BVFCL Takes a Green Step with 6 KVA Off-Grid Solar Power Plant addition to existing in-house power plant and solar installations Namrup, 15 September 2026: BVFCL Takes a Green Step with 6 KVA Off-Grid Solar Power Plant addition to existing in-house power plant and solar installations Namrup, 15 September 2026: BVFCL strengthened its commitment to clean energy with the inauguration of a 6 KVA Off-Grid Solar Power Plant at its Guest House by the Hon’ble CMD, Mohan Raj Shetty BVFCL on Engineers day. The small solar system, operating independently of the conventional grid, will power 10 VIP Suite Rooms, the Dining Hall and Kitchen, besides supporting corridor lighting on the Ground and First Floors. The initiative reflects BVFCL’s commitment to clean energy, energy efficiency and carbon-footprint reduction, reinforcing its journey towards a greener and more sustainable future.
BVFCL Takes a Green Step with 6 KVA Off-Grid Solar Power Plant addition to existing in-house power plant and solar installations Namrup, 15 September 2026: BVFCL Takes a Green Step with 6 KVA Off-Grid Solar Power Plant addition to existing in-house power plant and solar
installations Namrup, 15 September 2026: BVFCL strengthened its commitment to clean energy with the inauguration of a 6 KVA Off-Grid Solar Power Plant at its Guest House by the Hon’ble CMD, Mohan Raj Shetty BVFCL on Engineers day. The small solar system, operating independently of the
conventional grid, will power 10 VIP Suite Rooms, the Dining Hall and Kitchen, besides supporting corridor lighting on the Ground and First Floors. The initiative reflects BVFCL’s commitment to clean energy, energy efficiency and carbon-footprint reduction, reinforcing its journey towards a greener and more sustainable future.
- তিনিচুকীয়াত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷ মাৰাত্মক ড্ৰাগছে চানি ধৰিছে চৌদিশে, ভয়াৱহ দিশে গতি কৰিছে নৱপ্ৰজন্মই৷ তাৰ মাজতে আজি তিনিচুকীয়াত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিবাদী কায্যসূচীৰ জৰিয়তে দাবী উত্থাপন কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷ মাৰাত্মক ড্ৰাগছৰ কাৰণে তিনিচুকীয়া জিলাত এতিয়া HIV সংক্ৰমণৰ ক্ষেত্ৰত Red Zone হিচাপে পৰিণত হৈছ৷ গতিকে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পুলিয়ে পোখাই উৎখাত কৰিবলৈ দাবী জনাইছে তিনিচুকীয়া আছুৱে৷1
- মথুৰাপুৰ পূজা ফিল্ডত উলহ-মালহেৰে শ্ৰী শ্ৰী গণেশ পূজা উদযাপন* * ভক্তপ্ৰাণৰ লানি নিচিঙা আগমণে পূজাৰ থলিত ভক্তপ্ৰাণ লোকে লোকাৰণ্য। গণেশ পূজাত আশীষ লবলৈ হাজাৰ হাজাৰ গণেশ ভক্তৰ সমাগম। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰ পূজা মণ্ডপত মথুৰাপুৰ তিনিআলি গণেশ পূজা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা। ভগৱান গণেশ বাধাৰ ৰক্ষক আৰু জ্ঞান বুদ্ধি মত্তৰ ঈশ্বৰ বুলি গণ্য কৰি হিন্দু সকলে এই উৎসৱ পালন কৰি আহিছে। প্ৰতি বছৰৰ দৰে এই বছৰো মথুৰাপুৰত তিনিদিনীয়াকৈ উলহ-মালহেৰে পালন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা। প্ৰথমদিনা দেওবাৰে প্ৰতিমা স্থাপন আৰু ভজন কীৰ্তন অনুষ্ঠিত কৰা হয়। সোমবাৰে পুৱাৰে পৰা পূজা আৰম্ভ কৰা হয় আৰু সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগতে যজ্ঞ আৰু আৰতি অনুষ্ঠিত হয়। আৰু মঙ্গলবাৰে কৰা হ'ব প্ৰতিমা বিসৰ্জন। সোমবাৰে পুৱাৰে পৰা দেখা পোৱা গ'ল হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকে গণেশ দেৱতাৰ চৰণত ধুপ চাকি , নৈবদ্য আগবঢ়াঈ পৰিয়াল তথা সমাজৰ মংগল কামনা কৰে।1
- বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী। তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী। ২৫ বছৰীয়া গৌৰৱময় পৰিক্ৰমা সম্পূৰ্ণ কৰি এই বিশেষ উপলক্ষে আয়োজন কৰা হয় বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী। ভক্তি আৰু আধ্যাত্মিকতাৰ এক সুন্দৰ পৰিৱেশেৰে মুখৰিত হৈ পৰিল তিনিচুকীয়া জিলাৰ বাৰ্মা কেম্প। লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত এইবাৰ বিশেষ উলহ-মালহেৰে অনুষ্ঠিত হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী উদযাপন। দীৰ্ঘ ২৫ বছৰে চলি অহা এই গণেশ পূজাই অঞ্চলটোৰ ৰাইজৰ মাজত এক বিশেষ স্থান দখল কৰি আহিছে। এইবাৰ ছিলভাৰ জুবিলী উপলক্ষে পূজা-অৰ্চনা, ধৰ্মীয় অনুষ্ঠান আৰু বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় এই বিশেষ দিনটো। গণেশ দেৱতাৰ পূজা-অৰ্চনাত অংশগ্ৰহণ কৰি ভক্তসকলে সমাজৰ শান্তি, সমৃদ্ধি আৰু মংগল কামনা কৰে। অনুষ্ঠানত স্থানীয় ৰাইজ, ভক্ত আৰু শুভাকাংক্ষীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক কৰি তোলে অধিক আকৰ্ষণীয়। পূজাৰ পৰিৱেশত দেখা যায় ভক্তি, আনন্দ আৰু উৎসাহৰ এক অপূৰ্ব সমাহাৰ। আয়োজকসকলে কয় যে, বিগত ২৫ বছৰ ধৰি চলি অহা এই পূজাই ধৰ্মীয় পৰম্পৰা অটুট ৰখাৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত ঐক্য, ভাতৃত্ববোধ আৰু সম্প্ৰীতি সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ছিলভাৰ জুবিলীৰ এই বিশেষ আয়োজনৰ জৰিয়তে পুৰণি স্মৃতি সুঁৱৰি নতুন প্ৰজন্মকো এই পৰম্পৰাৰ সৈতে জড়িত কৰাৰ এক প্ৰয়াস কৰা হয়।1
- তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ষ্ট্ৰেচাৰৰ অভাৱ । ৰোগীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰাৰ অভিযোগ । তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ৰোগী সেৱাৰ ক্ষেত্ৰত পুনৰ পোহৰলৈ আহিছে এক গুৰুতৰ অভিযোগ। চিকিৎসালয়খনত পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাৰ ফলত ৰোগীক লৈ দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ অহা এগৰাকী ৰোগীক ভিতৰলৈ নিয়াৰ বাবে ষ্ট্ৰেচাৰৰ প্ৰয়োজন হৈছিল। কিন্তু সেই সময়ত ষ্ট্ৰেচাৰ উপলব্ধ নোহোৱাত ৰোগীগৰাকীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয়। ফলত অসুস্থ ৰোগীগৰাকীৰ লগতে পৰিয়ালৰ লোকসকলেও যথেষ্ট কষ্টৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে। এনে পৰিস্থিতিয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী সেৱা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ৰোগীৰ সুবিধাৰ্থে পৰ্যাপ্ত সংখ্যক ষ্ট্ৰেচাৰ উপলব্ধ কৰাৰ লগতে এনে সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। প্ৰশ্ন হৈছে—এখন চিকিৎসা মহাবিদ্যালয়ত জৰুৰী সময়ত ৰোগীক নিয়াৰ বাবে পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাটো কিমানদূৰ গ্ৰহণযোগ্য? তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ষ্ট্ৰেচাৰৰ অভাৱ । ৰোগীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰাৰ অভিযোগ । তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ৰোগী সেৱাৰ ক্ষেত্ৰত পুনৰ পোহৰলৈ আহিছে এক গুৰুতৰ অভিযোগ। চিকিৎসালয়খনত পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাৰ ফলত ৰোগীক লৈ দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ অহা এগৰাকী ৰোগীক ভিতৰলৈ নিয়াৰ বাবে ষ্ট্ৰেচাৰৰ প্ৰয়োজন হৈছিল। কিন্তু সেই সময়ত ষ্ট্ৰেচাৰ উপলব্ধ নোহোৱাত ৰোগীগৰাকীক লৈ আত্মীয়ই এম্বুলেন্সতে প্ৰায় ডেৰ ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হয়। ফলত অসুস্থ ৰোগীগৰাকীৰ লগতে পৰিয়ালৰ লোকসকলেও যথেষ্ট কষ্টৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে। এনে পৰিস্থিতিয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী সেৱা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ৰোগীৰ সুবিধাৰ্থে পৰ্যাপ্ত সংখ্যক ষ্ট্ৰেচাৰ উপলব্ধ কৰাৰ লগতে এনে সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে। প্ৰশ্ন হৈছে—এখন চিকিৎসা মহাবিদ্যালয়ত জৰুৰী সময়ত ৰোগীক নিয়াৰ বাবে পৰ্যাপ্ত ষ্ট্ৰেচাৰ নথকাটো কিমানদূৰ গ্ৰহণযোগ্য?1
- স্বাস্থ্য বিভাগৰ অৱহেলাৰ বিৰুদ্ধে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও জাতীয় সংগ্ৰামী সেনাৰ | শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমে। ১৯৮৪ চনতে স্থাপিত চিকিৎসালয়খনত উপযুক্ত সেৱা নোপোৱাৰ অভিযোগ তুলি সংগঠনটোৱে খালী পদ পূৰণ, বিশেষজ্ঞ চিকিৎসক নিযুক্তি, নিয়মীয়া আল্ট্ৰাচাউণ্ডৰ সুবিধা, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰা তথা দুৰ্নীতিৰ তদন্তৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ এক ১৬ দফীয়া স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। অহা ১০ দিনৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰিলে কাৰ্যালয় তলাবন্ধ আৰু পথ অৱৰোধৰ দৰে জংগী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জিলা সম্পাদক ৰিদিপ ডেকাই সকীয়নি প্ৰদান কৰে।3
- Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City. Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.1
- নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ, দলীয় নেতৃত্বক ধন্যবাদ শিৱামণি বৰাৰ নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ, দলীয় নেতৃত্বক ধন্যবাদ শিৱামণি বৰাৰ নগাঁৱৰ পৰা আছিক আহমেদৰ ৰিপৰ্ট | Focus Axom 24 . . . . #FocusAxom24 #nonfollowers #highlightseveryone #foryoupageシ #everyone AICC Communications Indian National Congress focus axom 241
- ডুমডুমাৰ কুমাৰীপট্টিৰ ব্যতিক্ৰমী গণেশ পূজা। বিগত ৪২ বছৰ ধৰি কোনো লোকৰ পৰা চান্দা সংগ্ৰহ নকৰাকৈ নিজৰ উপাৰ্জনৰ ধনেৰে অতি জাকজমকতাৰে গণেশ পূজা পালন কৰি আহিছে এগৰাকী ব্যক্তিয়ে। জানিব পৰা মতে, যুৱক অৱস্থাত গণেশ পূজাৰ বাবে চান্দা বিচাৰি ওলাইছিল তেওঁ। কিন্তু কোনো লোকে মনত আঘাত লগা কথা কোৱাত নিজৰ উপাৰ্জনেৰে পূজা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেতিয়াৰ পৰাই প্ৰতি বছৰে নিজা খৰচত ভক্তি-আস্থাৰে অনুষ্ঠিত কৰি আহিছে গণেশ পূজা। পূজা আয়োজন কৰাটো কেৱল পৰম্পৰা নহয়, তেওঁৰ বাবে এয়া এক আত্মিক শান্তিৰ মাধ্যম। গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰি বিশেষ মানসিক শান্তি লাভ কৰে বুলি জানিবলৈ দিয়ে তেওঁ। ডুমডুমাৰ কুমাৰীপট্টিৰ ব্যতিক্ৰমী গণেশ পূজা। বিগত ৪২ বছৰ ধৰি কোনো লোকৰ পৰা চান্দা সংগ্ৰহ নকৰাকৈ নিজৰ উপাৰ্জনৰ ধনেৰে অতি জাকজমকতাৰে গণেশ পূজা পালন কৰি আহিছে এগৰাকী ব্যক্তিয়ে। জানিব পৰা মতে, যুৱক অৱস্থাত গণেশ পূজাৰ বাবে চান্দা বিচাৰি ওলাইছিল তেওঁ। কিন্তু কোনো লোকে মনত আঘাত লগা কথা কোৱাত নিজৰ উপাৰ্জনেৰে পূজা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেতিয়াৰ পৰাই প্ৰতি বছৰে নিজা খৰচত ভক্তি-আস্থাৰে অনুষ্ঠিত কৰি আহিছে গণেশ পূজা। পূজা আয়োজন কৰাটো কেৱল পৰম্পৰা নহয়, তেওঁৰ বাবে এয়া এক আত্মিক শান্তিৰ মাধ্যম। গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰি বিশেষ মানসিক শান্তি লাভ কৰে বুলি জানিবলৈ দিয়ে তেওঁ।1