তামুলপুৰত নাবাৰ্ড আৰু বিষ্ণুজ্যোতি জনকল্যাণ সমিতিৰ উদ্যোগত কাঠফুলা খেতিৰ প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ: মহিলা স্বাৱলম্বী কৰাৰ লক্ষ্য তামুলপুৰত নাবাৰ্ড আৰু বিষ্ণুজ্যোতি জনকল্যাণ সমিতিৰ উদ্যোগত কাঠফুলা খেতিৰ প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ: মহিলা স্বাৱলম্বী কৰাৰ লক্ষ্য ====================================== -গ্ৰাম্য অৰ্থনীতি সবলীকৰণ আৰু মহিলাসকলক স্বনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ বিকাশ বেংক (নাবাৰ্ড)ৰ সহযোগত তথা নলবাৰী জিলাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ‘বিষ্ণুজ্যোতি জনকল্যাণ সমিতি’ৰ উদ্যোগত আজিৰ পৰা তামুলপুৰ জিলাৰ কলবাৰী গাঁৱত এটি ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা হয়। জিলাখনৰ ২০টা আত্মসহায়ক গোটৰ মুঠ ১২০ গৰাকী উদ্যামী মহিলাক সামৰি আজিৰে পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ‘জীৱিকা উদ্যোগ উন্নয়ন প্ৰকল্প’ (LEDP)। বিশেষকৈ কাঠফুলা খেতি আৰু ইয়াৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰী প্ৰস্তুতকৰণৰ জৰিয়তে মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যে হাতত লোৱা এই ডেৰ বছৰীয়া প্ৰকল্পটোৰ অধীনত প্ৰথম পৰ্যায়ত ৩০ জনকৈ মহিলাক লৈ গঠিত চাৰিটা গোটক পৃথক পৃথককৈ ১০ দিনীয়াকৈ বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। কেৱল প্ৰশিক্ষণতে সীমাবদ্ধ নাথাকি, এই কাৰ্যসূচীৰ অংশ হিচাপে মহিলাসকলক উন্নত মানৰ কাঠফুলা খেতিৰ অভিজ্ঞতা আহৰণৰ বাবে দুটা গোটত বিভক্ত কৰি এক প্ৰদৰ্শনীমূলক ভ্ৰমণৰো ব্যৱস্থা কৰা হ’ব যাতে তেওঁলোকে ব্যৱহাৰিক জ্ঞান লাভ কৰি নিজ গৃহত এই খেতি কৰিবলৈ অনুপ্ৰাণিত হয়। ইয়াৰ উপৰি, প্ৰশিক্ষণৰ অন্তত মহিলাসকলে যাতে নিজাকৈ উৎপাদন আৰম্ভ কৰিব পাৰে, তাৰ বাবে প্ৰকল্পৰ ফালৰ পৰা এটি প্ৰদৰ্শনী গোট (Demonstration Unit) প্ৰদান কৰা হ’ব। আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত নাবাৰ্ডৰ তামুলপুৰ জিলা উন্নয়ন প্ৰবন্ধক উৎপল বেজবৰুৱা, মহকুমা কৃষি বিষয়া নিৰোদ কুমাৰ নাথ, কৃষি উন্নয়ন বিষয়া খৌমস্বৰ বসুমতাৰী আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তামুলপুৰ খণ্ডৰ বিচি ৰাণা চহৰীয়া উপস্থিত থাকি মহিলাসকলক আধুনিক কৃষি পদ্ধতি আৰু স্ব-নিয়োজনৰ বিভিন্ন দিশ সম্পৰ্কে মূল্যবান পৰামৰ্শ তথা দিহা-পৰামৰ্শ আগবঢ়ায়। সমগ্ৰ অনুষ্ঠানটি অতি সুচাৰুৰূপে পৰিচালনা কৰে বিষ্ণুজ্যোতি জনকল্যাণ সমিতিৰ সম্পাদক পৰেশ ৰাজবংশীয়ে। এই প্ৰকল্পই অনাগত দিনত তামুলপুৰৰ গ্ৰাম্য মহিলাসকলৰ বাবে উপাৰ্জনৰ এক নতুন পথ প্ৰশস্ত কৰিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে।
