logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ৰঙিয়া জিলা সমিতিৰ উদ্যোগত আজি ৰঙিয়াত চলিত বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ স্বগোষ্ঠীয় কৃতি ছাত্ৰ-ছাত্ৰীসকলক এক বিশেষ অভিনন্দন জ্ঞাপন কৰা হয়। স্থানীয় হৰদত্ত-বীৰদত্ত ভৱন প্ৰেক্ষাগৃহত এই বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈছিল। ৰঙিয়া জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা দুই শতাধিক স্বগোষ্ঠীয় কৃতি ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। ৰঙিয়া জিলা সমিতিৰ সভাপতি ৰাজেন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি ৰূপে সংগঠনটোৰ মুখ্য উপদেষ্টা ডাঃ ৰমেন কুমাৰ কাকতি আৰু সন্মানীয় অতিথি ৰূপে স্থানীয় বিধায়ক ভবেশ কলিতাই অংশগ্ৰহণ কৰে। সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি প্ৰতুল কুমাৰ কলিতা, বিশিষ্ট চিকিৎসক ডাঃ নিলমনি কলিতা প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰি কৃতি ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা, স্বগোষ্ঠীয় বাৰ্ষিক কেলেণ্ডাৰ আৰু অভিনন্দন পত্ৰৰে শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে সভাপতি ৰাজেন কলিতাই পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। পৰৱৰ্তী কাৰ্যসূচী হিচাপে কাৰ্যকৰী সভাপতি অনুপ কুমাৰ ডেকাই, কেন্দ্ৰীয় সম্পাদক মন্টেশ্বৰ কলিতা আৰু ৰঙিয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক কুলদীপ লহকৰে স্মৃতি তৰ্পণ কৰে। কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক লবধৰ কলিতা আৰু সম্পাদক নিতুল চন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলনৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে।

1 hr ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
1 hr ago
f4fc6e0d-2f63-499e-9e88-c3c9e4596168

সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ৰঙিয়া জিলা সমিতিৰ উদ্যোগত আজি ৰঙিয়াত চলিত বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ স্বগোষ্ঠীয় কৃতি ছাত্ৰ-ছাত্ৰীসকলক এক বিশেষ অভিনন্দন জ্ঞাপন কৰা হয়। স্থানীয় হৰদত্ত-বীৰদত্ত ভৱন প্ৰেক্ষাগৃহত এই বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈছিল। ৰঙিয়া জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা দুই শতাধিক স্বগোষ্ঠীয় কৃতি ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। ৰঙিয়া জিলা সমিতিৰ সভাপতি ৰাজেন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি ৰূপে সংগঠনটোৰ মুখ্য উপদেষ্টা ডাঃ ৰমেন কুমাৰ কাকতি আৰু সন্মানীয় অতিথি ৰূপে স্থানীয় বিধায়ক ভবেশ কলিতাই অংশগ্ৰহণ কৰে। সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি প্ৰতুল কুমাৰ কলিতা, বিশিষ্ট চিকিৎসক ডাঃ নিলমনি কলিতা প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰি কৃতি ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা, স্বগোষ্ঠীয় বাৰ্ষিক কেলেণ্ডাৰ আৰু অভিনন্দন পত্ৰৰে শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে সভাপতি ৰাজেন কলিতাই পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল। পৰৱৰ্তী কাৰ্যসূচী হিচাপে কাৰ্যকৰী সভাপতি অনুপ কুমাৰ ডেকাই, কেন্দ্ৰীয় সম্পাদক মন্টেশ্বৰ কলিতা আৰু ৰঙিয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক কুলদীপ লহকৰে স্মৃতি তৰ্পণ কৰে। কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক লবধৰ কলিতা আৰু সম্পাদক নিতুল চন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলনৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে।

More news from অসম and nearby areas
  • ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ জামুগুৰিত (ভেৰাখাট) উত্তৰ পশ্চিম তামুলপুৰ বাইখো পূজা উদযাপন সমিতিৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক বাইখো উৎসৱ এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হৈছে। ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰাগত কৃষিভিত্তিক উৎসৱক লৈ জামুগুৰি অঞ্চলত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। কাৰ্যসূচী অনুসৰি, পুৱা পূজা স্থাপন কৰাৰ পিছতে সমান্তৰালভাৱে ৰাভা ভক্তিমূলক গীত পৰিৱেশন, ধৰ্মীয় পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বীৰ দদান ৰাজাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ উপৰিও গছ পুলি ৰোপণ আৰু লেবা টানা খেলৰো আয়োজন কৰা হৈছে। সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ পিছতে এই বৰ্ণিল কাৰ্যসূচীৰ সামৰণি পৰিব।
    1
    ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ জামুগুৰিত (ভেৰাখাট) উত্তৰ পশ্চিম তামুলপুৰ বাইখো পূজা উদযাপন সমিতিৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক বাইখো উৎসৱ এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উলহ-মালহেৰে উদযাপন কৰা হৈছে। ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰাগত কৃষিভিত্তিক উৎসৱক লৈ জামুগুৰি অঞ্চলত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে।

