে গোলাঘাটৰ বেঙেনাখোৱা গাঁৱত অৱস্থিত পৱিত্ৰ শ্ৰী শ্ৰী বেঙেনাখোৱা বৰনামঘৰত উপস্থিত হয়। তেওঁ পঞ্চম বিত্ত আয়োগৰ ৩ লাখ টকাৰে নিৰ্মাণ কৰা বৰনামঘৰৰ ৰান্ধনী ঘৰৰ দুৱাৰ মুকলি কৰে। গাঁৱৰ অগণন ৰাইজৰ উপস্থিতিত নীতি-নিয়ম অনুসৰি এই কাৰ্যসূচী সম্পন্ন হয়।
    1
    আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগে গোলাঘাটৰ বেঙেনাখোৱা গাঁৱত অৱস্থিত পৱিত্ৰ শ্ৰী শ্ৰী বেঙেনাখোৱা বৰনামঘৰত উপস্থিত হয়। তেওঁ পঞ্চম বিত্ত আয়োগৰ ৩ লাখ টকাৰে নিৰ্মাণ কৰা বৰনামঘৰৰ ৰান্ধনী ঘৰৰ দুৱাৰ মুকলি কৰে। গাঁৱৰ অগণন ৰাইজৰ উপস্থিতিত নীতি-নিয়ম অনুসৰি এই কাৰ্যসূচী সম্পন্ন হয়।
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    19 hrs ago
  • মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত আমকটাৰ মা আঘোৰা কালী ধামত আজিৰে পৰা দুদিনীয়া শ্ৰীশ্ৰী মা আঘোৰা কালী প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ ব্যাপক প্ৰস্তুতিৰে আৰম্ভ হৈছে। এই মহোৎসৱে সমগ্ৰ অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিছে, য'ত ব্ৰহ্ম মূহুৰ্তত ১০৮ কলহ অভিষেক, পূজা-অৰ্চনা আৰু ধৰ্মীয় আলোচনা সভাৰে মুখৰিত হৈ পৰিব। উল্লেখ্য যে, আজি নিশা ঠিক ১১ বজাত ধাম প্ৰাংগনত শ্ৰীশ্ৰী মা আঘোৰা কালীৰ নৱ-নিৰ্মিত মূৰ্তিটো মন্ত্ৰী পীয়ুষ হাজৰিকাই আনুষ্ঠানিকভাৱে প্ৰাণ প্ৰতিষ্ঠা কৰিব।
    1
    মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত আমকটাৰ মা আঘোৰা কালী ধামত আজিৰে পৰা দুদিনীয়া শ্ৰীশ্ৰী মা আঘোৰা কালী প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ ব্যাপক প্ৰস্তুতিৰে আৰম্ভ হৈছে। এই মহোৎসৱে সমগ্ৰ অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিছে, য'ত ব্ৰহ্ম মূহুৰ্তত ১০৮ কলহ অভিষেক, পূজা-অৰ্চনা আৰু ধৰ্মীয় আলোচনা সভাৰে মুখৰিত হৈ পৰিব।

উল্লেখ্য যে, আজি নিশা ঠিক ১১ বজাত ধাম প্ৰাংগনত শ্ৰীশ্ৰী মা আঘোৰা কালীৰ নৱ-নিৰ্মিত মূৰ্তিটো মন্ত্ৰী পীয়ুষ হাজৰিকাই আনুষ্ঠানিকভাৱে প্ৰাণ প্ৰতিষ্ঠা কৰিব।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    20 hrs ago
  • যোৰহাটৰ মালৌপথাৰৰ ৰান্ধনীজান গাঁৱত আজি পুৱা ঋণৰ কিস্তি বিচাৰিবলৈ যোৱা এটা ফাইনেন্স কোম্পানীৰ এজন মেনেজাৰ আক্ৰমণৰ সন্মুখীন হয়।
    1
    যোৰহাটৰ মালৌপথাৰৰ ৰান্ধনীজান গাঁৱত আজি পুৱা ঋণৰ কিস্তি বিচাৰিবলৈ যোৱা এটা ফাইনেন্স কোম্পানীৰ এজন মেনেজাৰ আক্ৰমণৰ সন্মুখীন হয়।
    user_Lalukor Batori
    Lalukor Batori
    Teacher ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.