তামুলপুৰত নাবাৰ্ড আৰু বিষ্ণুজ্যোতি জনকল্যাণ সমিতিৰ উদ্যোগত কাঠফুলা খেতিৰ প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ: মহিলা স্বাৱলম্বী কৰাৰ লক্ষ্য তামুলপুৰত নাবাৰ্ড আৰু বিষ্ণুজ্যোতি জনকল্যাণ সমিতিৰ উদ্যোগত কাঠফুলা খেতিৰ প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ: মহিলা স্বাৱলম্বী কৰাৰ লক্ষ্য ====================================== -গ্ৰাম্য অৰ্থনীতি সবলীকৰণ আৰু মহিলাসকলক স্বনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ বিকাশ বেংক (নাবাৰ্ড)ৰ সহযোগত তথা নলবাৰী জিলাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ‘বিষ্ণুজ্যোতি জনকল্যাণ সমিতি’ৰ উদ্যোগত আজিৰ পৰা তামুলপুৰ জিলাৰ কলবাৰী গাঁৱত এটি ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা হয়। জিলাখনৰ ২০টা আত্মসহায়ক গোটৰ মুঠ ১২০ গৰাকী উদ্যামী মহিলাক সামৰি আজিৰে পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ‘জীৱিকা উদ্যোগ উন্নয়ন প্ৰকল্প’ (LEDP)। বিশেষকৈ কাঠফুলা
খেতি আৰু ইয়াৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰী প্ৰস্তুতকৰণৰ জৰিয়তে মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যে হাতত লোৱা এই ডেৰ বছৰীয়া প্ৰকল্পটোৰ অধীনত প্ৰথম পৰ্যায়ত ৩০ জনকৈ মহিলাক লৈ গঠিত চাৰিটা গোটক পৃথক পৃথককৈ ১০ দিনীয়াকৈ বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। কেৱল প্ৰশিক্ষণতে সীমাবদ্ধ নাথাকি, এই কাৰ্যসূচীৰ অংশ হিচাপে মহিলাসকলক উন্নত মানৰ কাঠফুলা খেতিৰ অভিজ্ঞতা আহৰণৰ বাবে দুটা গোটত বিভক্ত কৰি এক প্ৰদৰ্শনীমূলক ভ্ৰমণৰো ব্যৱস্থা কৰা হ’ব যাতে তেওঁলোকে ব্যৱহাৰিক জ্ঞান লাভ কৰি নিজ গৃহত এই খেতি কৰিবলৈ অনুপ্ৰাণিত হয়। ইয়াৰ উপৰি, প্ৰশিক্ষণৰ অন্তত মহিলাসকলে যাতে নিজাকৈ উৎপাদন আৰম্ভ কৰিব পাৰে, তাৰ বাবে প্ৰকল্পৰ
ফালৰ পৰা এটি প্ৰদৰ্শনী গোট (Demonstration Unit) প্ৰদান কৰা হ’ব। আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানত নাবাৰ্ডৰ তামুলপুৰ জিলা উন্নয়ন প্ৰবন্ধক উৎপল বেজবৰুৱা, মহকুমা কৃষি বিষয়া নিৰোদ কুমাৰ নাথ, কৃষি উন্নয়ন বিষয়া খৌমস্বৰ বসুমতাৰী আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তামুলপুৰ খণ্ডৰ বিচি ৰাণা চহৰীয়া উপস্থিত থাকি মহিলাসকলক আধুনিক কৃষি পদ্ধতি আৰু স্ব-নিয়োজনৰ বিভিন্ন দিশ সম্পৰ্কে মূল্যবান পৰামৰ্শ তথা দিহা-পৰামৰ্শ আগবঢ়ায়। সমগ্ৰ অনুষ্ঠানটি অতি সুচাৰুৰূপে পৰিচালনা কৰে বিষ্ণুজ্যোতি জনকল্যাণ সমিতিৰ সম্পাদক পৰেশ ৰাজবংশীয়ে। এই প্ৰকল্পই অনাগত দিনত তামুলপুৰৰ গ্ৰাম্য মহিলাসকলৰ বাবে উপাৰ্জনৰ এক নতুন পথ প্ৰশস্ত কৰিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে।
- ৰঙিয়াৰ বৰমূৰা খানাপাৰাত মাঘী পূৰ্ণিমা তিথি উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান। আজি পহিলা ব'হাগৰ দিনটোতে ৰঙিয়াৰ বৰমূৰা খানাপাৰাত জ্যেষ্ঠ জনৰ আশীষ গ্ৰহণ কৰে কণিষ্ঠজনে। মাঘ মাহৰ পূৰ্ণিমা তিথি উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী কাৰ্যসূচীৰ লগত সঙ্গতি ৰাখি ৰূপায়ণ কৰা হয় আশীৰ্বাদ অনুষ্ঠান । পুৱা পৰিৱেশ নিকাকৰণ, আয়তীৰ নাম পৰিৱেশন,ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী উদ্বোধনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'য় । ইয়াৰ পিছতে