কাৰ্যসূচী অনুসৰি, পুৱা পূজা স্থাপন কৰাৰ পিছতে সমান্তৰালভাৱে ৰাভা ভক্তিমূলক গীত পৰিৱেশন, ধৰ্মীয় পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বীৰ দদান ৰাজাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ উপৰিও গছ পুলি ৰোপণ আৰু লেবা টানা খেলৰো আয়োজন কৰা হৈছে। সন্ধিয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ পিছতে এই বৰ্ণিল কাৰ্যসূচীৰ সামৰণি পৰিব।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    7 hrs ago
  • উৰিষ্যাত উপ-সঞ্চালক দেবব্ৰত মহন্তৰ বাসগৃহত ভিজিলেন্সে অভিযান চলাই এক বৃহৎ পৰিমাণৰ টকা জব্দ কৰিছে। অভিযানকাৰীসকলে গণি শেষ কৰিব নোৱাৰা কোটি কোটি টকা উদ্ধাৰ কৰিছে, যাক স্থানীয়ভাৱে উপ-সঞ্চালকৰ ঘৰত টকাৰ পাহাৰ হিচাপে বৰ্ণনা কৰা হৈছে। এই অভিযানত মুঠ ৪.২৭ কোটি টকা জব্দ কৰা হয়।
    1
    উৰিষ্যাত উপ-সঞ্চালক দেবব্ৰত মহন্তৰ বাসগৃহত ভিজিলেন্সে অভিযান চলাই এক বৃহৎ পৰিমাণৰ টকা জব্দ কৰিছে। অভিযানকাৰীসকলে গণি শেষ কৰিব নোৱাৰা কোটি কোটি টকা উদ্ধাৰ কৰিছে, যাক স্থানীয়ভাৱে উপ-সঞ্চালকৰ ঘৰত টকাৰ পাহাৰ হিচাপে বৰ্ণনা কৰা হৈছে। এই অভিযানত মুঠ ৪.২৭ কোটি টকা জব্দ কৰা হয়।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    31 min ago
  • মুছলপুৰত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ ব্ৰজেন মহন্তই এখন সংবাদমেল সম্বোধন কৰে। বাক্সা জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলৰ মূল বিষয় আছিল সম দেৱানী সংহিতা - ২০২৬ (UCC)।
    1
    মুছলপুৰত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ ব্ৰজেন মহন্তই এখন সংবাদমেল সম্বোধন কৰে। বাক্সা জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলৰ মূল বিষয় আছিল সম দেৱানী সংহিতা - ২০২৬ (UCC)।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    2 hrs ago
  • গোৱালপাৰাৰ হাচিলা বিলত যোৱা বছৰ বুলডোজৰ চলি যোৱাৰ পিছত এতিয়া জনসাধাৰণৰ বাবে বেমাৰ এক ডাঙৰ সমস্যা হৈ পৰিছে। তম্বুৰ তলত গৰমৰ বাবেও লোকসকল বেহাল হৈ পৰিছে, যাৰ ফলত তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে।
    1
    গোৱালপাৰাৰ হাচিলা বিলত যোৱা বছৰ বুলডোজৰ চলি যোৱাৰ পিছত এতিয়া জনসাধাৰণৰ বাবে বেমাৰ এক ডাঙৰ সমস্যা হৈ পৰিছে। তম্বুৰ তলত গৰমৰ বাবেও লোকসকল বেহাল হৈ পৰিছে, যাৰ ফলত তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে।
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    2 hrs ago
  • বিধায়ক থানেশ্বৰ বসুমতাৰী আৰু বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ তত্ত্বাবধানত এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে।
    1
    বিধায়ক থানেশ্বৰ বসুমতাৰী আৰু বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ তত্ত্বাবধানত এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    4 hrs ago
  • জাগীৰোডৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত নেলী আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে। এই অভিযানত অবৈধভাৱে সৰবৰাহ কৰা ২৫টাকৈ চোৰাং ম'হ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে এটা সন্দেহযুক্ত বাহনৰ পৰা ম'হকেইটা জব্দ কৰিবলৈ সক্ষম হয়। বৰ্তমান এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ আঁৰত জড়িত থকা আন্তঃৰাজ্যিক চোৰাং চক্ৰটোৰ সন্ধান উলিয়াবলৈ নেলী আৰক্ষীয়ে তৎপৰতাৰে কাম কৰি আছে।
    1
    জাগীৰোডৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত নেলী আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে। এই অভিযানত অবৈধভাৱে সৰবৰাহ কৰা ২৫টাকৈ চোৰাং ম'হ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে এটা সন্দেহযুক্ত বাহনৰ পৰা ম'হকেইটা জব্দ কৰিবলৈ সক্ষম হয়।

বৰ্তমান এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ আঁৰত জড়িত থকা আন্তঃৰাজ্যিক চোৰাং চক্ৰটোৰ সন্ধান উলিয়াবলৈ নেলী আৰক্ষীয়ে তৎপৰতাৰে কাম কৰি আছে।
    user_ৰিয়ান মেধী
    ৰিয়ান মেধী
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    1 hr ago
  • তামুলপুৰত গৰাখহনীয়া ৰোধৰ প্ৰতি লক্ষ্য ৰাখি বৰনদীৰ পাৰত পাঁচ সহস্ৰাধিক গছপুলি ৰোপণ কৰা হৈছে। ৩১ মে'ত হস্তিনাপুৰ বাথৌ মন্দিৰৰ উদ্যোগত এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য'ত হস্তিনাপুৰ ডোঙৰগাঁৱ গুৱাবাৰীৰ ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই গছপুলি ৰোপণ কাৰ্যসূচীত তামুলপুৰ বন বিভাগে সহায়-সহযোগিতা আগবঢ়ায়। তদুপৰি, স্থানীয় ছয়পত্ৰি এন জি অ'য়েও ইয়াত সহযোগিতা কৰে। আজি বন বিষয়া সকলে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। হস্তিনাপুৰ বাথৌ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি জিতেন বড়ো আৰু সম্পাদক সঞ্জীৱ দৈমাৰীয়ে এই তথ্য জনাইছে।
    1
    তামুলপুৰত গৰাখহনীয়া ৰোধৰ প্ৰতি লক্ষ্য ৰাখি বৰনদীৰ পাৰত পাঁচ সহস্ৰাধিক গছপুলি ৰোপণ কৰা হৈছে। ৩১ মে'ত হস্তিনাপুৰ বাথৌ মন্দিৰৰ উদ্যোগত এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য'ত হস্তিনাপুৰ ডোঙৰগাঁৱ গুৱাবাৰীৰ ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

এই গছপুলি ৰোপণ কাৰ্যসূচীত তামুলপুৰ বন বিভাগে সহায়-সহযোগিতা আগবঢ়ায়। তদুপৰি, স্থানীয় ছয়পত্ৰি এন জি অ'য়েও ইয়াত সহযোগিতা কৰে। আজি বন বিষয়া সকলে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

হস্তিনাপুৰ বাথৌ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি জিতেন বড়ো আৰু সম্পাদক সঞ্জীৱ দৈমাৰীয়ে এই তথ্য জনাইছে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    7 hrs ago
  • কপহাৰটাৰী–জালকৰা সংযোগী পথৰ চৰম দুৰৱস্থাৰ বাবেই এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে, য'ত এম্বুলেন্স সময়মতে উপস্থিত হ'ব নোৱাৰাৰ ফলত তিনি সন্তানৰ মাতৃ এগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। অঞ্চলটোৰ ৰাইজে পথৰ এই ভয়াৱহ অৱস্থাৰ বাবে জলা-কলা খোৱাৰ লগতে কেমেৰাৰ সন্মুখত চকু লোহ টোকি নিজৰ প্ৰতিনিধিলৈ কাতৰ আহ্বান জনাইছে।
    1
    কপহাৰটাৰী–জালকৰা সংযোগী পথৰ চৰম দুৰৱস্থাৰ বাবেই এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে, য'ত এম্বুলেন্স সময়মতে উপস্থিত হ'ব নোৱাৰাৰ ফলত তিনি সন্তানৰ মাতৃ এগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। অঞ্চলটোৰ ৰাইজে পথৰ এই ভয়াৱহ অৱস্থাৰ বাবে জলা-কলা খোৱাৰ লগতে কেমেৰাৰ সন্মুখত চকু লোহ টোকি নিজৰ প্ৰতিনিধিলৈ কাতৰ আহ্বান জনাইছে।
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    16 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.