ৰূপালী বৰ্ষৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অজান বৈশ্যই । মুখ্য কাৰ্যালয়ৰ দ্বাৰ উন্মোচন কৰাৰ পিছতে নাহৰৰ পুলি ৰোপণ কৰা হয়। ইফালে আশীৰ্বাদ অনুষ্ঠানত বিধায়ক ভবেশ কলিতা, শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া জিলা সমিতিৰ উপ সভাপতি মনিৰাম মালাকৰ ,বিশিষ্ট চিকিৎসক ডাঃ অশ্বিনী কুমাৰ কলিতা, ডাঃ পুলিন লহকৰ, প্ৰতিষ্ঠিত ব্যৱসায়ী দিগন্ত কলিতা , কৈলাশ জৈন, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সুশীল ডেকা ,কবি উজ্জ্বল ডেকা প্ৰমুখ্যে আন কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে কাৰ্যসূচীৰ সামৰণিত বিভাগীয় উপ সমিতি সমুহক দায়িত্ব প্ৰদান কৰা হয় । কাৰ্যসূচীত স্থানীয় ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি সৌষ্ঠৱ বৃদ্ধি কৰে ।1
- Post by Saiful islam1
- 📌বাক্সা জিলাৰ জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু উপেন্দ্ৰ স্কলাৰ্ছ একাডেমীৰ যুটীয়া উদ্যোগত কালি সন্ধিয়া 📌অনন্ত একাডেমীৰ বাকৰিত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰা হয়। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সোঁৱৰণ কৰি প্ৰায় ৩০০ গৰাকী ছাত্ৰীয়ে বিহু নৃত্যৰে কাৰ্যসূচীৰ পাতনি মেলা ৰঙালী বিহু উদযাপনৰ মুকলি সভাখন উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে।1
- Beharbari Accident* মহানগৰীৰ বেহৰবাৰীত ভয়ংকৰ দুৰ্ঘটনা দুৰ্ঘটনা সংঘটিত হয় ডাম্পাৰ আৰু চাৰিচকীয়া ৱেগনাৰ বাহনৰ মাজত। দাম্পৰৰ নামৰ AS 01 NC 4712 ৱেগনাৰৰ নম্বৰ AS 01 EH 3089 মেঘালয়ৰ পৰা গুৱাহাটীৰ নিজ ঘৰলৈ অহা সময়ত বেহাৰবাৰীৰ উৰণসেতুৰ তলত দুৰ্ঘটনাত পতিত লোকেল কংফুৰ দুই অভিনেতা টনি দেউৰী বসুমতাৰী আৰু জনী দেউৰী। লখৰা দিশৰ পৰা অহা দাম্পৰ আৰু চাৰিচকীয়া বাহন ৱেগনাৰ মাজত সংঘটিত হয় দুৰ্ঘটনা। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত দুয়োকে বেহৰবাৰীৰ প্ৰাৰ্থনা হস্পিতাললৈ প্ৰেৰণ। সাংবাদিকক মদৰ বটল খুলি চাবলৈ হেঁচা অভিনেতা বনি দেউৰীৰ। নিশা কৰ্তব্যৰত সাংবাদিকৰে তৰ্ক বিতৰ্কতো লিপ্ত হৈ অভিনেতা গৰাকী।1
- ছয়গাঁৱৰ মাজপাৰাত দধিমন্থনৰ মহাৰজতজয়ন্তী । মিলিজুলি দধিমন্থনৰ মহাৰজত জয়ন্তী বৰ্ষ অতিক্ৰম । পহিলা ব'হাগৰ দিনা সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় । সেই উপলক্ষে সভাপতি দ্বীজেন ডেকাই মূল পতাকা উত্তোলনৰ পিছতে সমান্তৰালকৈ ৭৫ খনকৈ পতাকা আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে উত্তোলন কৰে । তাৰ পিছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, দধিমন্থন প্ৰদৰ্শন প্ৰভৃতি সম্পন্ন কৰা হয় । সাংস্কৃতিক শোভাযাত্ৰাত বিলুপ্ত সংস্কৃতি জীয়াই ৰাখিবলৈ কেবাটাও শ্লোগান সমদল কৰি ৰাজপথেৰে বাহিৰ কৰা হয় ।1
- ৭২ সংখ্যক ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু উদ্যাপন কমিতিৰ সম্পাদকৰ মন্তব্য1
- চিকিৎসক হোৱাৰ সপোন গণিত বিষয়ত ১০০ নম্বৰ লাভ কৰা লছিমাৰ চানম হকৰ।1
- Post by Saiful islam1